‘‘প্ৰথম দিনা মাজিদানে মোক শিকাওতে মাৰিছিল জানে!’’, ৬৫ বৰ্ষীয়া কাৰছাদ বেগমে এইদৰে কয়৷ কাষতে বহি থকা মাজিদান বেগমে সেই পুৰণি দিনৰ বোৱা-কটাৰ কথা মনত পেলাই আমোদ পায় আৰু স্ব-পক্ষ সমৰ্থন কৰি কৈ উঠে৷ “কাৰছাদে তেতিয়া কামেই নাজানিছিল। মই তাইক মাত্ৰ এবাৰ চাপৰ এটাহে মাৰিছিলোঁ৷ কিন্তু তাৰপিছতেই দেখোন তাইৰ হাতখন খৰ হৈছিল, পাকৈত হৈ পৰিছিল৷’’

পাঞ্জাৱৰ ভাটিণ্ডা জিলাৰ ঘাণ্ডা বানা গাঁৱৰ এই দুগৰাকী বৃদ্ধা মাজিদান আৰু কাৰছাদ কপাহ, মৰাপাট আৰু পুৰণি কাপোৰৰ সৈতে হাতে বোৱা দড়ি [কম্বল] প্ৰস্তুত কৰাৰ বাবে প্ৰখ্যাত৷

‘‘মই ৩৫ বছৰ বয়সত মাজিদানৰ পৰা দড়ি বোৱা কাম শিকিছিলো’’, কাৰছাদে কৈ যায়৷ ‘‘তেতিয়াৰে পৰা আমি দুয়ো একেলগে দড়ি বৈ আহিছো৷’’ ‘‘এয়া এজন মানুহৰ কাম নহয়, ইয়াত দুজন মানুহৰ আৱশ্যক হয়’’, ৭১ বৰ্ষীয়া মাজিদানে এইদৰে কয়৷

এখন ঘৰৰ দুগৰাকী ভাতৃলৈ বিয়া হৈ অহা মাজিদান আৰু কাৰছাদে কয়, ‘‘আমাৰ সম্পৰ্ক সহোদৰ ভগ্নীতকৈ মুঠেও কম নহয়৷’’ মাজিদানে লগে লগে কৈ উঠে, ‘‘যদিওবা আমাৰ স্বভাৱ সম্পূৰ্ণ বিপৰীত’’৷ কাৰছাদেও ততালিকে কৈ উঠে, ‘‘তেওঁ অলপ কথাচহকী, তাৰ বিপৰীতে মই শান্ত৷’’

দড়ি বোৱাৰ উপৰিও মাজিদান আৰু কাৰছাদে ঘৰৰ উপাৰ্জনৰ বাবে ঘৰুৱা সহায়ক হিচাপেও কাম কৰে৷ তেওঁলোকৰ বয়সৰ মহিলাৰ বাবে দুয়োটা কামেই শাৰীৰিকভাৱে কষ্টকৰ৷

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

ভাটিণ্ডাৰ ঘাণ্ডা বানা গাঁৱৰ মাজিদান বেগম (বাঁওফালে) আৰু তেওঁৰ জাঁ কাৰছাদ বেগম (সোঁফালে) কপাহ, মৰাপাট আৰু পুৰণি কাপোৰেৰে দড়ি [কম্বল] বোৱাৰ বাবে বিখ্যাত৷ ‘মই ৩৫ বছৰ বয়সত মাজিদানৰ পৰা দড়ি বোৱাৰ বিষয়ে শিকিছিলো’, ৬৫ বৰ্ষীয়া কাৰছাদে এইদৰে কয়৷ ‘তেতিয়াৰে পৰা আমি দুয়ো একেলগে দড়ি বৈ আহিছো’, ৭১ বৰ্ষীয়া মাজিদানে এইদৰে কয়৷ ‘এয়া এজন মানুহৰ কাম নহয়, ইয়াত দুজন মানুহৰ প্ৰয়োজন হয়’

ঈদৰ সেমেকা পুৱাবেলা মাজিদানে ঘাণ্ডা বানাৰ ঠেক গলিৰে কাৰছাদৰ ঘৰলৈ ঢাপলি মেলে৷ ‘‘মোৰ বাবে গাঁওখনৰ প্ৰত্যেক ঘৰৰ দুৱাৰ মুকলি৷ বছৰ বছৰ ধৰি মই ইমান কাম কৰিছো’’, গৌৰৱেৰে মাজিদানে কৈ উঠে৷

এই খ্যাতি গাঁওখনৰ বাহিৰলৈও বিয়পি গৈছে৷ দূৰ দূৰণিৰ মানুহে মাজিদানলৈ বাৰ্তা বাহকৰ জৰিয়তে দুয়োগৰাকীয়ে কম্বল ববলৈ সময় উলিয়াব পাৰিব নে নাই সুধি পঠিয়ায়৷ ‘‘কিন্তু নিকটৱৰ্তী গাঁও ফুল, ধাপলি আৰু ৰামপুৰ ফুলৰ লোকসকলে মোৰ ঘৰলৈ পোনে পোনে আহে’’, মাজিদানে এইদৰে কয়৷

যেতিয়া পাৰিয়ে তেওঁলোকক কেইমাহমান পূৰ্বে (এপ্ৰিল ২০২৪) সাক্ষাৎ কৰিছিল, তেতিয়া দুয়োগৰাকী শিপিনীয়ে ঘাণ্ডা বানাৰ এটা পৰিয়ালৰ বাবে এখন ফুলৰ এম্ব্ৰইদাৰীযুক্ত ফুলকাৰি দড়ি বৈ আছিল৷ পৰিয়ালটোৱে এই কম্বল তেওঁলোকৰ বিয়াত বহিবলগীয়া জীয়েকক উপহাৰ দিবলৈ বিচাৰিছিল৷ ‘‘এই দড়ি তেওঁৰ দাজৰ [কইনাৰ পোছাক] বাবে’’, মাজিদানে এইদৰে কয়৷

গ্ৰাহকে যোগান ধৰা দুবিধ ভিন্ন ৰঙৰ সূতাৰ সৈতে কম্বলখনত ফুল তোলা হৈছিল৷ ‘‘যেতিয়া আমি ফুলৰ পেটাৰ্ণৰ কম্বল প্ৰস্তুত কৰো, তাত আমি বিভিন্ন ৰঙৰ সমাৱেশ ঘটাও’’, মাজিদানে ১০ডাল বগা সূতাৰ মাজেৰে নীলা আৰু হালধীয়া সূতা পাৰ কৰি এইদৰে কয়৷ এটা ব্যৱধানৰ পিছত তেওঁ পুনৰ সেউজীয়া আৰু ক’লা ফুল এটা ববলৈ আৰম্ভ কৰে৷

‘‘ফুলবোৰ সম্পূৰ্ণ হোৱাৰ পিছত আমি দড়িৰ কেৱল ৰঙা সূতাৰে প্ৰায় এফুট বোওঁ’’, মাজিদানে এইদৰে কয়৷ এই ফেব্ৰিকত জোখ-মাপৰ বাবে কোনো টেপ নাথাকে, তাৰ পৰিৱৰ্তে মাজিদানে তেওঁৰ হাতেৰে জোখ লয়৷ বিদ্যালয়ৰ মুখ নেদেখা মাজিদান আৰু কাৰছাদে আৰম্ভণিৰ পৰাই এনেদৰেই কৰি আহিছে৷

হাথছ [ফণী] ব্যৱহাৰ কৰি সূতাবোৰ শৃংখলিত কৰি মাজিদানে কৈ উঠে, ‘‘এই ডিজাইনবোৰ মোৰ মগজুত আছে৷’’ এই পৰ্যন্ত প্ৰস্তুত কৰা দড়িসমূহৰ ভিতৰত ময়ুৰ চৰাই আৰু ১২জনী পৰীযুক্ত দড়ি দুখনক লৈ মাজিদানে গৌৰৱ কৰে৷ এই দুয়োখন কম্বল তেওঁৰ জীয়েকৰ বিয়াত দাজ হিচাপে দিয়া হৈছিল৷

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

মাজিদানে গ্ৰাহকৰ বাবে ফুলৰ এম্ব্ৰইডাৰীযুক্ত এখন ফুলকাৰি দড়ি বৈ আছে৷ ‘যেতিয়া আমি ফুলৰ পেটাৰ্ণৰ কম্বল প্ৰস্তুত কৰো, তাত আমি বিভিন্ন ৰঙৰ সমাৱেশ ঘটাও’, মাজিদানে ১০ডাল বগা সূতাৰ মাজেৰে নীলা আৰু হালধীয়া সূতা পাৰ কৰি এইদৰে কয়

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

বাঁওফালেঃ দুয়োগৰাকী শিপিনীয়ে হাথছ [ফণী] ব্যৱহাৰ কৰি সূতাবোৰ শৃংখলিত কৰি আছে৷ সোঁফালেঃ মাজিদানে এডাল কাঠৰ মাৰিত ৰঙা কপাহ তাঁত-বাটি আছে, পিছত তেওঁ সেয়া সূতা হিচাপে ব্যৱহাৰ কৰিব৷ আৰু কাৰছাদে তেওঁৰ নাতিনী মান্নাতৰ সৈতে ১০ ফুটৰ ধাতুৰ ফ্ৰেমত কাম কৰি আছে য’ত তেওঁলোকে দড়ি প্ৰস্তুত কৰিব

*****

মাজিদানৰ পকী ঘৰটোত তেওঁৰ কৰ্মস্থান সুশৃংখলিত কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ ধ্যান দিয়া পৰিলক্ষিত হয়৷ তেওঁ সেই কোঠালীটো ১০ বছৰীয়া নাতি ইমৰাণ খানৰ সৈতে ভাগ-বতৰা কৰে৷ ১৪ x ১৪ ফুটৰ সেই কোঠালীটোত ১০ ফুটৰ এটা ধাতুৰ ফ্ৰেম আছে যাত স্থানীয়ভাৱে ‘আড্ডা’ বুলি কোৱা হয়৷ কোঠালীটোৰ বাকী অংশক এখন চাৰপাই (জৰীৰে গোঁঠা কাঠৰ খাট) আছে৷ একাষে এটা ডাঙৰ ষ্টীলৰ ট্ৰাংকত কাপোৰ আৰু আনুষংগিক সামগ্ৰীসমূহ আছে৷ কোঠাটো পোহৰাবলৈ এটা বাল্ব আছে যদিও মাজিদান আৰু কাৰছাদে কামৰ বাবে দুৱাৰৰ ফাঁকেৰে অহা সূৰ্যৰ পোহৰৰ ওপৰত নিৰ্ভৰ কৰে৷

তেওঁলোকে ১০ ফুটৰ সেই ধাতুৰ ফ্ৰেমটোত সূতাবোৰ উলম্বিকভাৱে মেৰিয়াবলৈ ধৰে৷ ‘‘দড়ি বোৱাৰ সময়ত এই সূতা মেৰিওৱা কাৰ্যটো আটাইতকৈ কষ্টকৰ কাম’’, মাজিদানে এইদৰে কয়৷ টানকৈ মেৰিওৱা ভাঁজটো ধাতুৰ বীমডালৰ চাৰিওফালে দীঘলীয়াকৈ প্ৰসাৰিত কৰা হয়৷

শিপিনী দুয়োগৰাকীয়ে ধাতুৰ ফ্ৰেমৰ ওপৰত ৰখা তক্তা এখনত বহে য’ত তেওঁলোকে প্ৰস্তুত কৰা টেপাষ্ট্ৰী ধৰি ৰাখে। এই প্ৰক্ৰিয়াটো আৰম্ভ হয় দ্ৰুত আৰু সৰল বয়নৰ বাবে ব্যৱহৃত হেডলৰ সৈতে। শ্বেডটোৱে সূতাবোৰ পৃথক কৰে। এইটোৱে কম্বলখনত আৰ্হিবোৰৰ সৃষ্টি কৰে।

দুয়োগৰাকী শিপিনীয়ে সলনা-সলনিকৈ আনুভূমিক সূতাবোৰ [বানা] এডাল কাঠৰ মাৰিৰে দীঘৰ সূতা (টানা)ৰ মাজেৰে পাৰ কৰি ডিজাইনৰ সৃষ্টি কৰে৷ মাজিদানে তেওঁৰ ভাষাত ‘‘তেওঁৰ মগজুত থকা অনেক ধাৰণা’’ ব্যৱহাৰ কৰি বিভিন্ন ডিজাইনৰ সৃষ্টি কৰে৷ ডিজাইনবোৰ পুনৰাবৃত্তি কৰিবলৈ কোনো পেটাৰ্ণ বা ষ্টেনচিলৰ ব্যৱহাৰ নহয়৷

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

শিপিনী দুয়োগৰাকীয়ে ধাতুৰ ফ্ৰেমৰ ওপৰত ৰখা তক্তা এখনত বহে য’ত তেওঁলোকে প্ৰস্তুত কৰা টেপাষ্ট্ৰী ধৰি ৰাখে। তেওঁলোকে ১০ ফুটৰ সেই ধাতুৰ ফ্ৰেমটোত সূতাবোৰ উলম্বিকভাৱে মেৰিয়াবলৈ ধৰে৷ ‘দড়ি বোৱাৰ সময়ত এই সূতা মেৰিওৱা কাৰ্যটো আটাইতকৈ কষ্টকৰ কাম’, মাজিদানে এইদৰে কয়

দেখাত কঠিন যেন লাগিলেও কামটো এতিয়া সহজ হৈ পৰিছে৷ ‘‘পূৰ্বতে আমি মাটিত চাৰিটা কোণত হাতুৰীৰে ডাঙৰ গজাল পুতি লৈছিলো৷ তাত আমি কাঠৰ তক্তা ৰাখি ফ্ৰেমটো প্ৰস্তুত কৰি লৈছিলো আৰু বয়ন আৰম্ভ কৰিছিলো’’, কাৰছাদে এইদৰে কয়৷ ‘‘সেই আড্ডা’টো এইটোৰ দৰে স্থানান্তৰ কৰিব পৰা নগৈছিল’’, মাজিদানে কয়৷ তেওঁলোকে ছেটিং সলনি কৰিবলৈ হ’লে সমগ্ৰ সঁজুলিখিনি চোতাললৈ টানি নিবলগীয়া হৈছিল৷

দুয়োগৰাকী মহিলাই পৰিয়ালৰ পৰা বিশেষ বিত্তীয় সুবিধা লাভ নকৰে৷ মাজিদানৰ সৰুটো ল’ৰা ৰিয়াচৎ আলিয়ে প্ৰথমে ট্ৰাক চলাইছিল যদিও এতিয়া এটা গোশালাত দিনে ৫০০ টকা হাজিৰাত কাম কৰে৷ তেওঁৰ ডাঙৰজন ল’ৰা বাৰনালাৰ স্থানীয় সাংবাদিক৷ কাৰছাদৰ দুজন ল’ৰাই ৱেল্ডাৰ হিচাপে কাম কৰে, তৃতীয়জন ল’ৰা দৈনিক শ্ৰমিক হিচাপে কাম কৰে৷

মাজিদানে কাৰছাদতকৈ বহু আগেয়ে কাম আৰম্ভ কৰিছিল৷ অৱশ্যে তেওঁৰ ওপৰত প্ৰয়োগ কৰা অনুশাসনমূলক কৌশলবোৰ বেলেগ নাছিল৷ ‘‘মোৰ পৰজাইয়ে [নবৌয়ে] টিকাত কোবাই মোক শিকাইছিল’’, মাজিদানে তেওঁৰ নবৌয়েকৰ পৰা কেনেদৰে কাম শিকিছিল সেই সন্দৰ্ভত এইদৰে কয়৷

‘‘যদিওবা মোৰ মেজাজ উগ্ৰ আছিল, তথাপিও কিবা এটা শিকাৰ আগ্ৰহত নিশ্চুপ হৈ ৰৈছিলো৷ বহু হতাশা আৰু চকুপানী টুকাৰ পিছত যেনিবা এমাহৰ ভিতৰতে কামটো শিকিছিলো’’, মাজিদানে এইদৰে কয়৷

মাজিদানৰ পিতৃ ঢুকোৱাৰ পিছত তেওঁৰ মাতৃ একমাত্ৰ উপাৰ্জনকাৰী হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ দৃঢ়তা দেখুৱাইছিল৷ ১৪ বছৰীয়া মাজিদানে মাকৰ কামত সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল৷ ‘‘বেবে [মাক] মানা কৰিছিল কাৰণ মই ছোৱালী৷ কিন্তু মই সুধিছিলো, এজনী ছোৱালীয়ে কিয় পৰিয়ালক সহায় কৰিব নোৱাৰে,” মাজিদানে মনত পেলাই কয়।

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

দুয়োগৰাকী শিপিনীয়ে সলনা-সলনিকৈ আনুভূমিক বাণিৰ সূতাবোৰ [বানা] এডাল কাঠৰ মাৰিৰে দীঘৰ সূতা (টানা)ৰ মাজেৰে পাৰ কৰি ডিজাইনৰ সৃষ্টি কৰে৷ মাজিদানে তেওঁৰ ভাষাত ‘তেওঁৰ মগজুত থকা অনেক ধাৰণা’ ব্যৱহাৰ কৰি বিভিন্ন ডিজাইনৰ সৃষ্টি কৰে৷ ডিজাইনবোৰ পুনৰাবৃত্তি কৰিবলৈ কোনো পেটাৰ্ণ বা ষ্টেনচিলৰ ব্যৱহাৰ নহয়

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

মাজিদান আৰু কাৰছাদে হালধীয়া আৰু নীলা সূতা ব্যৱহাৰ কৰি দুটা ফুলৰ আৰ্হিৰ সংমিশ্ৰণ বয়ন কৰে। এটা ব্যৱধানৰ মূৰে মূৰে দুয়োগৰাকীয়ে সেউজীয়া আৰু ক'লা ফুল ববলৈ আৰম্ভ কৰে। 'ফুলবোৰ সম্পূৰ্ণ হোৱাৰ পিছত, আমি কেৱল ৰঙা দীঘৰ সূতা ব্যৱহাৰ কৰি ধূৰিৰ প্ৰায় এক ফুট বয়ন কৰিম,' মাজিদানে এইদৰে কয়। তেওঁ হাতেৰে কাপোৰ জোখে, বিদ্যালয়ৰ মুখ নেদেখা দুয়োগৰাকী শিপিনীয়ে আৰম্ভণিৰে পৰা এনেদৰে কাম কৰি আহিছে

ভাৰত বিভাজনৰ দ্বাৰা পৰিয়ালটো গভীৰভাৱে প্ৰভাৱিত হৈছিল – মাজিদানৰ মাতৃৰ পৰিয়াল পাকিস্তানত বাস কৰিছিল৷ তেওঁ কয়, যেতিয়া তেওঁ ১৯৮০ৰ দশকত তেওঁলোকক সাক্ষাৎ কৰিছিল, তেতিয়া তেওঁ উপহাৰ লৈ গৈছিল – দুখন হাতেৰ বোৱা দড়ি যিবোৰ “তেওঁলোকে সঁচাকৈয়ে ভাল পাইছিল।”

*****

দীৰ্ঘ সময়ৰ কষ্টৰ পিছতো মহিলাসকলে এখন দড়িৰ বাবে মাত্ৰ ২৫০ টকা উপাৰ্জন কৰে। “আমি সাধাৰণতে দড়ি বোৱাৰ বাবে ১,১০০ টকা লওঁ। যদি গ্ৰাহকে সূতা [সূতাৰ সূতা] দিয়ে, তেন্তে আমি আমাৰ শ্ৰমৰ বাবে মাত্ৰ ৫০০ টকা লওঁ,” মাজিদানে এইদৰে কয়। “যেতিয়া মই আৰম্ভ কৰিছিলো, এখন সম্পূৰ্ণ দড়ি ২০ টকাত বোৱা হৈছিল। এতিয়াও আমি কোনোমতেহে অধিক উপাৰ্জন কৰো৷’’ “গাওঁখনত এক লিটাৰ গাখীৰৰ মূল্য ৬০ টকা। এমাহত মোৰ খৰচবোৰ কল্পনা কৰক,” কাৰছাদে দুখ প্ৰকাশ কৰি এইদৰে কয়৷

মাজিদান আৰু কাৰছাদৰ স্বামী নিবনুৱা হোৱাৰ বাবে তেওঁলোকে সন্তানক অতি কষ্টেৰে ডাঙৰ-দীঘল কৰিছিল। "মই জাট শিখ পৰিয়ালৰ ঘৰুৱা সহায়ক হিচাপে কাম কৰিছিলো, তেওঁলোকে মোক ঘৰলৈ লৈ যোৱাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী দিছিল। মই মোৰ ল'ৰা-ছোৱালীক সেইবোৰ খুৱাইছিলো," কাৰছাদে লগতে কয়। মাজিদানে তেওঁৰ কনিষ্ঠ পুত্ৰৰ পৰিয়ালৰ সৈতে বাস কৰে, আৰু আঠজনীয়া পৰিয়ালৰ সৈতে বাস কৰা কাৰছাদে প্ৰায়েই সেই কঠিন সময়বোৰৰ বিষয়ে চিন্তা কৰে।

তিনি বছৰ আগলৈকে তেওঁলোকে ছেপ্টেম্বৰ আৰু অক্টোবৰৰ সময়ছোৱাত কপাহ খেতিৰ বতৰত কপাহ তোলাত ব্যস্ত আছিল৷ তেওঁলোকে ইয়াৰ পৰা সূতা পকাইছিল আৰু ৪০ কিলো কপাহ তোলাৰ বাবে দৈনিক ২০০ টকা উপাৰ্জন কৰিছিল৷ "আজিকালি বেছিভাগ কৃষকে ধানখেতি কৰে," মাজিদানে এইদৰে মন্তব্য কৰে। এই পৰিৱৰ্তনে তেওঁলোকৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে।  চৰকাৰী প্ৰতিবেদনত পাঞ্জাৱত কপাহৰ খেতি তীব্ৰভাৱে হ্ৰাস পোৱা দেখুৱাইছে ৷ ২০১৪-১৫ বৰ্ষত ৪২০,০০০ হেক্টৰৰ পৰা ২০২২-২৩ চনত ২৪০,০০০ হেক্টৰলৈ হ্ৰাস পাইছে৷

মাৰ্চ মাহত মাজিদানে অনিচ্ছাস্বত্বেও সূতা কটা আৰু বোৱাৰ বাবে চৰখাৰ পৰা অৱসৰ লৈছিল; এইটো এতিয়া একোণত পৰিত্যক্ত হৈ পৰি আছে৷ দড়িৰ চাহিদাও তীব্ৰভাৱে হ্ৰাস পাইছে – তেওঁলোকে পূৰ্বে মাহত ১০খনৰ  পৰা ১২খন প্ৰস্তুত কৰিছিল, এতিয়া তেওঁলোকে মাত্ৰ দুখন হে প্ৰস্তুত কৰে৷ তেওঁলোকৰ একমাত্ৰ স্থিৰ উপাৰ্জন হৈছে ৰাজ্য চৰকাৰৰ পৰা পোৱা ১,৫০০ টকাৰ মাহিলী বিধৱা পেঞ্চন৷

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

ঢিলা সূতাবোৰ গাঁঠি বান্ধি হাতেৰে বোৱা দড়িত শেষ স্পৰ্শ দিছে মাজিদানে

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

মাজিদানে আৰু কাৰাছাদে বোৱা দড়ি (বাওঁফালে) দেখুৱাইছে৷ ১০ বছৰীয়া নাতি ইমৰান খানৰ (সোঁফালে) সহায়ত মাজিদানে বেজীটোত সূতা ভৰাইছে৷ এঘণ্টাতকৈও অধিক সময় কাম কৰাৰ পিছত কাৰছাদ আৰু মাজিদানে অলপ বিৰতি লয় আৰু ভৰি দুখন দীঘলকৈ মেলি দিয়ে৷ দুয়োগৰাকীৰ দৃষ্টিশক্তি দুৰ্বল হোৱা আৰু গাঁঠি বিষোৱাৰ বিষয়ে উল্লেখ কৰে

এঘণ্টাতকৈও অধিক সময় কাম কৰাৰ পিছত কাৰছাদ আৰু মাজিদানে সামান্য বিৰতি লয় আৰু ভৰি দুখন মেলি দিয়ে৷ কাৰছাদে তেওঁৰ পিঠিত বিষ হোৱাৰ কথা উল্লেখ কৰে আৰু মাজিদানে আঁঠু দুটা হেঁচুকি কয়, "আজি খোজ কাঢ়িবলৈ মোৰ অসুবিধা হৈছে৷ মোৰ গাঁঠিবোৰ বিষাইছে"৷ দুয়োগৰাকীয়ে দৃষ্টিশক্তি দুৰ্বল হোৱাৰ বিষয়েও উল্লেখ কৰে৷

‘‘বান্দা বনকে কাম কিতা হে [মই পুৰুষৰ দৰে কাম কৰিছো], আৰু মই এই বয়সতো কাম কৰি আছো’’, ঘৰৰ উপাৰ্জনৰ সমস্ত দায়িত্ব লোৱা মাজিদানে এইদৰে কয়৷

বয়স আৰু শৰীৰৰ বিহ স্বত্বেও মাজিদানে পেঞ্চন আৰু দড়ি প্ৰস্তুত কৰি পোৱা ধনেৰে সংসাৰৰ হিচাপ মিলাব লাগে৷ প্ৰতিদিনে পুৱা ৭ বজাত তেওঁ এটা পৰিয়ালৰ ৰন্ধা-বঢ়াত সহায় কৰিবলৈ কেইবা কিলোমিটাৰো খোজ কাঢ়ে আৰু মাহে ২,০০০ টকা উপাৰ্জন কৰে৷ তেওঁ আৰু কাৰছাদে ঘৰুৱা সহায়ক হিচাপেও কাম কৰি প্ৰতি ঘণ্টাত ৭০ টকা উপাৰ্জন কৰে৷

দিনটোৰ পৰিশ্ৰম স্বত্বেও তেওঁলোকে দড়ি প্ৰস্তুত কৰিবলৈ সময় উলিয়াব লাগে৷ ‘‘যদি আমি প্ৰতিদিনে বওঁ, এসপ্তাহৰ ভিতৰত এখন দড়ি প্ৰস্তুত কৰিব পাৰো,’’ কাৰছাদে এইদৰে কয়৷

মাজিদানে এই বোৱা-কটাৰ কাম এৰিব বুলি মনতে থিৰাং কৰিছে। ‘‘হয়তো এইখনৰ পিছত আৰু এখনৰ কাম শেষ কৰাৰ পিছত মই ৰ’ম৷ দীঘলীয়া সময় বহি থকাটো কঠিন হৈ পৰিছে৷ এইটোৱে মোক ইয়াত কষ্ট দিয়ে,’’ যোৱা বছৰৰ গলব্লাডাৰৰ অস্ত্ৰোপচাৰৰ চিলাইবোৰ দেখুৱাই তেওঁ এইদৰে কয়৷ ‘‘যিখিনি সময় বাচি আছো- এক বা দুবছৰ সম্ভৱতঃ – মই সেই সময়খিনি ভালদৰে জীয়াই থাকিব বিচাৰো৷’’

কিন্তু পৰৱৰ্তী দিনা অৱসৰৰ চিন্তা পাহৰি যোৱা হয়৷ এগৰাকী দুৰ্বল মহিলা, আশী বৰ্ষীয় বলবীৰ কৌৰে আন এখন গাঁৱৰ পৰা দড়িৰ অৰ্ডাৰ লৈ আহে৷ "মাই [মা], ঘৰৰ মানুহক সোধকচোন যে তেওঁলোকে ঘৰৰ কামৰ বাবে ছোৱালীৰ কইনাৰ সাজৰ বাবে দড়ি ব্যৱহাৰ কৰিব বিচাৰে নেকি,’’ মাজিদানে বৃদ্ধাগৰাকীৰ হাতত এশ টকীয়া নোট এখন গুঁজি দি এইদৰে সোধে৷

এই প্ৰতিবেদনটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেচনৰ (এমএমএফ) ফেলোশ্বিপৰ দ্বাৰা সমৰ্থিত।

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Sanskriti Talwar

سنسکرتی تلوار، نئی دہلی میں مقیم ایک آزاد صحافی ہیں اور سال ۲۰۲۳ کی پاری ایم ایم ایف فیلو ہیں۔

کے ذریعہ دیگر اسٹوریز Sanskriti Talwar
Editor : Vishaka George

وشاکھا جارج، پاری کی سینئر ایڈیٹر ہیں۔ وہ معاش اور ماحولیات سے متعلق امور پر رپورٹنگ کرتی ہیں۔ وشاکھا، پاری کے سوشل میڈیا سے جڑے کاموں کی سربراہ ہیں اور پاری ایجوکیشن ٹیم کی بھی رکن ہیں، جو دیہی علاقوں کے مسائل کو کلاس روم اور نصاب کا حصہ بنانے کے لیے اسکولوں اور کالجوں کے ساتھ مل کر کام کرتی ہے۔

کے ذریعہ دیگر اسٹوریز وشاکا جارج
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

کے ذریعہ دیگر اسٹوریز Manoranjan Majumder