প্ৰথমবাৰ তেখেতৰ লগত পৰিচয় কৰাই দিওঁতে তেওঁৰ নামতো শুনি ভাবিছিলো যে এইটো কি ধৰণৰ নাম। ই কোনোমতে শুদ্ধ হ’ব নোৱাৰে। হিন্দীত লড়াইতি শব্দটোৰ অৰ্থ হ’ল কাজিয়া কৰি ফুৰা মহিলা। মই কিন্তু তেওঁক প্ৰথমবাৰ দেখিয়েই গম পাইছিলো যে তেওঁ এগৰাকী প্ৰবল আত্মবিশ্বাসী আৰু সংগ্ৰামী নাৰী। তাতোকৈ ডাঙৰ কথা, নিজৰ দুৰ্বলতাসমূহো তেওঁ ভালদৰেই জানে আৰু সেয়া মানি লবলৈও প্ৰস্তুত।
দুটা ৰূমৰ ঘৰটোৰ বাৰান্দাখনতে বহিবলৈ তেওঁ মোক এখন চকী আগবঢ়াই দিলে। পিছে তেওঁ নিজে নবহা দেখি মই তেওঁক বুজালো যে দুজন ব্যক্তিয়ে ভালদৰে কথা-বতৰা পাতিবলৈ সমভাবে বহাতো দৰকাৰী। মোৰ কথাখিনি বুজি পাই তেওঁ নিজৰ কাৰণেও এখন চকী উলিয়াই ল’লে তেতিয়া।
মই বৰ্তমান আছো উত্তৰাখণ্ডৰ সলমাতা গাঁওত। প্ৰায় ১১২ ঘৰ মানুহে বাস কৰা এই গাঁওখন উত্তৰাখণ্ডৰ উধম সিং নগৰৰ চিতাৰগঞ্জ খণ্ডৰ অৰ্ন্তগত। উত্তৰাখণ্ডৰ সৰ্ববৃহৎ জনগোষ্ঠী ঠাৰুছসকলৰ প্ৰতিপত্তিৰ পৰা সলমাতা গাঁওখনো সাৰি যাব পৰা নাই। কিংবদন্তি অনুসৰি আকৌ ঠাৰুছসকলৰ পূৰ্বপুৰুষ ৰাজপুতসকলৰ বংশোদ্ভৱ আছিল। লড়াইতি দেৱীয়ো এগৰাকী ঠাৰু সম্প্ৰদায়ৰে মহিলা আৰু মই ইতিমধ্যেই তেওঁৰ বিষয়ে স্থানীয় মহিলাসকলৰ মুখৰ পৰা বহুত প্ৰশংসা শুনিবলৈ পাইছো। সেইকাৰণে তেওঁৰ বিষয়ে ভালদৰে জানিবলৈ মোৰ বহুত মন গৈ আছে।
নিজৰ জীৱনৰ বিষয়ে ক’বলৈ তেওঁ মোক ২০০২ চনলৈকে লৈ গ’ল - “সেই সময়ত মই একোৱে নাছিলো। সমাজৰ আন বৈশিষ্ট্যতাহীন মহিলাসকলৰ মাজৰে এগৰাকী আছিলো। কিন্তু এটা সময়ত জীৱনলৈ এনে কিছুমান ব্যক্তিৰ আগমন ঘটিল, যিসকলে মোক জীৱনটো বেলেগ ধৰণে গঢ়িবলৈ সঠিক দিশ দেখুৱালে। তেওঁলোকে সমাজত আমাৰ দৰে মহিলাসকলৰ স্থিতি সবল কৰিবলৈ এটা গোট খোলাৰ প্ৰস্তাৱ দিলে। য’ত হয়তো আমি ইচ্ছা কৰিলে কিছু ধনো সঞ্চয় কৰিব পাৰিম।”






