আমাৰ গাঁও পালছুণ্ডেত সাতটা বেলেগ বেলেগ জনজাতিৰ লোক আছে আৰু তাৰ ভিতৰত ৱাৰ্লি জনজাতিৰ লোকেই আটাইতকৈ বেছি। মই ৱাৰ্লি, কলি মহাদেৱ, কাটকৰি, মা ঠাকুৰ, ধোৰ কলি আৰু মালহাৰ কলি – এই সাতটা জনজাতীয় সম্প্ৰদায়ৰ ভাষা শিকিছোঁ। শিকাটো মোৰ কাৰণে ইমান টান নাছিল, কিয়নো এইখনেই মোৰ জন্মস্থান, মোৰ কৰ্মভূমি। পঢ়া-শুনাও মই ইয়াতেই কৰা।

মই বালচন্দ্ৰ ৰামজী ধনগৰে। মোখাড়াৰ জিলা পৰিষদ প্ৰাথমিক বিদ্যালয়ত মই শিক্ষকতা কৰোঁ।

মোৰ বন্ধুসকলে মোক প্ৰায়ে কয়, “তুমি যিকোনো ভাষা শুনিলেই খুব সোনকালে আয়ত্ত কৰিব পাৰা আৰু ক’ব পাৰা।” মই কোনো এটা সম্প্ৰদায়ৰ ওচৰলৈ গ’লে মানুহে মোক তেওঁলোকৰ আপোন মাটিৰে এজন বুলি ভাবি তেওঁলোকৰ নিজৰ ভাষাতে কথা পাতে।

ভিডিঅ টো চাওক : ৱাৰ্লি শিক্ষাৰ বাবে এক বৃহৎ প্ৰচেষ্টা

আমাৰ আদিবাসী অঞ্চলসমূহৰ শিশুসকলৰ সৈতে কথা-বতৰা পাতোঁতে মই অনুভৱ কৰিছিলোঁ যে তেওঁলোকে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি থকাৰ সময়ত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হয়। মহাৰাষ্ট্ৰ চৰকাৰৰ এটা নিয়ম আছে যে জনজাতীয় এলেকাত কাম কৰা শিক্ষকসকলক এক বিশেষ মান প্ৰদান কৰা হয়, কাৰণ তেওঁলোকে দৈনন্দিন জীৱনত প্ৰয়োগ হোৱা সেই স্থানীয় ভাষাটো শিকিবলগীয়া হয়।

মোখাড়াত ৱাৰ্লিয়েই হৈছে বেছিভাগ লোকে কোৱা ভাষা। স্কুলতো এই ভাষা কোৱা বহু ল’ৰা-ছোৱালী আছে। আমি যদি সিহঁতক ইংৰাজী শিকাব বিচাৰোঁ, তেন্তে প্ৰথমে আমি ইয়াৰ বাবে মাৰাঠী শব্দৰ সৈতে তেওঁলোকক পৰিচয় কৰাব লাগিব আৰু তাৰপাছত সেই একেটা শব্দ ৱাৰ্লিত বুজাব লাগিব। তাৰপাছতহে আমি শব্দটো ইংৰাজীত শিকাওঁ।

এয়া সহজ নহয়, কিন্তু শিশুসকল বুদ্ধিমান আৰু কঠোৰ পৰিশ্ৰমী। সিহঁতে খুব সোনকালেই মান্য ভাষা মাৰাঠী বুজি পোৱাৰ লগে লগেই সিহঁতক শিকোৱাটোও আমোদজনক হৈ পৰে। তথাপিও ইয়াত সামগ্ৰিকভাৱে শিক্ষাৰ মান যেনে হ’ব লাগিছিল তেনে হৈ উঠা নাই। এয়া হৈছে সময়ৰ আহ্বান। ইয়াত জনসংখ্যাৰ প্ৰায় ৫০ শতাংশই নিৰক্ষৰ আৰু অঞ্চলটো উন্নয়নৰ ক্ষেত্ৰতো তুলনামূলকভাৱে পিছপৰা।

শিক্ষক বালচন্দ্ৰ ধনগৰে আৰু প্ৰকাশ পাটিলে ১ম শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এটা পৰম্পৰাগত কাটকাৰি গীত পৰিৱেশন কৰিছে

১৯৯০ৰ দশকৰ আশে-পাশে এই অঞ্চলত ১০ম শ্ৰেণীতকৈ বেছি পঢ়া লোক নাছিলেই। নতুন প্ৰজন্মটোৱে লাহে লাহে আনুষ্ঠানিক শিক্ষাৰ দিশত আগবাঢ়ি গৈছে। ইয়াত এনেকুৱা হয় যে ১ম শ্ৰেণীত যদি ২৫ জন ৱাৰ্লি ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল, তাৰ ভিতৰত প্ৰায় আঠজনমানেহে ১০ম শ্ৰেণীলৈকে পঢ়ে।

ইয়াত স্কুল এৰাৰ হাৰ অতি বেছি। সেই আঠজনৰ ভিতৰত মাত্ৰ ৫-৬ জনহে পৰীক্ষাত উত্তীৰ্ণ হয়। আনকি বহু ছাত্ৰ-ছাত্ৰীয়ে দ্বাদশ শ্ৰেণীতো পঢ়া এৰি দিয়ে। শেষত গৈ মাত্ৰ ৩-৪ জনেহে স্কুলীয়া শিক্ষা শেষ কৰে।

