বাজেট জাতীয় কথাক লৈ খুৰছিদৰ ভ্ৰূক্ষেপ নাই বুলিবই পাৰি। “মই নিউজ চেনেলৰ বাতৰি নাচাওৱেই,” এইদৰে কয় ৭২ বৰ্ষীয় খুৰছিদে। “এই চেনেলবোৰৰ বাতৰিৰ কোনটো সঁচা, কোনটো মিছা একো ধৰিবই নোৱাৰি।“

দুই-এজনৰ মুখৰ পৰা এইবাৰৰ বাজেটত কৰ ৰেহাই দিয়াৰ কথাতো তেওঁ নুশুনা নহয়। “আমাৰ মহল্লাত এইটোৰ পৰা লাভ হ'বলগীয়া চাগে কোনো নায়েই। আমি হৈছো কোনোমতে দুবেলা দুমুঠি খাই থকা মানুহ” কথাখিনি কওঁতে তেওঁৰ মুখেৰে হাঁহি ওলাই গৈছিল।

যোৱা প্ৰায় ৬০ বছৰ ধৰি মহাৰাষ্ট্ৰৰ পাৰভানি জিলাৰ গংগাখেড় নগৰত দৰ্জীৰ কাম কৰি আছে ছৈয়দ খুৰছিদে। পিতৃৰ পৰা চিলাই বিদ্যা শিকাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৮ বছৰ। তেতিয়াৰে পৰা একেটা কামকেই কৰি আহিছে যদিও লাভ বুলিবলৈ বিশেষ নাই। আক্ষেপেৰে তেওঁ কয়, "আজিকালিৰ ল'ৰা-ছোৱালীবোৰে ৰেডিমেড কাপোৰহে কিনে, আমাৰ ওচৰলৈ নাহেই।”

PHOTO • Parth M.N.
PHOTO • Parth M.N.

ছৈয়দ খুৰছিদৰ চাৰি পুত্ৰ আৰু দুই কন্যা। মাত্ৰ এজন পুত্ৰইহে তেওঁৰ সৈতে দৰ্জীৰ দোকানত কাম কৰে। বাকীকেইজনে ঘৰৰ ওচৰে-পাজৰে সৰুসুৰা কাম কৰে। ছোৱালীকেইজনীক বিয়া দিছে আৰু দুয়ো এতিয়া গৃহিণী

এটা কোঠাৰ দোকানত দিনটো কাম কৰা ছৈয়দে মাহেকত ২০ হাজাৰ উপাৰ্জন কৰে, তাৰে আধা পইছা কাম কৰা কেইজনক দিওতেই যায়। ভাগ্য ভাল যে দেউতাই  দোকানখন তেতিয়াই লৈ থৈছিল। নহ’লে দোকানৰ ভাৰা দি এইকেইটা টকাৰে চলাটোৱেই মস্কিল হ'লহেতেন। মোৰ পঢ়া-শুনাও বেছি নাই,” কাপোৰ চিলাই থকাৰ মাজতে তেওঁ কৈ গৈছিল।

চৰকাৰে কম আয়ৰ লোকসকলক বাজেটখনে সকাহ দিব বুলি দাবী কৰিছে। “কিন্তু এইবোৰৰ পৰা একাংশ নিৰ্দিষ্ট লোকহে উপকৃত হ'ব। আমাৰ দৰে মানুহৰ ভাগত একোৱেই নাই,” ছৈয়দে কয়

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Parth M.N.

پارتھ ایم این ۲۰۱۷ کے پاری فیلو اور ایک آزاد صحافی ہیں جو مختلف نیوز ویب سائٹس کے لیے رپورٹنگ کرتے ہیں۔ انہیں کرکٹ اور سفر کرنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Parth M.N.
Editor : Dipanjali Singh

دیپانجلی سنگھ، پیپلز آرکائیو آف رورل انڈیا کی اسسٹنٹ ایڈیٹر ہیں۔ وہ پاری لائبریری کے لیے دستاویزوں کی تحقیق و ترتیب کا کام بھی انجام دیتی ہیں۔

کے ذریعہ دیگر اسٹوریز Dipanjali Singh
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

کے ذریعہ دیگر اسٹوریز Dhrubajyoti Dhanantari