মে’ মাহৰ এটা অতিকৈ উষ্ম আৰু সেমেকা দিন। কিন্তু মোহাস্থিত হজৰত ছৈয়দ আলৱি [ৰেহমাতুল্লাহ অলৈহি] দৰগাহ (তীৰ্থস্থান)ত মানুহৰ ভিৰ লাগিছে। চল্লিশটা পৰিয়াল - মুছলমান কমেই, হিন্দুৱেই বেছি; সকলোৱে তেওঁলোকৰ বাৰ্ষিক ধৰ্মীয় উৎসৱ আৰু ৰাজহুৱা ভোজ কন্দুৰিৰ বাবে সমবেত হৈছে। ধোবলে পৰিয়ালটো তাৰে মাজৰে এটা। মোৰ পৰিয়ালৰ লগতে মই ওছমানাবাদ জিলাৰ কালাম্ব ব্লকৰ এই ২০০ বছৰ পুৰণি দৰগাহটোত তেওঁলোকৰ আলহী।
গ্ৰীষ্মকালত খেতিৰ কাম নথকা দিনকেইটাত লাটুৰৰ ওছমানাবাদকে ধৰি মাৰাঠৱাড়া অঞ্চলৰ ছখন জিলা - বীড়, জালনা, ঔৰংগাবাদ, পাৰভানি, নন্দেৰ আৰু হিংগৌলিৰ পীৰসকলৰ দৰগাহবোৰ মানুহৰ সমাগমত উদুলি-মুদুলি হৈ পৰে। বৃহস্পতিবাৰ আৰু দেওবাৰবোৰত পীৰবোৰ পৰিয়ালেৰে ঠাহ খাই থাকে। মানুহে মতা ছাগলী বলি দিয়ে, ৰন্ধা মাংসৰ নিৱদ আগবঢ়াই আশীৰ্বাদ লয় আৰু একেলগে খায়-খুওৱায়।
“আমি ভালেকেইটা প্ৰজন্ম ধৰি এই উৎসৱ (কন্দুৰি) পাতি আহিছো,” ওছমানাবাদৰ য়েড়চিৰ আমাৰ সম্পৰ্কীয় ভাগিৰথী কাদম (৬০)য়ে কয়। মাৰাঠৱাড়া অঞ্চলটো ৬০০ বছৰৰো অধিক কাল ইছলামিক শাসনৰ অধীনত আছিল (হায়দৰাবাদৰ নিজামৰ ২২৪ বছৰীয়া শাসনকে ধৰি)। এই ইছলামীয় তীৰ্থস্থানবোৰত মানুহৰ উপাসনাৰ আঁৰত আছে মানুহৰ সাতামপুৰুষীয়া বিশ্বাস আৰু পৰম্পৰাৰ দ শিপা, এনেকৈ ঐক্য-সংহতিৰে জীৱন যাপন অঞ্চলটোৰ বৈশিষ্টত পৰিণত হৈছে।
“আমি গড় দেওদৰিত উপাসনা কৰো। তাওৰাজ খেড়া নিবাসীসকল মোহালৈ আহে আৰু আপোনাৰ গাঁৱৰ মানুহখিনিয়ে (লাটুৰ জিলাৰ বৰগাওঁ বুদৰুক) শ্বেৰালৈ যায়,” মৰমতে ভাগা মাৱশি নাম পোৱা ভাগিৰথীয়ে শতিকা পুৰণি নিয়মবোৰ বুজাই দিয়ে যি নিয়মৰ অধীনত গাওঁবোৰ নিৰ্দিষ্ট দৰগাহত উপাসনাৰ বাবে নিৰ্ধাৰিত থোৱা হৈছে।
