সামাজিক আৰু আৰ্থিকভাৱে অনগ্ৰসৰ লোকসকলৰ বাবে ফটোগ্ৰাফী আজিও এক সপোন সদৃশ, কাৰণ কেমেৰা এতিয়াও তেওঁলোকৰ সাধ্যৰ বাহিৰত। বিশেষকৈ দলিত, মাছমৰীয়া, ট্ৰান্স সম্প্ৰদায়, সংখ্যালঘু মুছলমান আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অত্যাচাৰৰ সন্মুখীন হৈ অহা লোকসকলৰ সংগ্ৰামক সন্মান জনাই তেওঁলোকৰ সপোন পূৰ কৰিবৰ বাবে মই ফটোগ্ৰাফীৰ জগতখনৰ সৈতে চিনাকি কৰাই দিয়াৰ পৰিকল্পনা হাতত লৈছিলো।
মই বিচাৰিছিলো মোৰ শিক্ষাৰ্থীসকলে নিজৰ নিজৰ কাহিনী কওক। কৰ্মশালাৰ অন্তত তেওঁলোকে দৈনন্দিন জীৱনৰ বস্তুবোৰৰ ফটো তুলিবলৈ আৰম্ভ কৰিছিল। সেয়া আছিল তেওঁলোকৰ নিজৰ কাহিনী, তেওঁলোকৰ তেনেই চিনাকি কাহিনী। কেমেৰা হাতত লৈ আৰু ফটো তুলি তেওঁলোক উল্লসিত হৈ পৰিছিল। তেওঁলোকে সেয়া অব্যাহত ৰখাতো মই বিচাৰিছিলো আৰু ফ্ৰেমিং তথা এংগোলৰ কথাবোৰ পিছত জানিলেও হ’ব বুলি ভাবি লৈছিলো।
তেওঁলোকে ক্লিক কৰা ফটোবোৰ তেওঁলোকৰ নিজৰ জীৱনৰ সৈতে সম্পৰ্কিত; প্ৰতিজনে ক্লিক কৰা ফটোবোৰ আছিল সুকীয়া।
মোক ফটোবোৰ দেখুৱাওঁতে ফটোখনৰ ৰাজনীতি আৰু পৰিস্থিতিৰ বিষয়ে ইয়াত কি কোৱা হৈছে সেই বিষয়েও আমি আলোচনা কৰিবলৈ প্ৰয়াস কৰি গৈছো। কৰ্মশালাৰ পিছত তেওঁলোক আৰ্থ-ৰাজনৈতিক বিষয়সমূহক লৈ যথেষ্ট সচেতন হৈ পৰিছে।
যিহেতু তেওঁলোকৰ পৰিয়াল আৰু ঘৰক লৈয়েই ফটোবোৰ আছিল সেয়ে বেছিভাগ ফটোৱেই ক্ল’জ আপ ফটো আছিল। বাহিৰৰ মানুহৰ পৰা প্ৰথম অৱস্থাত কিছু দূৰত্ব বজাই ৰখাতো স্বাভাৱিক হৈ পৰে। পৰিয়ালৰ লোকসকলৰ সৈতে তেনে কোনো সমস্যা নাছিল, কিয়নো তেওঁলোকে ইতিমধ্যে কেমেৰাক লৈ অভ্যস্ত হৈ পৰিছিল।
মানুহক সহায় কৰি ভালপোৱা একাংশ লোকৰ সহযোগত মই প্ৰশিক্ষাৰ্থীসকলৰ বাবে কেমেৰা কিনিছিলো – ডিএছএলআৰ কেমেৰাৰ প্ৰত্যক্ষ অভিজ্ঞতাই তেওঁলোকক পেছাদাৰীভাৱে সহায় কৰিব বুলি ভাবিয়েই এই কাম কৰিছিলো।
তেওঁলোকে প্ৰস্তুত কৰা কিছুমান কাম আছিল ‘ৰিফ্ৰেমড - নৰ্থ চেন্নাই থ্ৰু দ্য লেন্স অৱ ইয়ং ৰেচিডেণ্টছ’ শীৰ্ষক বিষয়বস্তুৰ অধীনত। উত্তৰ চেন্নাই কেৱল এক ঔদ্যোগিক কেন্দ্ৰ বুলি বাহিৰৰ মানুহে লৈ থকা ধাৰণা যে শুদ্ধ নহয় সেয়া স্পষ্ট কৰিবলৈ আমি এই পদক্ষেপ লৈছিলো।
