''আমি পঢ়িবলৈ বহিলেই কিতাপ-বহীত টোপ টোপকৈ পানী পৰে। যোৱা বছৰ (২০২২) জুলাই মাহত ঘৰটো হাউলি গৈছিল। প্ৰতিবছৰে এনেকুৱা হৈয়েই থাকে,’’ থুনুক থানাক মাতেৰে শিল আৰু বাঁহেৰে নিৰ্মিত নিজৰ ঘৰটোৰ বিষয়ে এইদৰে কয় আঠবছৰীয়া বিশাল চৱনে।
আলেগাঁও জিলা পৰিষদ স্কুলত তৃতীয় শ্ৰেণীত পঢ়ি থকা বিশালৰ পৰিয়ালটো বেলডাৰ সম্প্ৰদায়ৰ। এই সম্প্ৰদায়টো মহাৰাষ্ট্ৰত যাযাবৰী জনজাতি হিচাপে পৰিচিত।
''বৰষুণ দিলে ঘৰৰ ভিতৰত থকাটো দিগদাৰ হৈ পৰে। সবফালৰ পৰা পানী আহে,’’ বিশালে কয়। সেয়ে বিশাল আৰু তেওঁৰ ৯ বছৰীয়া বায়েক বৈশালীয়ে বৰষুণৰ দিনবোৰত ছিৰুৰ মৌজাৰ আলেগাঁও পাগা গাঁৱৰ ঘৰটোত পঢ়া-শুনা কৰিবৰ বাবে পানী নপৰা ঠাই বিচাৰি ফুৰিবলগীয়া হয়।
ভাই-ভনীহালৰ পঢ়া-শুনাৰ প্ৰতি থকা আগ্ৰহক লৈ গৌৰৱবোধ কৰে আইতাক শান্তাবাঈ চৱনে। ''আমাৰ গোটেই বংশ-পৰিয়ালত কোনেও আজিলৈকে স্কুলৰ কাঠি দেখি পোৱা নাই। মোৰ এই নাতিহালেই প্ৰথম আমাৰ বংশত লিখা-পঢ়া শিকিছে,’’ ৮০ বছৰীয়া বৃদ্ধাগৰাকীয়ে কয়।
কিন্তু নাতিহালৰ কথা গৌৰৱেৰে কোৱা সময়ত বৃদ্ধাগৰাকীৰ মুখত দেখা গৈছিল বিষাদৰ ছাপ। ''সিঁহতে ভালকৈ পঢ়া-শুনা কৰিব পৰাকৈ আমাৰ ভাল পকী ঘৰ এটাও নাই? ইয়াত বিজুলী-বাতিৰ ব্যৱস্থাও নাই,’’ আলেগাঁও পাগা গাঁৱত থকা তিৰ্পালৰ ছালিৰ জুপুৰীসদৃশ ঘৰটোত বহি থকাৰ পৰা কৈছিল শান্তাবাঈয়ে।
ত্ৰিভূজাকৃতিৰ বাঁহৰ সহায়ত দিয়া তিৰ্পালৰ ছালিৰ ঘৰটোত ৫ ফুট উচ্চতাৰ লোক এজনে হাউলি ভিতৰত সোমাবলগীয়া হয়। তেওঁলোকৰ ঘৰটোৰ লগতে উক্ত ঠাইখিনিত বেলডাৰ, ফানচে পাৰ্ধি আৰু ভিল জনজাতিৰ লোকসকলৰ অতি কমেও ৪০ টা তেনে ঘৰ আছে। পুণে জিলাৰ আলেগাঁও পাগা গাঁৱৰ ২ কিলোমিটাৰ বাহিৰত এই ঘৰবোৰ আছে। ''এনে ঘৰত থকাটো বৰ মস্কিল। কিন্তু এই ল’ৰা-ছোৱালীবোৰেও আমনি নকৰে, সিহঁতে ইয়াত এনেকৈয়ে মিলি গৈছে,’’ শান্তাবাঈয়ে কয়।
ঘৰটোৰ তিৰ্পালবোৰ উৱলি গৈছে। তিৰ্পাল লগোৱা প্ৰায় ৯ বছৰ পাৰ হৈ হ’ল, তেতিয়াৰে পৰা কোনো মেৰামতিও কৰা হোৱা নাই, সলোৱাও হোৱা নাই।
''আমাৰ মা-দেউতাই সদায় কাম কৰিবলৈ যায়,’’ পুণেৰ শিলৰ কুঁৱেৰী এটাত কাম কৰা দেউতাক সুভাষ আৰু মাক চন্দাৰ বিষয়ে এইদৰে কয় কণমানি বিশালে। দুয়ো শিল ভাঙি আৰু সেয়া ট্ৰাকত বোজাই দি প্ৰতিদিনে ১০০ টকাকৈ উপাৰ্জন কৰে। এনেকৈ মাহিলি পোৱা ৬০০০ টকাৰে তেওঁলোকৰ ৫ জনীয়া পৰিয়ালটো চলে। ''তেল, আটা, দাইল সবৰে দাম বাঢ়িছে। আমি টকা জমা কৰো কেনেকৈ? আমি ঘৰ সাজোৱেইবা কেনেকৈ?’’ বিশালৰ মাতৃ ৪২ বছৰীয়া চন্দাই কয়।
*****
মহাৰাষ্ট্ৰত যদিও এই যাযাবাৰী সম্প্ৰদায়টোৰ লোকসকলক বাসস্থান প্ৰদানৰ বাবে চৰকাৰৰ বহু কল্যাণকামী আঁচনি আছে, তথাপিও কিন্তু চৱন পৰিয়ালটোৰ বাবে নিজাকৈ এটা ঘৰ নিৰ্মাণ কৰাটো এতিয়াও সপোন সদৃশ। ছবাৰি আদিবাসী ঘৰকুল আঁচনি, পাৰ্ধি ঘৰকুল আঁচনি আৰু যশোৱন্তৰাও চৱন মুক্ত বসত যোজনাৰ লাভ পাবলৈ হ’লে জাতিৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন। ''ঘৰকুল যোজনাৰ বাবে আমি কোন সেয়া প্ৰমাণ দিবলগীয়া হয়। আমি আমাৰ জাতৰ প্ৰমাণ কেনেকৈ দিও?’’ ছন্দাৰ প্ৰশ্ন।
২০১৭ চনৰ আয়োগৰ প্ৰতিবেদনত কোৱা হৈছে যে যাযাবৰী বা অঘৰী সম্প্ৰদায়ৰ লোকসকলে সমগ্ৰ দেশতে এনেকৈ অবসতিযোগ্য স্থানত বসবাস কৰি আহিছে। ছন্দাই কয়, ''আপোনালোকে দেখিছেই নহয়, আমি কেনেকৈ আছো।’’ আয়োগে সমীক্ষা চলোৱা ৯০০০ পৰিয়ালৰ ৫০ শতাংশই অৰ্ধপকী ঘৰত বা তেনেধৰণৰ সামান্য ঘৰত আৰু ৮ শতাংশই টেণ্ট বা তিৰ্পালৰ ঘৰত বাস কৰে।
চৰকাৰী আঁচনিৰ সুবিধা লাভৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ পৰীক্ষণৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ বিষয়টো একাধিকবাৰ আবেদনৰ জৰিয়তে উত্থাপন কৰি অহা হৈছে আৰু নেশ্যনেল কমিছন পৰ ডিনটিফাইড, নমেডিক এণ্ড ছেমি-নমেডিক ট্ৰাইবছৰ তৰফৰ পৰা সেয়া চোৱাও হৈছে। ৪৫৪ খন এনে আবেদনৰ ভিতৰত ৩০৪ খন আবেদনৰ ক্ষেত্ৰতেই জাতিগত প্ৰমাণপত্ৰ সম্পৰ্কীয় সমস্যা পোৱা গৈছে।
মহাৰাষ্ট্ৰৰ অনুসূচিত জাতি , অনুসূচিত জনজাতি, ডিনটিফাইড ট্ৰাইবছ (বিমুক্ত জাতি) অঘৰী জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, বিশেষভাৱে পিছপৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ আইন ২০০০ অনুযায়ী জাতিগত প্ৰমাণ পত্ৰ লাভ কৰিবলৈ হ’লে আবেদনকাৰী বা তেওঁৰ পূৰ্ব-পুৰুষ নিৰ্ধাৰিত সময়ৰ ভিতৰত (ডি-নটিফাইউ ট্ৰাইবছৰ ক্ষেত্ৰত ১৯৬১ চন) সংশ্লিষ্ট অঞ্চলৰ এগৰাকী স্থায়ী বাসিন্দা হোৱা প্ৰয়োজন। ''এই নিয়মৰ অধীনত জাতিগত প্ৰমাণ পত্ৰ লাভ কৰাতো সহজ নহয়,’’ এইদৰে কয় ছিৰুৰৰ সমাজকৰ্মী সুনীতা ভোছলেই।
''এই ভাটকিয়া-বিমুক্ত জাতি (ডি-নটিফাইড ট্ৰাইবছ)ৰ পৰিয়ালবোৰে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ, এখন জিলাৰ পৰা আন এখন জিলালৈ ঘূৰি ফুৰি আহিছে,’’ ভোছলেই কয়। তেওঁ আৰু কয়, ''এনেক্ষেত্ৰত এইসকল লোকে ৫০-৬০ বছৰ আগৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ ক’ৰ পৰা কেনেকৈ দিব পাৰিব? এই আইনখনৰ সংশোধনীৰ প্ৰয়োজন আছে।’’
ফানচে পাৰ্ধি সম্প্ৰদায়ৰ অন্তৰ্গত সুনীতাই ২০১০ চনত ক্ৰান্তি নামৰ স্বেচ্ছাসেৱী সংস্থাটো আৰম্ভ কৰিছিল আৰু তেতিয়াৰে পৰা ডি-নটিফাইড জনজাতিৰ লোকসকলৰ সৈতে জড়িত আইনী আৰু আন দিশসমূহ চোৱা-চিতা কৰি আহিছে। সংস্থাটোৱে জাতিৰ প্ৰমাণপত্ৰ, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু আন চৰকাৰী নথিপত্ৰ আদি আহৰণ কৰাতো সহায় কৰি দিয়ে, যাতে তেওঁলোকে চৰকাৰী আঁচনিবোৰ সহজে পাব পাৰে। উৎপীড়নৰ গোচৰ আদিৰো ওকালতি কৰে। “যোৱা ১৩ বছৰত আমি প্ৰায় ২,০০০ লোকক জাতিৰ প্ৰমাণপত্ৰ পোৱাত সহায় কৰিছো,” সুনীতাই কয়।
ক্ৰান্তিৰ স্বেচ্ছাসেৱকসকলে পুণে জিলাৰ ডাউন্দ আৰু ছিৰুৰ মহকুমা আৰু আহমেদনগৰ জিলাৰ শ্ৰীগোন্দা মহকুমাৰ ২২৯ খন গাঁৱত বাস কৰা ফাছে পাৰ্ধি, বেলডাৰ আৰু ভিল আদি ডিনটিফাইড জনজাতিৰ ২৫,০০০ লোকক সেৱা আগবঢ়াই আহিছে।
জাতিগত প্ৰমাণপত্ৰ এখন লাভ কৰাতো অতি দুৰূহ হোৱাৰ লগতে দীঘলীয়া সময় লাগে আৰু ধনৰো প্ৰয়োজন আহি পৰে বুলিও তেওঁ কয়। ''অফিচলৈ জেপৰ ধন খৰছ কৰি বাটকুৰি বাই ফুৰিবলগীয়া হয়। তাৰপিছত ইখনৰ পিছত সিখনকৈ কাগজ ফটোষ্টেট কৰাৰ দৰে কামবোৰতো আছেই। এখনৰ পিছত এখনকৈ নথি-পত্ৰ বিচাৰিব, সেয়া দিব লাগিব। এনেকৈ মানুহে আশাই এৰি দিয়ে,’’ সুনীতাই কয়।
*****
''ঘৰ বুলিবলৈ আমাৰ একোৱেই নাই। সৰু থকাৰে পৰা এতিয়ালৈ আমি কিমানবাৰ ঠাই সলালো তাৰো কোনো হিচাপ নাই,’’ এইদৰে কয় ৩৬ বৰ্ষীয় বিক্ৰম বাৰ্ডেই। তেওঁ আৰু কয়, ''মানুহে আমাক বিশ্বাস নকৰে। আজিও নকৰে। সেয়ে আমি ঠাই সলাবলগীয়া হয়। আমি কোন জনাৰ পিছত গাঁৱৰ মানুহে আমাক ঠাই এৰিবলৈ কৈ থাকে।’’
টিনৰ ছালি দিয়া একোঠলীয়া ঘৰটোত পত্নী ৰেখাৰ সৈতে বাস কৰে ফাছে পাৰ্ধি জনজাতিৰ দিন হাজিৰা কৰা শ্ৰমিক বিক্ৰমে। তেওঁলোকৰ এই ঘৰটো আলেগাঁও পাগা বস্তিৰ পৰা ১৫ কিলোমিটাৰ দূৰৈৰ কুৰুলি গাঁৱত ৫০ টা ভিল আৰু পাৰ্ধি পৰিয়ালক প্ৰদান কৰা সংস্থাপনৰ অংশ।
২০০৮ চনত যেতিয়া জালনা জিলাৰ জালনা মহকুমাস্থিত ভিলপুৰী গাঁৱলৈ প্ৰথমবাৰৰ বাবে মাক-দেউতাকৰ সৈতে আহিছিল তেতিয়া বিক্ৰমৰ বয়স আছিল ১৩ বছৰ। অলপ ভাবি তেওঁ কৈ গৈছে, ''মোৰ মনত আছে, আমি ভিলপুৰী গাঁৱত এটা কেঁচা ঘৰত বাস কৰিছিলো। মোৰ ককাদেউতা-আইতাই কৈছিল যে তেওঁলোকে আগতে বীড নামৰ ঠাইত বাস কৰিছিল।’’ (পঢ়কঃ অপৰাধ নাই, কিন্তু অন্তহীন নিৰ্যাতন)
২০১৩ চনত তেওঁ পুণেৰ এই ঠাইখিনিলৈ পৰিয়ালসহ আহিছিল। পুণে জিলাৰ বিভিন্ন গাঁৱত তেওঁ আৰু তেওঁৰ পত্নী ২৮ বছৰীয়া ৰেখাই কৃষি-কৰ্ম আৰু আন নিৰ্মাণ কাৰ্যৰ বাবে ঠাই সলাই সলাই বাস কৰি আহিছে। ''এদিনত আমি ৩৫০ টকা উপাৰ্জন কৰো। আমি দুসপ্তাহতকৈ বেছি দিন কামেই নাপাও,’’ বিক্ৰমে কয়।
দুবছৰ আগতে তেওঁ জাতিগত প্ৰমাণ-পত্ৰৰ বাবে প্ৰতিমাহে ২০০ টকাকৈ খৰছ কৰিছিল। ছিৰুৰস্থিত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ তেওঁ ১০ কিলোমিটাৰ বাটকুৰি বাই আবেদনপত্ৰ জমা দিয়াৰ পিছৰ পৰ্যায়ৰ কাম আগবাঢ়িছে নে নাই সেয়া জানিবলৈ মাহটোত ৫ বাৰকৈ অহা-যোৱা কৰিবলগীয়া হৈছিল।
''লগে-ভাগে অটোৰে অহা-যোৱা কৰোতে ৬০ টকা ভাৰা যায়। তাৰপিছত ফটোষ্টেট আছেই। তাৰপিছত অফিচত বোন্দাপৰ দি বহি থাকো গোটেই দিনটো। কামৰ ক্ষতি। কিন্তু স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ বুলিবলৈ মোৰ একোৱেই নাই। সেয়ে পিছত আশা বাদ দিলো,’’ বিক্ৰমে কয়।
তেওঁলোকৰ দুই সন্তান ১৪ বছৰীয়া কৰণ আৰু ১১ বছৰীয়া ছোহমে পুণেৰ মুলসী মহকুমাৰ বড়গাঁওস্থিত আৱাসিক চৰকাৰী স্কুলত পঢ়ে। কৰণে নৱম শ্ৰেণী পাইছে আৰু ছোহমে ষষ্ঠ শ্ৰেণী। বিক্ৰমে অলপ ভাবি কয়, ''সিহঁতহালেই এতিয়া আমাৰ আশা, ভৰসা সকলো। যদিহে সিঁহতে ভালকৈ পঢ়ি মানুহ হ’ব পাৰে তেন্তে সেয়াই আমাৰ সুখ। সিঁহতৰ জীৱনটো আমাৰ দৰে যাযাবৰী নহওক।’’
'পাৰি’ৰ তৰফৰ পৰা পুণেৰ সামাজিক ন্যায় আৰু বিশেষ সাহায্য বিভাগৰ বিষয়ববীয়াৰ সৈতে যোগাযোগ কৰি আৰ্থ-সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ কিমান লোকে বাসস্থান প্ৰদানৰ বাবে থকা বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছে সেই সম্পৰ্কে জানিবলৈ চেষ্টা চলোৱা হয়। বিভাগটোৰ এগৰাকী বিষয়াই জনায়, 'পুণেৰ বাৰামতী মহকুমাৰ পাণ্ডাৰে গাঁৱত ২০২১-২২ বৰ্ষত বিমুক্ত জাতি নটিফাইড ট্ৰাইবছ (VJNT)ৰ ১০ টা পৰিয়ালক ৮৮.৩ লাখ টকা আৱণ্টন দিয়া হৈছে। তাৰ বাহিৰে এই বৰ্ষত (২০২৩)ত যাযাবৰী জনজাতিৰ লোকসকলৰ বাবে কোনো আঁচনিত অনুমোদন জনোৱা হোৱা নাই।’’
এনে পৰিস্থিতিৰ মাজতে প্ৰতিবেদনৰ আৰম্ভণিতে উল্লেখ কৰা আলেগাঁও পাগা বস্তিৰ ৮০ বছৰীয়া শান্তাবাঈয়ে নাতিহালক লৈ ৰচিছে সুদিনৰ সপোন। তেওঁ পৰম আশাৰে কয়, ''মোৰ বিশ্বাস আছে। আমি ভাল ঘৰত নাথাকিব পাৰো। কিন্তু মোৰ এই নাতিহালে নিজে পঢ়ি-শুনি মানুহ হৈ ভাল ঘৰত থাকিবই। ভাল ঘৰত সিঁহতে ভালে-কুশলে থাকিব।’’
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি