মুষলধাৰ এজাক বৰষুণৰ পিছত এআঁঠু পানীৰে উপচি পৰা পথাৰখনৰ এটা মূৰত থিয় হৈ তেওঁ উদাসভাৱে ক্ৰমাৎ শুভ্ৰ ৰূপালী বৰণ ধৰা কপাহৰ খেতিডঁৰালৈ চাই ৰৈছিল। বিদৰ্ভৰ কৃষক বিজয় মাৰোত্তৰৰ কপাহ খেতিডঁৰা একপ্ৰকাৰ নষ্ট হৈ পৰিছিল। ''এই খেতিডঁৰাত মই অতিকমেও ১.২৫ লাখ টকা খটুৱাইছো। কিন্তু এতিয়া বেছিভাগেই পানীত পৰিল,’’ এইদৰে কয় ২৫ বছৰীয়া বিজয়ে। ২০২২ চনৰ ছেপ্টেম্বৰত বিজয়ে প্ৰথমবাৰৰ বাবে খেতিত নামিছিল। প্ৰায় এবছৰ পিছত এতিয়া নিজৰ দুখৰ কাহিনী ক’বলৈ তেওঁৰ ওচৰত কোনোৱেই নাই।
৫ মাহ আগতে তেওঁৰ পিতৃ ঘনশ্যাম মাৰোত্তৰে আত্মহত্যা কৰিছিল, প্ৰায় দুবছৰ আগতে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ এই পৃথিৱীৰ পৰা মেলানি মাগিছিল তেওঁৰ মাতৃয়ে। অস্বাভাৱিক বতৰ আৰু টেঁটুৰ গুৰিলৈকে থকা ধাৰে বিদৰ্ভ অঞ্চলৰ আন বহু খেতিয়কৰ দৰে তেওঁৰ পিতৃ-মাতৃকো একপ্ৰকাৰ হতাশাত ভাগি পৰিছিল। পিছে তেওঁলোকক সহায় কৰিবলৈ কোনোৱেই নাছিল।
কিন্তু বিজয়ে বুজি উঠিছে যে তেওঁ দেউতাকৰ দৰে ভাগি পৰিলে নহ’ব। সেয়ে তেওঁ দুমাহ ধৰি পথাৰৰ পৰা পানী নিষ্কাষণত লাগি গৈছিল। হাতত এটা সামান্য বাল্টি লৈ পানী সিঁচি পেণ্টটো আঁঠুলৈ কোচাই তেওঁ পথাৰত খালী ভৰিৰে হাল বাইছিল, কষ্টত তেওঁৰ কামিজটো ঘামেৰে তিতি গৈছিল। হাউলি হাউলি তেওঁ পানী নিষ্কাষণৰ চেষ্টা চলাইছিল। ''মোৰ খেতিৰ মাটিখিনি দ’ ঠাইত আছে,’’ বিজয়ে কয়। ''সেয়ে বেছিকৈ বৰষুণ দিলে বৰ দিগদাৰ হয়। কাষৰ পথাৰৰ পৰা পানী বৈ আহি মোৰ খেতিত পৰে আৰু পানী বহুদিনলৈ নুশুকায়,’’ সমস্যাটোক লৈ উদ্বিগ্ন বিজয়ৰ মন্তব্য।
এনেদৰে প্ৰতিকূল জলবায়ু, অতিবৃষ্টি, খৰাং আৰু শিলাবৃষ্টিয়ে খেতিয়কসকলক মানসিকভাৱে জুৰুলা কৰি তুলিলেও তেওঁলোকক সহায় কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। ( পঢ়িব পাৰেঃ মানসিক উদ্বেগৰ ঢৌ তোলা বিদৰ্ভৰ কৃষি সংকট ) মানসিক স্বাস্থ্যসেৱা আইন, ২০১৭ ৰ অধীনত উপলব্ধ হোৱা কোনো চিকিৎসা সেৱাই হতাশাত জৰ্জৰিত হৈ পৰা বিজয় অথবা জীৱিত অৱস্থাত বিজয়ৰ পিতৃয়ে লাভ নকৰিলে। আনকি ১৯৯৬ চনৰে পৰা আৰম্ভ হোৱা জিলা মানসিক স্বাস্থ্য আঁচনিৰ অধীনত আয়োজিত স্বাস্থ্য শিবিৰেও তেওঁলোকক ঢুকি পোৱা নাই।
