“নৰক হ্যে য়েহ (নৰক হৈ পৰিছে এয়া)।”

কাশ্মীৰা বাইয়ে বুড্ডা নালাৰ বিষয়ে কৈছে। তেওঁৰ গাওঁখনৰ কাষেৰে গৈ তেওঁৰ ঘৰৰ পৰা এশ মিটাৰমান দূৰত শতদ্ৰু নদীত মিলিত হোৱা এই জলাধাৰ ঔদ্যোগিক আৱৰ্জনাই প্ৰদূষিত কৰি পেলাইছে।

চল্লিশৰ ঘাইত ভৰি দিয়া কাশ্মীৰা বাইয়ে মনত পেলায় কেনেকৈ এটা সময়ত তেওঁৰ গাঁৱৰ মানুহে খোৱাপানীৰ বাবে বুদ্ধা নালাৰ ওপৰত নিৰ্ভৰ কৰিছিল। লুধিয়ানাৰ কুমকালান গাঁৱত উৎপত্তি হোৱা বুড্ডা নালা লুধিয়ানাৰ মাজেৰে ১৪ কিলোমিটাৰ বৈ অহাৰ পিছত শতদ্ৰুত মিলিত হৈছে, বাইৰ গাওঁ ৱালিপুৰ কালান গাঁৱৰ কাষতে।

“আচি তান নৰ্ক বিচ্চ বেইথে হা (আমি নৰকতে বাস কৰিছো)। পানী বাঢ়িলেই লেতেৰা পানীৰ ঢল আহি আমাৰ ঘৰত সোমায়,” তেওঁ কয়। “বাচন-বৰ্তনত পানী ৰাখিলে সেই পানী ৰাতিটোৰ ভিতৰতে হালধীয়া হৈ পৰে,” তেওঁ যোগ দিয়ে।

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: লুধিয়ানাৰ কুমকালান গাঁৱত উৎপত্তি হোৱা বুড্ডা নালা লুধিয়ানাৰ মাজেৰে ১৪ কিলোমিটাৰ বৈ অহাৰ পিছত শতদ্ৰুত মিলিত হৈছে। সোঁফালে: ‘পানী বাঢ়িলেই লেতেৰা পানীৰ ঢল আহি আমাৰ ঘৰত সোমায়,’ ৱালিপুৰ কালানৰ কাশ্মীৰা বাইয়ে কয়

২০২৪ৰ ২৪ আগষ্টত প্ৰদূষিত পানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ প্ৰতি ৰাজ্য চৰকাৰৰ কোনধৰণৰ সদয় ভাৱ নথকাক লৈ পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহে। ‘কালে পানী দা মৰ্চা’ (পানী প্ৰদূষণৰ বিৰুদ্ধে প্ৰতিবাদ)ৰ বেনাৰত শতদ্ৰু নদীৰ আশে-পাশে থকা ক্ষতিগ্ৰস্ত লোকসকল এই প্ৰতিবাদত থাকে।

‘স্পেয়াৰ বুড্ডা দৰিয়া (নদী)! স্পেয়াৰ শতদ্ৰু (বুড্ডা নদীখনক ৰক্ষা কৰক, শতদ্ৰুখনক ৰক্ষা কৰক)’ প্ৰতিবাদস্থলী এই শ্লোগানেৰে মুখৰিত হয়।

বুড্ডা নালাৰ প্ৰদূষণক লৈ এনে প্ৰতিবাদ কোনো নতুন কথা নহয়। একেদৰে নদীখন চাফা কৰাৰ প্ৰকল্পবোৰো নতুন নহয়। তিনি দশক ধৰি এনে প্ৰকল্প চলি আহিছে, কিন্তু মূৰকত একো লাভ হোৱা নাই। প্ৰথমটো প্ৰকল্প আছিল শতদ্ৰু নদী পৰিষ্কাৰৰ কাৰ্য্যপন্থা। মুকলি কৰা হৈছিল ১৯৯৬ত। তিনিটা বৰ্জ্য পানী পৰিশোধন প্ৰকল্প (চেৱেজ ট্ৰিটমেণ্ট প্লাণ্ট চমুকৈ এছটিপি) ক্ৰমে জমালপুৰ, ভাত্তিয়াঁ আৰু বাল্লোকে গাঁৱত স্থাপন কৰা হৈছিল।

২০২০ত পাঞ্জাৱ চৰকাৰে বুড্ডা নালা পুনৰুজ্জীৱিতকৰণৰ বাবে ৬৫০ কোটি টকাৰ দুবছৰীয়া প্ৰকল্প হাতত লয়। মুখ্যমন্ত্ৰী ভগৱন্ত মানে আগৰ চৰকাৰক দোষ জাপি দি বুড্ডা নালা পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ এছটিপি ৩১৫ কোটি টকাৰ বাবদ জমালপুৰত মুকলি কৰে।

বোকা ছটিওৱা খেল চলি থকাৰ মাজতে কাশ্মীৰা বাইয়ে কয় যে চৰকাৰ কিম্বা কোনো ৰাজনৈতিক দলৰ নদীৰ প্ৰদূষণৰ সমস্যা সমাধানৰ বাবে সদিচ্ছা নাই, কোনেও একো কৰা নাই। লুধিয়ানাৰ পৰিৱেশ কৰ্মীসকলে এই বিষয়টো পাঞ্জাৱ চৰকাৰৰ সৈতে বাৰে বাৰে আলোচনা কৰি আহিছে যদিও কোটি কোটি টকা খৰছ কৰাৰ পিছতো নালা প্ৰদূষিত হৈয়ে ৰ’ল আৰু বাৰে বাৰে জনতা ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈ থাকিল।

মলকীত কৌৰ (৬০)য়ে মানচা জিলাৰ এহমদপুৰৰ পৰা এই প্ৰতিবাদত যোগ দিবলৈ আহিছে। “নদীখনৰ প্ৰদূষিত পানী, উদ্যোগবোৰে পানীত এৰা বিভিন্ন বৰ্জ্য পদাৰ্থৰ ফলত আমাৰ বেমাৰ-আজাৰ বাঢ়িছে। পানীয়েই জীৱন, আমাৰ মৌলিক প্ৰয়োজন। আমি বিশুদ্ধ পানীৰ সুবিধা পোৱা উচিত।”

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: কালে পানী দা মৰ্চা প্ৰতিবাদ অনুষ্ঠিত হৈছিল ২০২৪ৰ ২৪ আগষ্টত। বুড্ডা নালা নামে সৰু নৈখন লুধিয়ানাৰ মাজেৰে বৈ শতদ্ৰু নদীত মিহলি হৈছে। সোঁফালে: ৰাজস্থানৰ পৰাও প্ৰতিবাদত ভাগ ল’বলৈ পৰিৱেশকৰ্মী আহিছিল

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: নল হ্যে লেকিন জল নহী (নল আছে পানী নাই) বুলি লিখা পোষ্টাৰ এখন হাতত লৈ এজন প্ৰতিবাদকাৰী। সোঁফালে: মলকীত কৌৰ (বাওঁফালৰ পৰা চতুৰ্থজন) মনচা জিলাৰ আহমেদপুৰৰ পৰা প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহিছে। ‘নদীখনৰ প্ৰদূষিত পানী, উদ্যোগবোৰে পানীত এৰা বিভিন্ন বৰ্জ্য পদাৰ্থৰ ফলত আমাৰ বেমাৰ-আজাৰ বাঢ়িছে। পানীয়েই জীৱন, আমাৰ মৌলিক প্ৰয়োজন। আমি বিশুদ্ধ পানীৰ সুবিধা পোৱা উচিত,’ তেওঁ কয়