মাদুৰাইৰ মঞ্জামেডুৰ অনাময় কৰ্মীৰ পৰিয়ালৰ ১২ গৰাকী তৰুণ-তৰুণীয়ে (বয়স ১৬-২১) মোৰ সৈতে ১০ দিনীয়া কৰ্মশালাত ভাগ লৈছিল। এয়া আছিল প্ৰান্তীয় সম্প্ৰদায়ৰ তৰুণ-তৰুণীসকলৰ বাবে প্ৰথমখন এনে কৰ্মশালা। কৰ্মশালাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমবাৰৰ বাবে মাক-দেউতাকৰ কাম-কাজ গভীৰ মনোযোগেৰে লক্ষ্য কৰিছিল। এনেকৈয়ে তেওঁলোকে নিজৰ কাহিনী পৃথিৱীৰ আগত ক’বলৈ আগ্ৰহী হৈ পৰিছিল।
ওড়িশাৰ গঞ্জামৰ সাতগৰাকী আৰু তামিলনাডুৰ নাগাপট্টিনামত আঠগৰাকী মাছমৰীয়াক লৈয়ো মই তিনিমহীয়া কৰ্মশালা অনুষ্ঠিত কৰিছো। অবিৰতভাৱে সাগৰৰ খহনীয়াৰ ফলত বহুলভাৱে ক্ষতিগ্ৰস্ত হোৱা এটি অঞ্চল গঞ্জাম। নাগাপাট্টিনাম হৈছে উপকূলীয় অঞ্চল য’ত অধিক প্ৰব্ৰজিত শ্ৰমিক আৰু মাছমৰীয়া আছে যিসকলে প্ৰায়ে শ্ৰীলংকাৰ নৌসেনাৰ আক্ৰমণৰ লক্ষ্য হৈ আহিছে।
এই কৰ্মশালাত ভাগ লোৱাৰ অন্তত তেওঁলোকে চৌপাশে দেখা অনন্য দৃশ্য লেন্সত বন্দী কৰিছিল।
প্ৰতিমা চন্দ্ৰ, ২২
দক্ষিণ ফাউণ্ডেচনৰ ফিল্ড ষ্টাফ
পোড়ামপেট্টা, গঞ্জাম, ওড়িশা
ফটো তুলিবলৈ লোৱাৰ ফলত মই মোৰ সম্প্ৰদায়ৰ মানুহখিনিৰ কামক সন্মান জনাবলৈ সমৰ্থ হৈছিলো আৰু মানুহবোৰ ওচৰলৈ যাবলৈ সমৰ্থ হৈছিলো।
এজাক ল’ৰা-ছোৱালীয়ে নাও এখনত উঠি খেলি খেলি মোহনাৰে গৈ থকা ফটোখন মোৰ প্ৰিয় ফটো। সময়ৰ এটা এটা মুহূৰ্ত বন্দী কৰি ৰাখিব পৰা ফটোগ্ৰাফীৰ শক্তি মই উপলব্ধি কৰিছিলো।
মোৰ মাছমৰীয়া সম্প্ৰদায়ৰ এজন সদস্যই সাগৰৰ খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ পৰা সামগ্ৰী উদ্ধাৰ কৰি থকাৰ ফটো এখনো তুলিছিলো। ফটোখনত জলবায়ু পৰিৱৰ্তনৰ বাবে এইসকল লোকে সন্মুখীন হোৱা প্ৰত্যাহ্বান পৰিস্ফুট হৈ পৰিছো আৰু এনে এখন ফটো তুলিবলৈ পাই মই সুখী।
প্ৰথমবাৰৰ বাবে কেমেৰাটো হাতত লৈ মই ভাবিবই পৰা নাছিলো যে মই ফটো তুলিব পাৰিম। মোৰ এনে লাগিছিল যেন মই এটা গধুৰ মেচিন কঢ়িয়াই লৈ ফুৰিছো। এয়া সম্পূৰ্ণ নতুন অভিজ্ঞতা আছিল। আগতে মই মোৰ মোবাইলটোৰে ফটো তুলিছিলো, কিন্তু এই কৰ্মশালাখনে বন্ধুত্ব গঢ়ি তোলা আৰু ফটোগ্ৰাফৰ জৰিয়তে কাহিনী কোৱা কলাৰ প্ৰতি মোৰ আগ্ৰহ বঢ়াই তুলিলে। প্ৰথম অৱস্থাত ফটোগ্ৰাফীৰ থিয়ৰীৰ কথাবোৰ বিভ্ৰান্তিকৰ আছিল যদিও ক্ষেত্ৰভিত্তিক কৰ্মশালা আৰু কেমেৰাৰ সৈতে হাতে কামে কৰা অভিজ্ঞতাৰ পিছত সকলো সহজ হ’বলৈ ধৰিলে, আৰু মই কৰ্মশালাৰ থিয়ৰীৰ কথাবোৰ বাস্তৱ জগতখনত প্ৰয়োগ কৰিব পাৰিলো।
