ৰায়পুৰৰ উপকণ্ঠ অঞ্চলটোৰ ইটাৰ ভাতীটোত দুপৰীয়াৰ আহাৰৰ সময় হৈছে। কোনো কোনো শ্ৰমিকে হুৰমুৰকৈ এমোকোৰা নাকে-মুখে গুজিছে, কোনোবাই কঁকালখন পোনাবলৈ তিৰ্পালৰ অস্থায়ী জুপুৰীত জিৰাইছে।
“আমাৰ ঘৰ সাতনাত,” বোকামাটি লেপা জুপুৰীটোৰ পৰা ওলাই আহি আমাক মহিলা এগৰাকীয়ে মাত লগালে। ভাতীটোৰ বেছিভাগেই মধ্যপ্ৰদেশৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিক। নৱেম্বৰ-ডিচেম্বৰ মাহত শস্য চপাই আজৰি হৈ তেওঁলোকৰ সোঁত বয় চত্তীশগড়ৰ ৰাজধানী চহৰখনলৈ। মে’-জুনলৈ ছমাহ সময় তেওঁলোক ইটাৰ ভাতীত কাম কৰে। সমগ্ৰ ভাৰতত সিঁচৰতি হৈ থকা বিশাল এই ইটাৰ উদ্যোগটোত প্ৰায় ১ৰ পৰা ২.৩ কোটি শ্ৰমিক (ভাৰতৰ ইটাৰ ভাতীত গোলামী, ২০১৭ ) নিয়োজিত হৈ আছে।
এইবছৰ তেওঁলোক ঘৰ উভতে মানে কেন্দ্ৰত নতুন এখন চৰকাৰ গঠন হ’ব। কিন্তু প্ৰতিনিধি নিৰ্বাচনত এই প্ৰব্ৰজিত শ্ৰমিকৰ কিবা ভূমিকা থকাৰ কোনো নিশ্চয়তা নাই।
“ভোটদানৰ সময়ত আমাক খবৰ দিয়া হ’ব,” নিজৰ নাম প্ৰকাশত অনুচ্ছুক মহিলাগৰাকীয়ে পাৰিক কয়।
তথ্য বোধকৰো তেওঁলোকক ইয়ালৈ অনা শ্ৰমিকৰ ঠিকাদাৰ সঞ্জয় প্ৰজাপতিয়ে দিব। আমাৰ পৰা কিছুদূৰত থিয় দি থকা সঞ্জয়ে আমাক কয়, “সাতনাৰ নিৰ্বাচনৰ খবৰ মোৰ হাতত নাই। পালে তেওঁলোকক জনাম।” এই অঞ্চলৰ সঞ্জয়ৰ লগতে বহু শ্ৰমিক প্ৰজাপতি সম্প্ৰদায়ৰ (মধ্যপ্ৰদেশত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভূক্ত)।
এপ্ৰিলৰ উৎকট গৰমত, যেতিয়া পাৰাস্তম্ভ ৪০ ডিগ্ৰী চেলচিয়াছ পৰ্য্যন্ত পায়গৈ, তেনে ৰ’দত ইটাৰ ভাতীৰ শ্ৰমিকে ইটা বনোৱা, জুই দিয়া, কঢ়িয়াই নি লোড কৰা কাম কৰে. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ এক প্ৰতিবেদন (২০১৯ ) অনুযায়ী ইটা বনোৱা শ্ৰমিক এজনে প্ৰায় ৪০০ টকা উপাৰ্জন কৰে। দম্পতি হিচাপে কাম কৰিলে তেওঁলোকক ৬০০ৰ পৰা ৭০০ টকা দিয়া হয়। ইয়াতে শ্ৰমিকে সাধাৰণতে দল বান্ধিয়ে কাম কৰে।
উদাহৰণ স্বৰূপে ৰামজাসৰ কথাই ধৰক। তেওঁ নিজৰ পত্নীক লৈ আহিছে। সৰু চালি এখনৰ তলত বহি থকা একুৰি বয়সৰ ডেকাল’ৰাজনে নিজৰ ম’বাইল ফোনটো চাই আছে; কোন তাৰিখত ভোটদান আছে, তেওঁ নাজানে; মে’ মাহত কোনোবাদিনা আছে আৰু, এইবুলিহে তেওঁ কয়
“আমি ১৫০০ টকা খৰছ কৰি সাতনালৈ ভোট দিবলৈ যাও। এয়া আমাৰ অধিকাৰ।” আটাইবোৰ শ্ৰমিকেই যায়নে, আমি তেওঁক সুধিলো। ৰামজাসে থমকি ৰ’ল আৰু সঞ্জয়ে মাত লগালে, “সব জাতে হ্যে (সিহঁত আটায়ে যায়)।”
সাতনাত ২৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই প্ৰতিবেদকে তেওঁলোকৰ সৈতে ২৩ এপ্ৰিলৰ দিনা কথা পাতিছিল। তেওঁলোক কাৰো হাতত সেই সময়ত ৰেলৰ টিকট নাছিল।
ৰামজাস এটা প্ৰব্ৰজনকাৰী শ্ৰমিক পৰিয়ালৰ। তেওঁৰ পিতৃয়েও চত্তীশগড়ৰ ইটাৰ ভাতীত কাম কৰিছিল। দশম মানত পঢ়ি থাকোতেই ৰামজাসে পিতৃক হেৰুৱাইছিল। তিনি ভাই আৰু এজনী ভনীৰ মাজত ডাঙৰ ৰামজাসে স্কুলীয়া শিক্ষা সাং কৰি দিনহাজিৰা কৰিবলৈ লৈছিল। তেওঁৰ ডাঙৰ ভায়েককেইটাও সাতনা জিলাত নিজ গাঁৱত শ্ৰমিক হিচাপে কাম কৰিছিল। ৰামজাসে পাঁচবছৰ প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰি আছে আৰু কিবা জৰুৰী কাম নাইবা উৎসৱ-পাৰ্বনৰ সময়তহে ঘৰলৈ যায়। তেওঁ ইটাৰ ভাতীৰ কাম শেষ হোৱাৰ পিছতো ইটো-সিটো কাম কৰি থাকে, ঘৰলৈ নাযায়। জনসংখ্যাৰ চৰকাৰী জৰীপ (২০১১) অনুযায়ী মধ্যপ্ৰদেশৰ পৰা ২৪,১৫,৬৩৫ গৰাকী লোকে নিয়োগৰ বাবে প্ৰব্ৰজন কৰে।
কিন্তু আন ৰাজ্যৰ প্ৰব্ৰজনকাৰী শ্ৰমিকেই নহয়, যিয়ে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পৰা নাই।
ৰায়পুৰত নিৰ্বাচনী প্ৰচাৰ একছেটীয়া, বিৰোধী দলৰ চিন-মোকাম নাই বুলিয়েই ক’ব পাৰি। চহৰখনৰ উপকণ্ঠ অঞ্চলত অৱস্থিত ইটাৰ ভাতীটোৰ আশে-পাশে ক’তো পোষ্টাৰ-বেনাৰ আদি নাই। ভোট বিচাৰি কোনো প্ৰাৰ্থীয়েই মাইকত চিঞৰি চিঞৰি অনুৰোধ জনাবলৈ অহা নাই।
চত্তীশগড়ৰ বালোডাবাজাৰ জিলাৰ এগৰাকী মহিলা কামৰ পৰা জিৰণি লৈ গছৰ ছাঁত জীৰাইছে। তেওঁ নিজৰ চাৰিসন্তান আৰু গিৰীয়েকৰ লগত আহিছে। “মই তিনি-চাৰিমাহ আগতে ভোট দিছিলো,” তেওঁ ২০২৩ৰ নৱেম্বৰত চত্তীশগড়ত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচৰ কথা কয়। কিন্তু ভোটদানৰ সময়ত তেওঁ গাঁৱৰ ঘৰলৈ যাব বুলি কয়। নিৰ্বাচনৰ সময়ত তেওঁলোকৰ গাঁৱৰ সৰপঞ্চে তেওঁক কথা দিছিল। খাদ্য আৰু যাতায়াতৰ নামত ১৫০০ টকাও দিছিল।
“আমাক মাতি নিয়াজনে পইচাও দিয়ে,” তেওঁ কয়। ৰায়পুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বালোডাবাজাৰ জিলাত ৭ মে’ত ভোটদান অনুষ্ঠিত হ’ব।
অনুবাদ: পংকজ দাস