টি.এম. কৃষ্ণাই চেবাষ্টিয়ান এণ্ড চনচ্ শীৰ্ষক গ্ৰন্থখনত লিখিছে, “আচাৰিসকল প্ৰত্যেকেই বিশ্বকৰ্মা সম্প্ৰদায়ৰ। তেওঁলোক শিল্পনিৰ্ভৰ লোক। ধাতু, পাথৰ আৰু কাঠৰ কামত তেওঁলোক পটু। অথচ শৈল্পিক জীৱনধাৰাৰ পৰা দূৰত থাকি তেওঁলোকৰ সম্প্ৰদায়ৰ বহু লোকে বাধ্য হৈ পৰিছে তেওঁলোকৰ প্ৰথাগত বৰ্ণভিত্তিক পেছাৰ সৈতে জৰিত হৈ থকা কৰ্মক্ষেত্ৰত দিনমজদুৰি কৰিবলৈ। এই শিল্পকৰ্ম এৰি নতুন প্ৰজন্মৰ বহুতেই চাকৰিজীৱি হৈ পৰিছে।”
“জাতি আৰু বৰ্ণনিৰ্ভৰ পেছাৰ কথা কোৱাৰ সময়ত আমি সাৱধান হোৱা উচিত। আন্তঃপ্ৰজন্ম ধাৰাবাহিকতা জ্ঞানৰ সৃষ্টি- এইবুলি চিন্তা কৰি আমি কথাবোৰ ৰমন্যাসিক দৃষ্টিভংগীৰে চালে নহ’ব। কাৰণ আমাৰ সামাজিক কাঠামো এনেকুৱাই যে সকলো মানুহ আৰু তেওঁলোকৰ পেছা সমান নহয়,” কৃষ্ণাই এইকথা আঙুলিয়াই দিছে। “তথাকথিত উচ্চ জাতৰ বিশেষাধিকাৰ প্ৰাপ্ত পৰিয়ালত যে কাম জ্ঞান হিচাপে প্ৰৱাহিত হয়, আমাক কেৱল সেইটোৱেই জ্ঞান বুলি ধৰি ল’বলৈ কোৱা হয়। জাতপাতত আবদ্ধ হৈ থকা সেই ধাৰাবাহিকতাই আমাৰ দৃষ্টিত আদৰ্শ সংৰক্ষণ। এনে পেছাত থকা মানুহৰ গাত কোনো আঁচোৰ নপৰে, কোনোদিন তেওঁলোক নিপীড়িত নহয়। কিন্তু প্ৰান্তীয় সম্প্ৰদায়ৰ ভিতৰত যে পেছা আৰু কাম-কাজৰ ৰীতি-নীতি প্ৰজন্মৰ পিছত প্ৰজন্ম প্ৰবাহিত হয়, কিন্তু তেওঁলোকক জ্ঞানৰ স্ৰষ্টা বুলি ধৰা নহয়। তেওঁলোকক সৰু মানুহ বুলি গণ্য কৰা হয়, দাম দিয়া নহয়, তেওঁলোকৰ কামক কেৱল কায়িক শ্ৰমতে সীমাবদ্ধ কৰি ৰখা হয়। তাৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই পেছাৰ সৈতে জড়িত লোকসকল জাতপাতভিত্তিক অত্যাচাৰ আৰু হিংসাৰ চিকাৰ হয়। বহুক্ষেত্ৰত দেখা যায় যে সামাজিক পৰিস্থিতিয়ে তেওঁলোকক নিৰুপায় কৰে, পাৰিবাৰিক তথা বৰ্ণভিত্তিক কাম-কাজ কৰি পেট পোহাৰ বাবে তেওঁলোক বাধ্য হৈ পৰে।”
“এই দেশৰ যন্ত্ৰনিৰ্মাতাৰ কথা যদি কোনোবাই কয়, সেয়াও কেৱল প্ৰায়োগিক ভাষাত,” কৃষ্ণাই কয়। “নিৰ্মাণক্ষেত্ৰত কৰ্মৰত (বাঢ়ৈ) মিস্ত্ৰি বুলি তেওঁলোকক গণ্য কৰা হয়। এই যে নিজ কৃতিত্বৰ মূল্য তেওঁলোকৰ পৰা কাঢ়ি নিয়া হৈছে, কিম্বা দিলেই তাত কাৰ্পণ্য কৰা হৈছে, ইয়াৰ পিছত কাৰণ এটাই - জাতপাত,” টি.এম. কৃষ্ণাই কয়।
মৃদংগম নিৰ্মাণত পুৰুষৰ আধিপত্যৰ কথা কুপ্পুসামীয়ে কয়। “চামৰাৰ কামত অল্পসংখ্যক মহিলা আছে, কিন্তু কাঠৰ কামত কেৱল পুৰুষেই। সাধাৰণতে যি কঁঠাল গছত ফল নধৰা হয়, সেই কাঠেই নিয়া হয়। কুপ্পুসামীৰ কথাত, “গছ বুঢ়া হ’লে যেতিয়া আৰু ফল নধৰা হৈ যায়, সেইবোৰ ক্ল’জ কৰি দিয়া হয়। আৰু দহডাল গছ কাটিলে আৰু ত্ৰিশডাল লগোৱা হয়।”
কাঠৰ ক্ষেত্ৰত কুপুপসামীৰ নিজৰ বাচ-বিচাৰ আছে। ৯-১০ ফুট ওখ গছ তেওঁ বিচাৰে, বহল আৰু মজবুত। ৰাস্তাৰ কাষত বা বেৰৰ কাষত থকা গছ তেওঁ পছন্দ কৰে। পৰাপক্ষত কেৱল গুৰিৰ অংশটোৱেই ব্যৱহাৰ কৰে, কাঠৰ ৰং য’ত বেছি গাঢ়, তাৰ অনুৰণন ভাল হয় বুলি তেওঁ কয়।
এদিনত তেওঁ প্ৰায় ছটা মৃদংগক আকাৰ দিয়ে। তাৰে ফিনিছিং হওঁতে আৰু দুদিন যায়। মুনাফা নামমাত্ৰ - মৃদংগ বিক্ৰী কৰি ১০০০ টকা পালেই তেওঁ সন্তুষ্ট। তাৰ আগেয়ে কিন্তু “শ্ৰমিকক ১,০০০ টকা দিও। কামটোত খাটনি বহুত। নহ’লে সিহঁত নহা হ’ব, বুজিছে।”
কাঠ বছৰটো উপলব্ধ নহয়। ফল লাগি থকাৰ সময়ত মানুহে গছ নাকাটে, তেওঁ কয়। সেয়ে, “কাঠ জমাত ৰাখিবলগীয়া হয়,” তেওঁ কয়। তেওঁ এটা কুন্দাত ২৫,০০০ টকাকৈ মুঠ পাঁচ লাখ টকাৰে ২০ ডাল কুন্দা কিনি ৰাখে। আৰু সেইখিনিতে তেওঁ চৰকাৰৰ পৰা হস্তক্ষেপ বিচাৰে। “চৰকাৰে যদি ঋণ বা ৰাজসাহায্য দিলেহেঁতেন, কাঠ কিনাৰ বাবে… বৰ ভাল হ’লহেঁতেন!”
ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত মৃদংগৰ চাহিদা ভাল, কুপ্পুসামীয়ে কয়। “মাহত ৫০ টা মৃদংগ আৰু ২৫ ট তাভিল বিক্ৰী হয়।” সঠিক কাঠ পোৱা, তাক চাৰিমাহ ভালদৰে ৰ’দত শুকুওৱাটোতে সমস্যা। আৰু পানৰুটিৰ কঁঠালকাঠ যিহেতু “উৎকৃষ্টতম”, সেয়ে তাৰ চাহিদাও বহুত বেছি,” তেওঁ কয়। তেওঁৰ মতে অঞ্চলটোৰ ৰঙামাটিৰ গৰ্ভতেই লুকাই আছে বাদ্যযন্ত্ৰৰ অনন্য মূৰ্ছনাৰ ৰহস্য।