"মই ... মই..." আন শিশুৱে উত্তৰ দিবলৈ নৌপাওঁতেই আমন মহম্মদে তপৰাই মোৰ প্ৰশ্নৰ উত্তৰ দিয়ে। যেতিয়া মই তাত উপস্থিত থকা ১২ টা শিশুৰ এটা গোটক সুধিছিলো যে এই বছৰৰ বিনায়ক চভিথিৰ পেণ্ডেলৰ মুখ্য উদ্যোক্তা কোন আছিল। গোটটোৰ জ্যেষ্ঠ সদস্য টি ৰাগিনীয়ে কয়, "শিশুসকলে সংগ্ৰহ কৰা অনুদানৰ ভিতৰত ২,০০০ টকা কেৱল আমনেই সংগ্ৰহ কৰিছিল।" আমনক নস্যাৎ কৰিব পৰা তাত কোনোৱেই নাছিল ৷

এই বছৰ দান সংগ্ৰহত আমনৰ অৱদান আটাইতকৈ ডাঙৰ আছিল। তেওঁ অকলেই পেণ্ডেলৰ আয়োজক-গোটৰ দ্বাৰা সংগ্ৰহ কৰা ৩,০০০ টকাৰ দুই-তৃতীয়াংশ অৱদান আগবঢ়াইছিল। শিশুসকলে অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ চহৰৰ সাইনগৰ অঞ্চলত ৰাস্তাৰ মাজেৰে যোৱা বাহনৰ পৰা অনুদানৰ পৰিমাণ সংগ্ৰহ কৰিছিল।

আমনে মোক কৈছিল যে এইটো তেওঁৰ প্ৰিয় উৎসৱ। তেওঁৰ উৎসাহ দেখি মই আচৰিত হৈছিলো।

২০১৮ চনৰ এটা দেওবাৰে যেতিয়া সাইনগৰত বিনায়ক চভিথিৰ উদযাপন সমাপ্ত হৈছিল, মই চাৰিটা শিশুৱে মেক-বিলিভ খেল খেলি থকা দেখিছিলো। আৰু মই তেওঁলোকৰ ফটো তুলিবলৈ আৰম্ভ কৰিলোঁ। তেওঁলোকে 'আভা আপ্পাচী'ৰ দৰে এটা খেল খেলি আছিল। এইটো শিশুৰ এটা প্ৰিয় খেল। এজন ল’ৰাই গণেশ হৈছিল। গণেশ এগৰাকী হিন্দু দেৱতা যাৰ জন্মদিনটো বিনায়ক চভিথি হিচাপে পালন কৰা হয়। আন দুজন ল’ৰাই সেই ল’ৰাজনক কান্ধত তুলি লৈ গৈ আছিল আৰু পিছত তেওঁক কান্ধৰ পৰা নমাই মাটিত ৰাখিছিল। সকলো শিশুৱে প্ৰকৃততে 'গণেশ নিমৰ্জনম' অৰ্থাৎ দেৱতাৰ মূৰ্তি বিসৰ্জিত কৰাৰ অভিনয় কৰি আছিল।

গণেশৰ চৰিত্ৰত অভিনয় কৰা সৰু লৰা আছিল আমন মহম্মদ। ওপৰৰ ক’ভাৰ ফটোখনত তেওঁ তাত উপস্থিত মুঠ ১১টা শিশুৰ সন্মুখৰ শাৰীত (সম্পূৰ্ণ বাওঁফালে) থিয় হৈ আছে।

এই বছৰৰ আগষ্টত উদযাপন কৰা বিনায়ক চভিথি উৎসৱত আমন আৰু তেওঁৰ বন্ধুবৰ্গই দেৱতাৰ মূৰ্তিটো মাত্ৰ চাৰি বৰ্গফুটৰ এটা পেণ্ডেলত স্থাপন কৰিছিল। এইটো সম্ভৱতঃ অনন্তপুৰৰ আটাইতকৈ সৰু পেণ্ডেল আছিল। মই পেণ্ডেলৰ ফটো তোলাৰ পূৰ্বেই পেণ্ডেলটো আঁতৰাই দিয়া হৈছিল। ল'ৰা ছোৱালীবোৰে মোক কৈছিল যে তেওঁলোকে মূৰ্তিটো ১,০০০ টকাত কিনিছিল। বাকী ২,০০০ টকা পেণ্ডেল নিৰ্মাণ আৰু সজোৱাৰ বাবে ব্যয় কৰা হৈছিল। সাইনগৰৰ তৃতীয়টো গলিৰ ওচৰত অৱস্থিত দৰগাহৰ ঠিক কাষতে পেণ্ডেলটো নিৰ্মাণ কৰা হৈছিল।

Aman Mohammed being carried in a make-believe Ganesh Nimarjanam
PHOTO • Rahul M.
The kids were enacting the ritual on a Sunday after Vinayaka Chavithi in 2018
PHOTO • Rahul M.

বাওঁফালে: 'গণেশ নিমৰ্জনম' খেল খেলি থকা শিশুসকলৰ কান্ধত আৰোহণ কৰি থকা অৱস্থাত আমন মহম্মদ। সোঁফালে: শিশুসকলে ২০১৮ চনৰ বিনায়ক চভিথিৰ পিছত দেওবাৰে এই ৰীতি-নীতি প্ৰণয়ন কৰি আছিল

শ্ৰমিক শ্ৰেণীৰ বস্তিৰ শিশুসকলে ইমান দীঘলীয়া সময়ধৰি এই উৎসৱ উদযাপন কৰি আহিছে যে কেতিয়া তেওঁলোকে এয়া আৰম্ভ কৰিছিল এতিয়া তেওঁলোকৰ মনতেই নাই। তেওঁলোকৰ বেছিভাগৰ অভিভাৱকে দৈনিক মজুৰী শ্ৰমিক হিচাপে বা ঘৰুৱা কৰ্মচাৰী হিচাপে বা চহৰত শ্ৰমিক হিচাপে কাম কৰে। তেওঁলোকে শিশুসকলৰ এই বিনায়ক চভিথি উৎসৱত অৱদানো আগবঢ়ায়। পেণ্ডেলৰ উদ্যোক্তা গোটৰ আটাইতকৈ ডাঙৰ শিশুটোৰ বয়স ১৪ বছৰ আৰু কনিষ্ঠজনৰ বয়স ৫ বছৰ।

১৪ বছৰীয়া ৰাগিণীয়ে কয়, "আমি বিনায়ক চভিথি আৰু পিৰলা পাণ্ডগা (ৰয়ালাসীমা অঞ্চলৰ মহৰম) দুয়োটা উদযাপন কৰোঁ।" দুয়োটা উৎসৱতে পেণ্ডেলৰ প্ৰয়োজন যাৰ বাবে শিশুসকলক দান সংগ্ৰহ কৰিবলৈ অনুমতি দিয়া হয়। তেওঁলোকে দানৰ প্ৰতিটো টকা উপযুক্ত ধৰণে ব্যৱহাৰ কৰে। এছ ছানাই (১১ বছৰ) কয়, "আমি ঘৰ নিৰ্মাণৰ বাবে ইউটিউবৰ সহায় লওঁ। মই সহায় কৰিবলৈ মাটি কঢ়িয়াই নিওঁ। আমি মাটি, গছৰ ডাল আৰু টুইনপুৰী (মৰাপাটৰ ৰছী) ৰে পেণ্ডেল তৈয়াৰ কৰোঁ, তাৰ পিছত ইয়াত প্লাষ্টিকৰ চাদৰ এখনেৰে ঢাকি দিওঁ আৰু তাৰ পিছত ইয়াৰ ভিতৰত আমাৰ বিনায়কুডু (মূৰ্তি) স্থাপন কৰোঁ।"

