পুৱা ৬:৩০ বজাৰ পৰা টুফানি আৰু তেওঁৰ শিপিনী দলটোৱে কাম কৰি আছে। প্ৰতিদিনে ১২ ইঞ্চিৰ হিচাপত চাৰিওজনে এতিয়া কাম কৰি থকা ২৩x৬ ফুটৰ গলিচা (দলিচা)খন সম্পূৰ্ণ কৰিবলৈ ৪০ দিন লাগিব।
বেলিটোৱে দুপৰীয়াৰ আকাশখন এৰি মূৰৰ ওপৰেৰে পাৰ হোৱাৰ সময়ত অৱশেষত জিৰণি ল’বলৈ বুলি কাঠৰ বেঞ্চখনতে বহিল টুফানি বিন্দ। পিছফালে উত্তৰ প্ৰদেশৰ পুৰজাগিৰ মুজেহৰা গাঁৱত থকা তেওঁৰ কৰ্মশালাত তেওঁ কাম কৰা টিনৰ চাংঘৰৰ কাঠৰ ফ্ৰেমত বগা কপাহৰ সূতা ওলমি আছে। এইটোৱেই হৈছে ৰাজ্যখনৰ দলিচা বয়ন উদ্যোগৰ হৃদপিণ্ড। এই উদ্যোগ এসময়ত মিৰ্জাপুৰত মোগলে স্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত ব্ৰিটিছে ইয়াৰ উদ্যোগীকৰণ কৰিছিল। ২০২০ চনৰ সৰ্বভাৰতীয় হস্ততাঁত লোকপিয়লৰ তথ্য অনুসৰি ৰাগ, মেট, আৰু দলিচাৰ উৎপাদনত উত্তৰ প্ৰদেশৰ আধিপত্য আছে, যিয়ে ৰাষ্ট্ৰীয় উৎপাদনৰ প্ৰায় আধা (৪৭ শতাংশ) অংশ উৎপাদন কৰে।
মিৰ্জাপুৰ চহৰৰ পৰা ঘাইপথৰ পৰা ঘূৰি অহাৰ লগে লগে পুৰজাগিৰ মুজেহৰা গাঁৱলৈ যোৱা পথটো সংকীৰ্ণ হৈ পৰে। দুয়োফালে স্থায়ী, বেছিভাগেই পকী আৰু একমহলীয়া ঘৰ আৰু কিছু কিছু খেৰৰ চালিৰে নিৰ্মাণ কৰা কেঁচা ঘৰ চকুত পৰে। পথটোৰে পাৰ হৈ যোৱাৰ সময়ত বতাহত আকাশলৈ পোনোৱা গৰুৰ গোৱৰৰ পিঠাৰ ধোঁৱা আৰু গাঁৱৰ গোন্ধ এটা নাকত লাগে। দিনৰ ভাগত পুৰুষক বাহিৰত খুব কমেইহে দেখা যায় যদিও মহিলাসকলে ঘৰুৱা কাম যেনে দমকলৰ তলত কাপোৰ ধোৱা বা স্থানীয় বিক্ৰেতাৰ সৈতে কথা পতা দেখা যায়।
সাধাৰণ দৃষ্টিৰে চালে এইখন যে শিপিনীৰ ঠাই, সেয়া অনুভৱ কৰিবলৈ কোনো বিশেষ চিন-মোকাম নাই। স্থানীয় লোকে কোৱাৰ দৰে ঘৰৰ বাহিৰত দলিচা বা ৰাগ জাপ জাপ কৰি থৈ দিয়াও হোৱা নাই। যদিও ঘৰবোৰত দলিচা বোৱাৰ বাবে অতিৰিক্ত ঠাই বা কোঠা আচুতীয়াকৈ আছে, তথাপিও মধ্যভোগীয়ে দলিচাবোৰ সাজু হ’লেই ধুই পৰিষ্কাৰ কৰিবলৈ তেওঁলোকৰ পৰা লৈ যায়।
জিৰণি লোৱাৰ সময়ত পাৰিৰ সৈতে কথা পাতি টুফানিয়ে কয়, “মই এয়া [গাঁঠি বোৱা] মোৰ দেউতাৰ পৰা শিকিছো আৰু ১২-১৩ বছৰ বয়সৰ পৰাই এই কাম কৰি আহিছো।” তেওঁৰ পৰিয়ালটো ৰাজ্যখনৰ আন পিছপৰা শ্ৰেণী (অ’বিচি) হিচাপে তালিকাভুক্ত বিন্দ সম্প্ৰদায়ৰ অন্তৰ্গত। লোকপিয়ল অনুসৰি উত্তৰ প্ৰদেশৰ অধিকাংশ শিপিনীয়েই এই অ’বিচি সম্প্ৰদায়ৰ।