২০১৪ চনৰ নৱেম্বৰত মহাৰাষ্ট্ৰ চৰকাৰে 'প্ৰেৰণা প্ৰকল্প ফাৰ্মাৰ কাউন্সেলিং হেলথ ছাৰ্ভিচ প্ৰগেম’ৰ আৰম্ভ কৰিছিল। পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ আৰ্হিত গ্ৰামাঞ্চলৰ কৃষকসকলক মানসিক সকাহ দিয়াৰ উদ্দেশ্যে যৱতমলস্থিত এটি স্বেচ্ছাসেৱী সংস্থা ইন্দিৰাবাই সীতাৰাম দেশমুখ বহুদেশীয় সংস্থাৰ সৈতে সন্মিলিতভাৱে জিলা প্ৰশাসনে এই কৰ্মসূচী হাতত লৈছিল। কিন্তু ২০২২ চনত বিজয়ৰ পিতৃয়ে আত্মহত্যা কৰাৰ সময়ত চৰকাৰৰ উক্ত আঁচনি একপ্ৰকাৰ ফুটুকাৰ ফেনত পৰিণত হৈছিল।
উক্ত আঁচনিখনৰ পৰিকল্পনা কৰা অঞ্চলটোৰ এগৰাকী পৰিচিত মনোৰোগবিদ প্ৰশান্ত চক্কৰবাৰে এই সন্দৰ্ভত কয়, ''আমি ৰাজ্য চৰকাৰক এই সমস্যাৰ সমাধানৰ বাবে উপায় আৰু পৰামৰ্শ আগবঢ়াইছিলো। আমি পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা চলাইছিলো আৰু একাংশ উদ্যমী স্বেচ্ছাসেৱকক প্ৰশিক্ষণ প্ৰদান কৰিছিলো যিসকলে জটিল সমস্যা দেখা পালেই সেই সম্পৰ্কে জিলা কমিটিক অৱগত কৰিছিল। আমি আশাকৰ্মীসকলৰো সহায় লৈছিলো কিয়নো তেওঁলোক সকলো সময়তে কৃষকসকলৰ সৈতে সংযুক্ত হৈ থাকে। পৰামৰ্শৰ লগতে আমাৰ পৰিকল্পনাত ঔষধ প্ৰদানৰো ব্যৱস্থা আছিল।’’
২০১৬ চনত যৱতমলত এই আঁচনিখনৰ সুফল দেখিবলৈ পোৱা গৈছিল আৰু বাকী অঞ্চলৰ তুলনাত ইয়াত আত্মহত্যাৰ ঘটনা যথেষ্ট হ্ৰাস পাইছিল। ৰাজ্য চৰকাৰৰ পৰিসংখ্যা অনুযায়ী ২০১৬ চনৰ প্ৰথম তিনি মাহত আত্মহত্যাৰ সংখ্যা বিগত বৰ্ষৰ উক্ত সময়ৰ তুলনাত ৯৬ৰ পৰা অৱনমিত হৈ ৪৮ হৈছিল। বিপৰীতে আন প্ৰভাৱিত জিলাসমূহত কৃষকৰ আত্মহত্যাৰ হাৰ হয় বৃদ্ধি হৈছিল নহয় সমান আছিল। যৱতমলৰ এই সাফল্যৰ পিছত প্ৰেৰণা আঁচনিখন প্ৰভাৱিত আন ১৩ খন জিলাতো ৰূপায়ণ কৰা হয়।
কিন্তু, এই আঁচনিখন আৰু ইয়াৰ সফলতা বেছিদিনলৈ চলা নাছিল আৰু চকুৰ পচাৰতে সকলো অসাৰ হৈ পৰিছিল।
চক্কৰৱাৰে কয়, ''সাধাৰণ লোকসকলক চৰকাৰী আমোলা-বিষয়াসকলে সহায় কৰিছিল বাবেই আঁচনিখন আৰম্ভণিতে সফল হৈছিল। এয়া আছিল পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ আৰ্হিৰ। সমগ্ৰ ৰাজ্যতে এই আঁচনিখন ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে প্ৰশাসনিক সমন্বয়ৰ অভাৱ ঘটিবলৈ ধৰে। অৱশেষত স্বেচ্ছাসেৱী সংস্থাসমূহেও গা এৰা দিবলৈ লয় আৰু এনেকৈয়ে প্ৰেৰণা আঁচিনখন কেৱল মাত্ৰ চৰকাৰ নিয়ন্ত্ৰিত এখন আঁচনিত পৰিণত হৈ পৰে। ফলত আঁচনিখন কাগজে কলমে থাকিলেও কামত নহাবিধৰ হৈ পৰে।’’
অৱসাদগ্ৰস্ততা আৰু হতাশাৰ চিকাৰ হ’ব পৰা সম্ভাৱ্য লোকসকলক সহজে চিনাক্ত কৰি উলিয়াবৰ বাবে আঁচনিখনত আশাকৰ্মীসকলৰ সহায় লোৱা হৈছিল আৰু ইয়াৰ বাবে আশাকৰ্মীসকলক অতিৰিক্ত মাননি প্ৰদানৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল। কিন্তু চৰকাৰে যেতিয়া আশাকৰ্মীসকলক অতিৰিক্ত ভাট্টা প্ৰদানত পলম কৰিবলৈ লৈছিল তেতিয়াই আশাকৰ্মীসকলে কামটো কৰিবলৈ লাহে লাহে এৰি দিছিল। চক্কৰৱালে কয়, ''এনেকৈ তেওঁলোকে নিজৰ ক্ষেত্ৰখনত ভালকৈ কাম কৰি প্ৰকৃত তথ্য দিয়াৰ পৰিৱৰ্তে ভুৱা তথ্য দিবলৈ আৰম্ভ কৰিছিল।’’
২০২২ চনত ঘনশ্যাম মাৰোত্তৰে আত্মহত্যা কৰাৰ সময়ত প্ৰেৰণা আঁচনিখন একপ্ৰকাৰ ব্যৰ্থ চৰকাৰী আঁচনিত পৰিণত হৈ পৰিছিল, মানসিক ৰোগ বিশেষজ্ঞৰ খালী পদৰ সংখ্যা বৃদ্ধি পাইছিল, স্থানীয় স্বেচ্ছাসেৱক আৰু প্ৰশিক্ষিত আশাকৰ্মীৰো অভাৱ ঘটিছিল। চাওতে চাওতে যৱতমল পুনৰ আগৰ দৰে হৈ পৰিছিল আৰু উক্ত বৰ্ষত অঞ্চলটোত কৃষকৰ আত্মহত্যাৰ সংখ্যা ৩৫৫লৈ বৃদ্ধি পাইছিল।
মানসিক স্বাস্থ্যজনিত সমস্যা ৰোধত চৰকাৰ ব্যৰ্থ হোৱাৰ সময়তে কেবাটাও স্বেচ্ছাসেৱী সংস্থাই অঞ্চলটোত নিজাববীয়াকৈ কাম আৰম্ভ কৰিবলৈ লয়। এই অনুযায়ী টাটা ট্ৰাষ্টে বিদৰ্ভ চাইক’লজিকেল ছাপৰ্ট এণ্ড কেয়াৰ প্ৰগ্ৰেম নামেৰে যৱতমল আৰু ঘাতাঞ্জি মৌজাৰ ৬৪খন গাঁৱত ২০১৬ চনৰ মাৰ্চ মাহৰ পৰা ২০১৯ চনৰ জুনলৈ এটি পাইলট প্ৰজেক্ট আৰম্ভ কৰে। ''আমাৰ এই প্ৰচেষ্টাৰ ফলত মানুহৰ মাজত সহায় বিচৰা মানসিকতা গঢ় লৈ উঠিছিল,’’ প্ৰকল্পটোক নেতৃত্ব দিয়া প্ৰফুল কাপছেৰ মন্তব্য। তেওঁ আৰু কয়, ''মানসিক সমস্যাৰ সন্মুখীন হ’লে আগতে তান্ত্ৰিকৰ কাষলৈ যোৱা লোকসকলৰ অধিকাংশই সমস্যাবোৰ লৈ আমাৰ ওচৰলৈ আহিবলৈ লৈছিল।’’
