মায়া থামিয়ে ৩০ কিলোগ্ৰাম ওজনৰ এটা চিলিণ্ডাৰ পিঠিত কঢ়িয়াই প্ৰায় ৩ কিলোমিটাৰ খোজ কাঢ়িছিল৷ সেই ওজনৰ সৈতে তেওঁ প্ৰায় ২০০টা খটখটি বগাইছিল আৰু চিলিণ্ডাৰটো দিনটোৰ প্ৰথমজন গ্ৰাহকক যোগান ধৰিছিল৷
ঘন-ঘনকৈ উশাহ লৈ ৩২ বৰ্ষীয়া মহিলাগৰাকীয়ে কয়, ‘‘এতিয়া মই সেইখন পাহাৰলৈ আৰু এটা চিলিণ্ডাৰ কঢ়িয়াই নিব লাগিব৷’’ ৮০ টকা হাজিৰা সংগ্ৰহ কৰি তেওঁ ততালিকে পৰৱৰ্তী চিলিণ্ডাৰটো যোগান ধৰিবলৈ আঁতৰি গ’ল৷ আগন্তুক ছমাহৰ বাবে তেওঁ এইদৰে এলপিজি চিলিণ্ডাৰ খোজকাঢ়ি কঢ়িয়াব লাগিব৷
‘‘গধূৰ ওজনৰ বাবে সাধাৰণতে পুৰুষকেই অগ্ৰাধিকাৰ দিয়া হয় আৰু মানুহে মহিলাৰ সৈতে দৰ-দাম অধিক কৰে’’, মায়াই এইদৰে কয়৷ এক নিৰ্দিষ্ট দূৰত্বৰ বাবে পুৰুষ কুলিয়ে ১০০ টকা উপাৰ্জন কৰাৰ বিপৰীতে সেই একে দূৰত্বৰ বাবে মহিলা এগৰাকীয়ে ৮০ টকাহে পায়৷
পশ্চিমবংগৰ এক ব্যস্ত চহৰ দাৰ্জিলিং পূব হিমালয়ত সমুদ্ৰপৃষ্ঠৰ পৰা ২,০৪২ মিটাৰ উচ্চতাত অৱস্থিত৷ পাহাৰীয়া ঠাইডোখৰত জনসাধাৰণে দৈনিক প্ৰয়োজনীয় সামগ্ৰী যেনে শাক-পাচলি, পানী, চিলিণ্ডাৰ আনকি ঘৰলৈ আচবাব কঢ়িয়াবলৈও কুলিৰ ওপৰত নিৰ্ভৰ কৰে৷ বাহনে ওখ ঠাইলৈ যাব নোৱাৰা হেতুকে চিলিণ্ডাৰ কঢ়িয়াবলৈ হয়তোবা নিজে আগবাঢ়িব লাগিব নতুবা গেছ এজেঞ্চীয়ে পঠিওৱা কুলিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব৷
মায়া থামিয়ে দাৰ্জিলিঙত ১২ বছৰ ধৰি কুলিৰ কাম কৰি আহিছে৷ তেওঁৰ দৰে দাৰ্জিলিঙৰ অধিকাংশ মহিলা কুলি নেপালৰ পৰা প্ৰব্ৰজিত হৈ আহিছে আৰু তেওঁলোক থামি সম্প্ৰদায়ৰ (পশ্চিমবংগত অন্যান্য পিছপৰা জাতি হিচাপে তালিকাভুক্ত) অন্তৰ্ভুক্ত৷ তেওঁলোকে নামলো নামে ৰছীৰে বন্ধা ডোকোত (বাঁহৰ বাস্কেট) শাক-পাচলি, চিলিণ্ডাৰ আৰু পানীৰ কেন কঢ়িয়ায়৷
‘‘বিয়াৰ পিছত মূৰত দায়িত্বৰ বোজা বাঢ়ি অহাৰ বাবে মই মুগলানলৈ [ভাৰত] আহিলো’’, মায়াই এইদৰে কয়৷ নেপালত মায়া আৰু তেওঁৰ স্বামী বৌধেয়ে ২ কঠা (০.০৬ একৰ) মাটিত ধান, গম আৰু আলুৰ খেতি কৰিছিল; সৰু সৰু দোকানত দৈনিক হাজিৰা কৰ্মী হিচাপেও কাম কৰিছিল৷ ২০২১ চনত দম্পত্তিহালে নেপাল সীমান্তৰ কেইঘণ্টমানৰ নাতিদূৰৈত অৱস্থিত দাৰ্জিলিঙলৈ গুচি আহে৷
মায়াই গেছ এজেঞ্চীৰ পৰা চিলিণ্ডাৰ গ্ৰাহকৰ ঘৰে ঘৰে যোগান ধৰে৷ ‘‘মই সাধাৰণতে পুৱা ৭ বজাত কামৰ ঠাইত উপস্থিত হও আৰু চিলিণ্ডাৰ যোগানৰ কাম কৰো’’, তেওঁ কয়৷ তেওঁ দিনটোত প্ৰায় চাৰিৰ পৰা পাঁচটা চিলিণ্ডাৰ যোগান ধৰে৷ পিঠিত দুটাকৈ চিলিণ্ডাৰ কঢ়িয়াই কঠোৰ হাড়ভগা শ্ৰমৰ অন্তত তেওঁ দিনটোত ৫০০ টকা উপাৰ্জন কৰে৷ ‘‘নিকপকপীয়া নামলোৰ বাবে মোৰ মূৰৰ চুলি সৰিছে আৰু দেহতো বিহে আগুৰি ধৰিছে’’, ঘনাই ৰক্তচাপ সলনি হোৱাৰ বিষয়েও উল্লেখ কৰি মায়াই এইদৰে কয়৷
মায়াই ঘৰে ঘৰে চিলিণ্ডাৰৰ যোগান ধৰে৷ তেওঁ দিনটোত প্ৰায় চাৰিৰ পৰা পাঁচটা চিলিণ্ডাৰ যোগান ধৰে৷ কঠোৰ হাড়ভগা শ্ৰমৰ অন্তত তেওঁ দিনটোত ৫০০ টকা উপাৰ্জন কৰে
শাক-পাচলি কঢ়িওৱা কুলিসকল চিলিণ্ডাৰ কঢ়িওৱা কুলিসকলতকৈ পৃথক হয়৷ তেওঁলোকে বৃহস্পতিবাৰে বজাৰ বন্ধ থকা দিনৰ বাদে বাকী প্ৰত্যেকদিন চ’ক বজাৰত সন্ধিয়া ৮ বজালৈ অপেক্ষা কৰে৷ ‘‘আমাৰ শাক-পাচলিখিনি গ্ৰাহকক বিক্ৰী কৰাৰ পিছত কাষতে থকা কুলি এজন মাতো আৰু বাকী চুক্তি গ্ৰাহক আৰু তেওঁলোকৰ মাজত হয়’’, বিহাৰৰ দোকানী মনোজ গুপ্তাই এইদৰে কয়৷
‘‘নাছাকেম বকচু ভাণ্ডা ভাণ্ডা ৭০ কেজি ভাৰী বকনে বানি ভাইছাকিয় [৭০ কিলোগ্ৰামৰ সামগ্ৰী কঢ়িয়াই কঢ়িয়াই মোৰ অভ্যাস হৈ গৈছে],’’ এখন হোটেলত ৭০ কিলো ওজনৰ শাক-পাচলি যোগান ধৰি ৪১ বৰ্ষীয়া মহিলা কুলি মনকুমাৰী থামিয়ে এইদৰে কয়৷ ‘‘যদি মই তেওঁলোকক কামটো কৰিব নোৱাৰো বুলি কওঁ তেন্তে তেওঁলোকে এই কামটো অন্যক দিব, মোৰ ৮০ টকাৰ লোকচান হ’ব৷’’
‘‘সাধাৰণতে আমি ১৫-২০ মিনিট পাহাৰ বগাবলগীয়া হয়৷ কাৰণ হোটেলবোৰ চ’ক বাজাৰৰ ওপৰত অৱস্থিত৷ আমি ১০ মিনিটৰ দূৰৈৰ হোটেলৰ বাবে ৬০ৰ পৰা ৮০ টকা পাওঁ আৰু তাতোকৈ দূৰৈৰ হোটেলৰ বাবে ১০০ৰ পৰা ১৫০ টকা পাওঁ,’’ আন এগৰাকী শাক-পাচলি কঢ়িওৱা কুলি ধনকুমাৰী থামিয়ে এইদৰে কয়৷
মহিলাসকলে বৈষ্যমৰ বলি হ’বলগীয়া হয় বুলি অনুভৱ কৰে ধনকুমাৰী থামিয়ে৷ ‘‘কেটা লে মাটাই চাকচা এষ্টো কাম টা হেইনা ৰাইচাও বাইনি৷ খাই এটা টা বেছি লেডীজ হাৰু নাই চা ভাৰী বংকে [সাধাৰণতে ‘পুৰুষে এই কাম কৰিব পাৰে৷’ কিন্তু কথাটো তেনেধৰণৰ নহয়৷ ইয়াৰে অধিকাংশ কুলিয়েই হ’ল মহিলা]৷’’ ১৫ বছৰ পূৰ্বে মদৰ নিচাত প্ৰাণ হেৰুৱাই গিৰিয়েকৰ পিছত তেওঁ এই কামত ধৰিছে৷
পানী কঢ়িওৱা কামটো অধিক কঠিন, এইদৰে কয় অষ্টি থামি আৰু জুংগে থামিয়ে৷ তেওঁলোক পন্দম চাহ বাগিচাৰ এহাল দম্পত্তি আৰু ঘৰে ঘৰে পানী যোগানৰ কাম কৰে৷ দাৰ্জিলিঙৰ কিছুমান এলেকাত পানীৰ অভাৱ হোৱা বাবে নিতৌ তেওঁলোকে এই কাম কৰিবলৈ পায়৷
‘‘মই আৰু মোৰ স্বামীয়ে পুৱা ৬ বজাত প্ৰতিদিনে পন্দমৰ পৰা পানী সংগ্ৰহ কৰো৷ আমি পাত্ৰবোৰত পানী ধৰি ঘৰে ঘৰে যোগান ধৰো’’, অষ্টিয়ে এইদৰে কয়৷ পন্দমত থকা তেওঁলোকৰ ভাড়া ঘৰটো পানী সংগ্ৰহস্থলীৰ পৰা ২ কিলোমিটাৰ দূৰৈত অৱস্থিত৷
জুংগেয়ে এবাৰ তেওঁলোকে মাংসৰ বেপাৰত হাত দিয়া বুলি উল্লেখ কৰিছিল৷ কিন্তু ক’ভিডৰ বাবে তেওঁলোকৰ ব্যৱসায় নচলিল৷ দম্পত্তিহালে পুনৰ কুলিৰ কামত নিয়োজিত হ’ল৷
*****
মায়া থামিৰ স্বামী বৌধে থামি দ্বিতীয় প্ৰজন্মৰ প্ৰব্ৰজনকাৰী৷ তেওঁৰ পিতৃ-মাতৃয়েও কুলি হিচাপে কাম কৰিছিল, দাৰ্জিলিঙৰ হোটেলে হোটেলে শাক-পাচলিৰ যোগান ধৰিছিল৷ মায়া আৰু বৌধেয়ে মাহে ২,৫০০ টকাৰ ভাড়াত চ’ক বাজাৰৰ পৰা ৫০ মিনিটৰ দূৰত গৌশালাৰ কাষত এটা ঘৰত বাস কৰে৷
এই পৰিয়ালটোৰ সৈতে আন বহুকেইটা কুলিৰ পৰিয়ালে এই অঞ্চলটোত ভাড়া কোঠা ল’বলৈ পচন্দ কৰে কিয়নো ঠাইডোখৰত সীমিত সুবিধাৰ বিকল্প উপলব্ধ আছে৷
মায়া আৰু বৌধেৰ সন্তান ভাৱনা আৰু ভাৱিনে এতিয়াও বিদ্যালয়ত পঢ়ি আছে; সিহঁতৰ শিক্ষাই হ’ল মায়াৰ প্ৰথম অগ্ৰাধিকাৰঃ ‘‘ভাৱনা ৰা ভাৱিন পাৰিঞ্জল মো মেৰো নামলো লে চিলিণ্ডাৰ বোকচু [ভাৱনা আৰু ভাৱিনে অধ্যয়ন শেষ নকৰালৈ মইনামলোৰে চিলিণ্ডাৰ কঢ়িয়াম]৷’’
অনুবাদক: মনোৰঞ্জন মজুমদাৰ