উত্তৰ প্ৰদেশৰ লক্ষ্নৌৰ ভাৰাঘৰৰ পিছফালে তিনি বছৰীয়া সম্পৰ্কীয় ভাইটোৰ সৈতে ৭ বছৰীয়া কাজৰিয়ে খেলি আছিল। তেতিয়াই তাইক দুজন লোকে অপহৰণ কৰি লৈ যায়।

দহ বছৰ পিছত ২০২০ৰ ডিচেম্বৰত বেংক এজেণ্ট হিচাপে কাম কৰা তেওঁৰ আন এজন ভায়েকে চহৰৰ মানুহ এঘৰলৈ কিবা কাম সংক্ৰান্তত যাওতে মজিয়া মচি থকা অৱস্থাত দেখাত সাইলাখ কাজৰিৰ দৰে ছোৱালী এজনী দেখিলে। তেওঁ ছোৱালীজনীক তাইৰ নামটো সুধিলে যদিও কিবা এটা কোৱাৰ আগেয়েই মহিলা এগৰাকীয়ে আহি হস্তক্ষেপ কৰিলে আৰু তাইক একো কোৱাৰ সুযোগ নিদিলে। তেওঁ মানুহঘৰৰ পৰা ওলাই গৈয়ে হিংসাৰ বলি হোৱাৰ মহিলা আৰু শিশুক সহায়ৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনত লক্ষ্নৌত স্থাপিত ৱান-ষ্টপ চেণ্টাৰত ফোন কৰে আৰু সহায় বিচাৰে। কেইঘণ্টামানৰ ভিতৰতে মোহনলালগঞ্জ আৰক্ষী থানাৰ পৰা অহা আৰক্ষীৰ এটা গোট আৰু ৱান-ষ্টপ চেণ্টাৰৰ কৰ্মচাৰীয়ে ঘৰটোত তালাচী চলাই কাজৰিক উদ্ধাৰ কৰে আৰু পৰিয়ালক চমজাই দিয়ে।

এতিয়া ২১ বৰ্ষীয় কাজৰিয়ে মানসিক সমস্যাত ভুগিছে, তেওঁৰ তলৰ পাৰি দাত নাই আৰু যোৱা দহটা বছৰ সৰবৰাহ হোৱা, যৌন আতিশয্যৰ সন্মুখীন হোৱা আৰু শিশু শ্ৰমিক হিচাপে ভুক্তভোগীৰ জীৱনটোৰ কথা তেওঁৰ অলপ-অচৰপ মনত আছে।

PHOTO • Jigyasa Mishra

মাত্ৰ সাত বছৰীয়া কাজৰিক তাইৰ ঘৰৰ পৰাই অপহৰণ কৰি সৰবৰাহ কৰা হৈছিল, শাৰীৰিক আতিশয্যৰ উপৰিও তাইৰ ওপৰত যৌন আতিশয্য চলোৱা হৈছিল আৰু ১০ বছৰ তাই ঘৰুৱা বনকৰা ছোৱালী হিচাপে বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছিল

*****

“আগতে মই কেৱল দুখী আছিলো, এতিয়া একেবাৰে হতাশ আৰু আশাশূন্য হৈ পৰিছো,” কাজৰিৰ ৫৬ বৰ্ষীয় পিতৃ ধীৰেন্দ্ৰ সিঙে কয়। তেওঁ লক্ষ্নৌৰ প্ৰাইভেট কলেজ এখনত ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰে, ভাৰাঘৰত থাকে। তেওঁৰ পত্নী আৰু কাজৰীকে ধৰি দুজনী কন্যাসন্তানসহ উত্তৰ প্ৰদেশৰ হাৰ্দৈ জিলাৰ নিজৰ ঘৰত থাকে।

“মই যোৱা ১৫ বছৰ ধৰি লক্ষ্নৌৰ বিভিন্ন কলেজ আৰু কোম্পানীত ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছো। কিন্তু ২০২১ৰ পৰা মই কাম অব্যাহত ৰখাত অসুবিধা পাইছো, পুলিচ ষ্টেটমেণ্ট দিবলৈ, বিভিন্ন পৰীক্ষা কৰোৱাবলৈ কাজৰিক লৈ মই বাৰে বাৰে থানা আদিলৈ গৈ থাকিবলৈ সঘনে ছুটী ল’বলগীয়া হয়। বাৰে বাৰে ছুটী বিচাৰিলে মোক কামৰ পৰা খেদি দিয়ে। তেতিয়া আকৌ নতুন এটা কাম বিচাৰিবলগীয়া হয়,” ধীৰেন্দ্ৰই কয়।