*****
পি ইন্দ্ৰ, ২২
বি এছ চি পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ, ড° আম্বেদকাৰ সান্ধ্য শিক্ষা কেন্দ্ৰ
আৰাপালায়ম, মাদুৰাই, তামিলনাডু
“নিজৰ চৌপাশৰ আৰু নিজৰ চিনাকি লোকসকলে যেতিয়া কাম কৰি থাকে সেয়া কেমেৰাত ধৰি ৰাখিবলৈ চেষ্টা কৰা।”
কেমেৰাটো মোৰ হাতত তুলি দিওঁতে পালানি আন্নাই মোক সেই কথাই কৈছিল। ইয়াত উপস্থিত হৈ মই ৰোমাঞ্চিত হৈ পৰিলো কাৰণ দেউতাই প্ৰথমে মোক কৰ্মশালাত যোগদান কৰিবলৈ দিব খোজা নাছিল আৰু তেওঁক ৰাজী কৰাবলৈ মই বুজাবলগীয়া হৈছিল। অৱশেষত তেওঁ নিজেই মোৰ ফটোগ্ৰাফীৰ বিষয়বস্তু হৈ পৰে।
মই অনাময় কৰ্মীৰ মাজত বাস কৰো। মোৰ দেউতাৰ দৰে সম্প্ৰদায়টোৰ বাকী লোকসকলেও জাত-পাতৰ ব্যৱস্থাৰ জালত বন্দী হৈ এই কাম কৰিবলগীয়াত পৰিছিল। কৰ্মশালাত অংশগ্ৰহণ কৰাৰ আগলৈকে দেউতাক প্ৰায়ে দেখি থকা সত্বেও মই তেওঁলোকৰ কাম আৰু প্ৰত্যাহ্বানৰ বিষয়ে অৱগত নাছিলো। মোক মাত্ৰ কোৱা হৈছিল যে ভালকৈ পঢ়ি চৰকাৰী চাকৰি এটা কৰিব লাগে আৰু কেতিয়াও চেনিটেৰী কৰ্মী হ’ব নালাগে – আমাৰ স্কুলৰ শিক্ষকেও আমাক সেয়াই কৈছিল।
অৱশেষত দেউতাৰ কামটোৰ বিষয়ে বুজিলোঁ যেতিয়া মই তেওঁৰ লগত দুদিনৰ পৰা তিনিদিন কাম কৰিবলৈ গৈ তেওঁক কেমেৰাত বন্দী কৰিলো৷ চেনিটেৰী কৰ্মীসকলে যি পৰিস্থিতিত পৰিশ্ৰম কৰে সেয়া অবাক নহৈ নোৱাৰি – মই তেওঁলোকক ঘৰুৱা আৱৰ্জনা আৰু বিষাক্ত আৱৰ্জনা সঠিক গ্ল’ভছ আৰু বুট অবিহনে ছাফা কৰি থকা দেখিছিলো৷ ছয় বজাৰ ভিতৰত তেওঁলোক কামলৈ গৈ পাব লাগে, আৰু যদি তেওঁলোক এচেকেণ্ড দেৰিকৈ আহি পায়, তেন্তে ঠিকাদাৰ আৰু উৰ্ধতন কৰ্তৃপক্ষই তেওঁলোকৰ লগত অমানৱীয় ব্যৱহাৰ কৰে।
মোৰ নিজৰ জীৱনৰ বিষয়ে চকুৰে লক্ষ্য কৰাত ব্যৰ্থ হোৱা কথাবোৰ মোৰ কেমেৰাই দেখুৱাই দিলে। এক অৰ্থত সেয়া আছিল তৃতীয় চকু খোল খোৱা সদৃশ। মই যেতিয়া মোৰ দেউতাৰ ফটো তুলিছিলো তেতিয়া তেওঁ দৈনন্দিন সংগ্ৰাম আৰু কেনেকৈ ডেকাকালৰে পৰাই এই কামটো কৰিবলৈ বাধ্য হৈ পৰিছিল সেই কথাবোৰ কৈ গৈছিল। এই কথা-বতৰাবোৰে আমাৰ মাজৰ সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিছিল।
ক’বলৈ গ’লে এই কৰ্মশালাখন আছিল আমাৰ সকলোৰে জীৱনৰ এক ডাঙৰ টাৰ্নিং পইণ্ট।
*****
সুগন্তী
মানিক্কভেল
,
২৭
মাছমৰীয়া
মহিলা
নাগাপট্টিনাম
,
তামিলনাডু
কেমেৰাই মোৰ দৃষ্টিভংগী সলনি কৰি দিলে। কেমেৰাটো হাতত লোৱাৰ পিছতে মোৰ নিজকে স্বাধীন আৰু আত্মবিশ্বাসী অনুভৱ হৈছিল। ই মোক বহুত মানুহৰ লগত কথা ক’বলৈ সুযোগ দিলে। গোটেই জীৱন নাগাপট্টিনামতে থাকিলেও হাতত কেমেৰা লৈ বন্দৰলৈ বুলি মোৰ এইটোৱেই আছিল প্ৰথম ভ্ৰমণ।
মই মোৰ দেউতা মানিক্কভেলৰ ফটো তুলিছিলো, ৫ বছৰ বয়সৰ পৰা মাছ ধৰিবলৈ আৰম্ভ কৰা দেউতাৰ বৰ্তমান বয়স ৬০ বছৰ। দীৰ্ঘদিন ধৰি নিমখীয়া পানীৰ সংস্পৰ্শলৈ অহাৰ বাবে তেওঁৰ ভৰিৰ আঙুলিবোৰ কিবা হৈ পৰিছে; তেজৰ চলাচল কমি যোৱাত কষ্ট পাইছে যদিও আমাৰ পৰিয়ালতো চলাবৰ বাবে তেওঁ প্ৰতিদিনেই মাছ ধৰিবলগীয়া হৈছে।
৫৬ বছৰীয়া পোপতি আম্মাৰ ঘৰ ভেলাপালামত। ২০০২ চনত তেওঁৰ স্বামীক শ্ৰীলংকাৰ নৌসেনাই হত্যা কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ জীয়াই থকাৰ স্বাৰ্থত মাছ বেচা-কিনা কৰিবলৈ আৰম্ভ কৰিছে। মই ফটো তোলা আন এগৰাকী মাছমৰীয়া আছিল থাংগামমল, যাৰ স্বামীৰ বাত-বিষ আছে আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে স্কুললৈ যায়, উপাৰ্জনৰ বাবে তাই নাগাপাট্টিনামৰ ৰাজপথত মাছ বিক্ৰী কৰে। পালাংগাললিমেডুৰ মহিলাসকলে চিংৰা ফান্দ ব্যৱহাৰ কৰি আৰু সাগৰৰ পৰা মাছ ধৰে; মই এই সকলোবোৰ কেমেৰাত আৱদ্ধ কৰিছিলো।
মাছমৰীয়াৰ গাঁৱত জন্ম হ’লেও বহু দিন ধৰি মই পাৰলৈ যোৱা নাছিলো। যেতিয়া মই ফটোগ্ৰাফী কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মই মোৰ সম্প্ৰদায়টো আৰু আমাৰ দৈনন্দিন জীৱনত আমি সন্মুখীন হোৱা সংগ্ৰামৰ দিশবোৰ বুজিবলৈ সক্ষম হ’লো।
সেয়ে এই কৰ্মশালাখনক মই মোৰ জীৱনৰ অভিনৱ সুযোগ বুলি গণ্য কৰো।
*****
লক্ষ্মী এম, ৪২
মাছমৰীয়া মহিলা
থিৰুমুল্লাইবাসল, নাগাপট্টিনাম, তামিলনাডু
ফটোগ্ৰাফাৰ পালানি যেতিয়া মাছমৰীয়াক প্ৰশিক্ষণ দিবলৈ মাছমৰীয়াৰ গাঁও থিৰুমুল্লাইৱাছাললৈ আহিছিল, আমি সকলোৱে নাৰ্ভাছ হৈ পৰিছিলো যে আমি কেনেকৈ কি ফটো তুলিম। কিন্তু আমি হাতত কেমেৰাটো লোৱাৰ লগে লগে এই চিন্তাবোৰ নাইকিয়া হৈ পৰিল আৰু অধিক আত্মবিশ্বাসী হৈ পৰিছিলো।
আমি যেতিয়া আকাশ, বিল আৰু আশে-পাশে থকা আন বস্তুবোৰৰ ফটো তুলিবলৈ সাগৰৰ পাৰলৈ গ’লোঁ, প্ৰথম দিনাই আমাক গাঁৱৰ মুখীয়ালে বাধা দিলে আৰু আমি কি কৰি আছো বুলি প্ৰশ্ন কৰিলে। আমি কোৱা কথাবোৰ শুনিবলৈ তেওঁ অস্বীকাৰ কৰিলে, আৰু আমাক ফটো তোলাত বাধা দিবলৈ উঠি-পৰি লাগিল। আমি যেতিয়া কাষৰীয়া গাঁও চিন্নাকুট্টিলৈ যাও, তেতিয়া আমি গাঁৱৰ বৰমূৰীয়াৰ পৰা এনেধৰণৰ বাধা যাতে নাপাও তাৰ বাবে আগতীয়া অনুমতি বিচাৰিলো।
পালানীয়ে সদায় জোৰ দি কয় যে ফটো ব্লাৰ হ’লে আকৌ তুলিব লাগে; এনে কৰিলে ভুলবোৰ বুজিব পাৰি আৰু শুধৰণি কৰাত সহায়ক হয়। মই শিকিলোঁ যে মই খৰখেদাকৈ সিদ্ধান্ত ল’ব নালাগে বা কাম কৰিব নালাগে। এই অভিজ্ঞতা সুন্দৰ আছিল।
*****
নূৰ নিশা কে, ১৭
বৃত্তিমূলক শিক্ষাৰ স্নাতক, ডিজিটেল সাংবাদিকতা, লয়লা কলেজ
থিৰুভোত্ৰিয়ুৰ, উত্তৰ চেন্নাই, তামিলনাডু
প্ৰথমবাৰৰ বাবে যেতিয়া মোৰ হাতত কেমেৰা এটা দিয়া হৈছিল, তেতিয়া মই নাজানিছিলো যে ই জীৱনলৈ কিমান ডাঙৰ পৰিৱৰ্তন আনিব। মই নিশ্চিতভাৱে ক’ব পাৰো যে মোৰ জীৱনটোক দুটা ভাগত ভাগ কৰিব পাৰি – ফটোগ্ৰাফীৰ আগৰ আৰু পিছত। অতি কম বয়সতে দেউতাকক হেৰুৱালোঁ আৰু তেতিয়াৰ পৰাই মায়ে আমাৰ সকলো দায়িত্ব লৈছিল।
লেন্সৰ জৰিয়তে পালানি আন্নাই মোক এখন পৃথিৱী দেখুৱাই দিলে যিখন মোৰ বাবে সম্পূৰ্ণ বেলেগ আৰু নতুন যেন লাগিছিল। মই বুজিলোঁ যে আমি তোলা ফটোবোৰ কেৱল ফটো নহয়, সেয়া হৈছে নথি-পত্ৰ সদৃশ যাৰ জৰিয়তে আমি অন্যায়ৰ বিৰুদ্ধে প্ৰশ্ন তুলিব পাৰো।
তেওঁ প্ৰায়ে আমাক মাত্ৰ এটা কথাই কয়: “ফটোগ্ৰাফীত বিশ্বাস কৰা, ই তোমালোকৰ প্ৰয়োজন পূৰণ কৰিব।” মই এই কথাটো সঁচা বুলি উপলব্ধি কৰিছো আৰু এতিয়া মই মোৰ মাক পৰিয়াল চলোৱাত সহায় কৰি দিবলৈ সমৰ্থ হৈছো।
*****
এছ
নন্দিনী
,
১৭
এম
.
অ
’.
পি
.
ৰ
সাংবাদিকতাৰ
শিক্ষাৰ্থী
।
মহিলা
বৈষ্ণৱ
মহাবিদ্যালয়
ব্যাসৰপদী
,
উত্তৰ
চেন্নাই
,
তামিলনাডু
মোৰ প্ৰথম বিষয় আছিল মোৰ ঘৰৰ ওচৰত খেলি থকা ল’ৰা-ছোৱালীবোৰ। খেলি থাকোঁতে তেওঁলোকৰ আনন্দময় মুখবোৰ বন্দী কৰিলোঁ। কেমেৰাৰ জৰিয়তে পৃথিৱীখন কেনেকৈ চাব লাগে শিকিলোঁ। মই বুজিলোঁ যে ফটোৰ ভাষাটো সহজে বুজিব পৰা ভাষা।
কেতিয়াবা ফটো ৱাকত আপুনি আশা নকৰা কিবা এটাৰ সন্মুখীন হ’ব আৰু তাৰ পৰা লৰচৰ কৰাৰ শক্তি মোৰ নাথাকে৷ ফটোগ্ৰাফীয়ে মোক আনন্দ দিছে, মোৰ পৰিয়ালটোকো অধিক ভালপাবলৈ আগ্ৰহী কৰি তুলিছে।
এদিন ড° আম্বেদকাৰ পাগুতাৰিবু পদছালাইত পঢ়ি থাকোঁতে আমাক ড° আম্বেদকাৰ স্মৃতিসৌধলৈ ভ্ৰমণলৈ লৈ যোৱা হ’ল। সেই ভ্ৰমণত ফটোবোৰে মোৰ লগত কথা পাতিলে। পালানি আন্নাই এগৰাকী অনাময় কৰ্মীৰ মৃত্যুত শোকত ভাগি পৰা তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ দৃশ্য কেমেৰাত বন্দী কৰিছিল। সেই ফটোবোৰে তেওঁলোকৰ ভগ্ন সপোন, হেৰুৱাৰ দুখ আৰু শব্দৰে বুজাব নোৱৰা চকুপানীৰ ভাষাক হুবহু প্ৰকাশ কৰিছিল। তাত লগ পোৱাৰ সময়ত তেওঁ আমাক উৎসাহিত কৰিছিল যে আমিও এনে ফটো তুলিব পাৰিম।
যেতিয়া তেওঁ ক্লাছ ল’বলৈ আৰম্ভ কৰিলে মই স্কুলৰ এক ভ্ৰমণসূচীলৈ যোৱা বাবে উপস্থিত থাকিব নোৱাৰিলো৷ তথাপিও ঘূৰি অহাৰ লগে লগে তেওঁ মোক পৃথকে পৃথকে শিকাইছিল আৰু ফটো উঠিবলৈ উৎসাহিত কৰিছিল। কেমেৰাই কেনেকৈ কাম কৰে সেই বিষয়ে মোৰ কোনো পূৰ্ব জ্ঞান নাছিল যদিও পালানি আন্নাই মোক শিকাইছিল। আমাৰ ফটোগ্ৰাফীৰ বিষয়টো অন্বেষণ কৰিবলৈ দিও তেওঁ আমাক পথ প্ৰদৰ্শন কৰিছিল। এই যাত্ৰাত বহু নতুন দৃষ্টিভংগী আৰু অভিজ্ঞতা লাভ কৰিলো।
মোৰ ফটোগ্ৰাফীৰ অভিজ্ঞতাই মোক সাংবাদিকতাৰ ক্ষেত্ৰখন বাছি লোৱাত সহায় কৰিছিল।
*****
ভি
বিনোদিনি
,
১৯
শিক্ষাৰ্থী
,
বিচিএ
ব্যাসৰপদী
,
উত্তৰ
চেন্নাই
,
তামিলনাডু
