২০২৩ৰ ছেপ্টেম্বৰৰ কথা। আমি পশ্চিমঘাটৰ ফুলৰ বতৰত কাচ মালভূমিলৈ গৈছিলো। জৈৱবৈচিত্ৰৰ হটস্পট এই অঞ্চলটো প্ৰতি বছৰে বিভিন্ন প্ৰজাতিৰ গুলপীয়া আৰু বেঙুনীয়া বৰণৰ ফুলেৰে ভৰি পৰে।

কিন্তু এইবছৰ ফুলবোৰ মৰহি গৈছে, গা-গছ মাটিত হাউলি পৰিছে।

১২০০ মিটাৰ উচ্চতাত অৱস্থিত কাচ মালভূমিখনক ইউনেস্ক’ই ২০১২ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছিল। তেতিয়াৰে পৰা মহাৰাষ্ট্ৰত বিশেষকৈ আগষ্টৰ পৰা অক্টোবৰ মাহৰ ফুল ফুলা সময়ছোৱাত এই ঠাইত পৰ্য্যটকৰ ভীৰ লাগে। কিন্তু সমস্যাৰ আৰম্ভণি তাতেই হৈছে।

“আগতে কোনো মানুহ ইয়ালৈ অহা নাছিল। কাচখন আমাৰ বাবে আছিল কেৱল এখন পাহাৰ। আমি গৰু-ছাগলী চৰাইছিলো,” চাউলাবাই বাদাপুৰীয়ে কয়। “কিন্তু এতিয়া মানুহে ফুলৰ ওপৰত খোজ কাঢ়ে, ফটো তোলে, শিপাৰে সৈতে উভালি আনে!” মানুহৰ কাণ্ড-জ্ঞানহীন কাৰবাৰ দেখি ক্ষোভিত হৈ পৰা ৫৭ বছৰীয়া মানুহগৰাকীয়ে কয়, “এইখন বাগিচা নহয়, ফুলবোৰ শিলৰ ওপৰতে ফুৰে।”

চাতাৰা জিলাৰ চাতাৰা তালুকত ১,৬০০ হেক্টৰ বহল শিলাখণ্ডৰ ওপৰত থকা এই কাচ মালভূমিখনক কাচ পত্থৰ বুলিও কোৱা হয়।

Sulabai Badapuri (left) is among the 30 people working on Kaas Plateau as guards, waste collectors, gatekeepers and guides with the Kaas forest management committee.
PHOTO • Jyoti Shinoli
The average footfall of tourists (right) crosses 2,000 every day during the flowering season
PHOTO • Jyoti Shinoli

কাচ মালভূমিত কাচ বন ব্যৱস্থাপনাৰ অধীনত গাৰ্ড , জাবৰ সংগ্ৰহকাৰী , দুৱাৰৰখীয়া আৰু গাইড হিচাপে কৰ্মৰত ৩০ জন লোকৰ এজন চাউলাবাই বাদাপুৰী ( বাওঁফালে ) ফুল ফুলাৰ বতৰত মালভূমিখনত দিনে গঢ়ে প্ৰায় ২ , ০০০ৰো অধিক পৰ্য্যটকৰ সমাগম ঘটে

Kaas Plateau was awarded UNESCO's World Heritage Site in 2012. Since then, it has become a major tourist attraction in Maharashtra, especially from August to October
PHOTO • Jyoti Shinoli
Kaas Plateau was awarded UNESCO's World Heritage Site in 2012. Since then, it has become a major tourist attraction in Maharashtra, especially from August to October
PHOTO • Jyoti Shinoli

কাচ মালভূমিখনক ২০১২ চনত ইউনেস্ক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰিছিল তেতিয়াৰে পৰা মালভূমিখন মহাৰাষ্ট্ৰত , বিশেষকৈ আগষ্টৰ পৰা অক্টোবৰৰ ফুল ফুলা বতৰত পৰ্য্যটনৰ ঘাই কেন্দ্ৰ হৈ পৰে

“ভীৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে,” পুৱা ৯ বজাৰ পৰা ৰাতি ৬ বজালৈ অঞ্চলটো গাৰ্ড দি ৰখা চাউলাবাইয়ে কয়। কাচ মালভূমি সংৰক্ষণৰ উদ্দেশ্যে গঠন কৰা কাচ বন ব্যৱস্থাপনাৰ অধীনত গাৰ্ড, জাবৰ সংগ্ৰহকাৰী, দুৱাৰৰখীয়া আৰু গাইড আদি বিভিন্ন দায়িত্বত চাউলাবাইকে ধৰি ৩০ গৰাকী লোকে কাম কৰে।

ফুল ফুলাৰ বতৰত মালভূমিখনলৈ দিনে গঢ়ে ২,০০০ পৰ্য্যটক আহে, চাতাৰাৰ যুটীয়া ব্যৱস্থাপনা বন কমিতিয়ে কয়। চাউলাবাইয়ে ইফালে-সিফালে ঢপলিয়াই ফুৰা পৰ্য্যটকক ফুল গছকি নেপেলাবলৈ লাহেকৈ অনুৰোধ কৰে, “আহো মেডাম ! ফুলবোৰ গছকি নেপেলাব। সেইবোৰ আলফুলীয়া, অক্টোবৰত মৰহি যাব।” পৰ্য্যটক ক্ষন্তেক ৰয়, ক্ষমা খোজে, তাৰপিছত আকৌ সেই একেই কাৰবাৰ আৰম্ভ হয়।

ফুলেৰে উপচি পৰা বতৰত এই মালভূমিখনত ৮৫০ বিধ উদ্ভিদ থাকে, তাৰে ৬২৪ বিধ ৰেড ডেটা বুকত তালিকাবদ্ধ । এই তালিকাত বিপন্ন প্ৰজাতিৰ উদ্ভিদৰ নাম সন্নিবিষ্ট কৰা হয়। ৬২৪ৰ আকৌ ৩৯ বিধ কাচ অঞ্চলৰ। প্ৰায় ৪০০ৰো অধিক ঔষধি উদ্ভিদ ইয়াত পোৱা যায়। “কিছুমান বয়সস্থ লোকে আঠুৰ বিষ, জ্বৰ-কাহ আদিৰ বাবে তেনে ঔষধী গছ ব্যৱহাৰ জানে। সকলোৱে নাজানে,” কাষৰে বাঞ্জোলৱাড়ি গাঁৱৰ ৬২ বৰ্ষীয় লক্ষ্মণ চিণ্ডেয়ে কয়।

উদ্ভিদৰ উপৰিও কাচ অঞ্চলটো ১৩৯ বিধ উভচৰ প্ৰাণীৰ ঘৰ। মালভূমিখনত বিভিন্ন প্ৰজাতিৰ ভেকুলী পোৱা যায়, এখন প্ৰতিবেদনত এই কথা কোৱা হৈছে। স্তন্যপায়ী, সৰিসৃপ আৰু বিভিন্ন কীট-পতংগৰে কাচ এখন জৈৱবৈচিত্ৰৰ ভঁৰাল।

যোৱা পাঁচটা বছৰত কাচ অঞ্চলৰ পৰিস্থিতিতন্ত্ৰত পৰ্য্যটনৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰা পুণেৰ এগৰাকী স্বতন্ত্ৰ গৱেষক প্ৰেৰণা আগৰৱালাই কয়, “এই স্থানীয় প্ৰজাতিবোৰ মানুহৰ ভীৰ আৰু গছকৰ দৰে বাহ্যিক ভাবুকিৰ ফলত ক্ষতিগ্ৰস্ত হয়। বিশেষকৈ পাৰ্পল ব্লেডাৰৱৰ্ট [Utricularia purpurascens] ক্ষতিগ্ৰস্ত হয়। মালাবৰ হিল ব’ৰেজ [Adelocaryum malabaricum] প্ৰজাতিবিধো অঞ্চলটোত হ্ৰাস পাইছে।”

Purple bladderwort (left) and opposite-leaved balsam (right) are endemic flora of this valley which are sensitive to external threats like crowd and trampling
PHOTO • Jyoti Shinoli
Purple bladderwort (left) and opposite-leaved balsam (right) are endemic flora of this valley which are sensitive to external threats like crowd and trampling
PHOTO • Jyoti Shinoli

পাৰ্পল ব্লেডাৰৱৰ্ট ( বাওঁফালে ) আৰু ওলোটা পাতৰ গন্ধতৰু ( সোঁফালে ) এই মালভূমিৰ স্থানীয় উদ্ভিদ , যি মানুহৰ সমাগম আৰু গছকৰ প্ৰতি সংবেদনশীল

The local jangli halad [Hitchenia caulina] found on the plateau is effective for knee and joint aches.
PHOTO • Jyoti Shinoli
The Malabar crested lark (right) is among the many birds and mammals that aid the ecosystem’s functioning here.
PHOTO • Jyoti Shinoli

এই মালভূমিৰ স্থানীয় জংলি হলদ [Hitchenia caulina] জোৰা আৰু আঠুৰ বিষৰ কাৰণে উপশমকাৰী সোঁফালে সেয়া মালাবৰ ক্ৰেষ্টেড লাৰ্ক ( মূৰত জঁ থকা ভৰতপক্ষী ) দৰে পক্ষী আৰু স্তন্যপায়ী প্ৰাণীয়ে মালভূমিখনৰ পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰি আহিছে

পৰিস্থিতিতন্ত্ৰৰ ওপৰত প্ৰভাৱ পৰিলেও এটা কথা যে আগষ্টৰ পৰা অক্টোবৰলৈ ঠাইখনৰ আশে-পাশে থকা গাওঁবোৰৰ মানুহে জীৱিকাৰ এটা উপায় এই পৰ্য্যটনতে বিচাৰি পায়। “এদিনত মই ৩০০ টকা পাওঁ। খেতিত কাম কৰাতকৈ এয়া ভাল,” চাউলাবাইয়ে কয়। তেওঁ আগতে কাচানি, একিভ আৰু আতালি গাঁৱৰ খেতিপথাৰত কাম কৰি দিনে ১৫০ টকাহে পাইছিল।

বছৰটোৰ বাকীছোৱা সময়ত তেওঁ পৰিয়ালৰ বৰ্ষানিৰ্ভৰ এক একৰ মাটিত ধানখেতি কৰে। “খেতিৰ বাদে বেলেগ বিশেষ একো কাম নাথাকে। এই তিনিটা মাহত ভাল কিছু আয় হয়,” কাচৰ পৰা চাৰি কিলোমিটাৰ দূৰৰ কাচানি গাঁৱত তেওঁ থাকে। খোজকাঢ়িয়ে তেওঁ অহা-যোৱা কৰে। ঘৰৰ পৰা আহোতে “এঘণ্টা লাগে” বুলি তেওঁ কয়।

প্ৰতিবছৰে মালভূমিখনত প্ৰচুৰ বৰষুণ হয়, প্ৰায় ২,০০০ৰ পৰা ২,৫০০ মি.মি.। বাৰিষাৰ দিনত শিলবোৰত লাগি থকা সামান্য মাটিতে বিশেষ ধৰণৰ উদ্ভিদ গজে। “শিলৰ ওপৰত থকা লেটেৰাইট মাটিয়ে স্পঞ্জৰ দৰে পানী শোহে। ছিদ্ৰবোৰেৰে পানী ভিতৰলৈ সোমাই ৰৈ যায় আৰু ধীৰ গতিত ওচৰৰ জান-জুৰিলৈ সৰকি ওলাই যায়,” ড. অপৰ্ণা ৱাটবেয়ে কয়। পুণেৰ এগৰাকী সংৰক্ষণবিদ আৰু উদ্ভিদবিদ অপৰ্ণাই সতৰ্ক কৰি কয়, “এই শিলাস্তৰৰ ক্ষতিয়ে গোটেই অঞ্চলটোৰ ভূ-জলস্তৰৰ ভাৰসাম্যত আঘাত হানিব।”

ড. ৱাটবেয়ে মহাৰাষ্ট্ৰৰ পশ্চিমঘাট পৰ্বতমালাৰ উত্তৰভাগ আৰু কোংকানৰ ৬৭ খন মালভূমিৰ ক্ষেত্ৰ অধ্যয়ন কৰিছে। “এইখন (কাচ) বৰ স্পৰ্শকাতৰ স্থান। অত্যধিক আন্তঃগাঁথনিমূলক কাৰ্য্যকলাপে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য বিনস্ত কৰিব পাৰে,” পৰ্য্যটন বঢ়াৰ লগে লগে হোটেল, ৰিচ’ৰ্ট আদি মালভূমিখনৰ আশে-পাশে ১৫ কিলোমিটাৰজোৰা অঞ্চলত বৃদ্ধি হোৱা প্ৰসংগত তেওঁ কয়।

This 1,600-hectare bedrock shelters 850 plant species . 'The laterite rock on Kaas acts like a sponge by retaining water in its porous structure, and slowly distributing it to the streams nearby,' explains Dr. Aparna Watve. Extreme infrastructure activities causing damage to these plateaus disturbs the water table in the region
PHOTO • Jyoti Shinoli
This 1,600-hectare bedrock shelters 850 plant species . 'The laterite rock on Kaas acts like a sponge by retaining water in its porous structure, and slowly distributing it to the streams nearby,' explains Dr. Aparna Watve. Extreme infrastructure activities causing damage to these plateaus disturbs the water table in the region
PHOTO • Jyoti Shinoli

এই , ৬০০ হেক্টৰ শিলাস্তৰ ৮৫০ বিধ উদ্ভিদৰ প্ৰজাতিৰ ঘৰ শিলৰ ওপৰত থকা লেটেৰাইট মাটিয়ে স্পঞ্জৰ দৰে পানী শোহে ছিদ্ৰবোৰেৰে পানী ভিতৰলৈ সোমাই ৰৈ যায় আৰু ধীৰ গতিত ওচৰৰ জান - জুৰিলৈ সৰকি ওলাই যায় ,’ . অপৰ্ণা ৱাটবেয়ে কয় অত্যধিক আন্তঃগাঁথনিমূলক কাৰ্য্যকলাপে মালভূমিখনৰ ভূ - জলস্তৰৰ ভাৰসাম্য বিনস্ত কৰিব পাৰে

Laxman Shinde (left) from Vanjolwadi collects plastic and non-disposable debris on Kaas during the flowering season. Ironically, it is the tourism that has opened seasonal employment opportunities between August and October for Laxman, Sulabai (right) and others from the surrounding villages
PHOTO • Jyoti Shinoli
Laxman Shinde (left) from Vanjolwadi collects plastic and non-disposable debris on Kaas during the flowering season. Ironically, it is the tourism that has opened seasonal employment opportunities between August and October for Laxman, Sulabai (right) and others from the surrounding villages
PHOTO • Jyoti Shinoli

ফুল ফুলাৰ বতৰত বাঞ্জোলৱাড়ি গাঁৱৰ লক্ষ্মণ চিণ্ডেয়ে ( বাওঁফালে ) কাচ মালভূমিত প্লাষ্টিক আৰু নিষ্পত্তিৰ অযোগ্য জাবৰ আদি সংগ্ৰহৰ কাম কৰে বিড়ম্বনাৰ কথা যে পৰ্য্যটন বঢ়াৰ বাবে স্থানীয় লোক যেনে লক্ষ্মণ , চাউলাবাই ( সোঁফালে ) আৰু আশে - পাশে থকা গাঁৱৰ আন মানুহে আগষ্টৰ পৰা অক্টোবৰ মাহত নিয়োগৰ সুবিধা লাভ কৰিছে

অঞ্চলটোৰ ফুল আৰু কীট-পতংগ মানৱসৃষ্ট প্ৰদূষণৰ ফলত নাইকিয়া হ’বলৈ ধৰাত স্তন্যপায়ী প্ৰাণী, সৰীসৃপ আৰু পতংগ আদিৰ বাবে খাদ্যৰ নাটনিত পৰাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে। “জীৱ-জন্তু আৰু কীট-পতংগৰ নথিভুক্তকৰণৰ প্ৰয়োজন আছে, কিয়নো সিহঁতৰ বিচৰণথলী তেনেই সীমিত। এই বাসস্থান প্ৰদূষিত কৰিলে নাইবা অৱক্ষয় ঘটিলে সিহঁতৰ যাবলৈ আন একো ঠাই নাথাকিব। সিহঁত নোহোৱা হৈ যাব,” বিজ্ঞানী সমীৰ পাধ্যেয়ে কয়। কীট-পতংগ আৰু ফুলৰ প্ৰজাতি কমি যোৱাৰ ফলত ফুল ফুলাৰ ধৰণো সলনি হ’ব আৰু গোটেই পৰিস্থিতিতন্ত্ৰ ইয়াৰ পৰা ক্ষতিগ্ৰস্ত হ’ব, তেওঁ কয়। তাৰোপৰি স্থানীয় প্ৰজাতিৰ ক্ষতিয়ে পৰাগযোগ আৰু মালভূমিৰ আশে-পাশে থকা গাঁৱৰ পানীৰ উৎসতো প্ৰভাৱ পেলাব, পাধ্যেয়ে কয়।

লক্ষ্মণে আমাক জংলি হলদ (Hitchenia caulina)ৰ উদ্ভিদবিধ দেখুৱালে। এয়া জোৰা আৰু আঠুৰ বিষৰ কাৰণে ভাল। চাৰি দশকৰ আগৰ মালভূমিখনলৈ মনত পেলাই তেওঁ কয়, “তেতিয়া ফুলবোৰ ঘনকৈ ফুলিছিল।” পৰ্য্যটনৰ দিনকেইটাত তেওঁ প্লাষ্টিক আৰু নিষ্পত্তিৰ অযোগ্য জাবৰবোৰ কাচৰ পৰা সংগ্ৰহ কৰি দিনে ৩০০ টকা উপাৰ্জন কৰে। বছৰটোৰ বাকীকেইটা দিন তেওঁ নিজৰ দুই একৰ খেতিমাটিত ধানখেতি কৰে।

“আমাৰ ইয়াতে জন্ম। ঠাইখন পাত পাতকৈ জানো,” চাউলাবাইয়ে কয়। “আমি নিৰক্ষৰ কাৰণে কোনেও আমাৰ কথা নুশুনে। কিন্তু শিক্ষিতবোৰে প্ৰকৃতিৰ সৈতে কি কৰিছে?”

কাচখন দেখিবলৈ বেলেগ হ’ল। “বেকাৰ দেখা হৈছে। এয়া মোৰ শৈশৱৰ কাচখন নহয়,” চাউলাবাইয়ে কয়।

অনুবাদ: পংকজ দাস

Jyoti Shinoli

جیوتی شنولی پیپلز آرکائیو آف رورل انڈیا کی ایک رپورٹر ہیں؛ وہ پہلے ’می مراٹھی‘ اور ’مہاراشٹر۱‘ جیسے نیوز چینلوں کے ساتھ کام کر چکی ہیں۔

کے ذریعہ دیگر اسٹوریز جیوتی شنولی
Editor : Siddhita Sonavane

سدھیتا سوناونے ایک صحافی ہیں اور پیپلز آرکائیو آف رورل انڈیا میں بطور کنٹینٹ ایڈیٹر کام کرتی ہیں۔ انہوں نے اپنی ماسٹرز ڈگری سال ۲۰۲۲ میں ممبئی کی ایس این ڈی ٹی یونیورسٹی سے مکمل کی تھی، اور اب وہاں شعبۂ انگریزی کی وزیٹنگ فیکلٹی ہیں۔

کے ذریعہ دیگر اسٹوریز Siddhita Sonavane
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das