‘‘বেংকৰ ধন আদায় কৰা লোকসকলে আহিবলৈ এৰিলে’’, য়াভাতমলৰ সৰস্বতী আম্বেৰৱাৰে আমাক এই কথা জনালে৷ ১৫ জুনত ৰাষ্ট্ৰপতি এ.পি.জে. আব্দুল কালামে ভ্ৰমণ কৰিবলৈ অহা ঠাইডোখৰৰ পৰা সৰস্বতীৰ ঘৰ বেছি দূৰত নহয়৷ ১৯৯৮ চনত সৰস্বতীৰ স্বামী ৰামদাসে আত্মহত্যা কৰিছিল৷ এই ঘটনা সংবাদ মাধ্যমত বিদৰ্ভৰ প্ৰথমটো কৃষক আত্মহত্যাৰ ঘটনা হিচাপে পৰিগণিত হৈছিল৷ তেতিয়াৰে পৰা তেওঁ ধন আদায়কাৰীৰ ঋণ পৰিশোধ কৰিবলৈ বিভিন্ন চাপৰ সন্মুখীন হৈ আহিছে৷ সেয়ে হঠাতে ধন আদায়কাৰী লোকসকলে ধন আদায় কৰিবলৈ অহা বন্ধ কৰি দিয়াটো এক প্ৰকাৰ আচৰিত ঘটনাৰ দৰেই হৈছিল৷

‘‘শেষবাৰলৈ তেওঁলোক যেতিয়া ইয়ালৈ আহিছিল, কিশোৰ ভাওৱে দিয়া চিঠিখন তেওঁলোকক দেখুৱাইছিলো’’, তেওঁ এইদৰে কয়৷ ‘‘ইয়াৰ পিছত তেওঁলোক আহিবলৈ এৰিলে৷’’ কিশোৰ তিৱাৰী বিদৰ্ভ জন আন্দোলন সমিতি (ভিজেএএছ)ৰ সভাপতি আৰু অঞ্চলটোৰ কৃষিসংক্ৰান্ত সমস্যাৰ ক্ষেত্ৰত তেওঁ সততে সোচ্চাৰ। নক’লেও চলে যে তেওঁৰ দৰে লোকৰ বেংকত কোনো মিত্ৰ থাকিব নোৱাৰে৷ বহুবাৰ তেওঁ বেংকৰ কৃষি ঋণ ধন আদায় কৰিবলৈ অহা লোকক ঘেৰাও কৰিছে৷ তেওঁৰ পত্ৰখনত কি আছিল?

চিঠিখনৰ অনুবাদ এনেধৰণৰ: ‘‘প্ৰিয় ৰিক’ভাৰী বিষয়াসকল, ৰামদাসে স্বৰ্গৰ পৰা একাধিকবাৰ মোক দেখা দিছে। তেওঁ কৈছে: ‘মোৰ হাতত ধন আছে আৰু মই আপোনালোকৰ ঋণ পৰিশোধ কৰিবলৈ অপেক্ষা কৰি আছো৷’ অনুগ্ৰহ কৰি আপোনাৰ মানুহকেইজনক স্বৰ্গলৈ পঠিয়াই দিয়ক৷ আপোনাৰ একান্তই বাধ্য, কিশোৰ তিৱাৰী৷’’ সৰস্বতীয়ে কোৱাৰ দৰে এই পত্ৰখন পঢ়াৰ পিছত তেওঁলোকে পুনৰাই ঋণৰ ধন বিচাৰি নাহিল।

অৱশ্যে ৰাষ্ট্ৰপতি কালামলৈ লিখা তিৱাৰী পত্ৰখনৰ ভাষা যথেষ্ট মাৰ্জিত৷ পত্ৰখনত তেওঁক হতভগীয়া বিধৱাসকলক য়াভাতমল অথবা ৱাৰ্ধাত কিছুসময়ৰ বাবে সাক্ষাৎ দিবলৈ অনুৰোধ জনোৱা হৈছে৷

PHOTO • P. Sainath

২০০৪ চনত আত্মহত্যা কৰা বিদৰ্ভৰ কৃষক মাৰুতি ৰাচ্ছেৰ পত্নী বৰ্ষা ৰাচ্ছেক ৰাষ্ট্ৰীয় কৃষি আয়োগৰ দল এটাই সাক্ষাৎ কৰিবলৈ বাধ্য হৈছিল৷ বৰ্ষাই তেওঁলোকৰ দুটি সন্তানৰ দায়িত্ব অকলে বহন কৰিবলগীয়া হৈছে