ধীৰেন্দ্ৰই মাহে ৯,০০০ টকা পায় যিটো পৰিয়ালটো চলিবলৈ পৰ্য্যাপ্ত নহয়। “মই বাৰে বাৰে কাজৰিক লক্ষ্নৌলৈ আনি থাকিব নোৱাৰোঁ, তাইক এনেকৈ আনি থকা নিৰাপদো নহয়। তাৰোপৰি যি অকণ উপাৰ্জন কৰোঁ, সেইখিনি অহা-যোৱাত খৰছ হয়, তাতে একো ফলো পোৱা নাই।”

কাজৰিক পোৱাৰ চাৰে-তিনি বছৰ পাৰ হ’ল যদিও ন্যায়ৰ বাবে তেওঁৰ যুঁজখনত তেওঁ তেনেই সামান্য সফলতা পাইছে। আইনী সাহায্য বিচাৰি মোহনলালগঞ্জ আৰক্ষী থানা আৰু লক্ষ্নৌৰ কেইছৰবাগস্থিত জিলা আদালাতত তেওঁ কেবাবাৰো গৈছে যদিও আদালতে ফৌজদাৰী কাৰ্য্যবিধিৰ ১৬৪ ধাৰাৰ অধীনত দণ্ডাধীশৰ আগত কাজৰিৰ ভাষ্য লিপিবদ্ধ কৰা হোৱা নাই। কাৰণ “আদালতে ২০২০ৰ আৰক্ষী থানাৰ এজাহাৰ বিচাৰিছে,” যিটো সময়ত কাজৰিক উদ্ধাৰ কৰা হৈছিল, ধীৰেন্দ্ৰই বুজাই কয়।

২০১০ৰ ডিচেম্বৰত, কাজৰি নিৰুদ্দেশ হোৱাৰ দুদিন পিছত ধীৰেন্দ্ৰই ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৬৩ আৰু ৩৬৪ৰ অধীনত থানাত এজাহাৰ দাখিল কৰিছিল। সেইখন ১৪ বছৰ আগৰ হাতেলিখা নথি, উৱলি গৈছে। পঢ়িবপৰা অৱস্থাত নাই। আৰক্ষীৰ হাতত ২০১০ৰ সেইখন এজাহাৰৰ প্ৰতিলিপি বা ডিজিটেল কপি নাই। তেওঁলোকে কয় যে ২০২০ত কাজৰিক উদ্ধাৰ কৰাৰ পিছৰ ঘটনা সামৰি তাৰ পৰৱৰ্তী এখন এজাহাৰ দাখিল কৰিবলৈ হ’লে সেইখন এজাহাৰ লাগিব।

এক কথাত ক’বলৈ হ’লে আদালতত প্ৰয়োজন হোৱা ‘২০২০ৰ এজাহাৰ’খনৰ অস্তিত্ব নাই, গতিকে আইনী ব্যৱস্থাটোত কাজৰিৰ গোচৰটোৰ অস্তিত্ব নাই বুলিবই পাৰি।

PHOTO • Jigyasa Mishra
PHOTO • Jigyasa Mishra

ন্যায়ৰ বাবে কাজৰিৰ পিতৃ ধীৰেন্দ্ৰই নিৰন্তৰ চেষ্টা কৰিছে, কিন্তু তাইক বিচাৰি পোৱা দিনধৰি এতিয়ালৈ কোনো বিশেষ ফল লাভ কৰা নাই। আইনী সাহায্য বিচাৰি মোহনলালগঞ্জ আৰক্ষী থানা আৰু লক্ষ্নৌৰ কাইছেৰবাগস্থিত জিলা আদালাতত তেওঁ কেবাবাৰো গৈছে যদিও একো লাভ হোৱা নাই