মোহাৰ এই ৰেহমাতুল্লাহ দৰগাহত প্ৰতিজোপা গছ আৰু টিন বা তিৰ্পালৰ চালিৰ তলত অস্থায়ী চৌকাত খাদ্য ৰান্ধি থকা হৈছে। সেই খাদ্য দৰগাহৰ বিভিন্ন ঔপচাৰিক অনুষ্ঠানত আগবঢ়োৱা হ’ব। পুৰুষ-মহিলাই আড্ডা দিছে আৰু ল’ৰা-ছোৱালীবোৰে খেলা-ধূলা কৰি কটাইছে। আকাশ ফৰকাল, কিন্তু পশ্চিম আকাশত গোট খোৱা অলপ মেঘে সকাহ দিছে, আনফালে দৰগাহৰ বাটটোৰ কাষে কাষে থকা শাৰী শাৰী তেঁতেলী গছৰ ছাঁবোৰে গৰমৰ সামান্য উপশম ঘটাইছে। দৰগাহৰ কুঁৱাৰ পানী ৯০ ফুট তলত আছে। বাৰৱ বুলি কোৱা শিলেৰে নিৰ্মিত পুৰণি কুঁৱাটোত পানীৰ চিন নাই, কিন্তু এগৰাকী ভক্তই আমাক জনায় যে সেইটো “বাৰিষাৰ দিনত পানীৰে উপচি পৰিব।”
ষাঠি উৰ্দ্ধ লোক এজনে তেওঁৰ বৃদ্ধ মাতৃক বোকোচাত লৈ দৰগাহত সোমাইছে। আশী উৰ্দ্ধ বৃদ্ধাগৰাকীয়ে উৱলি যোৱা নহতীয়া পাতল সেউজীয়া ইড়কল শাড়ী এখন পিন্ধিছে। এই অঞ্চলৰ হিন্দু-মুছলমান মহিলাই সাধাৰণতে এনে শাড়ী পিন্ধে। পুত্ৰই মাজাৰ (সাধুজনাৰ সমাধি সৌধ)ৰ চিৰিৰ পাঁচটা ঢাপ উঠে মানে বৃ্দ্ধাৰ চকুহাল সেমেকি উঠিছে, তেওঁ হাত দুখন জোৰ কৰি প্ৰাৰ্থনা জনাইছে।
আন ভক্তসকল আগবাঢ়িছে। ৰুগীয়া যেন লগা অস্থিৰ হৈ পৰা মহিলা এগৰাকীয়ে মাকৰ সৈতে মাজাৰলৈ আগবাঢ়িছে। মাজাৰটো দৰগাহৰ মূলদ্বাৰৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত আছে আৰু দুয়োজনে খুব লাহে লাহে তালৈ খোজ দিছে। তেওঁলোকে নাৰিকল, কিছু ফুল আৰু ধূপকাঠী মাজাৰলৈ আগবঢ়াইছে।
মুঝাৱৰে তেওঁলোকক ভগা নাৰিকলটো আৰু ৰুগ্ন মহিলাগৰাকীৰ হাতত বান্ধিবলৈ সূতা এডাল আগবঢ়াই দিছে। মাকে ধূপকাঠীৰ ছাঁই অকণ লৈ জীয়েকৰ কপালত সৰুকৈ ফোট এটা দিছে। দুয়ো তেতেলীজোপাৰ তলত ক্ষন্তেক জীৰাই মাজাৰ এৰিছে।
মাজাৰৰ পিছপিনে ফেঞ্চিংখনত অসংখ্য নিয়ন আৰু পাতল সেউজীয়া ৰঙৰ খাৰু ওলমি আছে। সকলো ধৰ্মবিশ্বাসৰ মহিলাই নিজৰ জীয়ৰীৰ বাবে সুপাত্ৰ বিচাৰি তাত খাৰু বান্ধি থৈ যায়। এচুকত কাঠৰ এটা ডাঙৰ ঘোঁৰা আছে, কাষতে আছে কেইটামান মাটিৰ ঘোঁৰা। “নিজৰ জীৱনকালত ঘোঁৰা চলোৱা মুছলমান সন্তসকলৰ স্মৃতিত এই ঘোঁৰাবোৰ আগবঢ়োৱা হয়,” ভাগা মাৱশিয়ে মোক বুজাই কয়।