ৱালিপুৰ কালানাত কাশ্মীৰা বাইয়ে কয় যে গোটেই গাওঁখন ভূজলৰ ওপৰত নিৰ্ভৰশীল। গভীৰ নলীনাদ প্ৰায় ৩০০ ফুট তললৈ খান্দিবলগীয়া হয় আৰু ৩৫ৰ পৰা ৪০ হাজাৰ টকা খৰছ হয়। তথাপি বিশুদ্ধ পানী পোৱা নাযায়। আৰ্থিকভাৱে স্বচ্ছল পৰিয়ালে খোৱাপানীৰ বাবে ঘৰত খোৱাপানীৰ বাবে পানী পৰিশোধক লগাইছে আৰু সেয়া নিয়মিতভাৱে চাৰ্ভিচিং কৰাই থাকিব লাগে।

একেখন গাঁৱৰে বলজীত কৌৰে (৫০) নিজৰ এটি সন্তান হেপাটাইটিচ চি ৰোগত হেৰুৱাইছে। “মোৰ দুয়ো পুত্ৰই হেপাটাইটিচ চিত ভূগি আছিল আৰু তাৰে এজন ঢুকাল,” তেওঁ দুখ কৰে, লগতে তেওঁলোকৰ নিজৰ গাওঁখনকে ধৰি চুবুৰীয়া গাওঁবোৰত এনে বহু ৰোগী আছে বুলি তেওঁ কয়।

“আমি যদি প্ৰতিবাদ নকৰো, আমাৰ পৰৱৰ্তী প্ৰজন্মই ভাল জীৱন এটা যাপন কৰিব নোৱাৰিব, সেয়ে আমি জাগিব লাগিব, প্ৰতিবাদ কৰিব লাগিব,” ভতিন্দাৰ গনিয়ানা মান্দিৰ ৰাজৱিন্দৰ কৌৰে (৪৫) কয়। “পৰিৱেশ প্ৰদূষণৰ ফলত ঘৰে ঘৰে কৰ্কট ৰোগী ওলাইছে। শতদ্ৰু নদীখন প্ৰদূষিত কৰি পেলোৱা এই কাৰখানাবোৰ বন্ধ কৰিব লাগিব। ফেক্টৰিবোৰ বন্ধ কৰিলেহে আমাৰ পৰৱৰ্তী প্ৰজন্ম বাচি থাকিব পাৰিব,” তেওঁ কয়।

“এহ চাদ্দি হোন্দ দি লড়াই হ্যে (এয়া আমাৰ অস্তিত্বৰ যুঁজ)। উঠি অহা প্ৰজন্ম ৰক্ষাৰ যুঁজ,” লুধিয়ানাত কালে পানী দা মৰ্চাত অংশগ্ৰহণ কৰা পৰিৱেশকৰ্মী বিবি জীৱনজোত কৌৰে কয়।

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: বলজীত কৌৰে হেপাটাইটিচ চি ৰোগত নিজৰ এজন পুত্ৰ হেৰুৱাইছে। সোঁফালে: ‘আমি যদি প্ৰতিবাদ নকৰো, আমাৰ পৰৱৰ্তী প্ৰজন্মই ভাল জীৱন এটা যাপন কৰিব নোৱাৰিব, সেয়ে আমি জাগিব লাগিব, প্ৰতিবাদ কৰিব লাগিব,’ ভতিন্দাৰ গনিয়ানা মান্দিৰ ৰাজৱিন্দৰ কৌৰে (গুলপীয়া দোপাত্তা পৰিহীতা) কয়

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: ‘আৱৌ পাঞ্জাৱ দে দৰিয়াঁ দে জেহৰি কালে পৰদূষণ নু ৰৌকিয়ে’ (আহক পাঞ্জাৱৰ নদীবোৰত হৈ থকা প্ৰদূষণ বন্ধ কৰোঁ) বুলি লিখা থকা বেনাৰ এখন হাতত লৈ এজন প্ৰতিবাদকাৰী। সোঁফালে: কৃষি বিশেষজ্ঞ দেৱেন্দৰ শৰ্মাই প্ৰতিবাদস্থলীত কৈছে, ‘যোৱা চাৰিটা দশক ধৰি উদ্যোগবোৰে আমাৰ নদীবোৰ প্ৰদূষিত কৰি আহিছে আৰু কাৰো ভ্ৰুক্ষেপকে নাই’

এই আন্দোলনৰ আগধৰোঁতা অমনদীপ সিং বেইনচ। তেওঁ কয়, “সমস্যাটো উদ্ভৱ হোৱাৰ মূল কাৰণটোত কোনো গুৰুত্ব দিয়া নাই। এফালে চৰকাৰে নদীখন চাফা কৰিবলৈ প্ৰকল্প হাতত লয়, আকৌ আনফালে কেনেকৈ তেওঁলোকে উদ্যোগবোৰক বৰ্জ্য পদাৰ্থবোৰ পানীত পেলাই দিবলৈ অনুমতি দিয়ে? দৰিয়াত (নদীত) প্ৰদূষকবোৰ একেবাৰেই মিহলি হ’ব নালাগে।”

লুধিয়ানাৰ আইনজীৱীজনে কয়, “ৰঞ্জন কাৰখানাবোৰ বন্ধ কৰি দিয়া উচিত।”

লুধিয়ানাত প্ৰায় ২,০০০ ঔদ্যোগিক বিদ্যুৎলেপন ইউনিট আছে আৰু ৩০০ টা ৰঞ্জন উদ্যোগ আছে। বুড্ডা নালাৰ প্ৰদূষণৰ বাবে দুয়োটা উদ্যোগে ইটোৱে সিটোক দোষ দি আহিছে। বাদিছ জিণ্ডাল নামে লুধিয়ানাৰ এগৰাকী উদ্যোগপতিয়ে পাৰিক কয়, “পাঞ্জাৱ মাৰাত্মক বস্তু অধিকাৰ আৰু বিক্ৰী নিয়ম, ২০১৪ৰ অধীনত প্ৰশাসনে যিকোনো মাৰাত্মক ৰাসায়নিকৰ ক্ৰয়-বিক্ৰয়ৰ হিচাপ ৰাখিব লাগে। কিন্তু প্ৰশাসনৰ হাতত এনে কোনো হিচাপ নাই।”

তেওঁ লগতে কয় যে উদ্যোগবোৰে আইনমতে শূন্য তৰল বিসৰ্জন (জিৰ’ লিকুইড ডিচাৰ্জ চমুকৈ জেদএলডি) নামে পানী পৰিশোধন প্ৰক্ৰিয়া হাতত ল’ব লাগে। “কোনো ঔদ্যোগিক বৰ্জ্য পদাৰ্থ, শোধিক হওঁক বা অশোধিক, বুড্ডা নালাত পৰিব নালাগে,” তেওঁ কয়।

কৃষি বিশেষজ্ঞ দেৱেন্দৰ শৰ্মাই প্ৰদূষণকাৰী উদ্যোগবোৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ দাবী জনায়। পাৰিৰ সৈতে কথা পাতি তেওঁ কয়, “উদ্যোগবোৰে যোৱা চাৰিটা দশক ধৰি আমাৰ নদীবোৰ প্ৰদূষিত কৰি আহিছে আৰু কোনোৱে ভ্ৰূক্ষেপকে কৰা নাই। কিয় আমি লেতেৰা উদ্যোগবোৰক আদৰি আছো? কেৱল বিনিয়োগৰ স্বাৰ্থত? চৰকাৰে পৰিৱেশৰ সুৰক্ষা আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰা উচিত।”

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

প্ৰদূষিত পানীৰ দ্বাৰা (সোঁফালে) ক্ষতিগ্ৰস্ত ৱালিপুৰ কালান গাঁৱৰ (বাওঁফালৰ পৰা সোঁফাললৈ) নাৰংগ সিং, দেবীন্দৰ সিং, জগজীৱন সিং, বিশাখা সিং গ্ৰেৱাল

