ছাহাৰিয়া আদিবাসী সম্প্ৰদায়ৰ গুট্টি সমন্যাক মধ্যপ্ৰদেশ বন বিভাগে ‘চিতা মিত্ৰ’ হিচাপে দায়িত্ব দিয়াৰ সময়ত তেওঁক কোৱা হৈছিল যে “চিতাবাঘ দেখিলে বনাঞ্চলিক বিষয়াক খবৰ দিব।”
পইচা নাপালেও কামটো গুৰুত্বপূৰ্ণ আছিল। সাত সাগৰ তেৰ নদী পাৰ হৈ সামৰিক উৰাজাহাজ আৰু হেলিকপ্টাৰত উঠি ৮,০০০ কিলোমিটাৰ দূৰৰ পৰা কুনোলৈ আফ্ৰিকীয় চিতাবাঘ আহিছিল। চিতাবাঘ অনাৰ নামত ভাৰত চৰকাৰে অঘোষিত পৰিমাণৰ বিদেশী মুদ্ৰা খৰছ কৰিছিল, সংৰক্ষণৰ নামত চৰকাৰী চন্দুক উদং কৰিছিল।
চিতা মিত্ৰসকলৰ কাম আছিল লাহী দেহৰ এই বাঘবোৰক চোৰাং চিকাৰীৰ পৰা সুৰক্ষা দিয়া আৰু মানুহৰ ঘৰে-বাৰীয়ে সেই বাঘ সোমালে তাক মানুহৰ ৰোষৰ পৰা বচাই পুনৰাই হাবিলৈ নিয়াত সহায় কৰা। সেয়ে কুনো-পালপুৰ ৰাষ্ট্ৰীয় উদ্যান চমুকৈ কে.এন.পি.ৰ আশে-পাশে থকা সৰু সৰু চুবুৰী আৰু গাঁৱৰ কৃষক আৰু শ্ৰমিকৰ মাজৰ পৰা চৰকাৰে ৪০০-৫০০ জনমান চিতা মিত্ৰক ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে সাজু কৰিছিল।
কিন্তু চিতাবাঘকেইটাই ভাৰতত আহি ভালেখিনি সময় পিঞ্জৰাতে কটালে। আকৌ অৰণ্যতো ফেঞ্চিং লগোৱা হ’ল, যাতে আন কোনোবা বাহিৰত থাকিবলগীয়া হ’লেও চিতাবাঘকেইটা ভিতৰত থাকে। “আমাক ভিতৰত সোমাব নিদিয়ে। ছেচাইপুৰা আৰু বাগছাত নতুনকৈ দুখন গেট হৈছে,” চিতা মিত্ৰ হিচাপে দায়িত্ব পালন কৰি অহা শ্ৰীনিবাস আদিবাসীয়ে কয়।
গুট্টি আৰু আন ছাহাৰিয়া সম্প্ৰদায়ৰ আদিবাসী আৰু দলিত লোকসকলে আগতে কুনোত নাহৰফুটুকী আৰু আন বন্য জীৱৰ সৈতে সহৱস্থান কৰি থাকিছিল। ২০২৩ত তেঁৱেই আছিল শেষৰকেইজন লোকৰ এজন, যাক কুনোৰ হাই-প্ৰফাইল চিতা প্ৰকল্পৰ উদ্দেশ্যে উদ্যানখনৰ বাগছা গাঁৱৰ পৰা ৪০ কিলোমিটাৰ দূৰত সংস্থাপিত কৰা হৈছিল। বাঘৰ কাৰণে নিজৰ ঘৰ হেৰুওৱাৰ আঠ মাহ পিছত তেওঁ নিজৰ অসন্তুষ্টি ব্যক্ত কৰি কৈছে, “মই যদি চিতা মিত্ৰই হওঁ, তেন্তে কিয় মোক অৰণ্যৰ পৰা আঁতৰাই ৰখা হৈছে?”
চিতাবাঘক লৈ কটকটীয়া সুৰক্ষা ব্যৱস্থা আৰু গোপনীয়তাৰ ফলত আদিবাসী মানুহে চিতাবাঘৰ চি-টোকে দেখাটো অসম্ভৱ হৈ পৰিছে। গুট্টি আৰু শ্ৰীনিবাসে কয়, “আমি কেৱল ভিডিঅ’তহে চিতাবাঘ দেখিছো,” বন বিভাগে প্ৰচাৰ কৰা।
২০২২ৰ ছেপ্টেম্বৰত আঠটা চিতাবাঘৰ প্ৰথমটো দল কুনোলৈ অনা হৈছিল, ২০২৪ৰ ফেব্ৰুৱাৰীত তাৰ ১৬ মাহ হ’ল। ১২ টা বাঘৰ দ্বিতীয়টো দল অনা হ’ল ২০২৩ত। তাৰে সাতটা ঢুকাল। ভাৰতত জন্ম পোৱা দহটা চিতাবাঘৰ তিনিটা ঢুকাল। সেই হিচাপত মুঠ ১০ টা চিতাবাঘৰ মৃত্যু হ’ল।
এই লৈ চিন্তা কৰিবলগীয়া একো নাই, প্ৰকল্পটোৰ সফলতাৰ বাবে ৫০ শতাংশ চিতাবাঘ জীয়াই থাকিলেই হ’ব বুলি প্ৰকল্পটোৰ কাৰ্য্য-পৰিকল্পনাত কোৱা হৈছে। কিন্তু এয়া মুকলিত থকা চিতবাঘৰ বাবেহে। কিন্তু কুনোত চিতাকেইটাক ৫০×৫০ মিটাৰ আৱেষ্টনীত ৰখা হৈছে আৰু ০.৫×১.৫ বৰ্গ কিলোমিটাৰত সিহঁতক কোৱাৰেণ্টাইনত থকাৰ বাবে, নতুন জলবায়ুত খাপ খাই পৰাৰ বাবে আৰু অসুস্থতাৰ পৰা মুক্ত হ’বলৈ তথা সাম্ভাব্য চিকাৰৰ পৰা বচাবলৈ ঠাই দিয়া হৈছে। এই আটাইখিনি নিৰ্মাণ কৰা হৈছে ১৫ কোটিৰ বিনিময়ত। তেওঁলোকে অৰণ্যত মুকলিত চৰা, তাত প্ৰজনন কৰা, চিকাৰ কৰা আদিৰ বাবে অধিক খৰছ কৰা নাই, যিটো প্ৰকল্পটোৰ মূল উদ্দেশ্য আছিল।