গোটটোৰ জ্যেষ্ঠ ল'ৰা-ছোৱালী, ৰাগিণী আৰু ইমৰানে (তেওঁৰ বয়সো ১৪ বছৰ), পেণ্ডেলৰ যত্ন লয় ৷ সাত বছৰীয়া এছ চান্দ বাছাই কয়, "মইও ইয়াৰ যত্ন লওঁ। মই প্ৰতিদিনে বিদ্যালয়লৈ নাযাওঁ। মই মাজে-মাজেহে বিদ্যালয়লৈ যাওঁ আৰু বাকী দিনবোৰত নাযাওঁ। পূজাৰ উপৰিও শিশুসকলে পেণ্ডেল চাবলৈ অহা লোকসকলক প্ৰসাদো আগবঢ়ায়। এই শিশুসকলৰ কোনোবা এজনৰ মাতৃয়ে প্ৰসাদম প্ৰস্তুত কৰে যি সাধাৰণতে তেতেলী সোৱাদযুক্ত চাউল (তেতেলী আৰু চাউলৰ পৰা তৈয়াৰ কৰা)ৰ দ্বাৰা প্ৰস্তুত কৰা হয়।

যিহেতু বিনায়ক চভিথি হৈছে অনন্তপুৰৰ বহুতো শ্ৰমিকৰ প্ৰিয় উৎসৱ, সেয়ে ইয়াক অতিৰিক্ত কেই সপ্তাহমানৰ বাবে উদযাপন কৰা হয়। শিশুৱে মাটিৰ মূৰ্তি আৰু কাঠ আৰু বাঁহৰ অৱশিষ্ট তেওঁলোকৰ নিজ নিজ ঘৰৰ বিচনা-চাদৰ আৰু অব্যৱহাৰ্য অন্যান্য বস্তুৰ সহায়ত সৰু পেণ্ডেল তৈয়াৰ কৰে। তেওঁলোকে বিদ্যালয়ৰ বন্ধৰ সময়ত তেওঁলোকৰ প্ৰিয় উৎসৱৰ ৰীতি-নীতিও পালন কৰে যি বিনায়ক চভিথিৰ ঠিক পিছতে আৰম্ভ হয়।

চহৰখনৰ দৰিদ্ৰ এলেকাবোৰত মেক-বিলিভ খেলবোৰ অধিক জনপ্ৰিয় য'ত শিশুৰ কল্পনাই পাৰ্থিৱ সম্পদৰ অভাৱ ঢাকি ৰখাত সহায় কৰে। মই এবাৰ এটা শিশুক 'ৰে’ল গেট'ৰ খেল খেলি থকা দেখিছিলো। তেওঁৰ হাতত আছিল এডাল লাঠি আৰু প্ৰত্যেকবাৰ গাড়ী এখন পাৰ হোৱাৰ সময়ত তেওঁ লাঠিডাল ওপৰলৈ দাঙি দিছিল ৷ বিনায়ক চভিথিৰ সমাপ্তিৰ পিছত গজৰূপী ভগৱান গণেশে এইসকলৰ শিশুৰ খেলবোৰত স্ব-উপস্থিতি বজাই ৰাখে।

Children in another neighbourhood of Anantapur continue the festivities after Vinayaka Chavithi in 2019
PHOTO • Rahul M.
Children in another neighbourhood of Anantapur continue the festivities after Vinayaka Chavithi in 2019
PHOTO • Rahul M.
Playing 'railway gate'
PHOTO • Rahul M.

বাওঁফালে আৰু মাজত: অনন্তপুৰৰ অন্যান্য অঞ্চলত, ২০১৯ৰ বিনায়ক চভিথি সমাপ্ত হোৱাৰ পিছত শিশুসকলে এতিয়াও এই উৎসৱ উদযাপন কৰে। সোঁফালে: 'ৰে’লৱে গেট' খেল

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Photos and Text : Rahul M.

Rahul M. is an independent journalist based in Andhra Pradesh, and a 2017 PARI Fellow.

Other stories by Rahul M.
Editor : Vinutha Mallya

Vinutha Mallya is a journalist and editor. She was formerly Editorial Chief at People's Archive of Rural India.

Other stories by Vinutha Mallya
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder