২০১৪ৰ ২০ ডিচেম্বৰত উন্মোচন কৰা হৈছিল পাৰি, আজি পাৰিৰ এটা দশক সম্পূৰ্ণ হ’ল।
আমাৰ আটাইতকৈ ডাঙৰ সফলতা কি বাৰু? নিশ্চয় মনলৈ প্ৰশ্ন আহে। আমি যে ইমানদূৰ আহি পাইছো সাংবাদিকতাৰ এক স্বতন্ত্ৰ ৱেবছাইট হিচাপে, তাকো সংবাদ জগতত এনে এটা পৰিৱেশত, য’ত ক’ৰ্পৰেট গোষ্ঠীয়েই উঠিৰজা- বহিৰজা। পাৰিয়ে এতিয়া দৈনিক ১৫ টা ভাষাত প্ৰতিবেদন প্ৰকাশ কৰে। শূন্য কৰপাছেৰে আৰম্ভ কৰা এটা ট্ৰাষ্ট – কোনো চৰকাৰী পূঁজি নাই – কোনো কাৰণতে বিচৰাও নাই, দিয়াও নাই। কোনো পোনপটীয়া ক’ৰ্পৰেট অনুদান বা বিনিয়োগ অবিহনে, স্বইচ্ছাই বিজ্ঞাপনৰ পৰা কোনো ৰাজহ আদায় নকৰাকৈ, পাৰি চাবলৈ-পঢ়িবলৈ মন থকা সিংহভাগ লোক বাদ পৰিব বুলি পাৰিত গ্ৰাহকভুক্তিৰ মাচুল নৰখাকৈ আমি ইমানখিনি আহি পাইছো। পাৰি নিৰ্মাণ হৈছে বদ্ধপৰিকৰ স্বেচ্ছাসেৱকৰ এক বিশাল নেটৱৰ্কেৰে– সাংবাদিক, প্ৰযুক্তিবিদ, শিল্পী, কৃতবিদ্য আৰু বিভিন্ন ক্ষেত্ৰৰ লোকেৰে। পাৰি গঢ়ি উঠিছে জনসাধাৰণ, ন্যাস আৰু ফাউণ্ডেছনৰ বৰঙনিৰে, যিয়ে কেতিয়াও পাৰিৰ স্বতন্ত্ৰতাত হস্তক্ষেপ কৰা নাই।
এদল অতিশয় যত্নপৰায়ণ কৰ্মচাৰীয়ে পৰিচালনা কৰা পাৰি এনে এটা ৱেবছাইট যিয়ে প্ৰণালীবদ্ধভাৱে ভাৰতৰ প্ৰায় ৯৫ শতাংশ প্ৰাকৃতিকভাৱে, ভৌগোলিক বা ঐতিহাসকভাৱে বিৱৰ্তিত অঞ্চলৰ পৰা প্ৰতিবেদন প্ৰকাশ কৰিবলৈ যত্ন কৰে। এনে এক সাংবাদিকতাৰ ধাৰা যি সম্পূৰ্ণৰূপে গ্ৰামীণ ভাৰতৰ প্ৰতি উৎসৰ্গিত - দেশখনৰ গ্ৰামাঞ্চলৰ প্ৰায় ৯০ কোটি জনতাৰ প্ৰতি উৎসৰ্গিত, তেওঁলোকৰ জীৱন আৰু জীৱিকা, সংস্কৃতিলৈ তেওঁলোকৰ ৮০০ সুকীয়া সুকীয়া ভাষালৈ উৎসৰ্গিত। সৰ্বসাধাৰণজনৰ প্ৰাত্যহিক জীৱন নথিবদ্ধ কৰিবলৈ পাৰি বদ্ধপৰিকৰ - প্ৰায় এশ কোটি জনতাৰ কাহিনী ক’বলৈ। কিয়নো আমি দেশখনৰ নগৰাঞ্চলত গ্ৰামাঞ্চলৰ পৰা প্ৰব্ৰজিত শ্ৰমিকৰ সৰহখিনিৰে প্ৰতিবেদন আমি বৰ গুৰুত্ব সহকাৰে পাৰিত প্ৰকাশ কৰোঁ।
আৰম্ভণিৰে পৰা পাৰিৰ প্ৰতিস্থাপকসকল এই কথা লৈ স্পষ্ট যে পাৰিয়ে দুটা দিশত কাম কৰিব, সাংবাদিকতাৰ ছাইটো হ’ব আৰু হ’ব এক জীৱন্ত আৰ্কাইভ। আমি এনে এটা ৱেবছাইট গঢ়ি তুলিব বিচাৰিছিলো য’ত সাংবাদিকতা ক’ৰ্পৰেটে নিৰ্ধাৰিত কৰি দিয়া ‘পেচাদাৰী’ মিডিয়াৰ সূত্ৰৰে বন্ধা নাথাকে। যি হ’ব ৱাকিবহাল-বিজ্ঞতাপূৰ্ণ। কলা, বিজ্ঞান আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সমাজ বিজ্ঞানৰ পৰা সমৃদ্ধ জ্ঞান, সুশৃংখলা আৰু শক্তিৰ সমাহাৰেৰে পাৰি আগবাঢ়িছিল। প্ৰথম দিনটোৰ পৰাই আমি কেৱল অভিজ্ঞতাপুষ্ট সাংবাদিককে আমাৰ সৈতে জৰিত কৰোৱা নাছিলো, বৰঞ্চ সাংবাদিকতাৰ বাদেও আন আন শাখাৰ জ্ঞানসমৃদ্ধ ব্যক্তিকো পাৰিলৈ আৰম্ভণিৰে পৰা জৰিত কৰা হৈছিল।
এনেকৈয়ে আৰম্ভ হৈছিল বিভ্ৰান্তি, সংঘাত, ভুল বুজা-বুজি, যুক্তিতৰ্ক (কেতিয়াবা তিঁতা-কেঁহা) আৰু অৱশেষত সৃষ্টি হৈছিল সুন্দৰ এক ফিৰিঙতিৰ – উচ্চখাপৰ সফলতাৰ এচমকা পোহৰ আমি দেখিছিলো। সকলো ক্ষেত্ৰৰ পৰা অহা সকলোৱে এটা কথা হৃদয়ংগম কৰিছিল আৰু একেস্বৰে কৈছিল: পাৰিৰ কোনো সমলতেই আমাৰ কথা থাকিব নালাগিব। থাকিব লাগিব সাধাৰণজনৰ কথা, তেওঁলোকৰ প্ৰাত্যহিক জীৱনৰ ঘটনা, তেওঁলোকৰ দৃষ্টিৰে। পাৰিৰ সকলো সাংবাদিককেই ফিল্ডত এটা নিয়ম সদায়ে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছিল যে পাৰিৰ প্ৰতিবেদনত থাকিব লাগিব সাধাৰণ মানুহৰ কণ্ঠ, প্ৰতিবেদকজন তাত হ’ব লাগিব অনুপস্থিত। সেয়ে আমি যিমানদূৰ পাৰো খেতিয়ক, বন নিবাসী, শ্ৰমিক, শিপিনী, মৎস্যজীৱি আৰু আন বহু জীৱিকাৰ লোকক তেওঁলোকৰ কাহিনী ক’ব দিছো, পাৰিলে তেওঁলোকৰ নিজৰ কাহিনী লিখিবলৈ দিছো। কেতিয়াবা গাবলৈও কৈছো।
আৰু আজিৰ তাৰিখত আমাৰ ৱেবছাইটত কি আছে। টেক্সট্ আৰ্টিকলৰ ভিতৰত আছে ২,০০০ৰো অধিক পূৰ্ণদৈৰ্ঘ্যৰ প্ৰতিবেদন। তাৰে ভালেকেইটাই পুৰস্কাৰ লাভ কৰিছে, এই সৰহভাগেই আমি পাঠকলৈ ১৫ টা ভাষাত প্ৰকাশ কৰিছো। বিভিন্ন ধৰণৰ জীৱিকাৰ প্ৰতিবেদন (তাৰে কিছুমান বিলুপ্ত হোৱাৰ উপক্ৰম), কৃষকৰ, প্ৰতিবাদ, জলবায়ু পৰিৱৰ্তন, লিংগ আৰু জাত-পাতজনিত অন্যায় আৰু হিংসা, গীত-মাতৰ আৰ্কাইভ, প্ৰতিৰোধৰ কবিতা, প্ৰতিবাদৰ ফটোগ্ৰাফীৰ প্ৰতিবেদন পাৰিত প্ৰকাশ কৰা হৈছে।
