সাতজেলিয়াত থকা ডাকঘৰটো আপোনাৰ চকুত নপৰিবও পাৰে। কেঁচা খেৰীচালিৰ ঘৰটোৰ আগত থকা ৰঙা ডাক বাকচটোৱে তাত ডাকঘৰ এটা থকাৰ একমাত্ৰ চিন।
পশ্চিমবংগৰ চাউথ ২৪ পৰগনা জিলাত থকা চাৰিকুৰি বছৰ পুৰণি এই উপ-ডাকঘৰটোৱে সাতখন গাওঁ পঞ্চায়তলৈ সেৱা আগবঢ়ায়। সুন্দৰবনত তাণ্ডৱ চলোৱা আলিয়া আৰু আমফানৰ দৰে প্ৰচণ্ড ঘূৰ্ণীবতাহৰো সাক্ষী এই ডাকঘৰটো। সঞ্চয় খাতা থকা গাঁৱৰ বহুলোকৰ বাবে টকা-পইচা লেনদেনৰ এইটোৱে একমাত্ৰ সাধন। চৰকাৰী নথি-পত্ৰ যেনে পৰিচয় পত্ৰ আদি এইটো ডাকঘৰৰ যোগেদিয়েই তেওঁলোকে পায়।
গোচাবা ব্লকটো তিনিখন নদীয়ে আগুৰি আছে - উত্তৰ-পশ্চিমে গোমতি, দক্ষিণত দত্ত আৰু পূবে গণ্ডল নদী। লাক্সবাগান গাঁৱৰ বাসিন্দা জয়ন্ত মণ্ডলে কয়, “এই নদীদ্বীপৰ দৰে আমাৰ এই অঞ্চলটোত এই ডাকঘৰটোৱেই একমাত্ৰ আশা (চৰকাৰী নথি-পত্ৰ পোৱাৰ)।”
বৰ্তমানৰ পোষ্টমাষ্টাৰ নিৰঞ্জন মণ্ডলে ডাকঘৰটোত কাম কৰাৰ দুকুৰি বছৰ হ’ল। তাৰ আগতে তেওঁৰ দেউতাকে তাত পোষ্টমাষ্টাৰ হিচাপে কাম কৰিছিল। প্ৰতিদিনে তেওঁ খোজকাঢ়ি ঘৰৰ পৰা ডাকঘৰলৈ যায়। ঘৰৰ পৰা অফিছটোলৈ এখন তামোলৰ বাট। ডাকঘৰটোৰ কাষতে থকা চাহৰ দোকানবোৰত মানুহ আহে, সেয়ে ডাকঘৰতো মানুহৰ আহ-যাহ হৈ থাকে।
৫৯ বৰ্ষীয় পোষ্টমাষ্টাৰ জনৰ কাম আৰম্ভ হয় পুৱা ১০ বজাৰ আশে-পাশে আৰু শেষ হয় আবেলি ৪ বজাত। ডাকঘৰটোৰ ভিতৰত পোহৰৰ একমাত্ৰ উত্স হৈছে সৌৰফলক। অৱশ্যে বাৰিষাৰ দিনত সেয়া ইমান কামত নাহে। ফলকবোৰ চাৰ্জ নহ’লে কৰ্মচাৰীসকলে এটা কেৰাচিনৰ লেম জ্বলায় লয়। তেওঁলোকে মাহে ডাকঘৰটোৰ চোৱাচিতাৰ বাবদ ১০০ টকা পায়। তাৰে ৫০ টকা ভাৰাৰ বাবে আৰু ৫০ টকা যোগান-পাতিৰ বাবে।
নিৰঞ্জনৰ সৈতে কাম কৰা ডাকোৱাল বাবুয়ে চাইকেলেৰে সাতখন গাওঁ পঞ্চায়তৰ ঘৰে ঘৰে চিঠি বিলাই ফুৰে।
প্ৰায় এটা শতিকা ডাকঘৰত সেৱা আগবঢ়াই অহা নিৰঞ্জন মণ্ডল অহা কেইবছৰমানৰ ভিতৰত অৱসৰ ল’ব। তাৰ আগতে, “পকী ঘৰ এটা বনাই থকা দেখা পোৱাটোৱে মোৰ একমাত্ৰ সপোন,” তেওঁ কয়।
প্ৰতিবেদকে ঊৰ্ণা ৰাৱতক এই ষ্ট’ৰীটো কৰাত আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।
অনুবাদ: পংকজ দাস