২০১৮ বৰ্ষত খাৰিফ শস্যৰ বতৰত টাটা ট্ৰাষ্টৰ সৈতে জড়িত এজন মনোৰোগবিদে শংকৰ পাটনাগৰ নামৰ লোকজনৰ সমস্যাৰ বুজ লৈছিল। ঘাতাঞ্জি মৌজাৰ হাতগাঁও নামৰ গাঁওখনৰ বাসিন্দা ৬৪ বছৰীয়া খেতিয়কজনৰ ৩ একৰ মাটি আছিল আৰু তেওঁৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিবলৈ লৈছিল। ''মই বহুদিন ধৰি পথাৰখন দেখা নাছিলো,’’ তেওঁ কৈছিল। তেওঁ আৰু কৈছিল, ''মই ঘৰতে শুই শুই সময় কটাইছিলো। মই জীৱনটোত কেৱল খেতিকেই কৰিছো আৰু এনেকৈ ইমানদিন পথাৰলৈ নোযোৱাকৈ থকা মোৰ মনতেই নপৰে। কিন্তু যেতিয়া কপালৰ ঘাম মাটিত পেলাই খেতি কৰাৰ পিছতো এটকা এটাও নাপাম তেতিয়া হতাশ নহৈ হম কি?’’
কেবাটাও বছৰ একেৰাহে কপাহ আৰু ৰহৰ দাইলৰ খেতি কৰা শংকৰে ক্ৰমাগতভাৱে লোকচানৰ সন্মুখীন হৈছিল। ২০১৮ চনত মে’ মাহ পোৱাৰ লগে লগে যেতিয়া আকৌ খেতিৰ কথা চিন্তা কৰিছিল তেতিয়াই তেওঁ উদ্বিগ্ন হৈ পৰিছিল। সকলোবোৰ তেতিয়া তেওঁৰ সমুখত অৰ্থহীন হৈ পৰিছিল। ''মই নিজেই নিজক কৈছিলো যে আশা এৰি নিদিবি। যদি মই হাৰি যাও তেন্তে মোৰ পৰিয়ালটোও শেষ হৈ যাব,’’ শংকৰে কয়।
বতৰে খেতিক লৈ অনিশ্চয়তা কঢ়িয়াই অনাৰে পৰা শংকৰৰ ৬০ বছৰীয়া পত্নী অনুসূয়াই দিন হাজিৰা কৰি আহিছে। তেওঁলোকৰ দুটি সন্তান আছে। ডাঙৰ ছোৱালী বিবাহিতা ৰেণুকাৰ বয়স ২২ বছৰ আৰু ২০ বছৰীয়া পুত্ৰ মানসিকভাৱে প্ৰতিবন্ধী। পৰিয়ালটোৰ মুখলৈকে চায়েই শংকৰে ২০১৮ বৰ্ষৰ খাৰিফ শস্যৰ বতৰতো আকৌ ককালত টঙালি বান্ধি খেতি কৰিবলৈ ঠিৰাং কৰিছিল।
সেই সময়তে উল্লিখিত মনোৰোগ বিশেষজ্ঞগৰাকীৰ সাক্ষাৎ পাইছিল তেওঁ। ''তেওঁলোক আমাৰ ঘৰলৈ আহিছিল আৰু তিনি-চাৰি ঘণ্টা মোৰ লগত বহিছিল,’’ তেওঁ কৈ গৈছে। শংকৰে আৰু কয়, ''মই মোৰ সমস্যাবোৰৰ কথা কৈ গৈছিলো। তেওঁলোকৰ সৈতে কথা পতাৰ পিছত মোৰ দুশ্চিন্তাবোৰ কমিবলৈ লৈছিল।’’ এনেদৰে কেবামাহো ধৰি চলা নিয়মিত সাক্ষাতৰ ফলত তেওঁ যথেষ্ট সকাহ পাইছিল। ''মই মুকলিকৈ তেওঁলোকৰ সৈতে কথা পাতিছিলো। কোনো বাধা নোহোৱাকৈ মন খুলি কথাবোৰ ক’বলৈ পাই মনটো পাতল পাতল লাগিছিল,’’ তেওঁ কয়। ''যদি মই এইবোৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে পাতিলোহেতেন তেন্তে তেওঁলোকৰো চিন্তা বাঢ়িলহেতেন। তেওঁলোকক মই এনেই চিন্তা দিওৱেই বা কিয়?’’-শংকৰৰ ভাষ্য।
কেবামাহো ধৰি এনেকৈ নিয়মিতভাৱে মন খুলি কথা পতাতো শংকৰৰ বাবে এক অভ্যাসত পৰিণত হৈছিল আৰু তেতিয়াই এদিন হঠাৎ কোনো আগজাননী অবিহনে এই সকলোবোৰ বন্ধ হৈ পৰিছিল। ''প্ৰশাসনিক কাৰণ,’’ প্ৰকল্পটোৰ মুৰব্বী কাপছেই কেৱল এই শব্দকেইটাৰ বাদে একো ক’ব পৰা নাছিল।
শেষবাৰৰ বাবে যিদিনা তেঁওলোক মিলিত হৈছিল সেইদিনা মনোৰোগ বিশেষজ্ঞ আৰু শংকৰৰ কোনো এগৰাকীয়েই জনা নাছিল যে আৰু তেওঁলোকৰ কেতিয়াও দেখাদেখি নহ’ব। শংকৰে সেই দিনবোৰৰ বাৰুকৈয়ে অভাৱ অনুভৱ কৰিছিল। তেওঁ সুদখোৰ মহাজনৰ পৰা মাহিলি ৫ শতাংশ সুতত বা বছৰি ৬০ শতাংশ হাৰত ৫০ হাজাৰ টকা ধাৰলৈ লৈ একপ্ৰকাৰ দুশ্চিন্তাত আছিল। তেওঁ মনৰ কথাবোৰ ক’বলৈ বিচাৰিছিল। কিন্তু তেতিয়া ২০১৪ চনত চৰকাৰে আৰম্ভ কৰা বিনামূলীয়া মানসিক স্বাস্থ্য সেৱা আগবঢ়োৱা ১০৪ নম্বৰত ডায়েল কৰাৰ বাদে তেওঁৰ ওচৰত আন কোনো উপায় নাছিল। পৰিতাপৰ কথা এয়ে যে এই বিনামূলীয়া নম্বৰৰ আঁচনিখনো তেতিয়া একপ্ৰকাৰ বগাহাতীত পৰিণত হৈ পৰিছিল।
২০২২ চনত দিব্যা মাৰাঠী নামৰ স্থানীয় দৈনিক কাকতখনৰ সাংবাদিকে আত্মহত্যা-প্ৰৱণ কৃষক বুলি পৰিচয় দি ১০৪ নম্বৰত ফোন কৰি সহায় বিচৰাত কাউন্সেলৰগৰাকী আন ৰোগীৰ সৈতে ব্যস্ত আছে বুলি ফোনৰ সিটো মূৰৰ পৰা উত্তৰ আহিছিল। ফোনৰ সিটো মূৰৰ পৰা আধাঘণ্টা পিছত নাম-ঠিকনা আৰু সবিশেষ জনাই পুনৰ আধাঘণ্টা পিছত ফোন কৰিবলৈ কৈছিল কৃষক বুলি পৰিচয় দিয়া সাংবাদিকজনক। ''বহুসময়ত সহায় বিচৰাগৰাকীয়ে দুই-এষাৰ কথা শুনিলেই সকাহ পাব পাৰে। কিন্তু যেতিয়া এক জটিল পৰিস্থিতিত