PHOTO • Jigyasa Mishra
PHOTO • Jigyasa Mishra

বাওঁফালে: পিতৃ-মাতৃৰ সৈতে কাজৰি। সোঁফালে: উত্তৰ প্ৰদেশৰ হাৰ্দৈ জিলাৰ তেওঁলোকৰ ঘৰ

“কাজৰিক উদ্ধাৰ কৰাৰ পিছতে যিগৰাকী মহিলাৰ ঘৰত তেওঁক পোৱা গৈছিল, তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাটো উচিত আছিল। কাজৰি নিৰুদ্দেশ হওঁতে দাখিল কৰা এজাহাৰখনক কেৱল অপহৰণৰ অভিযোগ অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু তাইক উদ্ধাৰ কৰাৰ পিছত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত সৰবৰাহ আৰু যৌন আতিশয্যৰ ধাৰাসমূহ সামৰি এজাহাৰ দাখিল কৰাটো জৰুৰী আছিল,” গোচৰটোৰ বিষয়ে জ্ঞাত লক্ষ্নৌৰ এগৰাকী স্বতন্ত্ৰ আইনজীৱি অপূৰ্ব শ্ৰীবাস্তৱে কয়। “কাজৰিৰ ভাষ্য যিমান পাৰি সোনকালে আৰক্ষী আৰু দণ্ডাধীশে লিপিবদ্ধ কৰিব লাগিছিল, কিন্তু দণ্ডাধীশৰ সন্মুখত ভাষ্য লিপিবদ্ধকৰণৰ কাম এতিয়ালৈকে কৰা হোৱা নাই।”

কাজৰিক উদ্ধাৰ কৰাৰ ৪৮ ঘণ্টাৰ ভিৰত তেওঁৰ ভাষ্য ফৌজদাৰী বিধিৰ ১৬১ ধাৰাৰ অধীনত মোহনলালগঞ্জ আৰক্ষী চকীত লিপিবদ্ধ কৰা হৈছিল। লক্ষ্নৌৰ দুখন হস্পিতালত তেওঁৰ চিকিৎসা পৰীক্ষা কৰোৱা হৈছিল। প্ৰথমখন হস্পিতালে তাইৰ তলপেটত এটা দাগ, তলৰ পাৰি দাত কেইটামান নথকা আৰু সোঁফালৰ স্তনত ক’লা পৰি থকা বুলি লিপিবদ্ধ কৰিছিল। দ্বিতীয়খন হস্পিতালে তাইক মনোৰোগ চিকিৎসা বিভাগলৈ প্ৰেৰণ কৰিছিল।

হস্পিতালখনৰ ২০২১ৰ প্ৰতিবেদনত কোৱা হৈছে যে কাজৰিৰ “মৃদু মানসিক মনগ্ৰসৰতা” আছে, তাইৰ আই.কিউ. ৫০ৰ পৰা ৫৫, যিটোৱে “৫০ শতাংশ অক্ষমতা” বুজায়। পৰীক্ষণৰ অন্তত কাজৰিক হস্পিতালত কেবাদিনৰ বাবে ৰখা হ’ল আৰু মানসিক ৰোগৰ তাই কাউন্সেলিং আৰু চিকিৎসা লাভ কৰিলে। “দীৰ্ঘদিনীয়া যৌন আতিশয্য আৰু সৰবৰাহৰ ভুক্তভোগীৰ পুনৰ্বাসনৰ ক্ষেত্রত এয়া অপৰ্য্যাপ্ত। ভুক্তভোগীক মানসিক আঘাত, অপৰাধবোধ আৰু মানসিক আঘাতপ্ৰাপ্ত অৱস্থাৰ পিছৰ পৰ্য্যায়ৰ মানসিক চাপজনিত স্নায়ুৰোগৰ লক্ষণসমূহ নিৰাময় কৰিবলৈ মনঃৰোগ সম্পৰ্কীয় চিকিৎসা আৰু মনস্তাত্ত্বিক পৰামৰ্শদান অতিশয় জৰুৰী। বহিৰ্ভুক্তকৰণ আৰু ষ্টিগমেটাইজেছনৰ সৈতে মোকাবিলা কৰিবলৈ সামাজিক স্তৰত সমন্বিতকৰণ নিশ্চিত কৰাটোও অতিশয় জৰুৰী,” শ্ৰীবাস্তৱে কয়।

পৰ্য্যাপ্ত মনঃস্তাত্ত্বিক আৰু সামাজিক সহায়-সহযোগিতা আৰু সময়োচিত এজাহাৰ অবিহনে কাজৰিৰ জীৱনটো ২০১০ৰ পৰা ২০২০ পৰ্য্যন্ত বিভ্ৰান্ত। সময় পাৰ হৈ গৈ থকাৰ লগে লগে সেয়া আৰু ধূসৰিত হোৱাৰ দিশে আগবাঢ়িছে।

PHOTO • Jigyasa Mishra
PHOTO • Jigyasa Mishra

কাজৰিৰ ওপৰত আতিশয্য চলাৰ সময়ত গাত থাকি যোৱা শাৰীৰিক অত্যাচাৰৰ দাগ

“দুজন মানুহে মোক মুখত সোপা দি ধৰি নিছিল। তেওঁলোকে মোক বাছত চিনহাটলৈ লৈ গৈছিল,” ভোজপুৰি আৰু হিন্দী মিহলি ভাষাত ২০১০ৰ ডিচেম্বৰৰ সেই অপহৰণৰ ঘটনাটোৰ কথা মনত পেলাই কাজৰিয়ে কয়। লক্ষ্নৌৰ এই চিনহাট ব্লকৰ পৰাই কাজৰিক উদ্ধাৰ কৰা হৈছিল। তাইক যিঘৰ মানুহে বন্দী কৰি ৰাখিছিল, সেইঘৰ মানুহে ভোজপুৰি ভাষা কৈছিল। তাই কথাৰ মাজত বাৰে বাৰে কৈছে, ‘নংগে গোদ ৰখতে থে’, তাৰ অৰ্থ ‘সিহঁতে মোক শুদাভৰিয়ে ৰাখিছিল।’

ঘৰটোৰ প্ৰথম মহলাত থকা কাজৰিয়ে তিনিগৰাকী মানুহক চিনি পায়। তাৰে এগৰাকীৰ নাম ৰেখা। তলৰ মহলাত ভালেকেইগৰাকী ভাৰাতীয় আছিল, কেবাগৰাকীক তাই চিনি পায়।

“মোক দিনে দুখন ৰুটি দিছিল। তাতকৈ বেছি খোৱাৰ অনুমতি নাছিল। শুদা ভৰি থাকিব লাগিছিল। ঠাণ্ডাদিনতো তেওঁলোকে মোক লেপ বাদেই, বিচনা চাদৰ এখনো দিয়া নাছিল। ফটা-চিটা পুৰণি কাপোৰ পিন্ধিব দিছিল… মহীনা (মাহেকীয়া) হ’লে ৰেখাই মোক লেতেৰা কাপোৰ ব্যৱহাৰ কৰিবলৈ দিছিল। কেতিয়াবা মজিয়া মচা কাপোৰেই ব্যৱহাৰ কৰিবলৈ কৈছিল,” কাজৰিয়ে মনত পেলায়।

অনবৰতে মাৰ খোৱাৰ দৰে এক হিংসাৰ পৰিৱেশত থাকি তাই ঘৰ সৰা-মচা, ৰন্ধা-বঢ়া কৰা, শৌচালয় চাফা কৰা আৰু কাপোৰ ধোৱা আদি কাম কৰা তাইৰ মনত পৰে। এবাৰ ৰন্ধা খাদ্যৰ সোৱাদ ভাল নোহোৱাৰ বাবে ৰেখাই কাজৰিৰ মুখতে ঘোচা মাৰিছিল। তেনেকৈয়ে তাইৰ তলৰ পাৰি দাত ভাগি থাকে।

“মাহেকীয়া নোহোৱা দিনত তাই মোক এটা কোঠালৈ লৈ যায়,” মজিয়ালৈ একেথিৰে চাই থাকি কাজৰিয়ে কয়। ঘৰটোত থকা মানুহ এজনে “কোঠাটো ভিতৰৰ পৰা খিলি মাৰি লৈ মোৰ কাপোৰ-কানি খুলি মোৰ ওপৰত শুইছিল আৰু আন ভাৰাতীয়কো মাতি আনি একেটা কামকে কৰাইছিল। মোক সিহঁতৰ মাজত শুৱাই লৈছিল।”

PHOTO • Jigyasa Mishra
PHOTO • Jigyasa Mishra

বাওঁফালে: ভৰি আৰু পেটত কাজৰিয়ে পোৱা আঘাতৰ চিন। সোঁফালে: কাজৰিৰ পিতৃয়ে তাইৰ কে'চটোৰ আটাইবোৰ নথি-পত্ৰ সযতনে গোটাই লোৰ আলমিৰাটোত ভৰাই থৈছে

ধীৰেন্দ্ৰই কয় যে কাজৰিক প্ৰথম উদ্ধাৰৰ সময়ত তাই কৈছিল, “ৰেখাই মোক ঘৰৰ কাম কৰোৱাৰ বাবদ পাৰিশ্ৰামিক লৈছিল আৰু বাৰে বাৰে ধৰ্ষণ কৰাৰ বাবদো পইচা লৈছিল।”

কাজৰিৰ পিতৃ হতাশ হৈ পৰিছে। “২০২১ৰ পৰা আমি দৌৰি ফুৰিছো,” তেওঁ কয়। ইয়াত আমি মানে তেওঁ যিসকলৰ পৰা নিয়মিত আইনী সহায় পাই থাকিব লাগিব, সেইসকল নাই। মহিলাৰ বিৰুদ্ধে হিংসাৰ গোচৰবোৰ স্বেচ্ছাই নিজ হাতত লোৱা লক্ষ্নৌৰ জনসেৱামূলক সংস্থা এছ’চিযেছন ফৰ এডভ’কেচি এণ্ড লিগেল ইন্নিচিয়েটিভচ্ ট্ৰাষ্ট চমুকৈ এ.এ.এল.আই.)য়ে ৱান-ষ্টপ চেণ্টাৰৰ যোগেদি ২০২০ত তেওঁক সহায়ৰ বাবে আগবাঢ়ি আহিছে। তেতিয়াৰ পৰা কাজৰিৰ পিতৃয়ে কমেও চাৰিজন উকীল সলনি কৰিছে।

এ.এ.এল.আই.-ৰ বৰ্তমানৰ উকীলজনে ধীৰেন্দ্ৰলৈ অভিযোগৰ এখন নতুন খচৰা বনাই পঠিয়াইছে যিখনৰ ভিত্তিত এজাহাৰ দিবপৰা গ’লহেঁতেন। যেতিয়া দেউতাকে তাত থকা কিছুমান ভুল দেখুৱাই দিলে, উকীলজনে তেওঁক গালি পাৰিলে আৰু এনেকৈ তেওঁ শ’লঠেকতহে পৰিল। ধীৰেন্দ্ৰই সেইখন ড্ৰাফ্টত চহী কৰা নাই, উকীলজনেও নতুন এখন পঠিওৱা নাই।

“ফোন এটা হেৰালেও সিহঁতে গোটেই পৃথিৱীখন চলাথ কৰে, কিন্তু মোৰ জীয়ৰীজনীক সৰবৰাহ হ’ল, ১০ বছৰ বন্দী কৰি ৰখা হ’ল, কিন্তু একো ব্যৱস্থা লোৱা নহ’ল,” ধীৰেন্দ্ৰই কয়। ২০১০ৰ পৰা কাজৰিৰ ঘটনাটোৰ সকলো নথি-পত্ৰ, এখন এখন কাগজ-পত্ৰ তেওঁ সযতনে গোটাই ৰাখিছে, ফাইলটো মোটা হৈ গৈছে, তেওঁৰ লোৰ আলমিৰাটোত থোৱা আছে। এক সিদ্ধান্তত অতদিন তেওঁ এনেকৈ ধৈৰ্য্য ধৰি থকাৰ সেয়া প্ৰমাণ।

এই প্ৰতিবেদন ভাৰতত যৌন আৰু লিংগভিত্তিক হিংসা (এছজিবিভি)ৰ পৰা উদ্ধাৰ হোৱাজনে লাভ কৰিবলগীয়া সেৱা-সুবিধাৰ ক্ষেত্রত আহি পৰা সামাজিক, আনুষ্ঠানিক আৰু ভিত্তিগত বাধাসমূহৰ ওপৰত আলোকপাতেৰে দেশৰ বিভিন্ন প্ৰান্ত সামৰি কৰা ৰিপ’ৰ্টিঙৰ এক অংশ।

পৰিচয় সুৰক্ষিত কৰিবলৈ ভুক্তভোগী তথা পৰিয়ালৰ সদস্যৰ নাম সলনি কৰা হৈছে।

অনুবাদ: পংকজ দাস

Reporting and Cover Illustration : Jigyasa Mishra

جِگیاسا مشرا اترپردیش کے چترکوٹ میں مقیم ایک آزاد صحافی ہیں۔ وہ بنیادی طور سے دیہی امور، فن و ثقافت پر مبنی رپورٹنگ کرتی ہیں۔

کے ذریعہ دیگر اسٹوریز Jigyasa Mishra
Editor : Pallavi Prasad

پلّوی پرساد ممبئی میں مقیم ایک آزاد صحافی، ینگ انڈیا فیلو اور لیڈی شری رام کالج سے گریجویٹ ہیں۔ وہ صنف، ثقافت اور صحت پر لکھتی ہیں۔

کے ذریعہ دیگر اسٹوریز Pallavi Prasad
Series Editor : Anubha Bhonsle

انوبھا بھونسلے ۲۰۱۵ کی پاری فیلو، ایک آزاد صحافی، آئی سی ایف جے نائٹ فیلو، اور ‘Mother, Where’s My Country?’ کی مصنفہ ہیں، یہ کتاب بحران زدہ منی پور کی تاریخ اور مسلح افواج کو حاصل خصوصی اختیارات کے قانون (ایفسپا) کے اثرات کے بارے میں ہے۔

کے ذریعہ دیگر اسٹوریز Anubha Bhonsle
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das