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

লুধিয়ানাত প্ৰায় ২,০০০ ঔদ্যোগিক বিদ্যুৎলেপন ইউনিট আছে আৰু ৩০০ টা ৰঞ্জন উদ্যোগ আছে। বুড্ডা নালাৰ প্ৰদূষণৰ বাবে দুয়োটা উদ্যোগে ইটোৱে সিটোক দোষ দি আহিছে। বুড্ডা নালা নৈখন লুধিয়ানাৰ ঘৌঁচপুৰ গাঁৱৰ কাষেৰে পাৰ হৈ গৈছে (সোঁফালে)

পৰিৱেশকৰ্মীসকলে কয় যে ৰঞ্জন উদ্যোগবোৰক স্পষ্ট নিৰ্দেশ দিয়া আছে যাতে কোনোধৰণৰ তৰল পদাৰ্থ, আনকি পৰিশোধিত বৰ্জ্য পদাৰ্থ/পানী বুড্ডা নালাত নেপেলায়। এনজিটিৰ শুনানিত এই কথা নথি এখনৰ যোগেদি পোহৰলৈ আহিছে। পৰিৱেশকৰ্মীসকলে প্ৰশ্ন কৰে যে যোৱা ১০-১১ বছৰ ধৰি পাঞ্জাৱ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (পিপিচিবি) কিয় নিমাত হৈ থাকিল।

পাঞ্জাৱৰ পৰিৱেশকৰ্মীসকলে সুধিছে, “যদি ত্ৰিপুৰাই প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগবোৰ বন্ধ কৰিব পাৰিছে, পাঞ্জাৱে কিয় নোৱাৰে?”

*****

লুধিয়ানা আৰু তাৰ পিছত নামনিৰ গাওঁবোৰৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত বুড্ডা নালাৰ ফটফটীয়া পানী কেটকেট কৰে ক’লা হৈ পৰে। শতদ্ৰুত লগ লাগে মানে পানীৰ ৰং একেবাৰে ক’লা হৈ যায়। পাকিস্তানৰ প্ৰৱেশৰ পূৰ্বে ৰাজস্থানেৰে এই গ্ৰীজ মিহলি পানী পাৰ হৈ যায় আৰু শেষত গৈ আৰৱ সাগৰত লগ লাগে। হৰিকে পট্টন বান্ধত ব্যাস আৰু শতদ্ৰু নদী মিলিত হোৱাৰ আগৰ দুয়োখন নদীৰ পানীৰ ৰঙৰ পাৰ্থক্য উপগ্ৰহৰ ছবিতো ধৰা পৰে।

PHOTO • Courtesy: Trolley Times
PHOTO • Courtesy: Trolley Times

পৰিৱেশকৰ্মীসকলে কয় যে সমস্যাটোৰ গুৰিতে সমাধান কৰা হোৱা নাই, চৰকাৰে নদী পৰিষ্কাৰ কৰাৰ প্ৰকল্প হাতত লয় যদিও উদ্যোগবোৰক আকৌ বৰ্জিত পদাৰ্থ সেই পানীতে পেলাবলৈ দিয়ে। সোঁফালে: বুড্ডা নালা শতদ্ৰু নদীত মিলিছে (২০২২ৰ আলোকচিত্ৰ)

২০২৪ৰ ১৩ আগষ্টত দিয়া এক সঁহাৰিত (তাৰ এটা প্ৰতিলিপি পাৰিৰ হাতত আছে), কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (চিপিচিবি)য়ে ৰাষ্ট্ৰীয় সেউজ প্ৰাধীকৰণ (এনজিটি)ক বুড্ডা নালাত প্ৰদূষণৰ স্থিতি সম্পৰ্কে উত্তৰ দিছিল। উল্লেখ কৰিছিল যে চহৰখনত থকা তিনিটা সাধাৰণ বৰ্জ্য শোধন প্ৰকল্প (চিইটিপি) “পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ দ্বাৰা নিৰ্দেশিত পাৰিপৰ্শ্বিক অনুমতিত উল্লেখিত নিষ্পত্তিৰ নীতি মানি চলা নাই।”

চিপিচিবিয়ে সেউজ প্ৰাধীকৰণক এইবুলিও জনাইছে যে তেওঁলোকে পিপিচিবিক ২০২৪ৰ ১২ আগষ্টত “পাৰিপাৰ্শ্বিক ক্ষতিপূৰণৰ বাবে যথোচিত পদক্ষেপ লোৱাৰ বাবে” নিৰ্দেশনা জাৰী কৰিছে। পিপিচিবিয়ে কৈছে যে আগৰ এক প্ৰতিবেদনত কৈছে যে বুড্ডা নালাৰ পানী জলসিঞ্চনৰ বাবে উপযোগী নহয়। “কৃষিৰ বাবেই যদি সেই পানী উপযোগী হৈ থকা নাই, খোৱাৰ বাবে কেনেদৰে হৈ থাকিব?” পৰিৱেশকৰ্মীসকলে প্ৰশ্ন কৰে।

যুটীয়া এক বিবৃতিত প্ৰতিবাদৰ আয়োজকসকলে কৈছে যে তেওঁলোকে ১৫ ছেপ্টেম্বৰৰ দিনা বুড্ডা নালা ভেটিব, যিটো পিছুৱাই ২০২৪ৰ ১ অক্টোবৰ কৰা হৈছে। এই চৰম সকীয়নি দিয়াৰ পিছত পিপিচিবিয়ে ২৫ অক্টোবৰৰ দিনা এই তিনিটা চিইটিপিৰ পানী বুড্ডা নালালৈ যোৱা ততালিকে বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। অৱশ্যে এতিয়ালৈ সেয়া কাৰ্য্যকৰী কৰা হোৱা নাই।

সৰু নৈখন ভেটাৰ পৰিৱৰ্তে পৰিৱেশকৰ্মীসকলে লুধিয়ানাৰ ফিৰোজপুৰ ৰোডত ১ অক্টোবৰৰ দিনা চৰকাৰক ২০২৪ৰ ৩ ডিচেম্বৰৰ ভিতৰত হাতে-কামে লাগিবলৈ চৰম সকীয়নি দিয়ে।

“কোনো কোনো সময়ত বুড্ডা নালাৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰিবলৈ কোনোবো আহিয়ে থাকে কিন্তু হুন্দা কুচ্ছ নহী (একো ফল নধৰে)। এই প্ৰদূষণ বন্ধ কৰিব লাগিব, নাইবা আমাক বিশুদ্ধ খোৱাপানী দিব লাগিব যাতে আমাৰ পৰৱৰ্তী প্ৰজন্মটো জীয়াই থাকিব পাৰে,” চৰকাৰৰ সমীক্ষা আৰু প্ৰতিশ্ৰুতিৰ ওপৰত ভৰসা নাইকিয়া হৈ পৰা বলজীত কৌৰে কয়।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Arshdeep Arshi

عرش دیپ عرشی، چنڈی گڑھ کی ایک آزاد صحافی اور ترجمہ نگار ہیں۔ وہ نیوز ۱۸ پنجاب اور ہندوستان ٹائمز کے ساتھ کام کر چکی ہیں۔ انہوں نے پٹیالہ کی پنجابی یونیورسٹی سے انگریزی ادب میں ایم فل کیا ہے۔

کے ذریعہ دیگر اسٹوریز Arshdeep Arshi
Editor : Priti David

پریتی ڈیوڈ، پاری کی ایگزیکٹو ایڈیٹر ہیں۔ وہ جنگلات، آدیواسیوں اور معاش جیسے موضوعات پر لکھتی ہیں۔ پریتی، پاری کے ’ایجوکیشن‘ والے حصہ کی سربراہ بھی ہیں اور دیہی علاقوں کے مسائل کو کلاس روم اور نصاب تک پہنچانے کے لیے اسکولوں اور کالجوں کے ساتھ مل کر کام کرتی ہیں۔

کے ذریعہ دیگر اسٹوریز Priti David
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

کے ذریعہ دیگر اسٹوریز Dhrubajyoti Dhanantari