সুশীলাৰ পাঁচজনীয়া পৰিয়ালটো তেওঁলোকৰ সৰু জুপুৰিটোৰ বাৰাণ্ডাত বৰ আশাৰে তেওঁৰ ‘দৰমহা’ হোৱালৈ অপেক্ষা কৰি আছে৷ দুঘৰ মানুহৰ তাত ঘৰুৱা কাম-বন কৰি ৪৫ বৰ্ষীয়া সুশীলাই মাহে ৫,০০০ টকা উপাৰ্জন কৰে৷ দুপৰীয়া ২ বজাত সুশীলা আহি ঘৰ সোমাইছেহি৷ তেওঁৰ ঘৰ উত্তৰ প্ৰদেশৰ বাৰাণসীৰ কাশী বিদ্যাপীঠ ব্লকৰ অন্তৰ্গত আমাৰাত৷

সুশীলাৰ ২৪ বৰ্ষীয় পুত্ৰ বিনোদ কুমাৰ ভাৰতীয়ে কয়, ‘‘মায়ে দুঘৰত বাচন-বৰ্তন ধুই আৰু ঘৰ মচি মাহে ৫,০০০ টকা উপাৰ্জন কৰে৷ তেওঁ প্ৰতি মাহৰ এক তাৰিখে দৰমহা পায়৷ দেউতাই ৱায়াৰিঙৰ কাম কৰে, দিন ভাল হ’লে কোনো ইলেক্ট্ৰিচিয়ানৰ তলত কাম কৰাৰ সুযোগ পায়৷ অন্যথা আমাৰ বাবে স্থিৰ উপাৰ্জনৰ কোনো ব্যৱস্থা নাই৷ মই শ্ৰমিক হিচাপে কাম কৰো৷ আমি আটাইকেইজনে মিলি মাহত ১০ৰ পৰা ১২ হাজাৰ টকালৈ উপাৰ্জন কৰো৷ গতিকে বাজেটত ১২ লাখ টকা পৰ্যন্ত কৰ ৰেহাইৰ ঘোষণা আমাৰ বাবে অপ্ৰাসংগিক৷’’

‘‘আমি কিছু বছৰ আগলৈ মনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতি আইন, ২০০৫)ৰ অধীনত কাম কৰিছিলো৷ কিন্তু এতিয়া তেওঁলোকে কোনো কাম নাই বুলি জনাইছে’’, সুশীলাই তেওঁৰ ২০২১ চন পৰ্যন্ত কামৰ প্ৰৱিষ্টি অন্তৰ্ভুক্ত হোৱা কাৰ্ডখন দেখুৱাই এইদৰে কয়৷ এতিয়া এই আটাইবোৰ ডিজিটেল হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লোকসভা সমষ্টি এয়া।

PHOTO • Jigyasa Mishra
PHOTO • Jigyasa Mishra

বাঁওফালে: পুত্ৰ বিনোদ কুমাৰ ভাৰতীৰ সৈতে সুশীলা৷ সোঁফালে: উত্তৰ প্ৰদেশৰ আমাৰাচ’ক গাঁৱৰ বাসিন্দা পুজা তেওঁৰ চুবুৰীয়া৷ ‘যদি মই চৰকাৰৰ ভৰসাত থাকো তেন্তে দিনৰ দুসাজো পেটভৰাই খাবলৈ নাপাম’, পুজাই এইদৰে কয়

PHOTO • Jigyasa Mishra

মনৰেগা কাৰ্ডৰ সৈতে সুশীলা৷ ২০২১ চনৰ পৰা সুশীলাই এই আঁচনিৰ অধীনত কোনো কাম পোৱা নাই

সুশীলাৰ ৫০ বৰ্ষীয় গিৰিয়েক ছাতৰুৱে কোৱা মতে বিগত দুবছৰ ধৰি তেওঁলোকে মনৰেগা আঁচনিৰ অধীনত ৩০ দিনৰ কামো ভালদৰে লাভ কৰা নাই৷ ‘‘যেতিয়া আমি প্ৰধানক কৰ্মদিন বৃদ্ধিৰ বাবে অনুৰোধ কৰিছিলো, তেওঁ আমাক ব্লক অফিছলৈ গৈ অনুৰোধ কৰিবলৈ কৈছিল৷’’

আমাৰাচ’ক গাঁৱত থকা সুশীলাৰ জুপুৰিটোত ছাতৰুৰ আন দুজৰ ভায়েকৰ পৰিয়ালো থাকে৷ সেই জুপুৰীটোত ১২ জন লোকৰ এটা যৌথ পৰিয়ালে বাস কৰে৷

‘‘২০২৩ চনত এনৰেগাৰ অধীনত কাম কৰা ৩৫ দিনৰ মাননিৰ বাবে মই এতিয়াও অপেক্ষা কৰি আছো’’, ৪২ বৰ্ষীয় বিধৱা পুজাই এইদৰে কয়৷ ‘‘মোৰ স্বামী যোৱা মাহত ঢুকাইছে৷ মোৰ তিনিজন ল’ৰা আৰু ঘৰ চলাবলৈ কোনো আৰ্থিক সাহায্যও নাই’’, তেওঁ এইদৰে কয়৷ ‘‘ছুকৰ হে আছপাছ কল’নী মে ঘৰ কা কাম মিল জাতা হে [ভাগ্য ভাল যে কাষৰ কল’নীটোত ঘৰুৱা সহায়িকাৰ কাম কৰিবলৈ পাঁও], তেওঁ এইদৰে কয়৷ ‘‘ৱৰ্না চৰকাৰ কে ভাৰোচে তো হাম দো ৱক্ত কা খানা ভি নহী খা পাতে  [অন্যথা চৰকাৰৰ ভৰসাত থাকিলে দিনটোৰ দুসাজো পেট ভৰাই খাবলৈ নাপালোহেঁতেন]৷’’

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Jigyasa Mishra

جِگیاسا مشرا اترپردیش کے چترکوٹ میں مقیم ایک آزاد صحافی ہیں۔ وہ بنیادی طور سے دیہی امور، فن و ثقافت پر مبنی رپورٹنگ کرتی ہیں۔

کے ذریعہ دیگر اسٹوریز Jigyasa Mishra

پی سائی ناتھ ’پیپلز آرکائیو آف رورل انڈیا‘ کے بانی ایڈیٹر ہیں۔ وہ کئی دہائیوں تک دیہی ہندوستان کے رپورٹر رہے اور Everybody Loves a Good Drought اور The Last Heroes: Foot Soldiers of Indian Freedom کے مصنف ہیں۔

کے ذریعہ دیگر اسٹوریز پی۔ سائی ناتھ
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

کے ذریعہ دیگر اسٹوریز Manoranjan Majumder