ইমান বছৰে মোৰ চুবুৰীটোৰ লগত চিনাকি আছিলো যদিও কেমেৰাৰ জৰিয়তে সকলোবোৰ নতুন দৃষ্টিৰে চাবলৈ শিকিলো। “ফটোৰে প্ৰতিটো দৃশ্যক জীৱন্ত কৰি ৰাখিব লাগে,” পালানি আন্নাই কয়। যেতিয়া তেওঁ যেতিয়া নিজৰ অভিজ্ঞতা আমাৰ আগত কৈ গৈছিল তেতিয়া ফটো, কাহিনী আৰু মানুহৰ প্ৰতি তেওঁৰ যি প্ৰেম আছে সেয়া আমি দেখিব পাৰিছিলো। তেওঁ এটা সাধাৰণ ফোনেৰে মাছমৰীয়া মাকৰ ফটো কেনেকৈ তুলিছিলে সেই কাহিনীটো মোৰ সদায়েই মনত ৰৈ যাব।
মই তোলা প্ৰথম ফটোখন আছিল দীপাৱলীৰ দিনা মোৰ ওচৰ-চুবুৰীয়াৰ পাৰিবাৰিক ফটোখন। ফটোখন ভাল হৈছিল। তাৰ পিছত, মই মোৰ চহৰখনৰ চিনাকি মানুহবোৰ আৰু তেওঁলোকৰ বিশেষ মুহূৰ্তবোৰৰ ফটো তুলিবলৈ লৈছিলো।
ফটোগ্ৰাফী অবিহনে মই কেতিয়াও এনেকৈ নিজকে দেখাৰ সুযোগ নাপালোহেঁতেন।
*****
পি
পুনকোডি
মাছমৰীয়া
মহিলা
চেৰুথুৰ
,
নাগাপট্টিনাম
,
তামিলনাডু
বিয়া হোৱাৰ ১৪ বছৰ হ’ল৷ তেতিয়াৰ পৰা মই নিজৰ জন্ম গাঁৱৰ সাগৰৰ পাৰলৈ যোৱা নাই৷ কিন্তু মোৰ কেমেৰাই মোক সাগৰলৈ লৈ গ’ল। নাও কেনেকৈ সাগৰলৈ ঠেলি দিয়া হয়, কেনেকৈ মাছ ধৰা হয় আৰু সমাজলৈ মহিলাৰ অৱদান কি সেই সকলো মই কেমেৰাত ধৰি ৰাখিছো।
কাৰোবাক কেৱল ফটো ক্লিক কৰিবলৈ প্ৰশিক্ষণ দিয়াটো সহজ কিন্তু ফটোগ্ৰাফাৰক ছবিৰ জৰিয়তে কাহিনী ক’বলৈ প্ৰশিক্ষণ দিয়াটো সৰু কথা নহয়; পালানীয়ে আমাক সেয়াই শিকাইছিল। তেওঁ বুজাই দিলে যে আমাৰ প্ৰশিক্ষণত মানুহৰ ফটো তোলাৰ আগতে আমি কেনেকৈ মানুহৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব লাগে। মানুহৰ ফটো তুলিবলৈ নিজকে আত্মবিশ্বাসী অনুভৱ কৰিলো।
মই মাছমৰীয়া সমাজৰ বিভিন্ন বৃত্তি যেনে মাছ বিক্ৰী, চাফাই আৰু নিলাম আদিবোৰৰ ফটো তুলিছো। এই সুযোগে মোক সমাজৰ বিক্ৰেতা হিচাপে কাম কৰা মহিলাসকলৰ জীৱনশৈলীৰ বিষয়ে বুজিবলৈও সহায় কৰিলে। এই কামত মাছ ভৰ্তি গধুৰ পাচি কেনেদৰে মূৰত ভাৰসাম্য ৰাখি কঢ়িয়াই নিব লাগে সেয়া নতুনকৈ বুজিলো।