এদিনীয়া ভ্ৰমণত ৰাষ্ট্ৰপতিগৰাকীয়ে এই আটাইবোৰ অঞ্চল পৰিভ্ৰমণ কৰিব৷ তেওঁ য়াভাতমলৰ আমোলকচান্দ মহাবিদ্যালয়ৰ এটা অনুষ্ঠানতো উপস্থিত থাকিব৷ তাৰোপৰি তেওঁ ৱাৰ্ধাৰ মহাত্মা গান্ধী হিন্দী আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ অনুষ্ঠানতো উপস্থিত থাকিব৷ তেওঁৰ এই পৰিভ্ৰমণত এই পৰ্যন্তও কৃষি-সমস্যা জৰ্জৰিত কাৰ্যসূচী অন্তৰ্ভুক্ত হোৱা নাই৷

কপাহৰ মূল্যৰ সমস্যা

য়াভাতমলৰ যি স্থানত ৰাষ্ট্ৰপতিৰ মূল অধিৱেশনখন অনুষ্ঠিত হ’ব, সেই অঞ্চলটো বিদৰ্ভৰ সবাতোকৈ দুৰ্দশাগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত অন্যতম৷ ‘‘এই বছৰটোতেই বিদৰ্ভৰ ৪২৮জন কৃষকে আত্মহত্যা কৰিছে’’, তিৱাৰীয়ে কথাষাৰ উনুকিয়াই দিয়ে৷ ‘‘কপাহৰ মূল্য, ঋণ আৰু ক্ৰেডিটৰ ক্ষেত্ৰত অনতিপলমে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বছৰি এই সমস্যা তীব্ৰতৰ হৈ পৰিব৷’’ চৰকাৰী তথ্যমতে যোৱা বৰ্ষত কৃষি সংক্ৰান্তীয় সমস্যাৰ বাবে ১,২৯৬ জন কৃষকে আত্মহত্যা কৰিছে বুলি প্ৰকাশ পাইছে৷

২০০১ চনৰ পৰা য়াভাতমলত ৬,০০০ত কৈও অধিক কৃষকে আত্মহত্যা কৰাৰ বাতৰি প্ৰকাশ পাইছে৷ সৰস্বতী (প্ৰচ্ছদ আলোকচিত্ৰত দুই জীয়ৰীৰ সৈতে) দেশৰ ১০০,০০০ গৰাকী মহিলাৰ ভিতৰত এগৰাকী দুৰ্ভগীয়া মহিলা যিয়ে ৯০ দশকৰ পৰা চলি অহা কৃষি সমস্যাৰ পৰিপ্ৰেক্ষিতত গিৰিয়েকক হেৰুৱাবলগীয়া হৈছে৷ য়াভাতমলত তেওঁৰ দৰে শতাধিক দুৰ্ভগীয়া মহিলা আছে৷ মহাৰাষ্ট্ৰত শিৱসেনা চৰকাৰ থকাৰ সময়ত ৰাজহ মন্ত্ৰী নাৰায়ণ ৰাণেকে ধৰি অসংখ্য ভিআইপিয়ে বিগত বৰ্ষসমূহত তেওঁক সাক্ষাৎ কৰিছিল৷ অনুকম্পামূলক পৰিমাণ হিচাপে লাভ কৰা ১ লাখ টকাও সৰস্বতীৰ ধাৰ পৰিশোধ কৰোঁতে শেষ হ’ল৷

‘‘মিনাক্ষীৰ অসুখৰ নামত ৩০,০০০ টকা খৰছ হৈছে’’, তেওঁ কয়৷ (আনজনী কন্যা ২০০৪ চনত ঢুকায়)৷ ‘‘ধাৰৰ বোজা মাৰিবলৈ আমি বহু একৰ ভূমিৰ লগতে পশুধনো বিক্ৰী কৰিছো৷ কিন্তু খেতিবাতি অধিক কষ্টকৰ আৰু কঠিন হৈ পৰিছে৷’’ তথাপিও সৰস্বতীয়ে সুদিন ঘূৰি অহাৰ আশাত কৃষি বৃত্তিটো এৰি দিয়া নাই৷

PHOTO • P. Sainath

বিদৰ্ভৰ য়াভাতমল অন্নপূৰ্ণা সুৰছে , এওঁৰ স্বামী ৰামেশ্বৰ সুৰছেয়ে ঋণৰ বোজা সহিব নোৱাৰি ২০০৫ চনত আত্মহত্যা কৰে

একেখন জিলাৰে পিছগাঁৱৰ বাসিন্দা বৰ্ষা ৰাচ্ছেই ঋণৰ বোজা মাৰিবলৈ হাতত যি কাম পায় তাকে কৰে৷ দুটা ঋতুৰ বাবে তেওঁৰ স্বামী মাৰুতিয়ে তেওঁলোকৰ আঠ একৰ ভূমি লীজলৈ দিছিল। চুক্তিমতে তেওঁ নিজে তাত শ্ৰমদান কৰাৰ কথা আছিল৷ ‘‘তেওঁৰ ভনীয়েকক বিয়া দিবলৈ আছিল’’, তেওঁৰ ওচৰ-চুবুৰীয়াই আমাক এই কথা জনাইছিল, ‘‘আৰু খেতি-বাতিৰ অৱস্থাও দিনে দিনে বেয়ালৈ নামিছিল৷’’ অত্যধিক বৰষুণত খেতি নষ্ট হোৱাত ৰাচ্ছেয়ে ২০০৪ চনত আত্মহত্যা কৰে৷ তেওঁ এৰি যোৱা ঋণৰ বোজা কণমানি শিশু দুটাৰ সৈতে বৰ্ষাৰ বাবে সমস্যা হৈ পৰিল৷

‘‘তেওঁলোকে মূৰৰ ঘাম মাটিত পেলাই খেতি কৰে, উৎপাদনো কিজানি ভাল হ’লহেঁতেন, কিন্তু পৰিস্থিতি শোচনীয়হে হৈ গৈ থাকে,’’ অঞ্চলটোৰ কৃষিকাৰ্য্যত দখল থকা ব্যক্তি বিজয় জৱানদিয়াই এইদৰে কয়৷ ‘‘এই কৃষকসকলে অসম্ভৱক সম্ভৱ কৰি তুলিবলৈ প্ৰয়াস কৰি আছে৷ কিন্তু মৌলিক সমস্যাটো সমাধান কৰাৰ বাবে কোনো আগবাঢ়ি অহা নাই৷ হতভগীয়া বিধৱাসকল ধাৰত পোত গৈ আছে৷ বস্তু-বাহানিৰ মূল্য বৃদ্ধি পাইছে, খেতি-খোলাৰো খৰচ বাঢ়িছে। কিন্তু ক্ৰমাগত অধোমুখী হৈছে তেওঁলোকৰ উপাৰ্জন৷’’

‘‘প্ৰধানমন্ত্ৰীৰ সাহায্যই তেওঁলোকক নতুন ঋণ পোৱাত সহায় কৰিছে যদিও আগৰ ঋণ পৰিশোধ কৰাৰ কোনো উপায় নাই৷ সেয়ে তেওঁলোকৰ ঋণৰ বোজা দুগুণ হৈ পৰিছে৷ মূল্যবৃদ্ধিৰ প্ৰধান সমস্যা চৰকাৰে কাহানিও সমাধানৰ বাবে মূৰ ঘমোৱা নাই৷ আনকি কপাহ উৎপাদকসকলক ৰাজ সাহায্যও দিয়া হোৱা নাই৷ সেয়ে কপাহৰ দাম কমি যোৱাৰ পৰিপ্ৰেক্ষিতত কৃষকসকলে উৎপাদন ব্যয়খিনিও মিলাব পৰা হোৱা নাই৷ মূৰকত তেওঁলোকৰ নতুন ঋণে বেংকৰ আস্থা নাইকিয়া কৰিছে। বেংকেও তেওঁলোকৰ ফালে পিঠি দিয়াৰ বাবে শেষত তেওঁলোকে সূতত ধাৰলৈ দিয়া টকাৰ বাবে মহাজনৰ কাষ চাপিবলগীয়া হ’ব৷’’

নাগেশ্বৰী গাঁৱৰ বাসিন্দা অন্নপূৰ্ণা সুৰছে হয়ভৰ দি কয়, ‘‘আমি আমাৰ অনুকম্পামূলক ধনৰ আটাইখিনি ঋণ পৰিশোধ কৰাত ব্যয় কৰিলো৷ কিন্তু এয়াই শেষ নহয়৷’’ তিনিটা সন্তানৰ সৈতে অন্নপূৰ্ণাৰ জীৱন সংগ্ৰাম এতিয়াও শেষ হোৱা নাই৷ যোৱা বছৰ স্বামী ৰামেশ্বৰে আত্মহত্যা কৰাৰ পূৰ্বে তেওঁলোকৰ চাৰি একৰ ভূমি লীজত দিছিল৷ সেই লীজ শেষ হোৱাৰ পিছত এতিয়া অন্নপূৰ্ণাই তাত নিজে খেতি কৰিবলৈ বিচাৰে৷ ‘‘নিজৰ মাটিখিনিত নিজেই কষ্ট কৰি চাম।’’

শেহতীয়াকৈ হাঁড়ভগা শ্ৰমৰ অন্তত প্ৰতিদিনে ২৫ টকাকৈ পোৱা অন্নপূৰ্ণাই সেই টকাৰেই ঘৰ চলাবলৈ আপ্ৰাণ চেষ্টা কৰি আছে৷

PHOTO • P. Sainath

ৰামপুৰৰ মংগলাবাই মোখ ড় কৰ - তেওঁৰ স্বামী প্ৰভাকাৰাওয়ে ১৯৯৮ চনত আত্মহত্যা কৰিছিল , সংসাৰত তেওঁ আঠগৰাকী কন্যা সন্তান এৰি যায়

ৰামপুৰৰ মংগলাবাই মোখড়কৰ- অঞ্চলটোৰ একমাত্ৰ ব্ৰাহ্মণ কৃষক পৰিয়াল যিয়ে এই আত্মহত্যাৰ ঘটনাৰ যাতনা ভুগিবলগীয়া হৈছে৷ প্ৰভাকাৰাওৰ আত্মহত্যাৰ ন বছৰৰ পিছত মংগলাবাইয়ে তিনিগৰাকী জীয়েকক বিয়া দিছে৷ কেইজনীমানৰ স্বামীৰ মৃত্যুৰ পূৰ্বেই বিয়া হৈছিল৷ ‘‘কোনো ধৰণৰ যৌতুক লোৱা নাই৷’’ মংগলাবাইয়ে কয় যে প্ৰতিখন বিয়াত প্ৰায় ৪০,০০০ টকাকৈ ব্যয় হোৱাৰ পিছতো তেওঁ জোঁৱায়েকৰ পৰা এপইচাও লোৱা নাই৷ ‘‘তেওঁলোকে কোনো যৌতুক লোৱা নাই৷ মই তেওঁলোকৰ পৰা কেনেকৈ ধন বিচাৰোঁ?’’ তাৰোপৰি তেওঁ জীয়েককেইগৰাকীক শিক্ষিত কৰিও তুলিছে৷ ‘‘আটাইকেইজনীয়ে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ বা অনুত্তীৰ্ণ হ’লেও স্কুলীয়া শিক্ষা শেষ কৰিছে’’, তেওঁ এইদৰে কয়৷

কেইবাবছৰো আমাৰ কৃষিভূমি লীজত দিয়াৰ পিছত, ‘‘এইবাৰৰ পৰা আমাৰ সাত একৰ খেতিমাটিত আমি নিজে খেতি কৰিম’’, তেওঁ এইদৰে কয়৷ কিন্তু মংগলাবাইয়ে তাৰপৰা হ’বপৰা ক্ষতিৰ বিষয়েও জানে৷ ‘‘আমাৰ গাঁওখনৰ মানুহবোৰলৈ চাওক৷ সকলো একেখন নাৱৰে যাত্ৰী৷ কৃষিক্ষেত্ৰত আমূল পৰিৱৰ্তন নহা পৰ্যন্ত আমাৰ দুৰৱস্থাৰ অন্ত নপৰে৷’’

‘‘এয়া য়াভাতমল আৰু আন জিলাসমূহৰ পৰিস্থিতি’’, তিৱাৰীয়ে এইদৰে কয়৷ ‘‘কৃষকসকলৰ এই বিধৱা পত্নীসকলৰ মুখলৈ চালেই আচল কৰুণ ছবিখন ফুটি উঠে।’’

ৰাষ্ট্ৰপতি কালামলৈ লিখা পত্ৰত তিৱাৰীয়ে এইবুলি উল্লেখ কৰিছে, ‘‘এই মুহূৰ্তত বিদৰ্ভৰ পৰিস্থিতি সন্তোষজনক নোহোৱাৰ পৰিপ্ৰেক্ষিতত গীত-মাতৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন উচিত নহয় বুলি অন্তৰেৰে উপলব্ধি কৰিছো…..এই হতভগীয়া বিধৱাসকলক ক্ষন্তেক দেখা দিবলৈ আমি আপোনাক কাতৰে অনুৰোধ কৰিছো৷’’

এই প্ৰৱন্ধ ৰ এটা সংস্কৰণ দি হিন্দুত ১৩ জুন ২০০৭ তাৰিখে প্ৰকাশ পাইছিল

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

پی سائی ناتھ ’پیپلز آرکائیو آف رورل انڈیا‘ کے بانی ایڈیٹر ہیں۔ وہ کئی دہائیوں تک دیہی ہندوستان کے رپورٹر رہے اور Everybody Loves a Good Drought اور The Last Heroes: Foot Soldiers of Indian Freedom کے مصنف ہیں۔

کے ذریعہ دیگر اسٹوریز پی۔ سائی ناتھ
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

کے ذریعہ دیگر اسٹوریز Manoranjan Majumder