তাৰ পৰিৱৰ্তে চিতাবাঘে বৰ্তমান থকা শিবিৰতে চিকাৰ কৰিছে। অৱশ্যে, “সিহঁতে নিজৰ ক্ষেত্ৰ স্থাপন কৰিবলৈ আৰু প্ৰজনন কৰিব নোৱাৰে। দক্ষিণ আফ্ৰিকাৰ কোনো এটা মাইকী চিতাবাঘে মতা বাঘৰ সৈতে পৰ্য্যাপ্ত সময় কটাবলৈ পোৱা নাই। কুনোৰ সাতটা চিতাবাঘৰ পোৱালীৰ ছটাই পৱন নামে এটা মতা চিতাবাঘৰ,” ড. আদ্ৰিয়ান টৰ্ডিফে কয়। দক্ষিণ আফ্ৰিকাৰ পশুচিকিৎসকগৰাকী চিতা প্ৰকল্পটোৰ মূল গোটটোৰ সদস্য আছিল, কিন্তু তেওঁক আঁতৰাই ৰখা হৈছিল বুলি তেওঁ কয়, শেষত তেওঁক প্ৰকল্পটোৰ বিষয়ে ৰাজহুৱা স্থানত কোৱাৰ পৰা বিৰত ৰখা হয়।
কুনো এসময়ত ৩৫০ বৰ্গকিলোমিটাৰৰ এখন সৰু অভয়াৰণ্য আছিল, বন্য জীৱ-জন্তুই মুকলিতে যাতে চিকাৰ কৰিব পাৰে, তাৰবাবে তাৰ আকাৰ দুগুণ কৰি ৰাষ্ট্ৰীয় অভয়াৰণ্য কৰি তোলা হৈছিল। বাঘৰ বাবে মুকলি বিচৰণৰ ঠাই বহলোৱাৰ বাবে ১৯৯৯ৰ পৰা এতিয়ালৈ ১৬,০০০ আদিবাসী আৰু দলিত লোকক এই ঠাইৰ পৰা উচ্ছেদ কৰা হৈছে।
“আমি বাহিৰ হৈ গ’লো, চিতা ভিতৰত থাকিল!” বাগছাৰ মাংগিলাল আদিবাসীয়ে কয়। ৩১ বছৰীয়া ছাহাৰিয়া আদিবাসী মাংগিলালে ছিওপুৰ টেহচিলৰ চাকবামুল্যাত নিজৰ ঘৰ আৰু পথাৰত অভ্যস্ত হোৱাৰ অপাৰ চেষ্টা কৰিছে।
গুট্টি, শ্ৰীনিবাস আৰু মাংগিলাল ছাহাৰিয়া আদিবাসী সম্প্ৰদায়ৰ। মধ্যপ্ৰদেশত বিশেষভাৱে বিপন্ন জনজাতীয় গোট (চমুকৈ পিভিটিজি) হিচাপে তালিকাবদ্ধ এইসকল লোক ৰেজিন, খৰি, ফল-মূল আৰু ঔষধি তৰু-তৃণৰ বাবে অৰণ্যৰ ওপৰত অতিশয় নিৰ্ভৰশীল।
“বাগছাত থাকোতে (য’ৰপৰা তেওঁলোকক বিস্থাপিত কৰা হৈছিল) আমি অৰণ্যত সোমাব পাৰিছিলো। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি যি ১,৫০০ চিৰ গোণ্ড (ৰেজিন)ৰ গছৰ পৰা আমাৰ পৰিয়ালে জীৱিকা উপাৰ্জন কৰি আহিছিল, আমাৰ অধিকাৰ আছিল, সেয়া আমি এৰি আহিবলগীয়া হৈছে,” মংগিলালে কয়। পঢ়ক: কুনো: চিতা সোমাব, আদিবাসী ওলাব । এতিয়া মাংগিলালকে ধৰি তেওঁলোকৰ গাঁৱৰ বহুতেই সেই গছবোৰৰ পৰা ৩০-৩৫ কিলোমিটাৰ দূৰত বাস কৰে, অৰণ্যত তেওঁলোক সোমাব নোৱাৰে, ফেঞ্চিং দি তেওঁলোকক অৰণ্যৰ পৰা আঁতৰাই ৰখা হৈছে।
“আমি ১৫ লাখ টকাকৈ পাম বুলি কৈছিল (বিস্থাপনৰ বাবে), কিন্তু পালো মাত্ৰ ঘৰ বন্ধাৰ বাবে তিনি লাখ, খাদ্যবস্তু কিনাৰ বাবে ৭৫,০০০ আৰু বীজ-সাৰ আদি কিনাৰ বাবে ২০,০০০ টকা,” মাংগিলালে কয়। বাকী ১২ লাখ টকাৰ বাবে বন বিভাগে বিস্থাপন কমিটিখনে কৈছে যে ন বিঘা মাটি (প্ৰায় তিনি একৰ মাটি), বিদ্যুত, ৰাস্তা, পানী আৰু অনাময় ব্যৱস্থাৰ নামত খৰছ হৈছে।
নতুনকৈ স্থাপিত বাগছা গাওঁখনৰ পাটেল (গাওঁবুঢ়া) হৈছে বাল্লু আদিবাসী। বিস্থাপিত মানুহখিনিয়ে গাওঁখনৰ পুৰণি নামটোৱে বাহাল ৰখাটো বিচাৰিছে। শীতৰ সন্ধিয়াৰ ক্ষীণ পোহৰত তেওঁ চাৰিওফালে সিঁচৰতি হৈ থকা কনষ্ট্ৰাকছনৰ ভগা শিল-ইটা-কংক্ৰীটৰ দ’ম আৰু ক’লা তিৰ্পালৰ তম্বুবোৰলৈ চাই ৰ’ল। দূৰত অৰ্ধনিৰ্মিত ইটা আৰু চিমেণ্টৰ ঘৰবোৰ দেখা গৈছে, ছিওপুৰ চহৰলৈ তাৰ কাষেৰে সমান্তৰালভাৱে দেখা গৈছে ব্যস্ত হাইৱেটো। “আমাৰ ঘৰবোৰ সম্পূৰ্ণ কৰিবলৈ আমাৰ হাতত পইচা নাই, পথাৰত পানীৰ ব্যৱস্থা কৰিবলৈও পইচা নাই,” তেওঁ কয়।
“আপুনি যি খেতি দেখিছে, সেয়া আমি কৰা নহয়। আমি সেই খেতি ইয়াৰে মানুহক আধিয়াত দিবলগীয়া হৈছে। যিমানখিনি পইচা পাইছো, সিমানখিনিৰে খেতি কৰিব নোৱাৰিলো,” বাল্লুৱে কয়। লগতে তেওঁ কয় যে তেওঁলোক যি গাঁৱত আছে, তাৰে উচ্চ জাতৰ লোকৰ খেতিমাটিৰ দৰে তেওঁলোকৰ খেতিপথাৰবোৰ সমান নহয়।
২০২২ত পাৰিয়ে বাল্লুৰ সাক্ষাৎকাৰ লওঁতে তেওঁ কৈচিল যে যিসকলক আগতে তাৰ পৰা বিস্থাপিত কৰা হৈছিল, তেওঁলোকে আজি ২০ বছৰ পিছতো ৰাজ্য চৰকাৰৰ সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে অপেক্ষা কৰি আছে: “আমাৰো সেই একেই দশা হওঁক, আমি নিবিচাৰো,” বিস্থাপনৰ অতীত খুঁচৰি তেওঁ কথাষাৰ কয়। পঢ়ক: সিহঁতৰ ভিকাচন ভাগিল, বছৰো বাগৰিল, কিন্তু বনৰজা নাহিলকিন্তু একেই অৱস্থাৰ দিশে তেওঁলোক গতি কৰিছে।
“সিহঁতে আমাক কুনোৰ পৰা আঁতৰোৱাৰ সময়ত বৰ ফটাফট নিৰ্দেশ দিছিল। কিন্তু এতিয়া সিহঁতৰ পাল পৰাত সিহঁতে আমাক বিমুখ কৰিছে,” চিতা মিত্ৰ হোৱা সত্ত্বেও গুট্টি সমন্যাই কয়।
*****
শেষৰচাম আদিবাসী ওলাই যোৱাৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখনৰ ৭৪৮ বৰ্গকিলোমিটাৰজোৰা অঞ্চল কেৱল চিতাবাঘৰ হৈ পৰিছে – ইমানখিনি সুবিধা চিতাবাঘে পোৱাক লৈ সংৰক্ষণবিদসকল বিভ্ৰান্তিত পৰিছে। গাংগেয় ডলফিন, গ্ৰেইট ইণ্ডিয়ান বাষ্টাৰ্ড, সাগৰীয় কাছ, এছিয়ায় সিংহ, তিব্বতীয় কৃষ্ণমৃগ আৰু আন বহু স্থানীয় প্ৰজাতি “অতিশয় বিপন্ন...অগ্ৰাধিকাৰ পাবলগীয়া প্ৰজাতি,” যিবোৰৰ নাম ভাৰতীয় বন্যপ্ৰাণী কাৰ্য্যপৰিকল্পনা ২০১৭-২০৩১ত উল্লেখ আছে। চিতাবাঘৰ নাম নাই।
চিতাবাঘ কুনোলৈ অনা কামটোত ভাৰতে আইনী মেৰ-পেচৰ মাজেদি পাৰ হ’বলগীয়া হোৱাৰ লগতে কূটনৈতিক বাধাও লংঘিবলগীয়া হৈছিল। ভাৰতত বিলুপ্ত হৈ যোৱা এছিয়ায় চিতা ( Acinonyx jubatus venaticus )ৰ ঠাইত আফ্ৰিকীয় চিতা ( Acinonyx jubatus ) অনাৰ পৰিকল্পনা উচ্চতম ন্যায়ালয়ে ২০১৩ চনতে “বাতিল” কৰিছিল।
কিন্তু ২০২০ৰ জানুৱাৰীত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষ (এন.টি.চি.এ.)য়ে দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে পৰীক্ষামূলক ভিত্তিত চিতা আনিব পাৰি। ইয়াৰ উপৰিও কোৱা হৈছে যে এই পৰিকল্পনা টিকিব নে নাই, সেই কথা কেৱল এনটিচিএ-য়ে ইয়াৰ নিৰ্ণয় কৰিব নোৱাৰে, সেই দায়িত্ব বিশেষজ্ঞ কমিটিক দিয়া উচিত।
এই নিৰ্দেশৰ ভিত্তিত প্ৰায় দহজনীয়া সদস্যৰে উচ্চ পৰ্য্যায়ৰ প্ৰজেক্ট চিতা ষ্টিয়েৰিং কমিটি গঠন কৰা হয়। কিন্তু এই কমিটিৰে বিজ্ঞানী টৰ্ডিফে কয়, “মোক কেতিয়াও [বৈঠকলৈ] নিমন্ত্ৰণ কৰা নাছিল।” পাৰিয়ে চিতা প্ৰকল্পৰ সৈতে জড়িত বহু বিশেষজ্ঞৰ সৈতে কথা পাতিছে যিসকলে কয় যে তেওঁলোকৰ পৰামৰ্শক সদায় অৱজ্ঞা কৰি অহা হৈছে আৰু “উৰ্ধতন কৰ্তৃপক্ষৰ কোনো ধাৰণা নাই, কিন্তু আমাকো স্বতন্ত্ৰভাৱে কাম কৰিবলৈ নিদিয়ে।” কিন্তু উৰ্ধতন কৰ্তৃপক্ষৰ কোনোবাই সদায় এই প্ৰকল্পটো সফল হোৱাটো দেখুৱাব বিচাৰিছিল, সেয়ে যিকোনো ‘নেতিবাচক’ কথা উলাই কৰি চলিছিল।
সৰ্বোচ্চ ন্যায়ালয়খনৰ ৰায়দানে চিতা প্ৰকল্পৰ বাট মোকলাই দিয়াত প্ৰকল্প তীব্ৰগতিত চলিবলৈ ল’লে। ২০২২ৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে ইয়াক সংৰক্ষণৰ দিশত এক সফলতা বুলি দাবী কৰে আৰু তেওঁৰ জন্মদিনৰ দিনটো চিতাবাঘ প্ৰথমবাৰৰ বাবে মুকলি কৰা স্থানত উপস্থিত থাকি উদযাপন কৰে।
সংৰক্ষণৰ বাবে প্ৰধানমন্ত্ৰীজনৰ যি উৎসাহ, তাৰ এক সম্পূৰ্ণ বিপৰীত ছবি দেখা যায় গুজৰাটত তেওঁ ২০০০ চনৰ প্ৰথমভাগত মুখ্যমন্ত্ৰী হৈ থকা সময়ত। ‘গুজৰাটৰ গৌৰৱ ’ সিংহ আন ৰাজ্যলৈ পঠিওৱাৰ অনুমতি মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া নাছিল। আই ইউ চি এন-ৰ ৰেড লিষ্টৰ বিপন্ন প্ৰজাতিৰ তালিকাত থকা সেই একেই এছিয়ায় সিংহ, যাৰ সংৰক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল।
দুটা দশক পিছত, সিংহৰ দ্বিতীয়খন ঘৰ বাবে সংৰক্ষণৰ অতিশয় প্ৰয়োজন অব্যাহত থাকিল। আমাৰ একমাত্ৰ এছিয়ায় সিংহ ( Panthera leossp persica )ৰ একমাত্ৰ এখনেই ঘৰ, সেয়া হৈছে গুজৰাটৰ সৌৰাষ্ট্ৰ উপদ্বীপ। কুনোলৈ আহিব লাগিছিল সিংহ - যিটোৰ যুক্তি বিজ্ঞানৰ ওপৰত আধাৰিত, ৰাজনীতিৰ ওপৰত নহয়।
চিতাৰ বাবে চৰকাৰে ইমানেই গুৰুত্ব দিলে যে হাতীদাঁতৰ বিক্ৰীৰ বিৰুদ্ধে থকা নিজৰ স্থিতি শিথিল কৰি নামিবিয়াক সন্তুষ্ট কৰিলে - তাৰপৰাই চিতাবাঘৰ দ্বিতীয়টো জাক আহিল। আমাৰ বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ ধাৰা ৪৯বি অনুসৰি হাতীদাঁতৰ যিকোনো ধৰণৰ বেপাৰ, আনকি আমদানিও নিষিদ্ধ। নামিবিয়া হাতীদাঁত ৰপ্তানী কৰা দেশ আৰু সেয়ে ভাৰতে কনভেনচন অন ইণ্টাৰনেশ্চনেল ট্ৰেড ইন এনডেঞ্জাৰ্দ স্পেচিছ অৱ ৱাইল্ড ফ’না এণ্ড ফ্ল’ৰা (চি.আই.টি.ই.এছ.) কনফাৰেন্সৰ পানামা সন্মিলনত হাতীদাঁত বাণিজ্যিক বিক্ৰী বিষয়ত ভোটদানৰ পৰা বিৰত থাকিল। বিনিময়মূলক সমৰ্থনৰ এক স্পষ্ট ছবি ইয়াতেই ফুটি উঠে।
শেষৰচাম আদিবাসী ওলাই যোৱাৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখনৰ ৭৪৮ বৰ্গকিলোমিটাৰজোৰা অঞ্চল কেৱল চিতাবাঘৰ হৈ পৰিছে – ইমানখিনি সুবিধা চিতাবাঘে পোৱাক লৈ সংৰক্ষণবিদসকল বিভ্ৰান্তিত পৰিছে। গাংগেয় ডলফিন, গ্ৰেইট ইণ্ডিয়ান বাষ্টাৰ্ড, সাগৰীয় কাছ, এছিয়ায় সিংহ, তিব্বতীয় কৃষ্ণমৃগ আৰু আন বহু স্থানীয় প্ৰজাতি “অতিশয় বিপন্ন...অগ্ৰাধিকাৰ পাবলগীয়া প্ৰজাতি,” যিবোৰৰ নাম ভাৰতীয় বন্যপ্ৰাণী কাৰ্য্যপৰিকল্পনা ২০১৭-২০৩১ত উল্লেখ আছে। চিতাবাঘৰ নাম নাই
বাগছাত মাংগিলালে কয় যে বাঘৰ চিন্তা তেওঁ কৰা নাই, চিন্তা তেওঁৰ ছজনীয়া পৰিয়ালটোৰ বাবে খাদ্য আৰু খৰি যোগানতহে হৈছে। “কেৱল খেতি কৰি পৰিয়াল চলাব নোৱাৰিম। সম্ভৱ নহয়,” তেওঁ কয়। কুনোৰ ভিতৰত থকা তেওঁলোকৰ ঘৰত তেওঁলোকে বাজৰা, জোৱাৰ, মাকৈ, মচুৰ দাইল আৰু পাচলিৰ খেতি কৰিছিল। “এই মাটি ধানখেতিৰ বাবে ভাল, কিন্তু মাটিখিনি সাজু কৰাটোত খৰছ আছে আৰু আমাৰ হাতত পইচা নাই।”
শ্ৰীনিবাসে কয় যে তেওঁ কামৰ বাবে জয়পুৰলৈ যাব। “ইয়াত আমাৰ একো কাম নাই আৰু অৰণ্যৰ বাট আমাৰ বাবে বন্ধ বাবে উপাৰ্জনো নাই,” আঠমহীয়া কেঁচুৱাৰ সৈতে তিনি সন্তানৰ পিতৃ মাংগিলালে কয়।
পৰিৱেশ, বন আৰু জলবায় পৰিৱৰ্তন মন্ত্ৰালয়ে ২০২১ৰ নৱেম্বৰত মুকলি কৰা চিতাৰ আনুষ্ঠানিক আগমনৰ কাৰ্য্যপৰিকল্পনাত স্থানীয় লোকৰ বাবে সংস্থাপনৰ উল্লেখ আছিল। কিন্তু চিতাৰ যত্ন লোৱা আৰু পৰ্য্যটনৰ এশমান সংস্থাপনৰ বাদে স্থানীয় লোকে আন একো প্ৰকাৰে লাভান্বিত হোৱা নাই।
*****
প্ৰথমে সিংহ আৰু এতিয়া চিতাই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত তাৰকাৰ ভূমিকাত অৱতীৰ্ণ হৈছে, লগতে ৰাজনীতিৰ ভাৱমূৰ্তি বঢ়োৱাতো কামত দিছে। সংৰক্ষণ মাত্ৰ অভিনয় হৈ ৰৈছে।
চিতা কাৰ্য্যপৰিকল্পনাখন ৪৪ পৃষ্ঠাৰ এখন নথি, যিখনত চিতা সংৰক্ষণৰ বাব দেশখনৰ যি এজেণ্ডা, তাত সমস্ত দায়িত্ব কেৱল চিতাৰ ওপৰতে ন্যস্ত কৰা হৈছে। কোৱা হৈছে, এই চিতাই ‘তৃণভূমি পুনৰোদ্ধাৰ কৰিব…কৃষ্ণসাৰ উদ্ধাৰ কৰিব…মানুহৰ অৰণ্য নাইকিয়া কৰিব…’ পৰিৱেশ প্ৰতি বন্ধুভাৱাপন্ন পৰ্য্যটনৰ অৰিহণা যোগাব, আনকি বিশ্ব দৰবাৰত আমাৰ নামো উজলি উঠিব - ‘চিতাৰ সংৰক্ষণৰ প্ৰতি বিশ্বৰ প্ৰচেষ্টাত ভাৰতে হাত উজান দিয়া সকলোৱে দেখিব।’
প্ৰকল্পৰ ধন আহিছিল এনটিচিএ-ৰ প্ৰায় ১৯৫ কোটি টকাৰ বাজেট (২০২১)ৰ পৰা, বন মন্ত্ৰালয়ৰ পৰা আৰু ৰাজহুৱা খণ্ডৰ ইণ্ডিয়ান অইলৰ ক’ৰ্পৰেট সামাজিক দায়িত্ব (চি.এছ.আৰ.)ৰ পৰা। দিল্লীৰ পৰা কোনো জন্তু বা চৰাইয়ে ইমানখিনি পাবপৰাকৈ যোগ্য হৈ উঠাৰ কোনো নজিৰ নাই।
তাতে আকৌ চিতা প্ৰকল্পৰ প্ৰতি কেন্দ্ৰ চৰকাৰৰ নিজাববীয়া আগ্ৰহৰ বাবেও প্ৰকল্পটো কাৰ্য্যকৰ হোৱাত বাধা আহি পৰিছে। “ৰাজ্য চৰকাৰক বিশ্বাস কৰাৰ পৰিৱৰ্তে ভাৰত চৰকাৰৰ বিষয়-ববীয়াই নিজাকৈ দিল্লীৰ পৰা এই প্ৰকল্পটো পৰিচালনা কৰিবলৈ লৈছে। ইয়ে ভালেমান সমস্যা সমাধানত জটিলতাৰ সৃষ্টি কৰিছে,” জে.এছ. চৌহানে কয়।
চিতাবাঘ অহাৰ সময়ত তেওঁ মধ্য প্ৰদেশৰ মুখ্য বন ৱাৰ্ডেন আছিল। “মই তেওঁলোকক অনুৰোধ কৰিছিলো যে আমাৰ কে.এন.পি.ত ২০ টা চিতা ৰাখিব পৰাকৈ পৰ্য্যাপ্ত ঠাই নাই আৰু চিতা কাৰ্য্যপৰিকল্পনাত উল্লেখ কৰাৰ দৰে কেইটামানক আন ঠাইত পঠিওৱাৰ বাবে আমাক অনুমতি দিব লাগে।” চৌহানে আন ঠাই মানে চুবুৰীয়া ৰাজ্য ৰাজস্থানৰ মুকান্দ্ৰা হিলচ্ টাইগাৰ ৰিজাৰ্ভৰ কথা কৈছিল য’ত ৭৫৯ বৰ্গকিলোমিটাৰ আৱেষ্টিত বন আছে।
দীৰ্ঘদিনীয়া অভিজ্ঞতাসম্পন্ন ভাৰতীয় বনসেৱাৰ প্ৰাক্তন বিষয়া চৌহানে কয় যে তেওঁ এনটিচিএ-ৰ মেম্বাৰ চেক্ৰেটেৰি এছ.পি. যাদৱক “প্ৰজাতিবিধৰ আৱশ্যকতা অনুসৰি সঠিক সিদ্ধান্ত লোৱাৰ বাবে” ভালেকেইবাৰ পত্ৰযোগে অনুৰোধ জনাইছিল, কিন্তু সকলো চেষ্টা বৃথা আছিল। চৌহানক ২০২৩ৰ জুলাইত পদৰ পৰা আঁতৰাই দিয়া হয় আৰু কেইমানহমান পিছতে তেওঁ অৱসৰ পায়।
চৰজমিন পৰ্য্যায়ত চিতাৰ পৰিচালনা কৰাসকলক দ্ব্যৰ্থহীনভাৱে কোৱা হৈছিল যে ইমান দামী জন্তুকেইটাক বিৰোধী দল কংগ্ৰেছে শাসন কৰি থকা ৰাজ্য এখনলৈ (ৰাজস্থানলৈ) পঠিওৱাটো সম্ভৱ নহয়। “নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে অন্তত নোৱাৰি (২০২৩ৰ নৱেম্বৰ আৰু ডিচেম্বৰত অনুষ্ঠিত হোৱা)।”
চিতাৰ কল্যাণ অগ্ৰাধিকাৰ পোৱা বিষয় হৈ থকা নাছিল।
“এইটো সাধাৰণ এটা সংৰক্ষণৰ প্ৰকল্প বুলি ভবাটো আমাৰ অপৰিপক্কতা আছিল,” অনাড়ম্বৰ স্বভাৱৰ টৰ্ডিফে কয়। তেওঁ এতিয়া ভাৱে যে প্ৰকল্পটোৰ পৰা তেওঁ নিজকে আঁতৰাই ৰখাটো ভাল। “আমি এই বিষয়টোত ৰাজনৈতিক প্ৰভাৱ পৰিব বুলি ভবা নাছিলো।” তেওঁ কয় যে তেওঁ চিতা স্থানান্তৰৰ ভালেকেইটা প্ৰকল্পত কাম কৰিছে, কিন্তু সেইবোৰৰ উদ্দেশ্য আছিল সংৰক্ষণ, ৰাজনৈতিক মেৰপেচ তাত নাছিল।
শাসকীয় দল ভাৰতীয় জনতা পাৰ্টি মধ্যপ্ৰদেশত শাসনলৈ অহাত প্ৰেছ বিজ্ঞপ্তিযোগে কোৱা হ’ল যে মধ্যপ্ৰদেশৰ গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্য (ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল নহয়)খনো চিতাবাঘৰ বাবে সাজু কৰি তোলা হ’ব।
কিন্তু তৃতীয়টো জাক ক’ৰ পৰা অনা হ’ব সেয়া স্পষ্ট নহয়। কিয়নো ভাৰতত এনেকৈ মৰিবলৈ চিতাবাঘ কিয় পঠিওৱা হ’ল বুলি দক্ষিণ আফ্ৰিকাৰ স্থানীয় সংৰক্ষণবিদসকলে চৰকাৰক কটু সমালোচনা কৰাৰ ফলত দেশখনে ইমান সোনকালে চিতাবাঘৰ ৰপ্তানি কৰিবলৈ দ্বিধাবোধ কৰিব। “কেনিয়াক সোধাৰ থল আছিল যদিও সেইখন দেশৰ চিতাৰ সংখ্যাও হ্ৰাস পাইছে,” নাম প্ৰকাশত অনিচ্ছুক এজন বিশেষজ্ঞই কয়।
*****
“জংগল মে মংগল হৌ গয়া (হাবিত এতিয়া উচৱ চলিছে),” মাংগিলালে সামান্য ৰগৰ কৰি কয়।
চাফাৰি উদ্যানৰ বাবে বনৰীয়া চিতাৰ প্ৰয়োজন নাই, পিঞ্জৰাবদ্ধ চিতাই যথেষ্ট।
চিতাৰ পিছত এতিয়া ভাৰতৰ ভালেখিনি বল-শক্তি ব্যয় হৈছে। এমুঠিমান পশুচিকিৎসক, নতুন এখন হস্পিতাল, ৫০ জন ট্ৰেকাৰ, ১৫ জন কেম্পাৰ ভানৰ চালক, ১০০ বন সুৰক্ষা কৰ্মী, ৱায়াৰলেচ অপাৰেটৰ, ইনফ্ৰা-ৰেড কেমেৰা অপাৰেটৰ আৰু গুৰুত্বপূৰ্ণ ভিজিটৰৰ বাবে এখন হেলিপেড। তাকো অৰণ্যৰ ক’ৰ এলেকাত। বাফাৰ জ’নতো বন সুৰক্ষা কৰ্মী আৰু বনৰক্ষী আছে।
ৰেডিঅ’ কলাৰ আৰু ট্ৰেকাৰ লগোৱা চিতাবাঘকেইটা ‘হাবিত নাই’ আৰু মানুহৰ সংস্পৰ্শলৈ অহাৰ ঘটনা এতিয়ালৈকে ঘটা নাই। চিতাবাঘ অনাৰ কেইসপ্তাহমান আগেয়ে ৰাইফল লৈ বনৰক্ষী আৰু লগত প্ৰশিক্ষণপ্ৰাপ্ত এলচেছিয়ান কুকুৰ কে.এন.পি.ৰ স্থানীয় লোকৰ ঘৰবোৰ শুঙি ফুৰিছিল, কোনো লোকেই ভাল পোৱা নাছিল। বনৰক্ষীয়ে অস্ত্ৰ দেখুৱাইছিল আৰু কুকুৰবোৰে দাঁত। গাঁৱৰ মানুহে বুজি উঠিছিল যে তেওঁলোকে চিতাবাঘৰ ৰাস্তাত বাধা দিয়ে, সেই কুকুৰে তেওঁলোকক শুঙি শুঙি বিচাৰি উলিয়াব আৰু তেওঁলোকক নেফানেফ কৰি পেলাব।
কুনোৰ বাচনি কৰা হৈছিল তাত “পৰ্য্যাপ্ত সংখ্যক চিকাৰ” থকাৰ বাবে, ভাৰতত চিতাৰ আনুষ্ঠানিক অৱতাৰণাৰ বাৰ্ষিক প্ৰতিবেদনত এই কথা কোৱা হৈছে। কিন্তু হয়তো এই কথা মিছা, নাইবা চৰকাৰে সুৰুঙা এৰিব বিচৰা নাই। “আমি কে.এন.পি.ত চিকাৰৰ ভেটি বনাব লাগিব,” এই কথা এইজন প্ৰতিবেদকক কৈছিল মধ্যপ্ৰদেশৰ প্ৰধান মুখ্য বন সংৰক্ষক অসীম শ্ৰীবাস্তৱে। তেওঁ ২০২৩ৰ জুলাইত কয় যে নাহৰফুটুকী বাঘৰ সংখ্যা ১০০ টা হৈছে, ফলত খাদ্যৰ ওপৰত হেঁচা পৰিছে।
“আমি ফুটুকী হৰিণৰ প্ৰজননৰ বাবে ১০০ হেক্টৰৰ আৱেষ্টনী নিৰ্মাণ কৰি আছো, কিয়নো চিকাৰৰ সংখ্যা বৃদ্ধি পোৱাটো জৰুৰী,” পেঞ্চ, কানহা আৰু বান্ধৱগঢ় ব্যাঘ্ৰ প্ৰকল্প পৰিচালনাৰ দুটা দশকৰো অধিক অভিজ্ঞতাসম্পন্ন ভাৰতীয় বন সেৱা বিষয়া শ্ৰীবাস্তৱে কয়।
চিতাবাঘৰ বাবে পুঁজিৰ সমস্যা হোৱা নাই - শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে, “চিতাৰ অৱতাৰণাৰ প্ৰথমটো পৰ্য্যায়ত পাঁচ বছৰৰ বাজেট হৈছে ৩৯ কোটি টকা (৫ মিলিয়ন আমেৰিকান ডলাৰ)।”
“বৰ বেছি প্ৰচাৰ লাভ কৰা আৰু আটাইতকৈ ব্যয়বহুল সংৰক্ষণ প্ৰকল্পসমূহৰ ভিতৰত এয়া অন্যতম,” সংৰক্ষণ বিজ্ঞানী, ড০ ৰবি চেল্লমে চিতা অনা এই প্ৰকল্পৰ বিষয়ে এই মন্তব্য কৰে। তেওঁ কয় যে বাঘক পৰিপূৰক খাদ্য প্ৰদানে এক বিপজ্জনক পৰম্পৰা গঢ়ি তুলিছে। “চিকাৰ যোগান ধৰাটো যদি সংৰক্ষণৰ অংশ হয়, তেন্তে আমি প্ৰাকৃতিক প্ৰক্ৰিয়াটোক অস্থিৰ কৰিছো আৰু তাৰ পৰিণাম কি হ’ব পাৰে আমি নাজানো। আমি এই চিতাবোৰক বন্যপ্ৰাণী হিচাপে গণ্য কৰা উচিত,’ সিংহৰ ওপৰত গৱেষণা কৰা আৰু এতিয়া চিতা প্ৰকল্প পৰ্য্যবেক্ষণ কৰি থকা বন্যপ্ৰাণী জীৱবিজ্ঞানীগৰাকীয়ে লগতে কয়।
দীৰ্ঘদিন ধৰি ইহঁতক বন্দী কৰি ৰাখি তুলনামূলকভাৱে সৰু ঘেৰাওবোৰত চিকাৰৰ জীৱ-জন্তু এৰি দি আমি আচলতে দীৰ্ঘদিনৰ বাবে চিতাবাঘকেইটাৰ সু-স্বাস্থ্য হ্ৰাস কৰিছো, ২০২২ চনত এই কথাৰে সকীয়াই দিয়া চেলামে লগতে কয় যে, “এয়া এক মহিমামণ্ডিত আৰু ব্যয়বহুল ছাফাৰি পাৰ্কৰ বাহিৰে আন একো নহ’ব," তেওঁৰ কথা সঁচা হ’বলৈ ধৰিছে। ২০২৩ৰ ১৭ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া উৎসৱৰ পৰা আৰম্ভ হোৱা চিতা ছাফাৰিত ইতিমধ্যে দিনটোত প্ৰায় ১০০-১৫০ জন লোক যাব ধৰিছে, যিসকলে কুনোত জীপ ছাফাৰিৰ বাবে ৩,০০০ৰ পৰা ৯,০০০ পৰ্য্যন্ত খৰছ কৰিছে।
হোটেল আৰু ছাফাৰি অপাৰেটৰে সুবিধা লৈছে - চিতা ছাফাৰি আৰু এৰাতি ‘ইক’ ৰিচৰ্ট’ত থকাৰ বাবদ নিৰিখ নিৰ্ধাৰণ কৰিছে দুজন লোকৰ বাবে ১০ৰ পৰা ১৮ হাজাৰ টকা।
ইফালে বাগছাত টকাৰ অভাৱ আৰু ভৱিষ্যত অনিশ্চিত। বাল্লুৱে কয়, “চিতা অহাই আমাৰ একো লাভ নহ’ল।” “তেওঁলোকে যদি আমাক ১৫ লাখ টকা সম্পূৰ্ণ দিলেহেঁতেন, আমি আমাৰ পথাৰবোৰ নলা আৰু এঢলীয়া মাটি সমান কৰি খেতি কৰিব পাৰিলোহেঁতেন, আৰু আমাৰ ঘৰবোৰ সাজি উলিয়াব পাৰিলোহেঁতেন।” চিন্তিত মাংগিলালে যোগ দিয়ে, “আমি এতিয়া একো কাম নোহোৱা হৈছে, কি খাই জীয়াই থাকিম?”
ছাহাৰিয়াসকলৰ দৈনন্দিন জীৱনৰ অন্যান্য দিশতো প্ৰভাৱ পৰিছে। পুৰণি স্কুলখনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দীপিয়ে নতুন বসতিলৈ অহাৰ পিছত পঢ়া বাদ দিছে। তেওঁ কয়, “ওচৰতে স্কুল নাই। যিখন আছে, সিখন বহুত দূৰত। সৰু ল’ৰা-ছোৱালীবোৰে ভালেই পাইছে, প্ৰতিদিনে পুৱা এজন শিক্ষক আহি তেওঁলোকক মুকলি আকাশৰ তলত পঢ়ায়। স্কুলঘৰ নাই। “কিন্তু সিহঁত আটাইবোৰ যায়,” মিচিকিয়াই হাঁহি মাংগিলালে কয়। তেওঁ মোক মনত পেলাই দিয়ে যে জানুৱাৰী মাহৰ আৰম্ভণিৰ দিনকেইটা স্কুল বন্ধ আছে, আৰু শিক্ষক সেইবাবে অহা নাই।
নতুন গাওঁখনৰ বাসিন্দাসকলৰ খোৱাপানীৰ বাবে এটা ব’ৰৱেল খন্দা হৈছে, তাৰ চাৰিওফালে ডাঙৰ ডাঙৰ পানীৰ টেংকি পৰি আছে। অনাময় ব্যৱস্থাৰ সম্পূৰ্ণ অনুপস্থিতিয়ে মহিলাসকলক বিপাঙত পেলাইছে। “কওঁকচোন, আমি কি কৰোঁ?” ওমৱতীয়ে কয়। “শৌচাগাৰ নাই। আৰু ঠাইবোৰ গছ-গছনি কাটি ইমানেই মুকলি কৰি পেলোৱা হৈছে যে আঁৰত লুকাইও একো কৰিব নোৱাৰি। মুকলি ঠাইত বা শস্যপথাৰ চাৰিওফালে আছে যদিও আমি যাব নোৱাৰো।”
পাঁচ সন্তানৰ মাতৃ ৩৫ বছৰীয়া মহিলাগৰাকীয়ে কয় যে তেওঁলোকে এতিয়া বাস কৰা ঘাঁহনি আৰু তম্বুৰ বাদেও আন বিভিন্ন গুৰুতৰ সমস্যা আছে: “আমি খৰি আনিবলৈ বহু দূৰলৈ যাবলগীয়া হয়। হাবিখন এতিয়া বহু দূৰত। আমি (ভৱিষ্যতে) চলিম কেনেকৈ?” আন কিছুমানে কয় যে তেওঁলোকে অহাৰ সময়ত লগত লৈ অহা সামান্য খৰি আৰু মাটি খান্দি অনা সামান্য পৰিমাণৰ শিপাৰে তেওঁলোকে চলি আছিল। কিন্তু সেয়াও শেষ হ’বৰ হৈছে।
কুনোৰ চাৰিওফালে এনেকৈ ঘেৰাও দিয়াৰ ফলত এন.টি.এফ.পি.ৰ লোকচান হৈছে। পৰৱৰ্তী প্ৰতিবেদনত সেই প্ৰসংগ আলোচনা কৰা হ’ব।
চিতা কাৰ্য্যপৰিকল্পনাত উল্লেখ আছে যে পৰ্য্যটনৰ পৰা ৪০ শতাংশ ৰাজহ আশে-পাশে থকা সম্প্ৰদায়সমূহে পাব। “বিস্থাপিতসকলৰ বাবে চিতা সংৰক্ষণ ফাউণ্ডেছন স্থাপন কৰা হ’ব। প্ৰতিখন গাঁৱৰে চিতা পৰ্য্য়বেক্ষকক উদগনিমূল টকা দিয়া হ’ব, ইক’ উন্নয়ন প্ৰকল্প যেনে ৰাস্তা, অনাময়, স্কুল আৰু বিভিন্ন সুবিধা আশে-পাশে থকা গাওঁবোৰক দিয়া হ’ব।” আঠ মাহ পাৰ হৈ গ’ল, এইবোৰ কথা কাগজতে থাকি গ’ল।
“এনেকৈ আমি কিমানদিন চলিব পাৰিম?” ওমৱতী আদিবাসীয়ে প্ৰশ্ন কৰে।
প্ৰচ্ছদ আলোকচিত্ৰ : এড্ৰিয়ান টৰ্ডিফে
অনুবাদ: পংকজ দাস