“আমাৰ দৰে বুঢ়া মানুহক কোনে পেঞ্চন দিব? কোনেও নিদিয়ে,” নিৰ্বাচনী অভিযানৰ সময়ত চকীত বহি থকাৰ পৰা বুঢ়া মানুহ এজনে ডাঙৰকৈ কয়। প্ৰাৰ্থীজনে উত্তৰ দিয়ে, “তাউ, আপুনি পাব আৰু তাইয়েও ৬,০০০ টকা মাহে পাব।” প্ৰাৰ্থীগৰাকীৰ ভাষণ শেষ হয় মানে এগৰাকী বয়োজ্যেষ্ঠ লোকে তেওঁৰ পাগুৰিটো খুলি প্ৰাৰ্থীজনৰ শিৰত পিন্ধাই দিয়ে। উত্তৰ ভাৰতৰ এইখন ৰাজ্যত সেয়া সন্মানৰ চিন।
প্ৰাৰ্থীজন আছিল দীপেন্দৰ হুডা, ২০২৪ৰ লোকসভা নিৰ্বাচনত তেওঁ নিজৰ সমষ্টি ৰোহতকৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে। মানুহে তেওঁৰ কথা শুনিছে। কিছুমানে প্ৰশ্ন কৰিছে আৰু মনৰ কথা কৈছে।
(আপডেট: ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী দীপেন্দৰ হুডাই ৭,৮৩,৫৭৮ ভোটেৰে ৰোহতক সমষ্টিত জয়লাভ কৰে। ফলাফল ২০২৪ৰ ৪ জুনত ঘোষণা কৰা হয়।)
*****
“কৃষকৰ মাটি লৈ গৈ তাক সংস্কাৰ সাধন বুলি ক’ব খোজা দলক কিয় ভোট দিম?” মে’ মাহৰ আৰম্ভণিৰ ভাগত কৃষ্ণনে কয়, তেতিয়াও নিৰ্বাচনৰ তাৰিখ ২৫ মে’লৈ বহুদিন বাকী। আমি আছো ৰোহতক জিলাৰ কালানৌৰ ব্লকৰ এখন গাওঁ নিগানাত। শস্য চপোৱাৰ বতৰ। গমধান চপোৱা হৈছে আৰু কৃষকে ধানখেতিৰ বাবে পথাৰখন সাজু কৰিবলৈ বাৰিষাৰ বৰষুণৰ অপেক্ষা কৰিছে। আকাশত এটুকুৰাও মেঘ নাই, ৰাস্তাৰ ধূলি আৰু খেৰ জ্বলাই দিয়া পথাৰৰ পৰা ধোঁৱা আকাশৰ ফালে গতি কৰিছে।
পাৰাস্তম্ভ ৪২ ডিগ্ৰী ছেলচিয়াছ পাইছেগৈ। নিৰ্বাচনৰ জ্বৰো সমানে বিয়পিছে। বয়সে দুকুৰিৰ ফালে ভাতি দিয়া কৃষ্ণ এগৰাকী বিদ্যুৎকৰ্মী আৰু তেওঁৰ কাষৰে ঘৰ এটাত কাম কৰি আছে। তেওঁ দিনে ৫০০ টকা হাজিৰা পায়, সেই কামটো এসপ্তাহমানলৈ থাকিব। তেওঁ দিনহাজিৰাও কৰে আৰু সৰু দোকান এখন চলায়। ৰোহতক জিলাৰ এইটো অংশত সৰহভাগ মানুহ জীৱিকাৰ বাবে কৃষিশ্ৰম, নিৰ্মাণ ছাইটৰ কাম আৰু মনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি)ৰ ওপৰত নিৰ্ভৰশীল।
তেওঁৰ ঘৰলৈ যোৱা বাটত আমি তিনিআলি এটা পালো। “কৃষক আৰু শ্ৰমিকসকল এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উফনীত হৈছে,” তেওঁ কয়, “আৰু তেওঁলোকক চাম-দাম-দণ্ড-ভেদ-ৰে সকলো ফালৰ পৰা ঘেৰি পেলোৱা হৈছে।” কৃষ্ণই ইয়াত কৌটিল্য, চাণক্য বুলিও যাক জনা যায়, তেওঁৰ অৰ্থশাস্ত্ৰৰ চাৰিটা মূল নীতিৰ কথা উল্লেখ কৰিছে, ধৈৰ্য্য, ধন-সম্পদেৰে পতিয়ন নিওৱা কৌশল, শাস্তি আৰু শেষত প্ৰচণ্ড শাৰীৰিক শক্তি প্ৰয়োগ। চাণক্য তৃতীয় শতিকা (বিচিই)ৰ এগৰাকী ভাৰতীয় গুৰু, কৌশলবিদ আৰু ৰাজসিক পৰামৰ্শদাতা বুলি জনা যায়।
কিন্তু কৃষ্ণই উল্লেখ কৰা চাণক্যগৰাকী আধুনিক চাণক্য!
“দিল্লী সীমান্তত ৭০০ৰো অধিক কৃষকৰ মৃত্যুক লৈ শাসকীয় দল (বিজেপি) দায় মুৰ পাতি লোৱা নাই,” ২০২০ৰ এতিহাসিক কৃষক আন্দোলন আৰু তিনিখন আইনক লৈ বিজেপিক গৰিহণা দিয়াৰ সময়ৰ কথা উল্লেখ কৰি কয়।
“মনত আছে, কেনেকৈ টেনি (বিজেপি নেতাৰ পুত্ৰ)য়ে লখিমপুৰ খেৰিত কৃষকক মহতিয়াই নিছিল? য়ে মাৰনে ম্যে কনজুচি নহী কৰতে (মানুহ মৰাৰ সময়ত সিহঁতে লেখমানো চিন্তা নকৰে)।” উত্তৰ প্ৰদেশত ২০২১ত ঘটা সেই ঘটনাটো তেওঁৰ মনত দকৈ সাঁচ বহুৱাই পেলাইছে।
বিজেপিয়ে নিজৰ আইন প্ৰণেতাসকল আৰু যৌন আতিশায্যৰ অভিযোগ থকা ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি ব্ৰিজ ভুষণ সিঙৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ বাবে সাধাৰণ মানুহৰ মাজত অসন্তুষ্টি স্পষ্ট হৈ পৰিছে। “সাক্ষী মালিক আৰু আন বহু প্ৰখ্যাত মল্লযুঁজাৰুৱে নতুন দিল্লীত কেবামাহ প্ৰতিবাদ কৰিছে। এগৰাকী নাবালককে ধৰি কেবাগৰাকী মহিলাক যৌন আতিশায্য চলোৱাৰ অভিযোগ তুলি তেওঁলোকে ব্ৰিজ ভুষণক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী তুলিছিল,” তেওঁ কয়।
২০২৪ত বিজেপিয়ে মহিলাৰ বিৰুদ্ধে হোৱা হিংসা ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। “সেই প্ৰতিশ্ৰুতিবোৰ কি হ’ল?” কৃষ্ণই প্ৰশ্ন কৰে। “চুইজাৰলেণ্ডৰ পৰা ক’লাধন ওভতাই আনিম বুলি কৈছিল আৰু আমাৰ খাতাত ১৫ লাখকৈ টকা ভৰাই দিয়াৰ কথা কৈছিল। শেষত পালো কি, ভোক আৰু ৰেচন।”
ঘৰত তেওঁৰ ননদ বাবলিয়ে এইমাত্ৰ চৌকাত পুৱাৰ সাজ ৰান্ধি উঠিছে। ছবছৰ আগতে যকৃতৰ ৰোগত তেওঁ গিৰীয়েকক হেৰুৱাইছে। তেতিয়াৰে পৰা ৪২ বৰ্ষীয় বাবলিয়ে মনৰেগাৰ কাম কৰি আছে।
“গোটেই মাহটোৰ কাম নাপাওৱেই। কৰিলেও সময়ত পইচা নাপাও। আৰু পালেওনো কৰিম কি, ইমান কম পইচা, সেইৰে ঘৰখন নচলে,” তেওঁ কয়। ২০২৪ৰ মাৰ্চ মাহত তেওঁ সাত দিনৰ বাবে কাম কৰিছে যদিও তাৰে ২,৩৪৫ টকা এতিয়াও তেওঁ পাব আছে।
যোৱা চাৰিটা বছৰত মনৰেগাৰ কাম হাৰিয়ানাত নাটকীয় হাৰত কমিছে। ২০২০-২১ত ৰাজ্যখনৰ প্ৰায় ১৪,০০০ পৰিয়ালে আঁচনিখনৰ অধীনত ১০০ দিনৰ কাম পাইছিল। সেই সংখ্যা ২০২৩-২০২৪ত কমি ৩,৪৪৭ হ’ল। ৰোহতক জিলাত মাত্ৰ ৪৭৯ টা পৰিয়ালে ২০২৩ত ১০০ দিনৰ কাম পাইছে, সেয়া ২০২১-২২ত আছিল ১,০৩০ টা পৰিয়াল।
“এটা দশক আগতে জীৱনটো সহজ নাছিল বাৰু, কিন্তু এতিয়াৰ দৰে ইমান কঠিনো নাছিল,” বাবলিয়ে কয়।
নিগানাৰ পৰা কেৱল ছয় কিলোমিটাৰ দূৰৰ কাহনৌৰত কেচু প্ৰজাপতিয়ে এইবাৰ নিৰ্বাচনত মূল্যবৃদ্ধিৰ বিষয়টো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে। কেচুৱে (৪৪) ঘৰ আৰু অট্টালিকাত টাইলচ্ লগোৱা কাম কৰে। তেওঁ খাদ্যবস্তু যেনে চেনী-নিমখ আদিৰ দাম বঢ়াৰ প্ৰসংগত মূল্যবৃদ্ধিৰ কথা উলিয়ায়। ৰোহতকৰ ভৱন নিৰ্মাণ কাৰিগৰ মজদুৰ ইউনিয়ন নামে শ্ৰমিক ইউনিয়নৰ সদস্য আৰু দিনহাজিৰা কৰি খোৱা কেচুৱে কয় যে এটা দশক আগতে গাখীৰৰ দাম লিটাৰত ৩০ৰ পৰা ৩৫ টকা আছিল। এতিয়া সেয়া ৭০ টকা হৈছেগৈ। একেদৰে এক কিলোগ্ৰাম নিমখৰ দাম তেতিয়া ১৬ টকা আছিল আৰু এতিয়া ২৭ টকা।
“ৰেচন আমাৰ অধিকাৰ আছিল। কিন্তু এতিয়া এনে লাগে যেন চৰকাৰে আমাক অনুগ্ৰহহে কৰিছে, আমি তেওঁলোকৰ ওচৰত হাতজোৰ কৰিবলগীয়া হয়।” এতিয়া হালধীয়া কাৰ্ড থকাসকলে পাঁচ কিলোগ্ৰাম গধান, এক কিলোগ্ৰাম চেনী আৰু এক লিটাৰ খোৱা তেল পায়। আনহাতে গুলপীয়া কাৰ্ড থকাসকলে মাহে ৩৫ কিলোগ্ৰাম গমধান পায়। “আগতে চৰকাৰে ৰেচনত কেৰাচিন দিছিল। সেয়া বন্ধ হ’ল আৰু এলপিজি চিলিণ্ডাৰত গেছ ভৰাবলৈ পইচা নিমিলে। আমি চানা আৰু নিমখ পাইছিলো,” যিটো এতিয়া নিদিয়া হ’ল।
নিমখ তালিকাত নথকাৰ পৰা এটা ভাল হৈছে, তেওঁ কয়, “অন্ততঃ আমি এতিয়া আৰু চৰকাৰৰ নিমখ খাই নথকা বুলি ক’ব পাৰো।”
কেন্দ্ৰ আৰু ৰাজ্যত ‘ডাবল ইঞ্জিন’ বিজেপি চৰকাৰে থকা সত্ত্বেও কাহনৌৰৰ দৰে চৰকাৰী স্কুলত কাম কৰা ৰামৰতিহঁতৰ দৰে লোকৰ বাবে চৰকাৰে বিশেষ একো কৰিব পৰা নাই। ৰামৰতিয়ে (৪৮) চৰকাৰী স্কুল এখনত মধ্যাহ্ন ভোজন ৰান্ধে। “ইমান গৰমত এক মিনিট সময়ো চৌকাৰ ওচৰত থাকিব নোৱাৰি। মই এমাহত ৬,০০০ ৰুটি বনাও।” তাৰবাবে তেওঁ মাহে ৭,০০০ টকা পাওঁ। আধাখিনি শ্ৰমৰহে পইচা তেওঁ পায় বুলি তেওঁ কয়। মুদ্ৰাস্ফীতিয়ে তেওঁৰ দৰে লোকৰ পৰিয়াল চলোৱাটো কঠিন কৰি পেলাইছে বুলি তেওঁ কয়। নিজৰ ঘৰুৱা কামখিনিৰ কথা তেওঁ কোৱাই নাই। “মই দিনে-ৰাতি কামতে সোমাই থাকিবলগীয়া হয়,” তেওঁ কয়।
“মই মন্দিৰৰ বাবে (ৰাম মন্দিৰ) ভোট নিদিও। কাশ্মীৰক লৈও মোৰ একো ক’বলগীয়া নাই,” হৰিষ কুমাৰে কয়। বিজেপিয়ে দুটা কামক লৈ গৌৰৱ কৰে, অযোধ্যাত ৰামমন্দিৰ নিৰ্মাণ আৰু আনটো সংবিধানৰ ৩৭০ নং অনুচ্ছেদ উঠাই দিয়া। এই দিনহাজিৰা কৰা হৰিষৰ ক্ষেত্ৰত এইবোৰৰ একো অৰ্থ নাই।
হৰিষে কাহনৌৰৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ মাকৰৌলি কালানত পথ নিৰ্মাণৰ কামত ব্যস্ত। এই কঠিন ৰ’দত কাম কৰি থকা হৰিষকে ধৰি আন কেইগৰাকীমান পুৰুষ-মহিলাৰ কাষেৰে ধূলি উৰুৱাই গধুৰ বাহনবোৰ চলি আছে। মহিলাই কংক্ৰীটৰ ইটাবোৰ ইটোৱে সিটোক দি কঢ়িয়াইছে। পুৰুষে পথ নিৰ্মাণৰ কামত লাগিছে।
হৰিষৰ ঘৰ কালানৌৰ টেহচিলৰ চম্পল গাঁৱত। তেওঁ এই কামৰ বাবে দিনে ৫০০ টকা পায়। “মূদ্ৰাস্ফীতিৰ কাৰণে হাজিৰাৰ এই টকাৰে চলিব নোৱাৰি। মজবুৰি মে মেহনত বেচনে কৌ মজদুৰি কেহতে হে (বাধ্যত পৰি এনেকৈ শ্ৰম বিক্ৰী কৰিবলগীয়াজনকে শ্ৰমিক বোলে),” তেওঁ কয়।
দুপৰীয়াৰ আহাৰ খাই তেওঁ পুনৰাই চিমেণ্ট-বালি মিহলোৱা কামটোলৈ লৰালৰিকৈ আগবাঢ়িছে। ভাৰতত আন বহু শ্ৰমিকৰ দৰে তেঁৱো কম মজুৰি পায় আৰু এই বিষম বতৰত এনেকৈ অত্যধিক কাম কৰিবলগীয়া হৈছে। “কামৰ প্ৰথম দিনটোত ভাবিছিলো যে পইচা পালে মানুহে মোক সন্মান দিব। এতিয়ালৈ মই সেই সামান্য সন্মানৰ কাৰণে ৰৈ আছো,” তেওঁ কয়।
“মজুৰি বেছি নালাগে, সেই দাবী নকৰো। কিন্তু আমি সমতা বিচাৰো।”
এটা শতিকা আগতে কালানৌৰ টেহচিলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ঐতিহাসিক ক্ষণ এটাৰ সাক্ষী আছিল। মহাত্মা গান্ধী, মৌলানা আবুল কালাম আজাদে কালানৌৰত ৰাজহুৱা সভা এখনত ভাষণ দিছিল। ১৯২০ৰ ৮ নৱেম্বৰত ৰোহতকৰ এখন সন্মিলনত অঞ্চলটোত অসহযোগ আন্দোলনৰ প্ৰচাৰৰ বাবে সংকল্প প্ৰস্তাৱ লোৱা হৈছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত ই এটা মাইলৰ খুঁটিৰ দৰে আছিল।
২০২৪ত ৰোহতকৰ জনতাই আকৌ এবাৰ দেশত গণতন্ত্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছে, লগতে জীয়াই থকাৰ সমান্তৰাল সংগ্ৰামখন আছেই।
অনুবাদ: পংকজ দাস