গুলমাৰ্গৰ বৰফাবৃত এঢলীয়া ঠাইত আব্দুল ৱাহাব থোকৰে পৰ্য্যটকক তেওঁৰ শ্লেজ গাড়ীত উঠাবলৈ বুলি আশা পালি আছিল। কিন্তু ২০২৪ৰ ১৪ জানুৱাৰীত হতাশ থোকৰক দেখা গ’ল তেওঁৰ গাড়ীখনৰ ওপৰত বহি থকা অৱস্থাত। থোকৰ এতিয়া এজন বিধ্বস্ত মানুহ আৰু সন্মুখত সেয়া মুগা বৰণ ধৰা তুষাৰপাতবিহীন এসময়ৰ ৰম্যভূমি গুলমাৰ্গ।
“এতিয়া চিলা-ই-কালান (প্ৰচণ্ড শীতৰ দিন) পৰিছে, কিন্তু গুলমাৰ্গত বৰফ পৰা নাই,” হতাশ আৰু বিস্মিত ৪৩ বৰ্ষীয় থোকৰে কয়। ২৫ বছৰ ধৰি শ্লেজ গাড়ী চলাই অহা থোকৰে জীৱনত এনে হোৱা দেখা নাই। তেওঁ ভয় খাইছে, “পৰিস্থিতি সলনি নহ’লে আমি ভোকত মৰিব লাগিব।”
কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ তুষাৰাবৃত পৰ্বতেৰে ভৰা জনপ্ৰিয় হিল ষ্টেছন গুলমাৰ্গ চাবলৈ দেশ-বিদেশৰ লাখে লাখে পৰ্য্যটক আহে। গুলমাৰ্গত বসতি কৰা ২,০০০ (২০১১ৰ লোকপিয়ল অনুসৰি) লোক আৰু বাহিৰৰ পৰা কামৰ বাবে অহা থোকৰৰ দৰে লোকক সামৰি হিল ষ্টেছনটোৰ যি অৰ্থনীতি, সেয়া এই পৰ্য্যটনেৰেই চলে।
বাৰামুল্লাৰ কালান্তাৰা গাঁৱৰ বাসিন্দা থোকৰে প্ৰতিদিনে স্থানীয় পৰিবহনত ৩০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি গুলমাৰ্গলৈ কামৰ আশাত আহে। “এতিয়া গ্ৰাহক পালেও মই খুব বেছি ১৫০-২০০ টকাহে পাও, কিয়নো শ্লেজগাড়ীখন চলাবলৈ বৰফ নাই,” তেওঁ কয়। “তাৰ সলনি এতিয়া গোট মৰা জলাশয়ত গ্ৰাহকক কেৱল ফেৰি কৰাও।”
“শীতকালত গুলমাৰ্গলৈ অহাটো এক ‘অদ্ভুত অভিজ্ঞতা’, এইবুলি জম্মু আৰু কাশ্মীৰৰ ৱেবছাইটত উল্লেখ আছে, ‘বগা চাদৰ এখনৰ দৰে গোটেইখন বৰফেৰে ভৰি থাকে, যিটো স্কী’য়েৰসকলৰ বাবে সৰগ সদৃশ। তাত প্ৰাকৃতিকভাৱে গঢ়ি উঠা হেলনীয়া গৰাবোৰ স্কীয়েৰসকলৰ দুঃসাহকিতাৰ ঠাই।
গুলমাৰ্গখন দেখিলেই সকলো কথা বুজিব পাৰি। এইবাৰ শীতত জলবায়ু পৰিৱৰ্তনে হিমালয়ৰ দাঁতিৰ নিবাসীসকলৰ জীৱিকাত বাৰুকৈয়ে আঘাত হানিছে। তুষাৰপাত নোহোৱাৰ ফলত পৰিস্থিতিতান্ত্ৰিক ক্ষতিৰ লগতে আৰ্থিক দিশৰ পৰাও চৰণীয়া পথাৰৰ ওপৰত নিৰ্ভৰ কৰা পশুপালকসকল ক্ষতিগ্ৰস্ত হৈছে, কিয়নো তুষাৰপাতৰ পিছতে এই অঞ্চলত ঘাঁহ-বন গজি উঠে, যিটো এইবাৰ নহ’ব। “জলবায়ু বিশ্বজুৰি পৰিৱৰ্তিত হৈছে আৰু ই কাশ্মীৰ অঞ্চলতো প্ৰভাৱ পেলাইছে,” কাশ্মীৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ আৰু বিজ্ঞান বিভাগৰ এগৰাকী বৈজ্ঞানিক ড. মহম্মদ মুছলিমে কয়।
থোকৰৰ উপাৰ্জনৰ কথা বিবেচনা কৰকচোন। ভাল দিনত তেওঁ ১২০০ টকা পৰ্য্যন্ত উপাৰ্জন কৰিছিল। এতিয়া অহা-যোৱাৰ ভাৰা আৰু ঘৰৰ নামত খৰছ হোৱা পইচাখিনিয়ে তেওঁৰ নোলায়। “মই এতিয়া কেৱল ২০০ টকা পাও, কিন্তু খৰছ হয় মোৰ ৩০০ টকা,” তেওঁ দুখ কৰি কয়। কৈশোৰত ভৰি দিয়া দুই সন্তানেৰে থোকৰৰ পৰিয়ালটোৱে এতিয়া গাঁঠিৰ ধন ভাঙিবলগীয়া হৈছে।
‘ৱেষ্টাৰ্ন ডিষ্টাৰ্বেঞ্চেছ’ৰ কাৰণে এইবাৰ তুষাৰপাত হোৱা নাই বুলি ড. মুছলিমে কয়। এয়া এক জলবায়ু সম্পৰ্কীয় পৰিঘটনা, যিটো ভূমধ্যসাগৰীয়া অঞ্চলৰ পৰা আৰম্ভ হোৱা উপ-ক্ৰান্তীয় ধুমুহা যি জেট ষ্ট্ৰীম (প্ৰৱল ধুমুহাৰ জাক)ৰ যোগেদি পূৱদিশে আহে আৰু পাকিস্তান আৰু উত্তৰ ভাৰতত তুষাৰপাত আৰু বৰষুণ আনে। ৱেষ্টাৰ্ন ডিষ্টাৰ্বেঞ্চেছ অঞ্চলটোৰ জল সুৰক্ষা, খেতি আৰু পৰ্য্যটনৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ।
১৩ জানুৱাৰীত ৰাজধানী শ্ৰীনগৰৰ সৰ্বাধিক উষ্ণতা আছিল ১৫ ডিগ্ৰী ছেলচিয়াছ , যিটো দুটা দশকৰ ভিতৰত সৰ্বোচ্চ আছিল। একে সময়তে উত্তৰ ভাৰতত উষ্ণতা আছিল সাধাৰণতকৈ ভালেকেইডিগ্ৰী কম।
“এতিয়ালৈ কাশ্মীৰৰ কোনো অংশত গুৰুতৰ তুষাৰপাত আমি দেখা নাই। বতৰ বেছি উষ্ণ হৈছে। পহলগামত ১৫ জানুৱাৰীৰ দিনা সৰ্বকালৰ সৰ্বাধিক তাপমান ১৪.১ ডিগ্ৰী ছেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল। তাৰ আগতে তাত সৰ্বাধিক তাপমান আছিল ২০১৮ চনত, ১৩.৮ ডিগ্ৰী ছেলচিয়াছ,” বতৰ বিজ্ঞান কেন্দ্ৰ, শ্ৰীনগৰৰ সঞ্চালক ডি. মুখতাৰ আহমেদে কয়।
সোণমাৰ্গ আৰু পহলগামতো পৰ্য্যাপ্ত তুষাৰপাত হোৱা নাই। তাত বৰঞ্চ উষ্ণতা বাঢ়িছে আৰু শীতকালবোৰ অধিক উষ্ণ হৈ পৰিছে। যোৱাটো দশকৰ ভালেকেইটা জলবায়ু সম্পৰ্কীয় অধ্যয়নত এই কথা স্পষ্ট হৈ পৰিছে যে বিশ্বৰ গঢ় উষ্ণতাতকৈ হিমালয় অঞ্চলৰ উষ্ণতাৰ গঢ় বৃদ্ধি অধিক। ইয়ে অঞ্চলটোক জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ বিপন্ন ঠাইসমূহৰ অন্যতম কৰি তুলিছে।
স্থানীয় লোকে এতিয়া শীতকালৰ গুলমাৰ্গৰ এই অৱস্থাক মৰুভূমি আখ্যা দিছে, পৰ্য্যটনৰ ওপৰতো এই অৱস্থাৰ প্ৰভাৱ পৰিছে। হোটেল, গাইড, শ্লেজ টনা লোক, স্কী ইনষ্ট্ৰাক্টৰ আৰু এটিভি (সকলো ভূখণ্ডতে চলা গাড়ী) চালককে ধৰি বহুতেই এতিয়া বিপাঙত পৰিছে।
“জানুৱাৰী মাহত ১৫০ টা বুকিং কেন্সেল হৈছে। পৰিস্থিতি এনে চলি থাকিলে আৰু শোচনীয় অৱস্থা হ’ব,” গুলমাৰ্গৰ হোটেল খলীল পেলেচৰ মেনেজাৰ মুদাচিৰ আহমেদে কয়। “এনেকুৱা বেয়া বতৰ মই জীৱনত দেখা নাই,” ২৯ বৰ্ষীয় আহমেদে কয়। এই চিজনত তেওঁৰ ইতিমধ্যে ১৫ লাখ লোকচান হোৱা বুলি আহমেদে আক্ষেপেৰে উল্লেখ কৰে।
ইফালে হিলটপ হোটেলত পৰ্য্যটকে আগতীয়াকৈ চেক-আউট কৰাও কৰ্মচাৰীয়ে লক্ষ্য কৰিছে। ৯০ জন লোকক নিয়োগ দিয়া হিলটপৰ মেনেজাৰ ইজাজ ভাটে (৩৫) কয়, "বৰফ চাবলৈ অহা পৰ্য্যটকসকল হতাশ হৈছে। যিমানদিন থাকিব লাগিছিল, নথকা হৈছে, আগতেই গুছি গৈছে।" তেওঁ লগতে কয়, “যোৱা বছৰ এইখিনি সময়ত আমি প্ৰায় ৫-৬ ফুট বৰফ দেখিছিলো, কিন্তু এই বছৰ আমি মাত্ৰ কেই ইঞ্চিমানহে পাইছো।”
স্কি গাইড জাভেইদ আহমেদ ৰেছিয়ে এই সংকটজনক পৰিৱেশ পৰিৱৰ্তনৰ বাবে স্থানীয় লোকসকলক দোষ দিছে। “পৰ্য্যটকে আহি গুলমাৰ্গখন ধ্বংস কৰা বুলি মই ক’ব নোৱাৰো, আমি নিজহাতে এই পাপ কৰিছো,” ৪১ বৰ্ষীয় ৰিয়ানে কয়।
এটিভি চালক মুস্তাক আহমেদ ভাটে অফ-ৰোড গাড়ী চলোৱা এটা দশক হ’ল। শীতকালত অতিপাত তুষাৰাবৃত ৰাস্তাত এটিভিয়ে একমাত্ৰ চলা বাহন। চালকে ডেৰঘণ্টা পৰ্য্যন্ত গাড়ী চলোৱাৰ বাবদ ১,৫০০ টকা পৰ্য্যন্ত ভাৰা লয়।
মুস্তাকে কয় যে গাড়ীৰ সংখ্যা বঢ়াত ফলত অঞ্চলটোৰ পৰিৱেশৰ সুক্ষ্ম পৰ্য্যায়ত জলবায়ু পৰিৱৰ্তন ঘটিছে। “গুলমাৰ্গ বাউল (আকাশমাৰ্গৰ পৰা চালে বগা বাটি এটাৰ দৰে দেখা যায়)ত কৰ্তৃপক্ষই গাড়ী নিয়াটো বন্ধ কৰাৰ নিৰ্দেশ দিব লাগে। ই অঞ্চলটোৰ সেউজ পৰিৱেশ নষ্ট কৰিছে আৰু তুষাৰপাত নোহোৱাৰ ইয়ো এটা কাৰণ। আমাৰ আয়তো ই প্ৰভাৱ পেলাইছে,” ৪০ বৰ্ষীয মুস্তাকে কয়।
তেওঁ শেষৰজন গ্ৰাহক পোৱা আজি তিনিদিন হ’ল। ১০ লাখ টকাৰ ঋণেৰে লোৱা এটিভিখন এনেকৈ বন্ধ কৰি থ’বলগীয়া হোৱাত তেওঁ বিমোৰত পৰিছে। বাহনখন কিনাৰ সময়ত তেওঁ আগন্তুক বছৰবোৰত ভাল উপাৰ্জনৰ আশা কৰিছিল। ভাবিছিল যে ঋণটো সোনকালে পৰিশোধ কৰি পেলাব পাৰিব। “এতিয়া এনে লাগিছে যে ঋণ পৰিশোধ কৰিব নোৱাৰিম আৰু মোৰ এটিভিখন এইবাৰ গ্ৰীষ্মকাল পৰালৈ বিক্ৰী কৰি দিব লাগিব।”
আনকি পোছাক ভাৰাত দিয়া দোকানবোৰো নিজম পৰিছে। “আমাৰ ব্যৱসায় সম্পূৰ্ণৰূপে তুষাৰপাতৰ ওপৰত নিৰ্ভৰ কৰে, কিয়নো তুষাৰাবৃত গুলমাৰ্গত মানুহক চলা-ফিৰা কৰিবলৈ আমি কোট আৰু বুটজোতা দিও। এইকেইদিন আমি ৫০০ৰ পৰা ১০০০ টকাও ঘটিবলৈ পৰা নাই,” পোছাক ভাৰালৈ দিয়া স্থানীয় দোকান এখনত কাম কৰা ফয়াজ আহমেদ দিদৰে (৩০) কয়। গুলমাৰ্গৰ পৰা প্ৰায় আধাঘণ্টা দূৰৰ বাটত থকা টানমাৰ্গৰ এই দোকানবোৰক স্থানীয়ভাৱে কোট এণ্ড বুট ষ্ট’ৰ বুলি কোৱা হয়।
দিদৰ আৰু আন আন ১১ গৰাকী কৰ্মচাৰীয়ে তুষাৰপাতৰ বাবে অপেক্ষাৰত। বৰফ থাকিলেহে তেওঁলোকৰ বেপাৰ ভাল হ’ব। ভাল দিনত ২০০ কোট আৰু জেকেট ২০০ টকাকৈ ভাৰাত দি তেওঁলোকে দিনে ৪০,০০০ টকা পৰ্য্যন্ত উপাৰ্জন কৰিছিল। আজিকালি পৰ্য্যটকক শীতকালত গধুৰ জেকেট-বুট আদি নলগা হৈছে।
তুষাৰপাত নোহোৱাৰ বাবে কেৱল যে পৰ্য্যটন খণ্ডটোৱেই ক্ষতিগ্ৰস্ত হৈছে এনে নহয়, পৰ্য্যটনৰ ওপৰত নিৰ্ভৰ নকৰা স্থানীয় লোকৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছে। “গোটেই উপত্যকাৰ লোকে তুষাৰপাতৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছে। খাবলৈ পানী নোহোৱা হ’ব, খেতিতো পানী নাথাকিব। টানমাৰ্গৰ গাওঁবোৰত ইতিমধ্যে পানীৰ নাটনি ঘটিছে,” স্কী গাইড ৰেছিয়ে কয়।
শীতকালৰ তুষাৰপাতে হিমবাহ আৰু সাগৰৰ বৰফ আদিৰ দৰে ক্ৰায়’স্ফীয়েৰ ভাণ্ডাৰ (পৃথিৱীৰ আটাইতকৈ বেছি অলুণীয়া পানীৰ ভঁৰাল বুলি বিবেচিত) পূৰ্তি কৰে। এই ভাণ্ডাৰে অঞ্চলটোৰ জলসুৰক্ষা নিশ্চিত কৰে। “হিমবাহত বৰফৰ ঘাটিয়ে আমাৰ জলসিঞ্চিত কৃষিত গুৰুতৰ ক্ষতি কৰিব। কাশ্মীৰৰ উচ্চ অঞ্চলত গলা বৰফেই অঞ্চলটোৰ পানীৰ মূল উৎস,” মুছলিমে কয়। কিন্তু “পৰ্বতত আজিৰ তাৰিখত বৰফ নাই। তাৰ ফল ভূগিবলগীয়া হৈছে উপত্যকাটোৰ মানুহখিনিয়ে।”
কাপোৰৰ দোকানত দিদৰ আৰু তেওঁৰ সহকৰ্মীসকলে এই দুৰ্দশাৰ পৰা মুক্তিৰ বাট দেখা নাই। “ইয়াত বাৰজন লোকে কাম কৰে আৰু আমাৰ প্ৰত্যেকৰে পৰিয়ালত ৩-৪ জনকৈ লোক আছে।” তেওঁলোকে বৰ্তমান ১,০০০ মান টকা দিনে পায়, সেইখিনি সমানে ভগালে হাতত একো নাথাকে। “পৰিয়াল কেনেকৈ পুহিম?” চেলচমেনজনে প্ৰশ্ন কৰে। “এই বতৰে আমাক মাৰি পেলাইছে।”
অনুবাদ: পংকজ দাস