মোৰ শাহুআই ঘৰত নিতৌ এই দুটা ঘোঁৰা পূজা কৰা দেখা মনত পৰে। সেই দুটাৰ নিৰ্দিষ্ট দুই আৰাধ্যৰ। এটা ভৈৰৱ নামে হিন্দু দেৱতাৰ আৰু আনটো শ্ৰদ্ধাৰ মুছলমান ফকিৰৰ।
*****
বাৰ্ষিক কন্দুৰি ভোজন উৎসৱ উপলক্ষে বহু মহিলাই ৰাতি জাগি প্ৰস্তুতি চলাইছে, সেই ভোজত থাকিব ছাগলী মাংসৰ জোল আৰু ভাখৰি। কিন্তু পিছদিনা বৃহস্পতিবাৰ পৰে হেতুকে বহুতেই মাংস নাখায়। “খোৱাটো ইমান ডাঙৰ কথা নহয়,” তাৰে মাজৰে এগৰাকীয়ে মোক কয়। “ হে দেৱাচা কাম আহে , মায় [আমি ইশ্বৰৰ বাবে কৰো, মাজনী]।”
এনে ভোজন উৎসৱ মহিলাৰ শ্ৰমৰ বলতেই চলে। কিন্তু এই খাদ্য নোখোৱা বহুকেইগৰাকীয়ে কয় যে তেওঁলোকে কিছুসংখ্যক নিৰামিষহাৰী আৰু উপবাসে থকাসকলৰ বাবে ৰন্ধা খাদ্য খায়েই সুখী। আচলতে একেটা চৌকাতে দুয়োবিধ খাদ্যই ৰন্ধা হয় আৰু একেবোৰ থালিতে দিয়া হয় যদিও কোনোৱে অসুবিধা নাপায়: দুখ পোৱাৰ, মনত আঘাত পোৱাৰ কোনো কথা তাত নাই।
লক্ষ্মী কাদম পুণেত থাকে আৰু ভোজন উৎসৱলৈ বুলি আহিছে। শ শ ভাখৰি বনাই, মচলা গুড়ি কৰি, ধোৱা-বোৱা কাম কৰি তেওঁ ভাগৰি পৰিছে। “সিহঁতলৈ (মুছলমান তিৰোতাসকললৈ) ঈৰ্ষাই জাগে,” তেওঁ ভাগৰত কয়। “ডাঙৰ এটা পাত্ৰত বিৰিয়ানি বহুৱাই দিলে, আৰু আজৰি! হা আচলা ৰাদা নাকো না কাহি নাকো [তেওঁলোকে আমাৰ দৰে ইমান কাম কৰিবলগীয়া নহয়]।”
“সিহঁতৰ গালবোৰ চাওকচোন, কেনে মসৃণ আৰু গুলপীয়া!” এইবাৰ তেওঁৰ ঈৰ্ষা কল্পনাৰ সিপাৰ পালেগৈ। কেইগৰাকীমান ধনী, উচ্চ জাতৰ পৰিয়ালত বাদে আমাৰ মহিলাবোৰ প্ৰায়ভাগেই ক্ষীণ-মীন আৰু কাম কৰি অৱশ, খুব এটা “গুলপীয়া গাল” নথকা লক্ষ্মীয়ে তেওঁলোকৰ কথা কল্পনা কৰি কয়।
এনে ৰাজহুৱা ভোজনৰ ক্ষেত্ৰত কেৱল পুৰুষেই মাংস ৰান্ধে। দেখিলেই জিভাৰ পানী পৰা সুগন্ধি বিৰিয়ানি মুছলমান ভক্তসকলে বিলায়।