কুপ্পুস্বামীক লৈ তোলা মোৰ ফটো ষ্ট’ৰীত তেওঁৰ জীৱনৰ কথা জানিব পাৰিছিলো – সীমান্তত মাছ ধৰি থকা অৱস্থাত শ্ৰীলংকাৰ নৌসেনাই তেওঁক সাগৰত গুলীচালনা কৰিছিল। তাৰ ফলত তেওঁ ঘূণীয়া হৈ পৰিছিল আৰু লগতে বাকশক্তিও হেৰুৱাই পেলালে।
মই তেওঁৰ ওচৰলৈ গৈছিলো আৰু তেওঁৰ দৈনন্দিন কাম যেনে কাপোৰ ধোৱা, বাগিচাত কাম কৰা আৰু চাফাই কৰা আদি কামবোৰ কৰি যোৱাৰ সময়ত তেওঁৰ পিছে পিছে গৈছিলো। হাত-ভৰিৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰাৰ বাবে তেওঁ সন্মুখীন হ’বলগীয়া অসুবিধাবোৰ মই বুজিলোঁ৷ তেওঁ মোক দেখুৱাই দিলে যে তেওঁ এই কামবোৰ কৰিয়েই আটাইতকৈ সুখী। তেওঁ অক্ষমতাক লৈ চিন্তিত নহয় যদিও মাজে মাজে তেওঁ এনে এক শূন্যতা অনুভৱ কৰে যাৰ ফলত তেওঁৰ মৰিবলৈ মন যায়।
মাছমৰীয়াই ছাৰ্দিন মাছ ধৰাক লৈ এখন ফটো ছিৰিজ কৰিলো। সাধাৰণতে ছাৰ্দিন মাছ বহুতকৈ জালত লাগে আৰু সেয়ে চম্ভালি লোৱাতো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে। কেনেকৈ পুৰুষ আৰু মহিলাই একেলগে কাম কৰি এই মাছবোৰ জালৰ পৰা আঁতৰাই বৰফৰ বাকচত জমা কৰে সেয়াও মই কেমেৰাত ধৰি ৰাখিছো।
এগৰাকী মহিলা ফটোগ্ৰাফাৰ হিচাপে ই এক প্ৰত্যাহ্বান আৰু একেটা সম্প্ৰদায়ৰ হোৱাৰ পিছতো ‘আপুনি তেওঁলোকৰ ফটো কিয় লৈছে? মহিলাসকলে কিয় ফটো তুলিব লাগে?’ বুলি কৰা প্ৰশ্ন শুনিবলৈ পাও।
পালানি আন্নাৰ সাহসতেই এতিয়া নিজকে ফটোগ্ৰাফাৰ হিচাপে পৰিচয় দিবলৈ সমৰ্থ হৈছে এইগৰাকী মাছমৰীয়াই।
*****
পালানি ষ্টুডিঅ’ই প্ৰতি বছৰে দুখনকৈ ফটোগ্ৰাফী কৰ্মশালাৰ আয়োজন কৰিবলৈ মনস্থ কৰিছে য’ত ১০ জনকৈ লোকে অংশগ্ৰহণ কৰিব। কৰ্মশালাৰ পিছত অংশগ্ৰহণকাৰীসকলক ছমাহৰ ভিতৰত তেওঁলোকৰ গল্প বিকাশৰ কাম কৰিবলৈ অনুদান প্ৰদান কৰা হ’ব। অভিজ্ঞ ফটোগ্ৰাফাৰ আৰু সাংবাদিকসকলক কৰ্মশালা অনুষ্ঠিত কৰি তেওঁলোকৰ কামৰ পৰ্যালোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব, যিবোৰ পিছত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব।
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি