“এহ কিছে হোৰ নু জীতা ৰহে নে, সাদে আগে কই হোৰ কুড়ি নহী ছি (তেওঁলোকে আন কাৰোবাক জয়ী কৰাই আছে, আমাৰ আগত আন কোনো ছোৱালী নাছিল)।” প্ৰশিক্ষকৰ ওচৰত থিয় হৈ এইদৰে অভিযোগ কৰে খেলুৱৈ জছপাল, ৰমনদ্বীপ আৰু আন বান্ধৱীসকলে। অমৃতসৰ জিলাৰ কেইবা ডজন যুৱ দৌৰবিদে ২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি চণ্ডীগড়ত উপস্থিত হৈ মাৰাথনত অংশগ্ৰহণ কৰিছিল। মাৰাথনৰ অন্তত প্ৰশিক্ষকৰ সন্মুখত অভিযোগ কৰাৰ সময়ত তেওঁলোকক অতি উত্তেজিত হৈ পৰা দেখা যায়।
দৰাচলতে পাঁচ কিলোমিটাৰ দৌৰৰ অন্তত দ্বিতীয় পুৰষ্কাৰ বিজয়ী হিচাপে মঞ্চৰ পৰা জছপাল কৌৰৰ নাম ঘোষণা কৰাৰ পিছতে এই ঘটনা ঘটে। তেওঁলোকে জানে যে জছপাল ৰানাৰ্ছ আপ নহয়, বৰং বিজয়ীহে। সকলো বাধা অতিক্ৰম কৰি ফিনিছিং লাইনত প্ৰথম উপনীত হোৱা প্ৰতিযোগী আছিল জছপাল। কিন্তু তাৰ পিছতো ৫ হাজাৰ টকা নগদ ধনৰ প্ৰথম পুৰস্কাৰ প্ৰদানৰ সময়ত মঞ্চৰ পৰা আন এগৰাকী প্ৰতিযোগীৰ নাম ঘোষণা কৰে আয়োজকে।
এনে কাৰণতে মঞ্চলৈ উঠি গৈ দ্বিতীয় পুৰস্কাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে জছপাল কৌৰে। ইয়াৰ বিপৰীতে তেওঁ আৰু তেওঁৰ প্ৰশিক্ষকসকলে মঞ্চত আৰু মঞ্চৰ বাহিৰত ইজন-সিজনৰ কাষ চাপি বিজয়ীৰ নাম ঘোষণা সন্দৰ্ভত আয়োজকৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁলোকে নিজৰ ক’বলগীয়াখিনি কৈ অন্যায়ৰ সমাধানৰ বাবে বহুতৰে পৰা সহায় বিচাৰে। কিন্তু ইমানৰ পিছতো আয়োজকে কোনো পদক্ষেপ গ্ৰহণ নকৰাত অৱশেষত নিজৰ প্ৰশিক্ষকৰ অনুৰোধমৰ্মে মঞ্চলৈ উঠি গৈ বিশাল ব’ৰ্ডত লিখা থকা ৩,১০০ টকাৰ দ্বিতীয় পুৰস্কাৰৰ চেকখন গ্ৰহণ কৰিবলগীয়া হয় জছপালে।
এই ঘটনাৰ এমাহ পাছত অৰ্থাৎ ২০২৩ চনৰ এপ্ৰিল মাহত জছপালক আচৰিত কৰি তেওঁৰ বেংক একাউণ্টত ৫ হাজাৰ টকা জমা হয়। জছপালক একো কোৱা হোৱা নাছিল আৰু কোনো স্থানীয় বাতৰি কাকততো তেওঁ একো খবৰ পোৱা নাছিল। ৰুনিজেন টাইমিং চিষ্টেমৰ ফলাফলৰ ৱেবছাইটত ৫ কিলোমিটাৰ দৌৰৰ লেডাৰব’ৰ্ডত ২৩.০৭ মিনিটৰ গানটাইম (দৌৰৰ সময়)ৰে বিজয়ী হিচাপে তেওঁৰ নাম উল্লেখ আছে। এইবাৰৰ বঁটা বিতৰণৰ ছবিত তেওঁ নাই। কিন্তু জছপালৰ হাতত এতিয়াও আছে কেইবাটাও পদকৰ লগতে সেই বিশাল চেকখন।
২০২৪ চনত যুৱতী কেইগৰাকীৰ সৈতে পৰৱৰ্তী মাৰাথন দৌৰৰ বাতৰি পৰিৱেশন কৰিবলৈ যোৱাৰ সময়ত এই সাংবাদিকগৰাকীয়ে আয়োজকৰ পৰা জানিব পাৰিলে যে তেওঁলোকে ভিডিঅ’ ফুটেজ পৰ্যালোচনা কৰি সেই বছৰৰ শেষৰ ফালে জছপালৰ প্ৰতিদ্বন্দ্বীক দৌৰৰ পৰা অযোগ্য ঘোষণা কৰিছিল। ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে প্ৰতিবাদ কৰা যুৱতী কেইগৰাকী তেওঁলোকৰ মতত শুদ্ধ আছিল। ৰেচ বিবৰ সৈতে জড়িত প্ৰৱঞ্চনা পোহৰলৈ অহাৰ পিছতে জছপালে বেংক একাউণ্টযোগে লাভ কৰা ধনৰ ৰহস্যও ফাদিল হ’ল।
নগদ ধনৰ পুৰস্কাৰ জছপালৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ দ্বাৰা তেওঁৰ কলেজীয়া শিক্ষা পুনৰ আৰম্ভ কৰাৰ পথ মুকলি হ’ব পাৰে। দুবছৰ আগতে তেওঁ ব্যক্তিগত বিশ্ববিদ্যালয় এখনত অনলাইন বি এ (কলা) পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। জছপালে কয়, “কিন্তু প্ৰথম ছেমিষ্টাৰৰ বাহিৰে শেষ কৰিব পৰা নাই। পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰতিটো ষান্মাসিকত প্ৰায় ১৫ হাজাৰ টকা দিব লাগে। প্ৰথম ষান্মাসিকত মই নগদ ধনৰ পুৰস্কাৰ [গাঁৱৰ প্ৰতিনিধি আৰু ৰাষ্ট্ৰীয় বিজয়ীৰ বাবে বিদ্যালয়ে দিয়া] মাচুল পৰিশোধ কৰিবলৈ ব্যৱহাৰ কৰিলোঁ। কিন্তু তাৰ পিছত মোৰ হাতত টকা নথকাৰ বাবে দ্বিতীয় ষান্মাসিক সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ।”
উচ্চ শিক্ষা গ্ৰহণ কৰা পৰিয়ালৰ প্ৰথমজন সদস্যা ২২ বছৰীয়া জছপাল। পাঞ্জাৱৰ আটাইতকৈ বঞ্চিত অনুসূচিত জাতি সম্প্ৰদায়ৰ ভিতৰত অন্যতম হিচাপে শ্ৰেণীভুক্ত কৰা মজহবি ধৰ্মীয় শিখ সম্প্ৰদায়ৰ নিজৰ গাঁৱৰ মাত্ৰ কেইগৰাকীমান মহিলাৰ ভিতৰত তেওঁৱো এগৰাকী। জছপালৰ মাতৃ বলজিন্দৰ কৌৰ (৪৭)য়ে পঞ্চম শ্ৰেণীতেই শিক্ষা সামৰাৰ বিপৰীতে পিতৃ বালকাৰ সিং (৫০) একেবাৰে অনাখৰী। জ্যেষ্ঠ ভাতৃ অমৃতপাল সিং (২৪) য়ে দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰিয়েই শিক্ষা সামৰি পৰিয়ালৰ দায়িত্ব বুজি কামত লাগে। তেওঁ দেউতাকক তেওঁলোকৰ গাঁও কোহালীৰ আশে-পাশে নিৰ্মাণ কাৰ্য্যত সহায় কৰিবলৈ আৰম্ভ কৰে। ইফালে ১৭ বছৰীয়া কনিষ্ঠ ভাতৃ আকাশদ্বীপ সিঙে দ্বাদশ শ্ৰেণীলৈকে শিক্ষা সম্পূৰ্ণ কৰিছে।


