পাঁচখন ভাখৰি, এটা পাত্ৰ পুৰাই মাংসৰ জোল, মাংসৰ নিৰ্দিষ্ট অংশ আৰু ঘেঁহুৰ চাপাটিৰ পৰা বনোৱা মিঠা মালিদা, ঘিউ আৰু চেনী নাইবা গুৰ নিৱদ হিচাপে মুঝাৱৰজনলৈ দৰগাহত আগবঢ়োৱা হয়। পুৰুষে মাজাৰলৈ গৈ নিৱদ আগবঢ়ায়। মহিলাই চিৰিত বহি চায় আৰু আশীৰ্বাদ বিচাৰে, মূৰত তেওঁলোকে শাড়ীৰ আচলেৰে মন্দিৰত লোৱাৰ দৰে ওৰণি লৈ থাকে।
প্ৰাৰ্থনা সম্পূৰ্ণ হোৱাৰ পিছত উপহাৰ বিনিময় কৰা হয়, ভোজন উৎসৱ আৰম্ভ হয়। মহিলা আৰু পুৰুষে পৃথকে বহি খায়। উপবাসত থকাসকলে উপবাসৰ উদ্দেশ্যে ৰন্ধা খাদ্য খায়। পাঁচজন ফকিৰ আৰু দৰগাহত কাম কৰা পাঁচগৰাকী মহিলাক ভাখৰি যঁচাৰ পিচত উৎসৱৰ আনুষ্ঠানিক অন্ত পৰে।
*****
কেইসপ্তাহমান পিছত মোৰ ৭৫ বৰ্ষীয় শাহুআই গায়াবাই কালেয়ে ঘৰৰ কাষৰে দৰগাহ এটাত ভোজনৰ আয়োজন কৰে। তেওঁ ভালেমান দিন ধৰি ইয়াৰ পৰিকল্পনা কৰি আছিল আৰু এইবছৰ (২০২৩) তেওঁৰ সৈতে যোগ দিছে মহাৰাষ্ট্ৰৰ লাটুৰ জিলাৰ ৰেনাপুৰ ব্লকৰ এখন সৰু গাওঁ শ্বেৰা নিবাসী তেওঁৰ সৰুজনী জীয়ৰী জুম্বাৰে।
দাৱাল মালিক দৰগাহটো মোহাত থকাটোতকৈ সৰু। আমি বিভিন্ন জাতিৰ ১৫ টা পৰিয়াল লগ পাইছিলো। কেইগৰাকীমান মহিলাই মাজাৰৰ সন্মুখতে বহি আছিল আৰু হিন্দু দেৱতাক আৰাধনা কৰি ভজন, ভক্তিমূলক গীত গাইছিল। কিছুমানে বয়সস্থই মুছলমান ফকিৰ এগৰাকীৰ সৈতে কথা পাতি আছিল, ঘৰুৱা বিষয়ত পৰামৰ্শ বিচাৰিছিল। ল’ৰাৰ দল এটা, প্ৰায়ভাগেই দলিত আৰু বহু মন্দিৰত যাৰ প্ৰৱেশৰ অনুমতি নাই, তেওঁলোকে মানুহে নিৱদ আগবঢ়োৱা সময়ত হালগি (ঢোল) বজাইছিল।
গায়াবাইৰ ডাঙৰ ল’ৰা বালাচাহেব কালেয়ে ৰন্ধা-বঢ়াৰ কামত চকু দিছে। লাটুৰৰ বৰগাওঁ বুদৰুকৰ ক্ষুদ্ৰ খেতিয়ক বালাচাহেবে ছাগলীকেইটা কটাত সহায় কৰি দিছে। তেওঁ বৰ সোৱাদলগা মচলাযুক্ত জোল বনায়। মাক-জীয়েকে নিৱদ আগবঢ়াইছে আৰু দৰগাহত উপস্থিত লোকসকলক খাদ্য আগবঢ়োৱাৰ লগতে নিজেও খাইছে।
দুটা দৰগাহত লগ পোৱা মহিলাসকলৰ বাবে দৰগাহত প্ৰাৰ্থনা জনোৱা আৰু ভোজ দিয়া পৰম্পৰা এক ধৰণৰ প্ৰতিশ্ৰুতি যিটো তেওঁলোকে পালন কৰিবই লাগিব। “ইয়াত কোনো মন কৰা-নকৰাৰ কথা নাই। বাঝা আচাটা , উতাৰাৱা লাগাতা (ই বোজাৰ দৰে, সেয়া পাতল কৰিবই লাগিব।” প্ৰতিশ্ৰুতি নাৰাখিলে কিবা অপায়-অমংগল হ’ব পাৰে বুলি তেওঁলোকে ভয় কৰে।
এনেকৈ সাক্ষাৎ কৰি, ভোজ ৰান্ধি খুৱাই আৰু বিনিময়ৰ মাজেৰে তেওঁলোকে নিজৰ হিন্দু পৰিচয় অক্ষুণ্ণ ৰাখিছে আৰু এই উপাসনাস্থল হিচাপে এই দৰগাহবোৰ মনত ৰাখিছে।
“এইয়া (পীৰ) মোৰ দেৱতা, মই তেৰাৰ পূজা কৰি যাম। মোৰ ককাদেউতাই কৰিছিল, মোৰ দেউতাইও কৰিছিল, সেই পৰম্পৰা মই আগবঢ়াই নিম,” বিশ্বাসত অলৰ-অচৰ গায়াবাইয়ে কয়।
*****
যিটো মাহত গায়াবাই, ভাগা মাৱশি আৰু আনসকলে দৰগাহলৈ গৈ নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছিল, তাৰ পৰা ৫০০ কিলোমিটাৰ দূৰৰ নাছিক জিলাস্থিত ত্ৰিম্বাকেশ্বৰ মন্দিৰৰ প্ৰৱেশদ্বাৰত সুগন্ধী ধূপকাঠী আগবঢ়াবলৈ গৈছিল ত্ৰিম্বাকেশ্বৰ নিবাসী চালিম ছৈয়দে। ষাঠিবছৰীয়া ছৈয়দক লগ দিছিল আন কেইগৰাকীমানে; সেয়া তেওঁলোকে ১০০ বছৰৰো অধিককাল ধৰি মানি অহা পৰম্পৰা।
তেওঁলোকে ‘ত্ৰিম্বাক ৰাজা’ৰ ওপৰত গভীৰ আস্থাৰ চিন স্বৰূপে চাদৰ এখন দি বছৰি উৰুচ আদায় দিয়ে।
কিন্তু ছৈয়দ আৰু আনসকলক মন্দিৰৰ প্ৰৱেশদ্বাৰতে বৰ ৰুক্ষ আচৰণেৰে ৰ’বলৈ বাধ্য কৰোৱা হয় আৰু মন্দিৰত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা বুলি অভিযোগ তোলা হয়। এগৰাকী উন্নাসিক হিন্দু নেতাই মুছলমানসকলক ‘তেওঁলোকৰ উপাসনা নিজৰ উপাসনাস্থলীতে সীমাবদ্ধ’ ৰাখিবলৈ কয়। পিছত মন্দিৰত পূজা কৰা হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হনা বুলি অভিযোগ উত্থাপন কৰা হয়। এটা বিশেষ অনুসন্ধানকাৰী দল (এছ.আই.টি.) গঠন কৰি ‘সন্ত্ৰাসবাদী কাৰ্য্যকলাপ’ৰ বিষয়টো তদন্ত কৰিবলৈ দিয়া হয়।
মনত আঘাত পোৱা ছৈয়দে ৰাজহুৱাভাৱে ক্ষমা খোজে। তেওঁ সামাজিক সংহতি বৰ্তাই ৰখাৰ অৰ্থে শতিকাজোৰা এই পৰম্পৰা আৰু অব্যাহত নাৰাখে বুলি প্ৰতিশ্ৰুতি দিয়ে, এনে এক বিড়ম্বনাৰ কথা অৱশ্যে কাৰো দৃষ্টিগোচৰ নহ’ল।
অনুবাদ: পংকজ দাস