প্ৰাকস্নাতক ডিগ্ৰীৰ কাৰণে আগবঢ়াটো তালুক পৰ্যায়তহে সম্ভৱ। তাৰ বাবে প্ৰায় ১০ কিলোমিটাৰৰ বাট বাব লাগে। কিন্তু অঞ্চলটোত ইয়াতকৈ বেছি একো নাই আৰু ছাত্ৰ-ছাত্ৰীসকলে অধিক শিক্ষালাভৰ বাবে থানে, নাছিক বা পালঘৰ চহৰৰ আদিলৈ অহা-যোৱা কৰে। গতিকে, এই লোকসকলৰ ভিতৰত মাত্ৰ প্ৰায় তিনি শতাংশৰহে প্ৰাকস্নাতক ডিগ্ৰী আছে।

ৱাৰ্লি সম্প্ৰদায়ৰ মাজত শিক্ষাৰ হাৰ উল্লেখনীয়ভাৱে নিম্ন আৰু এয়া উন্নত কৰাৰ প্ৰয়াস চলি আছে। লগতে আমি তেওঁলোকৰ সৈতে সংযোগ স্থাপন আৰু বিশ্বাস গঢ়ি তুলিবলৈ গাঁওবোৰ ভ্ৰমণ কৰা আৰু এই লোকসকলৰ সৈতে তেওঁলোকৰ নিজৰ ভাষাত কথা পতাৰ জৰিয়তে এই প্ৰয়াসক অধিক আগবঢ়াই নিছোঁ।

পাৰিয়ে AROEHANৰ হেমন্ত ছিংগাৰেক এই প্ৰতিবেদনৰ তথ্য-পাতি গোটোৱাত সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।

সাক্ষাৎকাৰ: মেধা কালে

এই লেখা পাৰিৰ বিপন্ন ভাষা প্ৰকল্পৰ অংশ যিটোৰ উদ্দেশ্য হৈছে দেশৰ বিপদমুখী আৰু সংকটাপন্ন ভাষাসমূহৰ তথ্য নথিবদ্ধ কৰা।

ৱাৰ্লি হল গুজৰাট, দমন আৰু ডিউ, দাদৰ আৰু নগৰ হাভেলী, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু গোৱাত থকা ভাৰতৰ ৱাৰ্লি বা ভাৰ্লি আদিবাসীসকলে কোৱা এক ইণ্ডো-আৰ্য ভাষা। ইউনেস্কোৰ এটলাছ অব লেংগুৱেজেছে ৱাৰ্লিক ভাৰতৰ এক অন্যতম সম্ভাৱ্য বিপদমুখী ভাষা হিচাপে তালিকাভুক্ত কৰিছে।

আমি মহাৰাষ্ট্ৰত কোৱা ৱাৰ্লি ভাষাটোৰ বিষয়ে তথ্যসমূহ নথিবদ্ধ কৰাৰ লক্ষ্য হাতত লৈছো।

অনুবাদ: বন্যা বৰুৱা

Bhalchandra Dhangare

بھال چندر دھنگرے، پالگھر ضلع کے موکھاڈا میں واقع ضلع پریشد اسکول میں ایک ٹیچر ہیں۔

کے ذریعہ دیگر اسٹوریز Bhalchandra Dhangare
Editor : Siddhita Sonavane

سدھیتا سوناونے ایک صحافی ہیں اور پیپلز آرکائیو آف رورل انڈیا میں بطور کنٹینٹ ایڈیٹر کام کرتی ہیں۔ انہوں نے اپنی ماسٹرز ڈگری سال ۲۰۲۲ میں ممبئی کی ایس این ڈی ٹی یونیورسٹی سے مکمل کی تھی، اور اب وہاں شعبۂ انگریزی کی وزیٹنگ فیکلٹی ہیں۔

کے ذریعہ دیگر اسٹوریز Siddhita Sonavane
Video : Siddhita Sonavane

سدھیتا سوناونے ایک صحافی ہیں اور پیپلز آرکائیو آف رورل انڈیا میں بطور کنٹینٹ ایڈیٹر کام کرتی ہیں۔ انہوں نے اپنی ماسٹرز ڈگری سال ۲۰۲۲ میں ممبئی کی ایس این ڈی ٹی یونیورسٹی سے مکمل کی تھی، اور اب وہاں شعبۂ انگریزی کی وزیٹنگ فیکلٹی ہیں۔

کے ذریعہ دیگر اسٹوریز Siddhita Sonavane
Translator : Bonya Baruah

Bonya Baruah is a freelance journalist and language expert based in Mumbai. She has been a recipient of many prestigious fellowships including UNICEF Media Fellowship, ZUBAAN-Sasakawa Peace Fellowship, Assam govt. media fellowship and Assam Science Technology and Environment Council Climate Change Reporting fellowship. Her areas of interest are women and gender, environment, human rights and development journalism.

کے ذریعہ دیگر اسٹوریز Bonya Baruah