ত্ৰিশৰ ডেওনা গৰকা গণেশ পণ্ডিত নতুন দিল্লীৰ পুৰণি যমুনা ব্ৰীজৰ লোহা পুলৰ তৰুণ বাসিন্দা। তেওঁ কয় যে তেওঁৰ সমনীয়াবোৰৰ প্ৰায়ভাগেই ‘মূলসূঁতি’ৰ কাম যেনে সাতোৰ প্ৰশিক্ষক হিচাপে আৰু কাষৰে চুবুৰীয়া চান্দনী চ’কৰ খুচুৰা দোকানত কাম কৰিবলৈ ওলাই গৈছে।
দিল্লীৰ মাজেৰে পাৰ হৈ যোৱা গংগাৰ আটাইতকৈ দীঘল উপনৈ যমুনাখন আয়তনৰ ফালৰ পৰা (ঘাঘাৰাৰ পিছতে) দ্বিতীয় বৃহত নৈ।
পণ্ডিতে যমুনা নদীৰ মাজত ফটোশ্বুটৰ ব্যৱস্থা কৰে আৰু নৈৰ মাজত পৰম্পৰাগত ৰীতি-নীতিখিনি কৰিব খোজা মানুহক লৈ যায়। “য’ত বিজ্ঞান ৰৈ যায়, তাতে বিশ্বাসৰ কাম আৰম্ভ হয়,” তেওঁ কয়। তেওঁৰ পিতৃ তাৰে এগৰাকী পুৰোহিত আৰু দুই ভায়েকে “যমুনা নদীখনতে সাতুৰিব শিকিছে।” পণ্ডিতৰ ভায়েক দুটাই পঞ্চতাৰকা হোটেলত লাইফগাৰ্ড হিচাপে কাম কৰে।
নাৱৰীয়াৰ পেছা এতিয়া আৰু লাভজনক হৈ থকা নাই, সন্মানো নাই। সেয়ে মানুহে নাৱৰীয়াক নিজৰ ছোৱালী গতাব নিবিচাৰে। “মই ফেৰি কৰি দিনে ৩০০ৰ পৰা ৫০০ টকা পাও,” পণ্ডিতে কয়। লগতে যোগ দিয়ে যে নদীত ফটো আৰু ভিডিঅ’ শ্বুটৰ ব্যৱস্থা কৰি তেওঁ ভাল টকা পায়।
তেওঁ এনেকৈ নাও চলোৱা এটা দশক পাৰ হ’ল আৰু এই কথা কৈ তেওঁ দুখ কৰে যে নদীখনৰ পানী প্ৰদূষিত হৈছে। বাৰিষাৰ পানীয়ে নদীখনৰ জাৱৰ-যোথৰবোৰ ধুই নিয়াৰ পিছত ছেপ্টেম্বৰ মাহত নৈখন এবাৰহে চাফা কৰা হয়, তেওঁ কয়।
যমুনা নদীখনৰ মাত্ৰ ২২ কিলোমিটাৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ মাজেৰে পাৰ হৈ যায়। কিন্তু ১,৩৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ নৈখনৰ ৮০ শতাংশ প্ৰদূষণ এইটো অঞ্চলতে হয়। পঢ়ক: যেতিয়া যমুনাৰ ‘মৰা মাছবোৰ সতেজ হৈ পৰিব’ ।
অনুবাদ: পংকজ দাস