মাদ্ৰাজৰ (বৰ্তমান চেন্নাই) পুৰণি বাণিজ্যিক কেন্দ্ৰ জৰ্জ টাউনৰ মাজভাগত এটা ঠেক, ঘূৰণীয়া পথ ৰাতিপুৱাই কোলাহলেৰে মুখৰিত হৈ পৰে। কিন্তু এই পথটো আপুনি কেতিয়াও বিচাৰি নাপাব, যদিহে ইয়াক ইয়াৰ চৰকাৰী নাম বাড্ৰিয়ান ষ্ট্ৰীট বুলি সন্ধান কৰে। সকলোৱে ইয়াক পুক্কড়ই (ফ্লাৱাৰ বাজাৰ) বুলি কয়। ইয়াৰ কাৰণ হৈছে, ১৯৯৬ চনত চেন্নাইৰ কয়াম্বেডুত বিশাল পাচলি আৰু ফুলৰ বজাৰ স্থাপন হোৱাৰ বহু আগতে ইয়াত বস্তা হিচাপত ফুল বিক্ৰী হৈছিল। ১৮ বছৰৰ পিছতো, ব্যস্ততাৰে ভৰি পৰে পুক্কড়ইখন। বিক্ৰেতাসকলে বজাৰখন এৰি যাব নিবিচাৰে, আনহাতে ক্ৰেতাইও এইখন বজাৰলৈকেহে আহে।
দোকমোকালিৰ পৰাই পুক্কড়ইত মানুহৰ ভিৰ লাগে৷ বিৰ দি বাট নোপোৱা অৱস্থা৷ অন্ধ্ৰ প্ৰদেশ, কয়াম্বেডু আৰু সুদূৰ-দক্ষিণ তামিলনাডুৰ পৰা ফুলৰ বস্তা ইয়ালৈ আহে। পথটো প্ৰায় সদায়েই লেতেৰা হৈ থাকে; পথৰ মাজতে জাবৰ-জোঁথৰৰ এটা সুউচ্চ টিলাৰ সৃষ্টি হৈছে। কল্পনা কৰক, সহস্ৰজনৰ ভৰিৰ গচকত পুৰণি ফুলবোৰ পদদলিত হয়; কল্পনা কৰক, শতাধিক গাড়ীৰ চকাই সেইবোৰ চেপি গৈছে; আৰু তাৰ পিছত কল্পনা কৰক সেই গোন্ধটো। এই দৃশ্য বৰ সুখকৰ নহয়। কিন্তু পথটোৰ নিজৰেই এক গৰিমা আছে। পথৰ দুয়োফালে দোকান, কিছুমানৰ পকী চিমেণ্টযুক্ত গাঁথনি, য’ত আলমাৰি আৰু চিলিং ফেনো আছে, বাকী দোকানবোৰ জুপুৰিসদৃশ। সকলোবোৰ দোকান বাৰেবৰণীয়া ৰঙীণ। এয়া পুক্কড়ইৰ পকী দোকানবোৰৰ এখন। পথৰ দুয়োফালে এশৰো অধিক দোকান আছে। বহু দোকানত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে কাম কৰে ৷ তেওঁলোকে খৰাং পথাৰ বা জীৱিকাৰ অন্য উপায় নথকাত গাওঁবোৰৰ পৰা ইয়ালৈ আহিছে। দোকানৰ গৰাকীসকলৰ সহায়কসকল প্ৰায়ে তেওঁলোকৰ নিজৰ বা ওচৰৰ গাওঁবোৰৰ অহা ডেকা ল'ৰা হয় যি দোকানৰ পিছফালে বা ওপৰৰ সৰু কোঠা এটাত বাস কৰে। (এই ছবিখন মই পুক্কড়ইলৈ ১৯ এপ্ৰিল ২০১২ তাৰিখে যাওঁতে দৃশ্যগ্ৰহণ কৰা হৈছিল)
ভি. ছানমুগাৱেল (বাওঁফালে) ১৯৮৪ চনত ডিণ্ডিগুলৰ গৌণ্ডামপট্টিৰ পৰা চেন্নাইলৈ আহিছিল। গাঁৱত উপাৰ্জন আছিল নিচেই কম, দিনে মাত্ৰ ৫ টকা। সেয়ে তেওঁ আন ভাল কামৰ সন্ধানত ইয়ালৈ প্ৰব্ৰজন কৰিছিল। চেন্নাইত তেতিয়াও দৈনিক মজুৰি দহগুণ বেছি আছিল। তেওঁৰ দেউতাকে নিজৰ তিনি একৰ মাটিত খেতি কৰিছিল। কিন্তু যেতিয়া বৰষুণ কম হৈছিল, পানীৰ অভাৱ হৈছিল, তেতিয়া জীৱিকা নিৰ্বাহ কৰাটো অসম্ভৱ হৈ পৰিছিল। এতিয়াহে তেওঁৰ গাঁৱত ব’ৰৱেল স্থাপন কৰা হৈছে, ইতিমধ্যেই যথেষ্ট পলম হৈছে, কিয়নো বহুতো মানুহ গাঁৱৰ পৰা গুচি আহিছে।
নগদ ধন গণি থকা অৱস্থাত সোঁফালে এয়া কে. ৰামচন্দ্ৰন। তেওঁ ডিণ্ডিগুল জিলাৰ চোংচাট্টিপট্টিৰ পৰা আহিছে। এজন কৃষি শ্ৰমিক ৰামচন্দ্ৰনে ২০০৩ চনত ভাল জীৱিকাৰ সন্ধানত চেন্নাইলৈ আহিছিল। তেওঁৰ মাক-দেউতাকে এতিয়াও গাঁৱৰ ঘৰত কৃষি খণ্ডত জড়িত হৈ আছে। তেওঁৰ দৰে তেওঁৰ গাঁৱৰ অধিকাংশই কামৰ সন্ধানত প্ৰব্ৰজন কৰিছে; কেৱল ৪০ বা ৫০ বছৰ বয়সৰ লোকসকলহে গাঁৱত আছে। ডেকাসকলে তিৰুপ্পুৰ, কইম্বাটুৰ বা চেন্নাইলৈ কামৰ সন্ধানত গুচি গৈছে। আৰু সেয়েহে এসময়ৰ সহস্ৰাধিক লোকে বাস কৰা এখন গাঁৱত আধাতকৈও কম লোকে বাস কৰে বুলি ৰামচন্দ্ৰনে বিশ্বাস কৰে। আৰু সেই লোকসমূহ ভিতৰতো তেওঁৰ বয়সৰ পুৰুষৰ সংখ্যা খুবেই কম।
এ. মুথুৰাজ ডিণ্ডিগুল জিলাৰ পাচাইমালায়ানকোট্টাইৰ পৰা আহিছে, য'ত পাঁচ বছৰ পূৰ্বে ৩০,০০০ টকাত বিক্ৰী হোৱা ভূমিৰ মূল্য এতিয়া ১ লাখ টকা। কাৰণটো? ই মুখ্য চহৰবোৰক সংযোগ কৰা এটা ক্ৰছৰোডৰ ওচৰত অৱস্থিত আৰু যিসকলে তাত বাস কৰে তেওঁলোকে দৈনিক সেই চহৰবোৰৰ যিকোনো এখনলৈ যাত্ৰা কৰিব পাৰে। ইয়াৰ বাবে এতিয়াও কোনেও খেতিৰ প্ৰতি আগ্ৰহী নহয়, পথাৰত কাম কৰা লোকৰ সংখ্যাও নগণ্য। মুথুৰাজৰ মাক সেই মুষ্টিমেয় কেইগৰাকীমান লোকৰ ভিতৰত অন্যতম যিয়ে এতিয়াও খেতি কৰে (তেওঁলোকৰ দুই একৰ মাটি আছে) আৰু তেওঁ মজুৰি লোৱা শ্ৰমিক সহায়কৰ সৈতে অলিয়াণ্ডাৰ ফুলৰ খেতি কৰে। পানীৰ ব্যৱস্থাও দুৰ্লভ। ৮০০ ফুটৰ বোৰিংবোৰত সামান্য বা পানী একেবাৰেই নোপোৱাৰ বাবে তেওঁ এতিয়া সপ্তাহত দুবাৰকৈ পথাৰত জলসিঞ্চন কৰিবলৈ টেংকাৰৰ (৭০০ টকা প্ৰতি টেংকাৰ) পৰা পানী ক্ৰয় কৰে। বৰিষাৰ বতৰত পৰিস্থিতি সামান্য উন্নত হয় যদিও গাঁৱৰ জীৱন সদায়েই কঠিন৷ যেতিয়া ১৮ বছৰ পূৰ্বে মুথুৰাজৰ আত্মীয়সকলে তেওঁক চাকৰি বিচাৰি চেন্নাইলৈ যাবলৈ কৈছিল, তেওঁ উচ্ছ্বসিত হৈ চেন্নাইলৈ স্থানান্তৰিত হৈছিল।
এছ. পৰাক্ৰমাপাণ্ডিয়ানৰ (বাওঁফালে) ককাদেউতাকে তেওঁক লৈ ডাঙৰ সপোন দেখিছিল – তেওঁ বিচাৰিছিল যে পৰাক্ৰমাপাণ্ডিয়ান এজন আৰক্ষী হওক আৰু সেয়েহে তেওঁক মাডুৰাইৰ ৰজাৰ নামেৰে নামাকৰণ কৰা হৈছিল। ককাদেউতাকে ভাবিছিল যে পৰাক্ৰমাপাণ্ডিয়ানৰ বুকুত আৰক্ষীৰ বেজ ভাল দেখাব। অৱশ্যে, 'পাৰক' (ইয়াত সকলোৱে তেওঁক সেই নামেৰে মাতে, যাৰ স্থানীয় উপভাষাত অৰ্থ হৈছে নিষ্ফল স্বপ্নদৰ্শী) কেতিয়াও বিদ্যালয়লৈ যোৱা নাছিল আৰু এতিয়া তেওঁ ফুল বিক্ৰী কৰে। ডিণ্ডিগুল জিলাৰ পাল্লাপট্টি গাঁৱৰ পৰাক্ৰমাপাণ্ডিয়ান ১৪ বছৰ বয়সতে চেন্নাইলৈ আহিছিল। প্ৰথমতে তেওঁ কয়াম্বেডুত কাম কৰিছিল আৰু পিছলৈ এখন দোকান স্থাপন কৰিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু তাৰ বাবে তেওঁ ২.৫ লাখ টকাৰ ঋণ (মূলধনৰ সৈতে সূত) ল’বলগীয়া হৈছিল। তেওঁ কিছু মাটি বিক্ৰী কৰিছিল আৰু ১.৫ লাখ টকা পৰিশোধ কৰিছিল ৷ বাকীখিনি ধন পৰিশোধ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ উপাৰ্জনৰ বাবে তেওঁ প্ৰতিদিনে ৰাতিপুৱা শুই উঠিয়েই চিন্তা কৰে আৰু সেয়ে তেওঁ সূৰ্যাস্তলৈকে পৰিশ্ৰম কৰে।
অনুবাদক: মনোৰঞ্জন মজুমদাৰ