কাৰদগা গাঁৱত শিশু জন্ম পালে পৰিয়ালৰ লোকে সোমাক্কা পূজাৰীক খবৰ কৰে। ৯,০০০ লোকৰ বসতি থকা গাওঁখনত তেঁৱেই মুষ্টিমেয় কেইগৰাকীমান শিল্পীৰ মাজৰ এগৰাকী, যিয়ে ভেড়াৰ নোমৰ পৰা এতিয়াও খাৰু বনাব পাৰে। এই অলংকাৰক স্থানীয় ভাষাত কাণ্ডা বুলি কয়। পবিত্ৰ বুলি বিবেচিত এই খাৰু নৱজাতকক পিন্ধোৱা হয়।
“বিভিন্ন ধৰণৰ মানুহৰ মাজেৰে প্ৰতিকুল বতৰ নেওচি ভেড়াবোৰ ইখন গাঁৱৰ পৰা সিখনলৈ চৰণীয়া পথাৰৰ সন্ধানত নিবলগীয়া হয়,” পঞ্চাচৰ দেওনা পাৰ কৰা সোমাক্কাই কয়। ভেড়াবোৰ সহিঞ্চুতাৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু ভেড়াৰ নোমৰ পৰা তৈয়াৰী খাৰুৱে অপায়-অমংগল দূৰ কৰে বুলি তেওঁলোকৰ মাজত বিশ্বাস প্ৰচলিত।
ধনগৰ সম্প্ৰদায়ৰ মহিলাসকলে পাৰম্পৰিকভাৱে এই খাৰু সাজি আহিছে। এতিয়া কাৰদগা গাঁৱৰ কেৱল আঠটা ধনগৰ পৰিয়ালেহে এই শিল্প জীয়াই ৰাখিছে। “নিম্মা গাৱালা ঘাটলা আহে (এই গাঁৱৰ আধাসংখ্যক শিশুৰ হাত মই শুৱনি কৰিছো),” সোমাক্কাই মাৰাঠী ভাষাতে কয়। কাৰদগা গাওঁখন কৰ্ণাটকৰ বেলাগাভি জিলাত অৱস্থিত, মহাৰাষ্ট্ৰৰ সীমাৱৰ্তী এলেকাত। সেয়ে সোমাক্কাৰ দৰে বহুতে কান্নাড়া আৰু মাৰাঠী দুয়োটা ভাষাই ক’ব পাৰে।
“বিভিন্ন ধৰ্ম আৰু জাতিৰ লোকে আমাৰ পৰা খাৰু নিয়েহি,” সোমাক্কাই কয়।
সৰুতে সোমাক্কাই প্ৰয়াত মাতৃ কিষ্ণাবাই বনকৰক কাৰদগাত বৰ নিখুঁত খাৰু বনোৱা দেখিছিল। “কাণ্ডা বনোৱাৰ আগে আগে ভেড়াৰ প্ৰতিডাল নোম (লোকাৰ বুলিও কয়) তেওঁ তন্ন তন্নকৈ পৰীক্ষা কৰিছিল, তাকে দেখি মই আচৰিত হৈছিলো.” ভেড়াৰ নোমবোৰ মিহি হ’লে খাৰু বনোৱাটো মাকৰ বাবে সহজ হৈ পৰিছিল, সেই কথা সুঁৱৰি সোমাক্কাই কয়। ভেড়াৰ পৰা প্ৰথম খুৰোৱা নোমখিনি ব্যৱহাৰ কৰা হয়, কিয়নো তেনে নোমৰ টেক্সাৰ ভাল। “এশটা ভেড়াৰ ভিতৰত এটাৰহে নোম কাণ্ডা বনোৱাৰ বাবে উপযুক্ত।”
সোমাক্কাই তেওঁৰ প্ৰয়াত পিতৃ আপ্পাজি বনকৰৰ পৰা কাণ্ডা বনোৱা শিকিছিল। তেতিয়া তেওঁৰ বয়স আছিল ১০ বছৰ আৰু তেওঁ দুমাহত সেয়া শিকিছিল। চাৰিটা দশক পিছতো সোমাক্কাই এই পৰম্পৰা অব্যাহত ৰাখিছে আৰু পৰম্পৰাটোৰ প্ৰতি মানুহৰ আগ্ৰহ কমি অহাক লৈ তেওঁ চিন্তিত: “আজিকালি ডেকা ভেড়াৰখীয়াবোৰে ভেড়া চৰাবলৈকো নাযায়। ভেড়াৰ নোমৰ সৈতে জড়িত শিল্পৰ কথা তেওঁলোকে কি জানিব?”
সোমাক্কাই বুজাই কয়, “ভেড়া এটাৰ পৰা এবাৰত ১ৰ পৰা ২ কিলোগ্ৰাম নোম পোৱা যায়।” তেওঁলোকৰ পৰিয়ালৰ ভেড়া আছে, যিবোৰ পৰিয়ালৰ মতাবোৰে বছৰত দুবাৰ, দেৱালীৰ সময়ত এবাৰ আৰু বেন্দুৰৰ সময়ত (জুন আৰু আগষ্টৰ মাজত উদযাপিত ম’হৰ উৎসব) নোম খুৰায়। ভেড়া এটাৰ নোম কাটি সংগ্ৰহ কৰোঁতে প্ৰায় ১০ মিনিটমান লাগে। এই কামত কাঠাৰভূমি নামে এক পৰম্পৰাগত কেঁচী ব্যৱহাৰ কৰা হয়। সাধাৰণতে পুৱাৰ ভাগত এই কাম কৰা হয়। প্ৰতিডাল নোম তাৰ গুণগত মানৰ বাবে পৰীক্ষা কৰা হয় পাতল, ৰুক্ষ নোমবোৰ পেলাই দিয়া হয়।
সোমাক্কাক কাণ্ডা বনাবলৈ ১০ মিনিটমান সময় লাগে। সোমাক্কাই এতিয়া ব্যৱহাৰ কৰি থকা নোমবোৰ ২০২৩ৰ দেৱালীত কটা। “মই সেয়া নৱজাতকবোৰৰ কাৰণে আচুতীয়াকৈ ৰাখি থৈছিলো,” তেওঁ কয়।
নোমৰ পৰা খাৰু বনোৱাৰ আগেয়ে নোমখিনিৰ পৰা ধূলি-বালি আদি সোমাক্কাই আঁতৰাই লয়। তেওঁ নোমখিনি টানি-টুনি তাক এক ঘুৰণীয়া আকৃতি দিয়ে আৰু নৱজাতকৰ হাতৰ সৰুগাঁঠি অনুসৰি কাণ্ডাৰ চাইজ নিৰ্ধাৰণ কৰে। এবাৰ ঘূৰণীয়া আকৃতিটো গঢ় লৈ উঠিলে তেওঁ সেয়া হাতৰ তলুৱাত লৈ মোহাৰে। ঘঁহনি খাই সেই খাৰুপাত টান হৈ পৰে।
সোমাক্কাই কেইছেকেণ্ডমানৰ মূৰে মূৰে সেই খাৰুপাত পানীত ডুবায়। “যিমান পানীত ডুবাম, সিমানেই খাৰুপাত মজবুত হ’ব,” বৰ নিপুণতাৰে নোমখিনি টানি আৰু হাতৰ তলুৱাত মোহাৰি থাকি তেওঁ কয়।
“১ৰ পৰা ৩ বছৰৰ শিশুক এই খাৰু পিন্ধোৱা হয়,” কাণ্ডা এপাত অতিকমেও তিনি বছৰলৈ ভালে থাকে বুলি যোগ দি তেওঁ কয়। ধনগৰ সম্প্ৰদায়ৰ মহিলাই এই খাৰু বনোৱাৰ উপৰিও পশুধন চৰায় আৰু খেতিপথাৰৰো কাম কৰে। ধনগৰসকলক মহাৰাষ্ট্ৰত যাযাবৰ জনজাতি আৰু কৰ্ণাটকত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাবদ্ধ।
সোমাক্কাৰ স্বামী বালু পূজাৰীয়ে ১৫ বছৰ বয়সৰ পৰাই ভেড়াৰখীয়া হিচাপে কাম কৰিবলৈ লৈছিল। এতিয়া ৬২ বছৰ বয়সীয়া পূজাৰীয়ে বয়সৰ বাবেই সেই কাম এৰিছে। তেওঁ আজিকালি গাঁৱত তেওঁৰ দুই একৰ খেতিমাটিত কুঁহিয়াৰৰ খেতি কৰে।
সোমাক্কাৰ ডাঙৰজন ল’ৰা ৩৪ বৰ্ষীয় মালু পূজাৰীয়ে পশুধন চৰোৱাৰ দায়িত্ব লৈছে। বালুৱে কয় যে তেওঁৰ পুতেকে ৫০ টামান ভেড়া আৰু ছাগলী চৰায়। “এটা দশক আগতে আমাৰ পৰিয়ালৰ প্ৰায় ২০০ৰো অধিক পশুধন আছিল,” কাৰদগাৰ আশে-পাশে চৰণীয়া পথাৰ নাইকিয়া হৈ অহাৰ বাবে এনেকৈ পশুধন কমি অহাৰ প্ৰসংগ উলিয়াই তেওঁ কয়।
জাকটোৰ সংখ্যা কমি যোৱাত আগতে নুখুৰোৱা ভেড়া বিচাৰি পোৱাটো টান হৈ পৰিছে। ইয়ে গাওঁখনত নিৰ্মিত কাণ্ডাৰ ওপৰতো প্ৰভাৱ পেলাইছে।
সোমাক্কাৰ মনত আছে কেনেদৰে তেওঁ ভেড়া আৰু ছাগলী চৰাবলৈ যোৱা বালুক সেই যাত্ৰাত সংগ দিছিল। দুয়োজনে কৰ্ণাটকৰ বিজাপুৰলৈকে ১৫১ কিলোমিটাৰ আৰু আনফালে মহাৰাষ্ট্ৰৰ সোলাপুৰলৈ ২২৭ কিলোমিটাৰ পৰ্য্যন্ত গৈছিল। “আমি ইমানেই ভ্ৰমণ কৰিছিলো যে পথাৰবোৰেই আমাৰ ঘৰ হৈ পৰিছিল,” এটা দশক আগৰ জীৱনটোৰ কথা মনত পেলাই সোমাক্কাই কয়। “মুকলি পথাৰত শোৱাৰ মোৰ অভ্যাস হৈ গৈছিল। নিশা মূৰৰ ওপৰতে তৰা আৰু চন্দ্ৰটো থাকিছিল। সেয়া চাৰিবেৰে আগুৰা ঘৰৰ দৰে একেবাৰেই নাছিল।”
সোমাক্কাই কাৰদগা আৰু দহ কিলোমিটাৰ আশে-পাশে চুবুৰীয়া গাওঁবোৰৰ খেতিপথাৰত কামো কৰিছিল। তেওঁ সদায় খোজকাঢ়ি কামলৈ গৈছিল আৰু আনকি “কুঁৱাও খান্দিছিল আৰু শিল দাঙিছিল,” তেওঁ কয়। ১৯৮০ৰ দশকত তেওঁ কুঁৱা খন্দা কাটোত ২৫ পইচা পাইছিল। “সেই সময়ত এক কিলো চাউলৰ দাম ২ টকা আছিল,” তেওঁ মনত পেলায়।
হাতেৰে কাণ্ডা বনোৱাটো দেখাত সহজ যেন লাগিলেও তাত ভালেমান কথা লুকাই আছে। সেই নোম বহু সময়ত বনাই থকাজনৰ নাকে-মুখে সোমায়, হাঁচি-কাহ উঠে। তাৰপিছত সেই কামৰ বিনিময়ত পইচাও লোৱা নহয়। তাতে আকৌ চৰণীয়া পথাৰ কমি অহাত শিল্পবিধো হেৰাই যোৱাৰ উপক্ৰম ঘটিছে।
কাণ্ডা পিন্ধোৱা পৰ্বত সোমাক্কাই অৰিহণা হিচাপে পায় হলদ-কুনকু (হালধি-সেন্দুৰ), টোপি (পাৰম্পৰিক শিৰোধান), পান, চুপাৰী, জাম্পাৰ (ব্লাউজৰ কাপোৰ), শাড়ী, নাড়ল (নাৰিকল) আৰু তাৱেল। “কিছুমান পৰিয়ালে আকৌ দুপইচা দিয়েও,” কাণ্ডাৰ বিনিময়ত একো নিবিচাৰে যদিও এইবোৰ বস্তু দিয়াৰ কথা উল্লেখ কৰি সোমাক্কাই কয়। “এই শিল্পৰ উদ্দেশ্য পইচা উপাৰ্জন নহয়,” তেওঁ জোৰ দি কয়।
আজিকালি কিছুমানে ভেড়াৰ নোমৰ সৈতে ক’লা সূতা মিহলাই কাণ্ডা বুলি দহ টকা মানত মেলাত বিক্ৰী কৰে। “আচল কাণ্ডা বিচাৰি উলিওৱাটো টান হৈ পৰিছে,” সোমাক্কাৰ ৩০ বছৰীয়া পুত্ৰ ৰামচন্দ্ৰই কয়। দেউতাকৰ খেতিপথাৰত সহায় কৰি দিয়া ৰামচন্দ্ৰ গাঁৱৰ মন্দিৰটোৰ পূজাৰীও।
সোমাক্কাৰ জীয়েক ২৮ বৰ্ষীয় মহাদেৱীয়ে মাকৰ পৰা এই বিদ্যা আয়ত্ত্ব কৰিছে। “খুব কম মানুহ এতিয়া এই বিদ্যাত আগ্ৰহী,” এসময়ত ধনগৰ সম্প্ৰদায়ৰ প্ৰতিগৰাকী মহিলাই কাণ্ডা বনাব জানিছিল বুলি উল্লেখ কৰি সোমাক্কাই কয়।
সোমাক্কাই লোকাৰ(ভেড়াৰ নোম)ৰ পৰা সূতা বনোৱা কামো জানে। তেওঁ উৰুত লৈ ভেড়াৰ নোম বাটি সূতা প্ৰস্তুত কৰে। উৰুৰ ছালত ঘঁহনি খাই ছালখন জ্বলে, সেয়ে কিছুমানে এনেকৈ সূতা পকোৱাৰ বাবে কাঠৰ চৰ্খা ব্যৱহাৰ কৰে। তেওঁৰ পৰিয়ালে প্ৰস্তুত কৰা লোকাৰ ভেড়াৰ নোমেৰে তৈয়াৰী ঘুংগ্ৰি (কম্বল) বনোৱাত পাকৈত সনগৰ সম্প্ৰদায়ক বিক্ৰী কৰে। এই কম্বলবোৰ গ্ৰাহকলৈ ১,০০০ টকাত বিক্ৰী কৰা হয়। আনহাতে বোৱা সূতা সোমাক্কাই কিলোত খুব কম ৭ টকাকৈ পায়।
এই সূতাবোৰ ক’লহাপুৰৰ পট্টন কড়লি গাঁৱত অক্টোবৰ আৰু ডিচেম্বৰৰ মাজভাগত উদযাপিত ভিত্থা বীৰদেৱ যাত্ৰাৰ সময়ত বিক্ৰী কৰা হয়। সোমাক্কাই এই যাত্ৰাৰ আগে আগে দীঘলীয়া সময়ৰ বাবে কাম কৰি যাত্ৰাৰ ঠিক আগে আগে কমেও ২,৫০০ সূতা প্ৰস্তুত কৰে। “এনেকৈ কাম কৰি কৰি মোৰ ভৰি ফুলি যায়,” তেওঁ কয়। সোমাক্কাই ১০ কিলোগ্ৰামৰো অধিক সূতাৰে পাচি এটা মূৰত তুলি লৈ ১৬ কিলোমিটাৰ খোজ কাঢ়ে। এই আটাইখিনি কৰি তেওঁ পায় মুঠে ৯০ টকা।
ইমান পৰিশ্ৰম স্বত্ত্বেও সোমাক্কাৰ কাণ্ডা বনোৱাৰ প্ৰতি আগ্ৰহ কেতিয়াও ম্লান পৰা নাই। “এই পৰম্পৰা জীয়াই ৰাখিব পাৰি মই বৰ গৌৰৱ অনুভৱ কৰোঁ,” কপালত ভাণ্ডাৰা (হালধি)ৰ ফোট লোৱা সোমাক্কাই কয়। “মোৰ জন্মই ভেড়া-ছাগলীৰ মাজত, পথাৰত। এই শিল্পক মই মৃত্যু পৰ্য্যন্ত জীয়াই ৰাখিম।”
এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেছনৰ সমৰ্থনত সংকেত জৈনে গ্ৰামীণ শিল্পীক লৈ কৰা প্ৰতিবেদনৰ শৃংখলৰ অংশ।
অনুবাদ: পংকজ দাস