আমাৰ পাৰি এডুকেচন বুলি শিতান এটা আছে য’ত শিক্ষাৰ্থী প্ৰতিবেদকৰ প্ৰায় ২৩০ টা ষ্ট’ৰি আছে। পাৰি এডুকেচন খুব ভাল চলিছে। শ শ স্কুল-কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত পাৰি এডুকেচনৰ সৈতে জৰিত হ’বলৈ বিচাৰি আছে। এই শিতানৰ যোগেদি মই গণিব নোৱাৰা সংখ্যক শৈক্ষিক প্ৰতিষ্ঠানত অসংখ্য কৰ্মশালা, প্ৰশিক্ষণ কাৰ্য্যসূচী আৰু বক্তৃতা অনুষ্ঠান পতা হৈছে। তাৰ লগতে পাৰিৰ ছ’চিয়েল মিডিয়াই নতুন প্ৰজন্মক ঢুকি পাইছে। আমাৰ ইনষ্টাগ্ৰাম পে’জটো অনুসৰণ কৰা লোকৰ সংখ্যা ১২০,০০০ – কেনে এক দৰ্শনীয় সাফল্য।
আমাৰ সৃষ্টিশীল লেখা আৰু কলা শিতান এটাও আছে যিটোৱে যথেষ্ট সমাদৰ লাভ কৰিছে। সৃষ্টিশীল এই শিতানত অসাধাৰণ প্ৰতিভাধাৰী শিল্পীয়ে লিখিছে। লোককবিৰ পৰা আৰম্ভ কৰি জনতাৰ গায়ক, তাৰ লগতে মেধাৱী চিত্ৰকৰৰ হাতৰ পৰশৰ পৰা লৈ (প্ৰথমবাৰৰ বাবে) আৰ্কাইভ অৱ আদিবাসী চিল্ডৰেনচ্ আৰ্টে এই শিতানক অনন্য কৰি তুলিছে।
পাৰিয়ে দেশৰ বিবিধ অঞ্চলৰ লোকসংগীত আৰ্কাইভ কৰাৰ যত্ন কৰিছে। তাৰ ভিতৰত আছে জাঁতশালৰ গীতৰ প্ৰকল্প যিয়ে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বীকৃতি লাভ কৰিছে। আমি হয়তো ৱেবছাইটৰ ফালৰ পৰা দেশখনত লোকসংগীতৰ আটাইতকৈ ডাঙৰ ভঁৰাল হিচাপে বিবেচিত হৈছো।
যোৱা এটা দশকত পাৰিয়ে অবিশ্বাস্য ধৰণৰ ভিন্নতা থকা ষ্ট’ৰি আৰু ভিডিঅ’ প্ৰকাশ কৰিছে। ক’ভিড কালৰ আগৰ, সেই সময়ছোৱাৰ আৰু তাৰ পিছৰ স্বাস্থ্যসেৱা, প্ৰব্ৰজন, হেৰাই যোৱা জীৱিকা আৰু কৌশল আদি সামৰিছে। এই তালিকাখন শেষ হৈ নাহে।
এই দহটা বছৰত পাৰিয়ে ৮০ টা পুৰস্কাৰ, বঁটা আৰু সন্মান লাভ কৰিছে। তাৰ ভিতৰত আছে ২২ টা আন্তঃৰাষ্ট্ৰীয় বঁটা। হয়, ইয়াৰে ৮০ টাৰ ভিতৰত ৭৭ টাৰ উল্লেখ আমাৰ ৱেবছাইটত আছে – কিয়নো তিনিটা তেতিয়াহে ঘোষণা কৰিব পৰা যাব যেতিয়া আযোজকে আমাক দিবলৈ ক’ব। তাৰমানে আমাৰ এটা দশকত গঢ়ে ৪৫ দিনৰ মূৰে মূৰে এটাকৈ বঁটা আহিছে। প্ৰায়ভাগ তথাকথিত ‘মূলসুঁতি’ৰ সংবাদগোষ্ঠীয়ে এই পৰ্য্যায়ৰ সফলতাৰ কাষকে চাপিব পৰা নাই।
‘পিপলচ্ আৰ্কাইভ’ৰ প্ৰয়োজন কোনখিনিত?
ঐতিহাসিকভাৱে আৰু শিক্ষিত শ্ৰেণীৰ ৰমন্যাসিক ধাৰণাৰ বিপৰীতে আৰ্কাইভ আৰু প্ৰাচীন পুথিভঁৰালবোৰ সকলোৰে বাবে খোলা নাছিল। সেয়া আছিল (আৰু থাকি গৈছে) অভিজাত শ্ৰেণী আৰু বৰ্জনকাৰীসকলৰ। (এইক্ষেত্ৰত গেমচ অৱ থ্ৰ’নচখনৰ কাহিনীৰ কিয়দংশৰ প্ৰসংগ আহি পৰিছে বুলি ধৰি লওঁক। চেমৱেল টাৰ্লিৱে নিষিদ্ধ কোঠাৰ নিষিদ্ধ কিতাপ পঢ়াৰ চেষ্টা কৰিছিল। সেই কিতাপেই আৰ্মি অৱ দা ডেডৰ বিৰুদ্ধে যুদ্ধত জয়ী হোৱাত সহায় কৰিছিল)। আমি ঠিক চেমৱেলৰ দৰেই কিবা এটা কৰি থকা নাইনে?
প্ৰাচীন আলেকজেণ্ড্ৰিয়া, নালন্দা আৰু আন বহু বিখ্যাত মেটমৰা জ্ঞানেৰে ভৰা পুথিভঁৰালৰ দুৱাৰ কেতিয়াও সৰ্বসাধাৰণজনৰ বাবে মুকলি নাছিল।
এক কথাত আৰ্কাইভ প্ৰায়ে ৰাজ্যৰ নিয়ন্ত্ৰণাধীন আৰু বৃহত্তৰ জনসাধাৰণৰ পৰা সংবেদনশীল তথ্য লুকুৱাই ৰখা এক স্থান হিচাপেই পৰিগণিত হৈ আহিছে। ভাৰত আৰু চীনৰ যুদ্ধ হৈছিল ১৯৬২ত, ৬২ বছৰ পূৰ্বে। কিন্তু আজিৰ তাৰিখলৈকে সেই যুদ্ধৰ গুৰুত্বপূৰ্ণ নথিবোৰ আমি পোৱা নাই। দশকৰ পিছত দশক জুৰি সাংবাদিকে বহু যুঁজ-বাগৰৰ অন্ততহে নাগাচাকিৰ বোমা বিস্ফোৰণৰ পিছৰ ফুটেজবোৰ আমেৰিকাৰ সেনাবাহিনীৰ পৰা পাইছিল। পেণ্টাগনে সেই ফুটেজবোৰ ৰাখি থৈছিল আৰু ভৱিষ্যতৰ পাৰমাণবিক যুদ্ধৰ বাবে আমেৰিকাৰ সেনাবাহিনীক প্ৰশিক্ষণ দিয়াত ব্যৱহাৰ কৰিছিল।
তাৰোপৰি এনে বহু আৰ্কাইভ আছে যিবোৰ ‘ব্যক্তিগত সংগ্ৰহ’ বুলি ৰাখি থোৱা আছে আৰু অনলাইন লাইব্ৰেৰী/আৰ্কাইভৰো এনে তথ্য আছে যিবোৰ মানুহৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ তথা অতিশয় প্ৰাসংগিক যদিও তাৰ এক্সেছ তেওঁলোকে নিদিয়ে।
তেনেকৈয় প্ৰয়োজন আহি পৰে পিপলচ্ আৰ্কাইভৰ। এনে এটা আৰ্কাইভ যিটো কোনো চৰকাৰ কিম্বা ক’ৰ্পৰেচনৰ ওচৰত জবাবদিহি নহয় আৰু উত্তৰদায়ী নহয়। ব্যক্তিগত মুনাফাৰ বান্ধোনত নথকা এক সাংবাদিকতা। আমি ক’ভাৰ কৰা জনসাধাৰণৰ ওচৰতহে আমি দায়বদ্ধ। সমাজ আৰু সংবাদমাধ্যম দুয়োটাই এলাগী কৰা উপান্ত শ্ৰেণীটোৰ ওচৰতহে আমি জবাবদিহি হ’ম।
বৰ্তমানৰ সংবাদ জগতত টিকি থকাটো আপুনি ভবাতকৈ বহুগুণে কঠিন। পাৰি পৰিয়ালে প্ৰায়ে নতুন নতুন ধাৰণাৰ কথা ভাবো, জানো যে এইটো কৰা উচিত। আৰু আমি কোনো বিশেষ প্ৰস্তুতি অবিহনেই তাৰে কোনো এটা কৰিবলৈ আগবাঢ়ো। এই ধৰক আৰু এটা ভাষা যোগ দিও। ধৰক ভাৰতৰ মুখমণ্ডলৰ বৈচিত্ৰতা ধৰি ৰাখো – প্ৰতিখন জিলাৰে (এতিয়া ৮০০ খন) সাধাৰণ লোকৰ ফটো পাৰিত ধৰি ৰাখো। তাতকৈ এখোপ আগবাঢ়ি প্ৰতিখন জিলাৰে প্ৰতিটো ব্লকৰ ফটো সংগ্ৰহ কৰোঁ।
এতিয়া আমাৰ ফেচেচ শিতানত শ শ ব্লক আৰু জিলা মিলি ৩,২৩৫ খন মুখমণ্ডল আছে। পাৰিৰ ৱেবছাইটত আছে ৫২৬ টা ভিডিঅ’।
এই সুন্দৰ মুখমণ্ডলৰ সংগ্ৰহৰ উপৰিও পাৰিত ২০,০০০ৰো অধিক মনোমোহা আলোকচিত্ৰ আছে (সঠিক সংখ্যা এতিয়াও পোৱা হোৱা নাই)। দৃশ্যগত দিশৰ পৰা ৱেবছাইটটোক বৈচিত্ৰময় কৰি তুলিব পাৰি আমি গৌৰৱবোধ কৰিছো। আৰু ভাৰতৰ ভিতৰতে কিছু উত্তম শ্ৰেণীৰ ফটো আৰু ইলাষ্ট্ৰেছন থকা মঞ্চ বুলি গৌৰৱেৰে দাবী কৰিব পাৰো।
এতিয়া আহো পাৰি লাইব্ৰেৰী শিতানলৈ। ই কেৱল আপোনাক কিতাপ ধাৰলৈ নিদিয়ে, দিয়ে বিনামূল্যে। আমাৰ লাইব্ৰেৰীত থকা যিকোনো তথ্যসম্ভাৰ আপুনি ডাউনলোড কৰি প্ৰিণ্টআউট উলিয়াই ৰাখিব পাৰে।
দেশৰ সকলো প্ৰান্তৰ শিপিনীক লৈ প্ৰস্তুত প্ৰতিবেদনৰ সৰ্বোৎকৃষ্ট সংগ্ৰহ এটা সৃষ্টি কৰোঁ আহক। জলবায়ু পৰিৱৰ্তনৰ আচল ষ্ট’ৰীবোৰ ক’ভাৰ কৰোঁ আহক। সঁচা ষ্ট’ৰীবোৰ– যিবোৰে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বাস্তৱিক পৰ্য্যায়ৰ অভিজ্ঞতা লাভ কৰিছে, তেওঁলোকৰ জীয়া কাহিনী আৰু কণ্ঠৰে জলবায়ু পৰিৱৰ্তনৰ প্ৰতিবেদন। বিজ্ঞান আৰু প্ৰযুক্তিৰ দুৰ্বোধ্য কথাৰে ভৰা প্ৰতিবেদনৰ যোগেদি নহয়, যিটোৱে কেৱল পাঠকক এইটোকে বুজায় যে জলবায়ু পৰিৱৰ্তন তেওঁলোকৰ সাধ্যৰ বিষয় নহয়।আমি এনে বৈজ্ঞানিক-প্ৰযুক্তিগত প্ৰতিবেদন পাৰি লাইব্ৰেৰীত প্ৰকাশ নকৰা নহয় – কিন্তু তাৰ লগত সাৰাংশ আৰু ফেক্টশ্বীট যোগ দিও যাতে প্ৰতিবেদনখনত কি কোৱা হৈছে, সেয়া সকলোৱে বুজি পাব পাৰে। লাইব্ৰেৰীত আমাৰ ৯০০ এনে প্ৰতিবেদন আছে যিবোৰৰ সাৰাংশ আৰু ফেক্টশ্বীট আছে। এই কামত অতিশয় কষ্ট কৰিবলগীয়া হয়।
এটা দশক বৰ্তি থকাৰ উপৰিও আমাৰ আন এক ডাঙৰ সাফল্য হৈছে আমাৰ বহুভাষিকতা। বিশ্বত এনে কোনো সাংবাদিকতাৰ ৱেবছাইট নাই যিয়ে সম্পূৰ্ণ সমল ১৫ টা ভাষাত আগবঢ়ায়। বিবিচিৰ দৰে সংস্থা আছে যিয়ে ৪০ টা ভাষাত বাতৰি প্ৰকাশ কৰে, কিন্তু তাৰ ভাষাসমূহৰ মাজত সামঞ্জস্য নাই। তেওঁলোকৰ তামিল ভাষাৰ সেৱাত ইংৰাজী ভাষাৰ কাৰ্য্যসূচীৰ এটা সামান্য অংশহে থাকিব। পাৰিত এখন প্ৰতিবেদন এটা ভাষাত প্ৰকাশ পোৱা মানে সেয়া ১৫টাৰ আটাইকেইটা ভাষাতে প্ৰকাশ পাব লাগিব। আৰু আমি নিজৰ মাতৃভাষাত লিখা প্ৰতিবেদকক উৎসাহ যোগাও, আৰু আমাৰ বহুভাষিক সম্পাদকবৰ্গই সেই ভাষাত প্ৰথমে প্ৰতিবেদন সম্পাদনা কৰে।
পাৰিৰ অনুবাদৰ বিশাল দলটো, ভাৰতীয় ভাষাৰ পৰিয়ালটো হৈছে পাৰিভাষা। তাক লৈ সঁচাকৈয়ে গৌৰৱান্বিত। তেওঁলোকে এনে এক বিস্ময়কৰ জটিল কাম কৰি আহিছে। এই অনুবাদকসকলে পাৰ হৈ যোৱা বছৰবোৰত ১৬,০০০ৰ আশে-পাশে লেখা অনুবাদ কৰিছে।
ইয়াৰ সমান্তৰালভাৱে আগবাঢ়িছে আটাইতকৈ প্ৰত্যাহ্বানযুক্ত প্ৰকল্পটো – বিপন্ন ভাষাৰ প্ৰকল্প। যোৱা ৫০ টা বছৰত ২২৫ টা ভাৰতীয় ভাষাৰ মৃত্যু ঘটিছে, এনেকৈ আৰু ভাষা মৃত্যুৰ গৰাহত পৰিছে, যিবোৰ নথিবদ্ধ কৰি সংৰক্ষণ কৰা কামটো আমাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ কাম।
যোৱা দহটা বছৰত ৩৩ খন ৰাজ্যৰ ৩৮১ খন জিলাত আৰু স্বায়ত্ব শাসিত অঞ্চলৰ পৰা আমি ৰিপ’ৰ্টিং কৰিছো। আৰু এই প্ৰতিবেদন, সমল সম্পাদনা কৰিছে পাৰিত থকা প্ৰতিবেদক, লিখক, কবি, আলোকচিত্ৰশিল্পী, চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰকৰ, বিভিন্ন মাধ্যমৰ সম্পাদক আৰু পাৰিৰ শ শ শিক্ষানবিচে। অৰিহণা যোগোৱা এনে সদস্যৰ সংখ্যা ১,৪০০।
কিন্তু মই ওপৰে ওপৰে যিবোৰ শিতান আৰু পাৰিৰ কাম-কাজৰ কথা ক’লো, সেইবোৰত ইমান ব্যয় হয় যে সিমানখিনি আমাৰ হাতত একেবাৰতে নাই। কিন্তু আমি তেনেকৈয়ে খৰখেদাকৈ আগবাঢ়ি গৈ আছো। নিজৰ ওপৰত বিশ্বাস ৰাখিছো যে আমি যদি ভাল কাম কৰি আছো, আৰু কৰি আছো বুলি আমি জানো, গতিকে সিয়েই আমাৰ বাবে আৰ্থিক সমৰ্থন অনাৰ বাট মুকলি কৰিব। পাৰিৰ প্ৰথমটো বৰ্ষত বাৰ্ষিক ব্যয় আছিল ১২ লাখ। এতিয়া সেয়া ৩ কোটিৰ অকণমান কম। কিন্তু সেইখিনিৰেই আমি তাতকৈ কত বেছি পৰিমাণৰ প্ৰতিবেদন প্ৰকাশ কৰি আহিছো - দেশখনৰ সৰ্বসাধাৰণৰ বাবে আৰ্কাইভ এটা গঢ়ি তোলাৰ গুৰুত্বপূৰ্ণ কাম আমি কৰি আছো।
হয়, এই দহটা বছৰ বৰ্তি থকাটো ডাঙৰ এটা সফলতা। কিন্তু আমি এই এটা দশকত যিটো গতিত আগবাঢ়িছো, পাৰিক মজবুতকৈ নিৰ্মাণ কৰিছো, তাৰবাবে সঁচাকৈয়ে আপোনালোকৰ সহায় লাগিব। আমাৰ জনাদেশ আৰু নিৰ্দেশনা মানি চলাজনে পাৰিৰ বাবে লিখিব পাৰে, চলচ্চিত্ৰ বনাব পাৰে, ফটো তুলিব পাৰে আৰু পাৰিৰ কাৰণে গীত-মাত ৰেকৰ্ড কৰিব পাৰে।
বোধহয় আজিৰ পৰা ২৫ বছৰ পাছত, নাইবা একেবাৰে নিশ্চিতি দি ক’বলৈ ৫০ বছৰ পিছত সাধাৰণ ভাৰতীয়ৰ জীৱন কেনে আছিল, কি কাম কৰিছিল, কি সৃষ্টি কৰিছিল, কি উৎপাদন কৰিছিল, কি খাইছিল-পিন্ধিছিল, গাইছিল-নাচিছিল আৰু কি কি কৰিছিল সেয়া জানিবলৈ পাৰি মানুহে চাব লাগিব। ২০২১ত ইউ.এছ. লাইব্ৰেৰী অৱ কংগ্ৰেছে পাৰিক এক অতি অপৰিহাৰ্য্য সমল আৰু তেওঁলোকে পাৰিক সংৰক্ষিত কৰাৰ অনুমতি বিচাৰিছিল – আৰু আমি আনন্দমনে সেয়া দিছিলো।
বিনাশুল্কে পাৰিয়ে ৰাইজলৈ মাল্টিমিডিয়া ডিজিটেল স্পেচৰ সুবিধা দিছে য’ত আমাৰ সময়ৰ কাহিনীবোৰ শুদ্ধ-সঠিক উপায়ে দাঙি ধৰা হৈছে, সি এক ৰাষ্ট্ৰীয় সমললৈ উন্নীত হৈছে। আমাক এই ৰাষ্ট্ৰীয় সম্পদ গঢ়ি তোলাত সহায় কৰক।
অনুবাদ: পংকজ দাস