সিঙে এতিয়াও পাঞ্জাৱৰ তেওঁৰ পিণ্ড (গাওঁ)ৰে ট্ৰেভেল এজেণ্টজনক সপোনত দেখি উচপ খাই উঠে, ঘামি-জামি সাৰ পায়।
পৰিয়ালৰ এক একৰ খেতিমাটি বিক্ৰী কৰি সিঙে (প্ৰকৃত নাম ব্যৱহাৰ কৰা হোৱা নাই) সেইজন এজেণ্টক টকা দিছিল। তাৰ বিনিময়ত “এক নম্বৰ (বৈধ উপায়ে)” উপায়ে তেওঁক ছাৰ্বিয়া হৈ পৰ্টুগাললৈ পঠিওৱাৰ প্ৰতিশ্ৰুতি দিছিল সেই এজেণ্ট যতিন্দৰে।
সিঙক যে যতিন্দৰে প্ৰৱঞ্চনা কৰিলে আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে সৰবৰাহ কৰিলে, সেয়া বুজিবলৈ সিঙৰ বেছিসময় নালাগিল। হতচকিত, হতাশ সিঙে তেওঁৰ সেই দুৰ্দশাৰ কথা গাঁৱত থকা তেওঁৰ মাক-দেউতাকহঁতক জনাবলৈ সাহস গোটাব নোৱাৰিলে।
সেই যাত্ৰাত তেওঁ ঘন অৰণ্য ফালি আগুৱাবলগীয়া হৈছিল, নলা-নৰ্দমাৰে বাট বুলিবলগীয়া হৈছিল, ইউৰোপৰ ওখ-চাপৰ পাহাৰেৰে বাট পোনাবলগীয়া হৈছিল। খাবলৈ তেওঁ এতিয়া একেবাৰেই বেয়া পোৱা পাওৰুটীৰ বাদে আন একো নাছিল, বৰষুণৰ পানীৰ ডোঙাৰ পৰা পানী খাবলগীয়া অৱস্থাত পৰিছিল।
“মোৰ পিতৃৰ হৃদৰোগ আছে। ইমান টেনচন সহ্য কৰিব নোৱাৰে। ঘৰলৈ উভতিও যাব নোৱাৰো, মোৰ সৰ্বস্ব ধন-বিত ইয়াতেই সোমাই থাকিল,” পৰ্টুগালত আন পাঁচজন লোকৰ সৈতে শ্বেয়াৰ কৰি থকা দুকোঠলীয়া ভাৰাঘৰটোত বহি ২৫ বৰ্ষীয় সিঙে পাঞ্জাৱীতে কয়।
দক্ষিণ এছীয়াৰ দেশ যেনে ভাৰত, নেপাল, বাংলাদেশ, পাকিস্তান আৰু শ্ৰীলংকাৰ শ্ৰমিকৰ বাবে যোৱা কেবাবছৰ ধৰি পৰ্টুগাল এখন সুবিধাজনক গন্তব্যস্থল।
এটা সময়ত সিঙে ভাৰতীয় সেনাবাহিনীত যোগ দিয়াৰ বাবে খুবেই আগ্ৰহী আছিল। কিন্তু কেইবাৰমান চেষ্টা কৰি বিফল হোৱাত পৰ্টুগাললৈ প্ৰব্ৰজন কৰাৰ কথা চিন্তা কৰে, সেই দেশলৈ যোৱা অন্তঃপ্ৰব্ৰজন নীতিৰ জটিলতা নাই। তেওঁৰ গাঁৱৰেপৰা ইউৰোপৰ এইখন দেশলৈ মানুহ যোৱাৰ সফল কাহিনী শুনি তেওঁ সাহস পাইছিল। তাৰপিছত এদিন তেওঁক কোনোবাই একেখন গাঁৱৰে যতিন্দৰৰ কথা ক’লে, যিয়ে তেওঁক সহায় কৰিবলৈ প্ৰতিশ্ৰুতি দিলে।
“যতিন্দৰে মোক ক’লে, ‘তোমাক পৰ্টুগাললৈ বৈধভাবে পঠিয়াবলৈ মোক ১২ লাখ টকা লাগিব।’ বৈধভাৱে মোক পঠিওৱাৰ কথাটোত জোৰ দি মই তেওঁক সেই ধন আদায় দিবলৈ মান্তি হ’লো,” সিঙে কয়।
কিন্তু টকাখিনি দিয়াৰ সময়ত এজেণ্টে তেওঁক বেংকৰ পৰিৱৰ্তে আন উপায়ে পইচা দিয়াৰ বাবে জোৰ কৰিলে। সিঙে নামানিলে, কিন্তু ইফালে যতিন্দৰো লাগি থাকিল। পৰ্টুগাল যাবলৈ অতিশয় ইচ্ছুক সিঙে শেষত পাঞ্জাৱৰ জলন্ধৰৰ পেট্ৰল পাম্প এটাত ৪ লাখ টকা দিলে। তাৰপিছত আকৌ দোকান এখনত ১ লাখ টকা দিলে।
সিঙে ২০২১ৰ অক্টোবৰত দিল্লীলৈ গ’ল। তাৰপৰা তেওঁ বেলগ্ৰেড আৰু তাৰপিছত পৰ্টুগাল যাবলগীয়া আছিল। সেয়া তেওঁৰ প্ৰথম বিমানযাত্ৰা হ’লহেঁতেন, কিন্তু বিমানসেৱাত ক’ভিডজনিত বাধা-নিষেধৰ বাবে ভাৰতৰ পৰা ছাৰ্বিয়া যোৱা বিমানত তেওঁক উঠিব দিয়া নহ’ল, যিটো কথা এজেণ্টজনে জানিছিল যদিও তেওঁৰ পৰা লুকুৱাই ৰাখিছিল। তেওঁ ডুবাই যোৱা বিমানৰ টিকট বুক কৰিলে আৰু তাৰপৰা তেওঁৰ গন্তব্যস্থল আছিল বেলগ্ৰেড।
“বেলগ্ৰেডত আমাক ৰিচিভ কৰা এজেণ্টজনে আমাৰ পাৰপত্ৰ জব্দ কৰি থ’লে, ক’লে যে ছাৰ্বিয়াৰ আৰক্ষী ভাল নহয়, তেওঁলোকে ভাৰতীয় মানুহ বৰ এটা ভাল নাপায়। কথা শুনি আমি ভয় খালো,” পাৰপত্ৰ এজেণ্টক গতাই দিয়া সিঙে কয়।
সিঙে কথাৰ মাজত ‘দুই নম্বৰী’ ব্যৱস্থাৰ কথা কয়, যিটোৰ অৰ্থ বেআইনীভাৱে কৰা প্ৰব্ৰজন। ছাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডৰ পৰা গ্ৰীচ তেওঁ সেই উপায়েই গৈছিল। তেওঁলোকক গ্ৰীচযোগে পৰ্টুগাললৈ নিয়াৰ নিশ্চিতি দিছিল ডংকাৰ (মানৱ সৰবৰাহকাৰী)সকলে।
থিৱাত উপস্থিত হোৱাৰ পিছত এজেণ্টজনে ৰং সলালে, ক’লে যে প্ৰতিশ্ৰুতি দিছিল যদিও তেওঁ পৰ্টুগাললৈ তেওঁক নিব নোৱাৰিব।
“যতিন্দৰে মোক ক’লে, ‘মই আপোনাৰ পৰা সাত লাখ টকা পাইছো। মোৰ কাম ইমানতে শেষ। মই আপোনাক গ্ৰীচৰ পৰা উলিয়াই নিব নোৱাৰিম,’” এই কথা শুনাৰ লগে লগে তীব্ৰ মনোকষ্ট পোৱা সিঙে চকুপানী ধৰি ৰাখিব পৰা নাছিল, তেওঁ কয়।
তেওঁ গ্ৰীচত উপস্থিত হোৱাৰ দুমাহ পিছত, ২০২২ৰ মাৰ্চত সিঙে ছাৰ্বিয়াৰ সৰবৰাহকাৰীজনৰ পৰা পাৰপত্ৰখন উলিওৱাৰ চিন্তা কৰিলে। তেওঁক তাৰে পিঁয়াজৰ খেতিপথাৰত কাম কৰা সহকৰ্মীয়ে কৈছিল যে সেইখন দেশত কোনো ভৱিষ্যত নাই, ধৰা পৰা মানেই বিতাড়ন।
সেয়ে পাঞ্জাৱৰ এইজন ডেকাল’ৰাই পুনৰাই সৰবৰাহ হোৱাৰ বাবে জীৱনৰ ৰিস্ক মুৰ পাতি ল’লে। “মই গ্ৰীচ এৰিবলৈ নিজকে প্ৰস্তুত (মানসিকভাৱে) কৰিলোঁ। ভাবিলো, শেষবাৰৰ বাবে জীৱনত ৰিস্ক লৈ চাব লাগিব।”
তেওঁক ৮০০ ইউৰ’ৰ বিনিয়মত ছাৰ্বিয়ালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়া এজেণ্ট এজন গ্ৰীচত বিচাৰি উলিয়ালে। এজেণ্টক দিবলগীয়া টকাখিনি আহিছিল পিঁয়াজৰ খেতিপথাৰত তিনিমাহ কাম কৰি গোটোৱা টকা।
এইবাৰ যাত্ৰাৰ আগেয়ে সিঙে নিজাকৈ বিচাৰ-খোঁচাৰ কৰি ভ্ৰমণসূচী এখন নিজে তৈয়াৰ কৰি ল’লে। পৰিকল্পনা অনুযায়ী তেওঁ গ্ৰীচৰ পৰা ছাৰ্বিয়ালৈ যাব, তাৰপৰা হাংগেৰি হৈ অষ্ট্ৰিয়াত উঠিব। তাৰপিছত পৰ্টুগাল। গ্ৰীচৰ পৰা ছাৰ্বিয়ালৈ যোৱাটো বৰ টান কাম আছিল, তেওঁক মানুহে কৈছিল, “যদি ধৰা পৰা, তেন্তে তোমাক তুৰষ্কলৈ বিতাড়িত কৰিব আৰু গোটেই যাত্ৰাত অন্তৰ্বাসৰ বাদে আন একো কাপোৰ পিন্ধিবলৈ নাপাব,” তেওঁ কয়।
*****
২০২২ৰ জুনত ছদিন আৰু ছৰাতি খোজ কঢ়াৰ পিছত তেওঁ আহি ছাৰ্বিয়া পালে। ছাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডত তেওঁ শৰণাৰ্থীৰ শিবিৰ দেখিবলৈ পালে – ছাৰ্বিয়া-ৰোমানিয়া সীমান্তত থকা কিকিন্দা শিবিৰ আৰু ছাৰ্বিয়া-হাংগেৰি সীমান্তত থকা ছাব’টিকা শিবিৰ। তেওঁ কয় যে এই শিবিৰবোৰ সৰবৰাহকাৰীৰ বাবে স্বৰ্গ, তেওঁলোকে তাৰপৰাই সীমান্ত পাৰ কৰোৱা লোভনীয়া ব্যৱসায় চলায়।
“তাত (কিকিন্দা শিবিৰত) প্ৰতি দ্বিতীয়জন ব্যক্তিয়েই আছিল সৰবৰাহকাৰী। তেওঁলোকে আপোনাক ক’ব, ‘মই আপোনাক তালৈ লৈ যাব পাৰিম, কিন্তু ইমান খৰছ পৰিব,’” তাৰ মাজতে স্বইচ্ছাই তেওঁক অষ্ট্ৰিয়ালৈ লৈ যাব ওলোৱা এজন সৰবৰাহকাৰী তেওঁ পালে, সিঙে কয়।
কিকিন্দা শিবিৰত সৰবৰাহকাৰীজনে (ভাৰতীয়) তেওঁক জলন্ধৰত ‘গেৰাণ্টি ৰাখিবলৈ’ ক’লে। গেৰাণ্টি মানে মধ্যস্থতাকাৰীৰ হাতত দুয়োটা পক্ষ - প্ৰব্ৰজনকাৰী আৰু সৰবৰাহকাৰীৰ ধন ৰখা আৰু প্ৰব্ৰজনকাৰীজনে বিচৰা স্থানত উপস্থিত হোৱাৰ পিছত সেয়া মুকলি কৰি দিয়াৰ দায়িত্ব সেইজনৰ ওপৰতে ন্যস্ত থাকে।
সিঙে পৰিয়ালৰ সদস্য এজনৰ যোগেদি ৩ লাখ টকাৰ গেৰাণ্টি যোগাৰ কৰি সৰবৰাহকাৰীজনৰ নিৰ্দেশ অনুযায়ী হাংগেৰি সীমান্ত অভিমুখে আগবাঢ়িল। তাত তেওঁক ৰিচিভ কৰিলে আফগানিস্তানৰ কেইগৰাকীমান ডংকাৰে। মাজনিশা তেওঁলোকে ১২ ফুট ওখ দুখনকৈ কাঁটাতাঁৰৰ বেৰ পাৰ হ’ল। তেওঁৰ লগত কাঁটাতাঁৰৰ বেৰ পাৰ হোৱা এজন ডংকাৰে তেওঁক হাবিৰ মাজেৰে চাৰিঘণ্টা খোজ কঢ়ালে। তেতিয়াই তেওঁলোক সীমান্ত আৰক্ষীৰ হাতত ধৰা পৰিল।
“তেওঁলোকে আমাক আঠু কঢ়াই (হাংগেৰিয়াৰ পুলিচ) আমি কোন দেশৰ সুধিলে। তেওঁলোকে ডংকাৰজনক বৰ বেয়াকৈ মৰিয়ালে। তাৰপিছত আমাক (প্ৰব্ৰজনকাৰী) ছাৰ্বিয়ালৈ পঠিয়াই দিলে,” সিঙে মনত পেলায়।
সৰবৰাহকাৰীজনে ছাব’টিকা শিবিৰৰ কথা ক’লে য’ত নতুন ডংকাৰ এজন তেওঁৰ বাবে ৰৈ আছিল। পিছদিনা আবেলি ২ বজাত তেওঁ হাংগেৰি সীমান্তলৈ আহিল, তাত ইতিমধ্যে ২২ জন লোকে সীমান্ত অতিক্ৰম কৰিবলৈ ৰৈ আছিল, কিন্তু কেৱল সিঙকে ধৰি সাতজনহে সক্ষম হ’ল।
তাৰপিছত ডংকাৰৰ লগত হাবিৰ মাজেৰে তিনিঘণ্টীয়া ট্ৰেকিং আৰম্ভ হ’ল। “সন্ধিয়া ৫ মান বজাত আমি ডাঙৰ এটা পানী নাইকিয়া গাঁত পালো। ডংকাৰে আমাক তাতেই গাত শুকান পাত জাপি লৈ লুকাই থাকিবলৈ ক’লে।” তাৰে কেইঘণ্টামান পিছত তেওঁলোকে আকৌ খোজ কাঢ়িবলৈ ল’লে। শেষত আমাক ভান এখনে তুলি ল’লে আৰু আমাক অষ্ট্ৰিয়াৰ সীমান্তৰ কাষত থ’লে আৰু ক’লে, “বায়ুকলবোৰৰ দিশে খোজ কাঢ়ক, আপুনি অষ্ট্ৰিয়া পাই যাব।”
তেওঁলোক ক’ত আছিল, ক’লৈ যাব লাগিব, সেইবিষয়ে একো উৱাদিহ নোপোৱা সিঙৰ লগতে আন প্ৰব্ৰজনকাৰীৰ হাতত কোনো খাদ্য কিম্বা পানীও নাছিল। তেনেকৈয়ে তেওঁলোকে গোটেই ৰাতি খোজ কাঢ়ি গৈ থাকিল। পিছদিনা ৰাতিপুৱা তেওঁলোকে অষ্ট্ৰিয়াৰ সেনাৰ চকী এখন দেখিলে। অষ্ট্ৰিয়াৰ সেনা দেখা পাই তেওঁ ততালিকে আত্মসমৰ্পন কৰিলে, কিয়নো “দেশখনে শৰণাৰ্থীক আদৰি লয় আৰু ডংকাৰে এইকথাৰ নিশ্চিতি দিছে,” তেওঁ কয়।
“তেওঁলোকে আমাৰ ক’ভিড পৰীক্ষা কৰালে আৰু আমাক অষ্ট্ৰিয়াৰ শৰণাৰ্থী শিবিৰ এটালৈ লৈ গ’ল। তাত আমাৰ জবানবন্দী লোৱা হ’ল আৰু আঙুলিৰ চাপ ল’লে। তাৰপিছত আমাক ছমাহৰ শৰণাৰ্থী কাৰ্ড দিলে,” সিঙে কয়।
ছমাহ পাঞ্জাৱৰ প্ৰব্ৰজনকাৰী এই ডেকাল’ৰাজনে বাতৰি কাকত বিলোৱা কাম কৰি প্ৰায় ১,০০০ ইউৰ’ জমা কৰিলে। তেওঁৰ শৰণাৰ্থী কাৰ্ডখনৰ ম্যাদ উকলাৰ সময়ত তেওঁক শিবিৰৰ বিষয়া এজনে দেশ এৰি যোৱাৰ নিৰ্দেশ দিলে।
“মই স্পেইনৰ ভেলেন্সিয়াৰ পৰা পোনপটীয়া ফ্লাইট বুক কৰিলো আৰু তাৰপৰা বাৰ্চিলোনালৈ ৰেলেৰে আহিলো। তাত বন্ধু এজনৰ ঘৰত নিশাটো কটালো। মোৰ বন্ধুজনে পৰ্টুগাললৈ বাছৰ টিকট এটা কৰি দিলে, মোৰ নিজাকৈ কোনো নথি কিম্বা পাৰপত্ৰ নথকা বাবে মই টিকট কৰিব পৰা নাছিলো।” এইবাৰ তেওঁ পাৰপত্ৰখন গ্ৰীচৰ বন্ধু এজনৰ হাতত দি থৈছিল, কিয়নো তেওঁ ধৰা পৰিলে পুনৰ ভাৰতলৈ ঘূৰি আহিব বিচৰা নাছিল।
*****
২০২৩ৰ ফেব্ৰুৱাৰীত সিঙে পৰ্টুগাললৈ বাছেৰে গ’ল। পৰ্টুগাল - তেওঁৰ সপোনৰ গন্তব্যস্থল। তালৈ গৈ পাবলৈ তেওঁক প্ৰায় ৫০০ দিনৰো বেছি দিন লাগিল।
পৰ্টুগালৰ ভাৰতীয় দূতাবাসে স্বীকাৰ কৰে যে বহু প্ৰব্ৰজনকাৰীৰ “বসতিৰ বৈধ নথি নাই, চৰকাৰী পৰিসংখ্যা উপলব্ধ নহয়।” পৰ্টুগালৰ প্ৰব্ৰজনকাৰী নীতি শিথিল কৰি দিয়াৰ বাবে ভাৰতৰ পৰা (বিশেষকৈ পাঞ্জাৱ আৰু হাৰিয়ানা) দেশখনলৈ প্ৰব্ৰজনকাৰীৰ সংখ্যা লক্ষণীয় হাৰত বৃদ্ধি পাইছে।
“ য়েহ ডকুমেণ্টচ্ বন জাতে হ্যে , আদমি পক্কা হৌ জাতা হ্যে , ফিৰ অপনি ফেমিলি বুলা সকতা হ্যে , অপনি ৱাইফ বুলা সকতা হ্যে (আপুনি আপোনাৰ নথি ইয়াত বনাই ল’ব পাৰিব। এবাৰ স্থায়ী বাসিন্দা হোৱাৰ পিছত আপুনি আপোনাৰ পত্নী-পৰিয়ালক পৰ্টুগাললৈ লৈ যাব পাৰিব),” সিঙে কয়।
২০২২ত প্ৰায় ৩৫ হাজাৰ ভাৰতীয়ক পৰ্টুগালে স্থায়ী বাসিন্দা বুলি স্বীকৃতি দিছে, এয়া ফৰেইনাৰ্চ এণ্ড ব’ৰ্ডাৰ্চ চাৰ্ভিছ (এছইএফ)ৰ ডেটা। একেটা বছৰতে প্ৰায় ২২৯ গৰাকী ভাৰতীয়ই দেশখনত আশ্ৰয় বিচাৰিছে।
নিজৰ দেশত ভাল ভৱিষ্যত গঢ়িব নোৱাৰাৰ শংকাতে সিঙৰ দৰে যুৱকে প্ৰব্ৰজন কৰিবলৈ বাধ্য হয়। আন্তৰাষ্ট্ৰীয় শ্ৰম সংস্থাই ২০২৪ত প্ৰকাশ কৰা ভাৰতীয় নিয়োগ প্ৰতিবেদনত কৈছে, “উন্নতি যুক্তিযুক্ত হাৰত হৈছে যদিও উৎপাদনশীল নিয়োগৰ সুবিধাৰ সমানুপাতিকভাৱে প্ৰসাৰ হোৱা নাই।”
সিঙে গোটেই ৰাতি খোজ কাঢ়িছিল, পেটত এটা খুদকণো পৰা নাছিল, পানী এটুপিও পোৱা নাছিল। পিছদিনা পুৱা চকুত পৰিল এটা অষ্ট্ৰিয়াৰ চকী…ততালিকে তেওঁ দৌৰি আত্মসমৰ্পণ কৰিলে, কিয়নো ‘দেশখনে শৰণাৰ্থীক আদৰি লয়’
পৰ্টুগালে প্ৰাকৃতিকভাৱে দেশখনৰ বাসিন্দা হোৱাৰ ক্ষেত্ৰত সমগ্ৰ ইউৰোপৰ ভিতৰতে আটাইতকৈ কম সময় বান্ধি দিছে। কেৱল পাঁচ বছৰ দেশখনত থাকিলেই তাৰ নাগৰিক হ’ব পাৰি। ভাৰতৰ গ্ৰামাঞ্চলত খেতি-বাতি আৰু নিৰ্মাণখণ্ডত কাম কৰা বহু যুৱক-যুৱতীয়ে প্ৰব্ৰজনৰ এই যাত্ৰাকে সৰোগত কৰি লয়। বিশেষকৈ পাঞ্জাৱৰ পুৰুষবোৰে, অধ্যাপক ভাস্বতী চৰকাৰে কয়। তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ইউৰোপীয় অধ্যয়ন কেন্দ্ৰৰ জ্যাঁ মনেট অধ্যক্ষ। “নিগাজি হোৱা গোৱা আৰু গুজৰাটী সম্প্ৰদায়ৰ দৰে বহু পাঞ্জাৱীয়ে কম দক্ষতাৰ প্ৰয়োজন হোৱা নিৰ্মাণ আৰু কৃষিখণ্ডত কাম কৰে,” তেওঁ কয়।
পৰ্টুগালৰ বাসিন্দাৰ অনুজ্ঞাপত্ৰ যাক টেম্প’ৰেৰী ৰেজিডেন্সী কাৰ্ড (টিআৰচি) বুলি কোৱা হয়, সেয়া পোৱাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে আপুনি সেইখন কাৰ্ডেৰে পাৰপত্ৰ নোহোৱাকৈ ১০০ খন চেংগান দেশলৈ যাব পাৰে। কিন্তু পৰ্টুগালৰ কেন্দ্ৰীয় সোপন্থী ডেমক্ৰেটিক এলায়েন্স (এডি) চৰকাৰৰ লুইচ মণ্টেনেগ্ৰ’য়ে ২০২৪ৰ ৩ জুনত পৰ্টুগালত থকা নথিবিহীন প্ৰব্ৰজনকাৰীৰ ক্ষেত্ৰত প্ৰব্ৰজনৰ নিয়ম কঠোৰ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ পিছত পৰিস্থিতি কিছু সলনি হৈছে।
এই নতুন আইন অনুসৰি পৰ্টুগালৰ স্থায়ী বাসিন্দা হ’ব বিচৰা যিকোনো বিদেশী লোকে দেশখনলৈ অহাৰ আগতে কামৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব লাগিব। ইয়ে ভাৰতৰ, বিশেষকৈ পাঞ্জাৱ আৰু হাৰিয়ানাৰ প্ৰব্ৰজনকাৰীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে।
আন ইউৰোপীয় দেশেও প্ৰব্ৰজনৰ ক্ষেত্ৰত আইন ব্যৱস্থা কঠোৰ কৰিবলৈ লৈছে। কিন্তু অধ্যাপক চৰকাৰে কয় যে উচ্চাকাংক্ষা লৈ ওলোৱা অনিয়মীয়া প্ৰব্ৰজনকাৰীক এই আইনে ৰখাব নোৱাৰে। “যিখন দেশৰ পৰা তেওঁলোক আহে, সেই দেশত সুযোগ-সুবিধাৰ সৃষ্টি, নিৰাপত্তা আৰু সুৰক্ষা প্ৰদানে তেওঁলোকক সকাহ দিব পাৰে,” তেওঁ কয়।
পৰ্টুগালৰ এআইএমএ (এজেন্সী ফৰ ইণ্টিগ্ৰেচন, মাইগ্ৰেচনচ এণ্ড এচাইলাম)ত ৪,১০,০০০ টা গোচৰৰ বিচাৰ এতিয়াও হ’ব আছে। প্ৰব্ৰজিত সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া অনুৰোধ ৰক্ষা কৰিবলৈ প্ৰব্ৰজনৰ নথি আৰু ভিছাৰ ম্যাদ আন এটা বছৰলৈ, ২০২৫ৰ জুনলৈ বৃদ্ধি কৰিছে।
২০২১ত ভাৰত আৰু পৰ্টুগালে ‘বৈধ উপায়ে ভাৰতীয় শ্ৰমিকক পঠিওৱা আৰু অনাৰ’ চুক্তিত স্বাক্ষৰ কৰিছে। ভাৰত চৰকাৰে কেবাখনো ইউৰোপীয় দেশ যেনে ইটালী, জাৰ্মানী, অষ্ট্ৰিয়া, ফ্ৰান্স, ফিনলেণ্ডৰ সৈতে প্ৰব্ৰজন আৰু সুচলতাৰ বাবে চুক্তিত স্বাক্ষৰ কৰিছে, কিন্তু চৰজমিন পৰ্য্যায়ত মানুহে এইবিষয়ে খুব কমেই জানে।
এই সাংবাদিকসকলে ভাৰত আৰু পৰ্টুগাল চৰকাৰক এই বিষয়ত কেবাবাৰো মন্তব্যৰ বাবে যোগাযোগৰ চেষ্টা কৰিছিল যদিও কোনো সঁহাৰি নাপালে।
*****
সিঙে যেতিয়া পৰ্টুগালকে নিজৰ সপোনৰ গন্তব্যস্থল হিচাপে ধৰি লৈছিল, তেওঁ দেখিছিল যে পৰ্টুগালতো কামৰ সুযোগ-সুবিধাৰ অভাৱ আছে। তাতে আকৌ বসতিৰ অনুজ্ঞাপত্ৰ পোৱাৰ বাটত প্ৰত্যাহ্বান আছেই। ইউৰোপলৈ যোৱাৰ পৰিকল্পনা কৰাৰ সময়ত তেওঁ এইবোৰ নাজানিছিল।
তেওঁ পাৰিক কয়, “প্ৰথমে পৰ্টুগাললৈ আহি মই বৰ সুখী হৈছিলো। পিছতহে তাত কামৰ সুযোগ-সুবিধা একেবাৰেই শূন্য বুলি বুজি পোৱাত হতাশ হ’লো, এছীয়া মহাদেশৰ বহু লোক তাত আছিল। সেয়ে কাম পোৱাটোও কঠিন আছিল।”
স্থানীয় লোকৰ মনত প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে থকা চেণ্টিমেণ্টৰ কথাও তেওঁ কয়। “তেওঁলোকে প্ৰব্ৰজনকাৰী ভাল নাপায়। কিন্তু আমিয়েই খেতি আৰু নিৰ্মাণ খণ্ডত কঠোৰ পৰিশ্ৰম জৰিত থকা কামখিনি কৰাটো তেওঁলোকে বিচাৰে।” ভাৰতীয়ই আটাইতকৈ হাড়ভঙা আৰু কোনেও কৰিব নোখোজা কামখিনি তাত কৰে, অধ্যক্ষ চৰকাৰে এই কামক “৩ ডি কাম বুলি কয়, ডাৰ্টি - ডেঞ্জাৰাচ - ডিমিনিং। এই লেতেৰা, বিপজ্জনক আৰু হীন প্ৰতিপন্ন হোৱা কামখিনি স্থানীয় লোকে কৰিব নিবিচাৰে।”
এই কাম বিচাৰি থকাৰ সময়ত এটা কথা সিঙে লক্ষ্য কৰিছিল। তীখাৰ কাৰখানা এটাৰ আটাইকেইটা শাখাতে নিৰ্দেশনাবোৰ পৰ্টুগীজৰ লগতে পাঞ্জাৱী ভাষাত লিখা আছে। “আনকি চুক্তিপত্ৰখনতো পাঞ্জাৱীত অনুবাদ থাকে। তথাপি আমি তেওঁলোকৰ ওচৰলৈ গৈ পোনপটীয়াকৈ কাম বিচাৰিলে তেওঁলোকৰ উত্তৰ একেটাই - ‘ইয়াত কাম নাই,’” সিঙে কয়।
নথিবিহীন প্ৰব্ৰজনকাৰী হোৱাৰ বাবে নিৰ্মাণখণ্ডত কাম এটা পাবলৈ তেওঁক সাত মাহ লাগিছিল।
“কোম্পানীবোৰে কৰ্মচাৰীৰ পৰা চুক্তিৰ কাগজৰ লগতে আগতীয়াকৈ পদত্যাগ পত্ৰ স্বাক্ষৰ কৰাই লয়। তেওঁলোকে মাহে ন্যুনতম মজুৰি ৯২০ ইউৰো দিয়ে যদিও কৰ্মচাৰীজনে কেতিয়া কামটো হেৰুৱাব, সেয়া কৰ্মচাৰীজনে কেতিয়াও গম নাপায়,” পদত্যাগ পত্ৰত স্বাক্ষৰ কৰি থোৱা সিঙে কয়। তেওঁ বসতিৰ ভিছাৰ বাবে আবেদন কৰি থৈছে আৰু আশা কৰে যে সেয়া বৈধ বিবেচিত হ’ব।
“ বছ হু তন আহি চপনা আহ কি ঘৰ বন জায়ে, চিষ্টাৰ দা ব্যাহ হৌ জে, তে ফেৰ ইথ্থে অপনে ডকুমেণ্টচ্ বনা কে ফেমিলি নু ভি বুলা লাইয়ে (এতিয়া সপোন এয়াই যে পাঞ্জাৱত ঘৰটো বনাম, ভনীজনীক বিয়া দিম আৰু মোৰ আবেদন বৈধ বুলি ঘোষিত হ’লে পৰিয়ালটোক ইয়ালৈ লৈ আহিম,” সিঙে ২০২৩ৰ নৱেম্বৰত কৈছিল।
সিঙে ২০২৪ৰ পৰা ঘৰলৈ টকা পঠিওৱা কৰিছে আৰু এতিয়া মাক-দেউতাকৰ সৈতে যোগাযোগ ৰাখিছে, ঘৰৰো কাম আৰম্ভ কৰিছে। ঘৰখনৰ ভেঁটিটো বনোৱাত তেওঁ পৰ্টুগালত কাম কৰাটোৱে যথেষ্ট অৰিহণা যোগাইছে।
অতিৰিক্ত সংবাদ যুগুতাইছে পৰ্টুগালৰ পৰা কৰণ ধীমানে
এই অনুসন্ধানমূলক প্ৰতিবেদন যুগুতোৱা হৈছিল মডাৰ্ণ শ্লেভাৰি গ্ৰাণ্ট আনভেইলড কাৰ্য্যসূচীৰ অধীনত জাৰ্নেলিজিম ফাণ্ডৰ পৃষ্ঠপোষকতাত ভাৰত আৰু পৰ্টুগালত এই প্ৰতিবেদন যুগুতোৱা হৈছিল।
অনুবাদ: পংকজ দাস