২০২২ত কিনা ৰঙা ৰঙৰ ট্ৰেক্টৰ এখনৰ মালিক গণেশ চিণ্ডে। মহাৰাষ্ট্ৰৰ পাৰভানি জিলাৰ খালি গাঁৱৰ কপাহ খেতিয়ক চিণ্ডেয়ে নিজৰ দুই একৰ মাটিত খেতি কৰে। কিন্তু যোৱা কেইটামান বছৰত কপাহৰ দাম কমি অহাত চিণ্ডেয়ে উপাৰ্জনৰ অতিৰিক্ত বাটৰ সন্ধান কৰিবলগীয়া হৈছে। তেনেকৈয়ে তেওঁ ৰাজহুৱা খণ্ডৰ বেংকৰ পৰা ৮ লাখ টকা ঋণ লৈ ট্ৰেক্টৰ এখন কিনিবলগীয়া হৈছিল।

“মই মোৰ ট্ৰেক্টৰখন ঘৰৰ পৰা ১০ কিলোমিটাৰ দূৰৰ গংগাখেড় চহৰলৈ লৈ যাও আৰু তাৰে জংছনটোত অপেক্ষা কৰোঁ,” ৪৪ বৰ্ষীয় খেতিয়কজনে কয়। “মানুহে কাষৰে কনষ্ট্ৰাকচন ছাইটলৈ বালি-শিল আদি কঢ়িয়াই নিবলগীয়া থাকিলে মোৰ সহায় লয়। তেনেকৈ মই দিনটোত ৫০০ৰ পৰা ৮০০ টকা উপাৰ্জন কৰোঁ।” গংগাখেড়লৈ ৰাতিপুৱা ওলাই যোৱাৰ আগতে কেইঘণ্টামান সময় তেওঁ নিজৰ খেতিৰ কামত লাগে।

তেওঁ ২০২৫ৰ বাজেটখনৰ ওপৰত বহুদিনৰ পৰা চকু ৰাখিছে। এনেকুৱা নহয় যে বাজেটখনক লৈ তেওঁৰ বিশেষ কিবা আশা আছে, কিন্তু ট্ৰেক্টৰখন কোনোবাই ভাৰাত নিয়াৰ বাবে অপেক্ষা কৰি থকা সময়খিনিত একো কৰিবলগীয়া নাথাকে। “মনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতি আইন, ২০০৫)ৰ অধীনৰ কাম একেই আছে,” তেওঁ কয়। খালিৰ পূৰ্বৰ সৰপঞ্চ চিণ্ডেয়ে কয় যে মনৰেগাই তৃণমূল পৰ্য্যায়ত তেনেই সামান্য পৰিৱৰ্তন আনিব পাৰিছে। “আঁচনিত ধন নিয়োগ সৃষ্টিত কদাচিতহে ব্যৱহাৰ কৰা হৈছে। কাগজৰ খেলহে চলিছে।”

PHOTO • Parth M.N.

গংগাখেড় চকত নিজৰ ট্ৰেক্টৰখন কোনোবাই ভাৰাত নিয়াৰ আশাত অপেক্ষাৰত চিণ্ডে

কপাহৰ হ্ৰাসমান দামে তেওঁৰ দৰে কপাহ খেতিয়ক তিস্তি থকাটো কঠিন কৰি পেলাইছে। উদাহৰণ স্বৰূপে ২০২২ত কপাহৰ দাম কুইণ্টলত আছিল ১২,০০০ টকা। সেয়া ২০২৪ত মহাৰাষ্ট্ৰত ঠাইবিশেষে ৪,০০০ পৰ্য্যন্তলৈ নামিছিল।

বৰ্তমানৰ বাজেটখনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পাঁচ বছৰজোৰা “কপাহৰ উত্পাদনশীলতাৰ অভিযান”ৰ অধীনত বস্ত্ৰ মন্ত্ৰালয়ৰ পৰা ২০২৫-২৬ৰ বাবে ৫,২৭২ কোটি টকা আবণ্টন দিছে। এয়া পূৰ্বৰ আবণ্টনতকৈ ১৯ শতাংশ অধিক। ইয়ে, বিত্তমন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে, “কৃষকৰ উপাৰ্জন বৃদ্ধি কৰিব আৰু গুণগত মানসম্পন্ন কপাহৰ স্থিৰ যোগান বৃদ্ধি কৰিব।”

“এইখন বাজেটে দুখীয়াৰ সহায় কৰাৰ কেৱল ভাও জুৰিছে, লাভ কিন্তু ধনিক শ্ৰেণীৰহে হৈছে,” বাজেটক লৈ আশাবাদী হ’ব নোৱাৰা চিণ্ডেয়ে কয়। “ইন্ধনৰ দাম দিনক দিনে বাঢ়ি গৈছে। আমাৰ আয় পিছে আগৰদৰেই একে হৈ আছে, বৰঞ্চ কমিছেহে। এনে পৰিস্থিতিত খেতিয়কসকল বাচি থাকিব পাৰিব বুলি আপুনি কেনেকৈ আশা কৰিব পাৰে?”

অনুবাদ: পংকজ দাস

Parth M.N.

پارتھ ایم این ۲۰۱۷ کے پاری فیلو اور ایک آزاد صحافی ہیں جو مختلف نیوز ویب سائٹس کے لیے رپورٹنگ کرتے ہیں۔ انہیں کرکٹ اور سفر کرنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Parth M.N.
Editor : Dipanjali Singh

دیپانجلی سنگھ، پیپلز آرکائیو آف رورل انڈیا کی اسسٹنٹ ایڈیٹر ہیں۔ وہ پاری لائبریری کے لیے دستاویزوں کی تحقیق و ترتیب کا کام بھی انجام دیتی ہیں۔

کے ذریعہ دیگر اسٹوریز Dipanjali Singh
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das