ইতিমধ্যে আত্মহত্যা কৰিবই বুলি ভাবি লৈ সহায় বিচাৰি ফোন কৰে তেতিয়া পৰামৰ্শদাতাই তেনে লোকক ১০৮ সেৱালৈ ফোন কৰি এম্বুলেন্স মাতিবলৈ সন্মত কৰোৱা উচিত। হেল্পলাইন নম্বৰৰ সৈতে জড়িত কাউন্সেলৰক সেয়ে ভালদৰে প্ৰশিক্ষণ প্ৰদান কৰাতো অতি প্ৰয়োজনীয়,’’ এইদৰে কয় কাপছেই।
চৰকাৰী পৰিসংখ্যা অনুযায়ী মহাৰাষ্ট্ৰৰ ভিন্ন প্ৰান্তৰ পৰা হেল্পলাইন নম্বৰত সৰ্বাধিক ১৩,৪৩৭টা ফোনকল লাভ কৰা গৈছিল ২০১৫-১৬ বৰ্ষত। ইয়াৰ পিছত পৰৱৰ্তী চাৰিটা বছৰত গড় হিচাপত ৯,২০০ টা ফোনকল পোৱা গৈছিল। অৱশ্যে ক’ভিড মহামাৰীৰ সময়ত ২০২০-২১ বৰ্ষত যেতিয়া মানসিক স্বাস্থ্যজনিত সমস্যা ভয়াৱহ হৈ পৰিছিল সেই সময়ত তাৎপৰ্যপূৰ্ণভাৱে হেল্পলাইন নম্বৰলৈ কৰা ফোনকলৰ সংখ্যা ৬১ শতাংশ হ্ৰাস পাই হৈছিলগৈ মাত্ৰ ৩,৫৭৫টা। ইয়াৰ পিছৰ বছৰত পূৰ্বৰ ৪ বছৰৰ গড় সংখ্যাতকৈ ৭৮ শতাংশলৈ অৱনমিত হৈ সেয়া হৈছিলগৈ মাত্ৰ ১,৯৬৩টা।
আনহাতে মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলত এই সমস্যা অধিক ভয়াৱহ হৈ পৰিছিল আৰু ৰাজ্যখনত কৃষকৰ আত্মহত্যাৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ লৈছিল। মহাৰাষ্ট্ৰ চৰকাৰৰ তথ্য অনুযায়ী ২০২২ চনৰ জুলাই মাহৰ পৰা ২০২৩ চনৰ জানুৱাৰী মাহৰ সময়ছোৱাত ৰাজ্যখনত মুঠ ১,০২৩ গৰাকী কৃষকে আত্মহত্যা কৰিছিল। এয়া ২০২২ চনৰ পূৰ্বৰ আঢ়ৈ বছৰত আত্মহত্যা সংঘটিত কৰা কৃষকৰ সংখ্যা ১,৬৬০ গৰাকীতকৈয়ো উদ্বেগজনক।
২০২২ চনৰ ৩০ অক্টোবৰত কেন্দ্ৰ চৰকাৰে পূৰ্বৰ ১০৪ৰ ঠাইত ১৪৪১৬ নম্বৰৰ নতুন হেল্পনাইন নম্বৰ মুকলি কৰে। নতুন হেল্পলাইন নম্বৰটোৱে কৃষকসকলক কিমান উপকৃত কৰিলে সেয়া এতিয়াই কোৱাতো সমীচিন নহ’ব। কিন্তু বাস্তৱ সত্য এয়াই যে সমস্যা এতিয়াও জটিল হৈয়েই ৰৈছে।
২০২২ বৰ্ষৰ ছেপ্টেম্বৰৰ অতিবৃষ্টিত শংকৰৰ খেতি সম্পূৰ্ণৰূপে বিনষ্ট হৈ পৰে। তেওঁ এতিয়াও লাখৰ হিচাপত ধাৰ পৰিশোধ কৰিবলৈ আছে। তেওঁ এইবাৰ শ্ৰমিক হিচাপে কাম কৰাৰ পৰিকল্পনা কৰিছে যাতে পত্নীৰ উপাৰ্জনৰ সৈতে মিলাই অহা খাৰিফ শস্যৰ বতৰত খেতি কৰিবলৈ মূলধন গোটাব পাৰে।
একেদৰে বিজয়েও সমস্যাৰ পৰা মুক্তিৰ নতুন পথৰ সন্ধান কৰিছে। তেওঁ কপাহৰ খেতি বাদ দি যিকোনো বতৰতেই সহজে কৰিব পৰা ছয়াবিন আৰু কাবুলি বুটৰ খেতি কৰাৰ পৰিকল্পনা কৰিছে। স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়নৰত বিজয়ে মাহিলি ১০,০০০ টকা দৰমহাত এখন হাৰ্ডৱেৰৰ দোকানতো এবেলা কাম কৰিবলৈ লৈছে। মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ আজৰি সময়ত তেওঁ কিতাপ পঢ়াৰ উপৰিও টিভি চোৱা আৰু ৰন্ধা-বঢ়াৰ কামত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিছে।
বয়সৰ তুলনাত অধিক অভিজ্ঞ যেন হৈ পৰা বিজয়ে মনটো যাতে কোনো কাৰণতে অস্থিৰ হৈ উঠিব নোৱাৰে তাৰ বাবে খেতিৰ লগতে ঘৰৰ সকলো কামেই নিজে কৰিবলৈ লৈছে।
''মই কেৱল টকাৰ কাৰণে কামটো কৰা নাই,’’ তেওঁ কয়। ''কামটোৱে মোৰ মনটোক ধৰি ৰাখিছে। মই কষ্টকৈ হ’লেও পঢ়িব বিচাৰো আৰু এটা ভাল চাকৰি কৰিব বিচাৰো যাতে এই খেতিৰ কামবোৰ এৰি দিব পাৰো। মোৰ দেউতাই যি ভুল কৰিছিল সেয়া মই কৰিব নোখোজো। কিন্তু অনিশ্চিত বতৰৰ ভৰসাতে বহিও থাকিব নোৱাৰো,’’ আশাবাদী বিজয়ৰ মন্তব্য।
ঠাকুৰ ফেমিলি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা লাভ কৰা স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ জৰিয়তে পাৰ্থ এম এনে জনস্বাস্থ্য আৰু নাগৰিকৰ স্বাধীনতা বিষয়ক লৈ লেখা-মেলা কৰি আহিছে। এই প্ৰতিবেদনৰ বিষয়বস্তুৰ ওপৰত ঠাকুৰ ফেমিলি ফাউণ্ডেশ্যনে কোনোধৰণৰ সম্পাদকীয় হস্তক্ষেপ নকৰে।
যদিহে আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা কোনো চিনাকি লোক আত্মহত্যা প্ৰৱণ হৈ পৰিছে তেন্তে নেশ্যনেল হেল্পলাইন কিৰণৰ সৈতে ১৮০০-৫৯৯-০০১৯ (২৪ ঘণ্টা , টোল-ফ্রি) নম্বৰত , অথবা সমীপৱৰ্তী আন কোনো হেল্পলাইন ৰ সৈতে যোগাযোগ কৰক। মানসিক স্বাস্থ্য সম্পৰ্কীয় আন কোনো সহায়তা আৰু সেৱাৰ বাবে এছপিআইএফৰ মানসিক স্বাস্থ্য নিৰ্দেশিকা চাব পাৰে।
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি