চন্দ্ৰপুৰৰ উপকণ্ঠ অঞ্চল, চাৰিওফালে গুল্মজাতীয় শুষ্ক ঘন অৰণ্য। তাৰ মাজতে এফালে ২৯২৯ মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প, আনফালে শাৰী শাৰী কয়লা-শোধানাগাৰ। তাৰে ছাঁই-ধূলিৰ বাধা নেওচি গাওঁখনৰ ব্যস্ত চ’কটোত এখন গাড়ী আহি ৰ’ল। গাড়ীখন মডিফাই কৰা মহিন্দা কোম্পানীৰ মালবাহী গাড়ী, নম্বৰ MH34AB6880।

গাড়ীখনৰ দুয়োকাষ ৰঙীন আৰু চকুত লগা পোষ্টাৰ, শ্লোগান আৰু ফটোৰে ভৰি আছে। ২০২৩ৰ অক্টোবৰৰ আৰম্ভণিৰ ভাগৰ দেওবাৰটোত তেনেকুৱা গাড়ী এখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাটো স্বাভাৱিক। ডেকা-বুঢ়া সকলোৱে কিনো আহিছে চাবলৈ তালৈ ঢাপলি মেলিছে।

গাড়ীখনৰ পৰা নামিল ভিত্থাল বদখল নামৰ চৰ্চিত লোকজন। লগত তেওঁৰ এজন চালক আৰু সহায়ক। সপ্ততিপৰ লোকজনৰ এহাতে মাইক্ৰ’ফোন, আনখন হাতত মুগা বৰণৰ এখন ডায়েৰী। পিন্ধনত বগা ধুতি-কুৰ্তা, মুৰত এটা নেহৰু টুপি। তেওঁ মাইক্ৰ’ফোনত সমবেত মানুহখিনিক উদ্দ্যেশী ক’বলৈ ধৰিলে, গাড়ীখনৰ আগফালে লগোৱা মাইকেৰে তেওঁৰ দূৰ-দুৰণিলৈ শব্দ বিয়পি পৰিল।

তেওঁ গাওঁখনলৈ অহাৰ উদ্দেশ্য প্ৰথমে ব্যাখ্যা কৰিলে। ঘাইকৈ কৃষিকৰ্ম কৰা আৰু আশে-পাশে কয়লা খনিত নাইবা সৰু সৰু উদ্যোগত দিনহাজিৰা কৰা ৫,০০০ জনসংখ্যাৰ এই গাওঁখনৰ চুকে-কোণে তেওঁৰ মাত বিয়পি পৰে। তেওঁ পাঁচ মিনিটৰ বাবে ভাষণ দিয়ে আৰু দুজন বয়সস্থ গঞাই তেওঁক হাঁহিৰে সম্ভাষণ জনাই কয়:

আৰে মামা , নমস্কাৰ , য়া বচা (সম্ভাষণ মামা, নমস্কাৰ জনাইছো! অনুগ্ৰহ কৰি ইয়াতে বহক,” ৬৫ বৰ্ষীয় খেতিয়ক, গাঁৱৰ চ’কটোত সৰুকৈ শাক-পাচলিৰ দোকান এখন দিয়া হেমৰাজ মহাদেৱ দিৱসে আগবাঢ়ি আহে।

নমস্কাৰ জী ,” বদখল মামাই দুহাত জোৰ কৰি প্ৰতি সম্ভাষণ জনায়।

Vitthal Badkhal on a campaign trail in Chandrapur in October 2023. He is fondly known as ‘Dukkarwale mama ’ – ran-dukkar in Marathi means wild-boar. He has started a relentless crusade against the widespread menace on farms of wild animals, particularly wild boars. His mission is to make the government acknowledge the problem, compensate and resolve it.
PHOTO • Sudarshan Sakharkar
Hemraj Mahadev Diwase is a farmer who also runs a grocery shop in Tadali village. He says the menace of the wild animals on farms in the area is causing losses
PHOTO • Sudarshan Sakharkar

বাওঁফালে : ভিত্থাল বদখল , ২০২৩ৰ অক্টোবৰত এক অভিযানৰ সময়ত তেওঁক মানুহে জনপ্ৰিয়ভাৱে দুক্কাৰৱালে মামা বুলি মাতে ৰন - দুক্কাৰ মানে মাৰাঠীত বনৰীয়া গাহৰি বন্যপ্ৰাণীয়ে , বিশেষকৈ বনৰীয়া গাহৰিয়ে খেতিপথাৰত চলোৱা উপদ্ৰৱৰ বিৰুদ্ধে তেওঁ নিৰৱচ্ছিন্নভাৱে যুঁজি আহিছে তেওঁৰ লক্ষ্য হৈছে চৰকাৰে এই সমস্যাটো বুজক , সমস্যাটোক স্বীকৃতি আৰু ক্ষতিপূৰণ দিয়াৰ লগতে তাৰ সমাধানৰ বাট দেখুৱাওক সোঁফালে : তড়ালি গাঁৱত শাক - পাচলিৰ দোকান চলোৱা খেতিয়ক হেমৰাজ মহাদেৱ দিৱসে বন্যপ্ৰাণীৰ উপদ্ৰৱৰ ফলত গাঁৱৰ খেতি - বাতিৰ লোকচান বাঢ়িছে

গাঁৱৰ মানুহৰ ভীৰৰ মাজেৰে তেওঁ দোকানখনলৈ আগবাঢ়ি আহে। তাৰপিছত গৈ প্লাষ্টিকৰ চকী এখনত দোকানৰ ফালে পিঠি দি চকটোৰ ফালে মুখ কৰি বহে। দিৱসে তেওঁৰ কাষত আহি বহে।

কোমল কপাহী টাৱেল এখনেৰে মুখৰ ঘামখিনি মচি ‘মামা’য়ে মানুহৰ ফালে মুখ কৰি বহি মানুহখিনিক তেওঁৰ সন্মুখত বহিবলৈ আহ্বান জনায়। এতিয়া চলিব ২০ মিনিটমানৰ এখন কৰ্মশালা।

কৰ্মাশালা আৰম্ভ হ’ল - বদখলে বনৰীয়া জীৱ-জন্তুৱে খেতি নষ্ট কৰিলে ক্ষতিপূৰণ কেনেকৈ আদায় কৰিব লাগিব, সেয়া পুংখানুপুংখকৈ বুজাই দিলে। বন্যজীৱৰ উৎপাত, সাপে কামোৰাৰ ঘটনা যে বাঢ়িছে, বাঘৰ আক্ৰমণত মানুহৰ মৃত্যু আদি বিভিন্ন আলোচনা চলিল। ক্লান্তিকৰ আৰু লেহেমীয়া প্ৰক্ৰিয়া নিৰহ-নিপানিকৈ তেওঁক আগুৰি ধৰা গাঁৱৰ মানুহখিনিক বুজাই দিলে। বিজুলী ঢেৰেকনি দি থকা বাৰিষা বতৰত পথাৰত কাম কৰাৰ সময়ত ঢেৰেকনিৰ পৰা বাচি থকাৰ বাবে তেওঁলোকে কি ব্যৱস্থা লোৱা উচিত, সেই বিষয়েও তেওঁ কয়।

“বনৰীয়া জীৱ-জন্তু, বাঘ-ঘোং, সাপ আদিয়ে আমাক অশান্তি দিয়ে, বিজুলী ঢেৰেকনি পৰে - এনে বিভিন্ন সমস্যাৰে আমি ভাৰাক্ৰান্ত। কিন্তু চৰকাৰক আমাৰ কথা শুনাম কেনেকৈ?” বদখলে চস্তে মাৰাঠীত ক’বলৈ ধৰিছে। তেওঁৰ মাতটো ক্ৰমান্বয়ে ক্ষুৰধাৰ হৈ আহিছে, দৰ্শক মোহাচ্ছন্ন হৈ শুনিছে। “আমি নিজে দৰবাৰত টোকৰ নামাৰিলে চৰকাৰ বাহাদুৰ সাৰ পাব কেনেকৈ?”

নিজৰ প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁ চন্দ্ৰপুৰৰ গাঁৱে গাঁৱে গৈ সজাগতা সৃষ্টি কৰে, কৃষকক বুজায় কেনেদৰে বন্য জীৱ-জন্তুৰ পৰা ক্ষতি হোৱা শস্যৰ ক্ষতিপূৰণ চৰকাৰৰ ওচৰত দাবী জনাই আদায় কৰিব লাগে।

ভদ্ৰাৱতি চহৰত অচিৰেই কৃষকৰ এটা মিচিল ওলাব। “আপোনালোক আটায়ে তাত থাকিব লাগিব,” তেওঁ দ্বিতীয়খন গাঁৱলৈ আগবঢ়াৰ আগেয়ে গাঁৱৰ গঞা ৰাইজক আহ্বান জনায়।

*****

কম বয়সীয়া ছাত্ৰ-ছাত্ৰীয়ে তেওঁক গুৰুজী বুলি মাতে। সমৰ্থকে তেওঁক মামা বোলে। নিজৰ সম্প্ৰদায়ৰ মাজত তেওঁক মানুহে ‘দুক্কাৰৱালে মামা’ বুলি মাতে। ৰান-দুক্কাৰ মানে মাৰাঠীত বনৰীয়া গাহৰি। বনৰীয়া জীৱ-জন্তু, বিশেষকৈ বন গাহৰিৰ পৰা খেতিপথাৰ বচোৱাৰ ক্ষেত্ৰত তেওঁ কৰি অহা নিৰন্তৰ কামৰ বাবে তেওঁক মানুহে সেই নাম দিছে। তেওঁ বিচাৰে যে চৰকাৰে এই সমস্যাবিধক স্বীকৃতি দিয়ক আৰু ক্ষতিপূৰণৰ ব্যৱস্থা কৰক, লগতে সমস্যা সমাধানৰ বাট উলিয়াওক।

Women farmers from Tadali village speak about their fear while working on farms which are frequented by wild animals including tigers.
PHOTO • Sudarshan Sakharkar
Vitthal Badkhal listens intently to farmers
PHOTO • Sudarshan Sakharkar

বাওঁফালে: তড়ালি গাঁৱৰ মহিলা কৃষকে পথাৰত কাম কৰাৰ সময়ত বাঘকে ধৰি বনৰীয়া জীৱ-জন্তুৰ পৰা ভয়ে ভয়ে থাকিব লাগে বুলি কয়। সোঁফালে: ভিত্থাল বদখলে খেতিয়কৰ কথা মন দি শুনিছে

বদখল এনে এজন অকলশৰে এক অভিযান চলাই যোৱা ব্যক্তি, যিয়ে শস্যৰ ক্ষতিৰ বাবদ ক্ষতিপূৰণ বিচৰা, খেতিপথাৰ নিৰীক্ষণৰ পৰা আৰম্ভ কৰি প্ৰপত্ৰ দাখিল কৰালৈকে কেনেকৈ বিৰক্তিকৰ প্ৰক্ৰিয়াৰে ক্ষতিপূৰণ দাবী কৰিব লাগে, সেইবিষয়ে খেতিয়কক সজাগ কৰে।

তেওঁৰ যুদ্ধক্ষেত্ৰৰ পৰিসৰ: তাড়োবা আন্ধাৰি ব্যাঘ্ৰ প্ৰকল্প আগুৰি থকা সমগ্ৰ চন্দ্ৰপুৰ জিলা।

‘আমি এই সমস্যাৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো,’ এই কথা কোৱাৰ কাৰণ আছে। সৰ্বপ্ৰথম এই মানুহজনৰ আন্দোলনৰ ফলতেই মহাৰাষ্ট্ৰ চৰকাৰে এই সমস্যাটোৰ অস্তিত্ব স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। “এয়া এক নতুন ধৰণৰ খৰাং,” মানুহে মুখে মুখে কয়। ২০০৩ বৰ্ষত ৰাজ্য চৰকাৰে এটি অধ্যাদেশ জাৰি কৰি বন্যপ্ৰাণীৰ পৰা হোৱা ফচল হানিৰ ক্ষতিপূৰণ স্বৰূপে নগদ ধন দিয়া আৰম্ভ কৰে। ভিত্থাল মামাই কয় যে তেওঁ যোৱা পাঁচ-ছয় বছৰ পিছত শিকি-বুজি মন বান্ধি মানুহক সজাগ কৰাত আৰু ঘনে ঘনে প্ৰতিবাদী কাৰ্য্যসূচী আয়োজন কৰাত লাগিল।

১৯৯৬ত ভদ্ৰাৱতীৰ আশে-পাশে কয়লা আৰু লোৰ খনি গঢ়ি উঠিবলৈ ধৰে। ৱেষ্টাৰ্ণ ক’লফিল্ড লিমিটেড নামে ক’ল ইণ্ডিয়া লিমিটেডৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ এটা সাহায্যপ্ৰাপ্ত মুক্ত কয়লা খনিৰ গ্ৰাসত পৰি তেওঁৰ গোটেই খেতিমাটি যায়। বদখল তেলৱাচা-ধোৰ্ৱাচা নামে যি দুখন জোৰা-গাঁৱৰ বাসিন্দা আছিল, দুয়োখন গাঁৱতেই কয়লা খনিৰ বেদখলত নিঃশেষ হৈ যায়।

তেতিয়াৰে পৰা খেতিপথাৰত জীৱ-জন্তুৰ আক্ৰমণ বাঢ়িছে। এনেদৰে অৰণ্যবোৰ পাতল হৈ পৰে, নতুন নতুন খনিৰ প্ৰকল্প আৰু নতুন নতুন তাপবিদ্যুৎ প্ৰকল্প সমগ্ৰ জিলাখনতে গঢ়ি উঠাৰ ফলত বন্যজীৱ আৰু মানুহৰ সংঘাত বাঢ়িছে, তেওঁ কয়।

পত্নি মান্দাতাইৰ সৈতে বদখলে ২০০২ চন মানত ভদ্ৰাৱতীলৈ আহে আৰু সমাজকৰ্মত মনোনিৱেশ কৰে। তেওঁ নিচা আৰু ভ্ৰষ্টাচাৰ বিৰোধী অভিযানতো জৰিত। তেওঁৰ দুই পুত্ৰ আৰু এজনী কন্যা সন্তান আছে আৰু আটাইকেইটাৰে বিয়া হৈছে। কেউটাই পিতৃৰ তুলনাত লোকচক্ষুৰ আঁৰতেই থকাটো পছন্দ কৰে।

জীৱিকাৰ বাবে মামাৰ এখন খাদ্য প্ৰক্ৰিয়াকৰণ পাম আছে - তেওঁ জলকীয়া, হালধি গুড়ি, জৈৱ গুড় আৰু মচলা-পাতি বিক্ৰী কৰে।

Badkhal with farmers in the TATR. He says, gradual changes over two or three decades in the quality of forests, an explosion of new mining projects all over the district and expansion of thermal power plants have cumulatively led to the aggravation of the wild-animal and human conflict
PHOTO • Sudarshan Sakharkar

তাড়োবা প্ৰকল্পত খেতিয়কৰ সৈতে বদখল। তেওঁ কয়, দুই-তিনিটা দশকত অৰণ্যবোৰৰ অৱক্ষয় ঘটিছে, জিলাখনত নতুন নতুন খনিৰ প্ৰকল্প আৰু তাপবিদ্যুৎ প্ৰকল্প গঢ়ি উঠাৰ ফলত বন্যজীৱ আৰু মানৱ সংঘাত বাঢ়িছে

সৰ্বভোজী জীৱ-জন্তু আৰু ম’হৰ আক্ৰমণত শস্য নষ্ট হোৱা আৰু মাংসভোজী প্ৰাণীৰ আক্ৰমণত মৃত্যু হোৱা মানুহৰ পৰিয়াললৈ চৰকাৰে দিয়া ক্ষতিপূৰণৰ বাজেট বঢ়োৱাৰ বাবে চন্দ্ৰপুৰ আৰু চুবুৰীয়া জিলাত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত বিগত বছৰবোৰত মামাই অক্লান্তভাৱে কাম কৰি আহিছে।

২০০৩ত যেতিয়া প্ৰথম চৰকাৰী অধ্যাদেশ জাৰি হৈছিল, তেতিয়া ক্ষতিপূৰণ আছিল কেইশমান টকা। এতিয়া এটা পৰিয়ালে বছৰত সৰ্বাধিক ২ হেক্টৰ মাটিৰ বাবদ প্ৰতি হেক্টৰত ২৫,০০০ টকা পায়। এয়া পৰ্যাপ্ত নহয়, কিন্তু ৰাজ্য চৰকাৰে ক্ষতিপূৰণ বঢ়োৱাটোৱেই সমস্যাটোক স্বীকৃতি দিয়াৰ এক প্ৰমাণ, বদখলে কয়। তেওঁ সেই ক্ষতিপূৰণ বছৰি প্ৰতি হেক্টৰত ৭০,০০০ কৰাৰ বাবে দাবী জনাইছে, “সেয়া উচিত পৰিমাণৰ ক্ষতিপূৰণ হ’ব।”

গৰু-ম’হ, শস্যৰ ক্ষতি আৰু ডাঙৰ মাংসহাৰী জীৱৰ আক্ৰমণত মানুহৰ মৃত্যু হোৱাৰ বাবদ ক্ষতিপূৰণৰ উদ্দেশ্যে মহাৰাষ্ট্ৰৰ বন বিভাগে বছৰি ৮০ৰ পৰা ১০০ কোটি টকা নিৰ্ধাৰণ কৰিছিল, তেতিয়াৰ বনৰ প্ৰধান মূখ্য সংৰক্ষক (বন বলৰ প্ৰধান) সুনীল লিমায়ে ২০২২ৰ মাৰ্চত পাৰিক কৈছিল।

“সেয়া কণা হাঁহক পতান দিয়াৰ লেখীয়া,” মামাই কয়। “ভদ্ৰাৱতীৰ মানুহে (তেওঁৰ নিজৰ টেহচিল) বাৰ্ষিক ২ কোটি টকাৰ ক্ষতিপূৰণ অকলেই পায়, কিয়নো তাৰ মানুহখিনি আনতকৈ সজাগ আৰু এই বিষয়ত প্ৰশিক্ষিত,” তেওঁ কয়। “আন ক’তো এই সমস্যাই বিশেষ দৃষ্টি আকৰ্ষণ লাভ কৰিবপৰা নাই,” তেওঁ কয়।

“মই যোৱা ২৫ বছৰ ধৰি এই কাম কৰি আহিছো,” মানুহগৰাকীয়ে চন্দ্ৰপুৰ জিলাৰ ভদ্ৰাৱতি চহৰৰ নিজ ঘৰত গাঁৱলীয়া মানুহৰ ৰসিকতাৰে আমাক কথাখিনি কয়। “মই আজীৱন এই কামটো কৰি যাম।”

আজি বদখল মামাক গোটেই মহাৰাষ্ট্ৰই বিচাৰে।

Badkhal mama is in demand all over Maharashtra. 'I’ve been doing it for 25 years... I will do it for the rest of my life,' says the crusader from Bhadravati town in Chandrapur district
PHOTO • Jaideep Hardikar

বদখল মামাক গোটেই মহাৰাষ্ট্ৰতে খেতিয়কে বিচাৰে। ‘এয়া মই যোৱা ২৫ বছৰ ধৰি কৰি আহিছো, আজীৱন কৰি যাম,’ চন্দ্ৰপুৰ জিলাৰ ভদ্ৰাৱতী চহৰৰ এই কৰ্মযোদ্ধাজনে কয়

মহাৰাষ্ট্ৰ চৰকাৰে ক্ষতিপূৰণৰ পৰিমাণ বঢ়াইছে। এয়া সমস্যাটো যে চৰকাৰে স্বীকৃতি দিছে, তাৰ প্ৰমাণ - বদখলে কয়। কিন্তু ৰাজ্যখনৰ বহু খেতিয়কে ক্ষতিপূৰণৰ দাবী কেনেকৈ কৰে, নাজানে। মামাই ক্ষতিপূৰণৰ পৰিমাণ বঢ়োৱাৰ বাবে দাবী জনাইছে

*****

২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ বৰকৈ বতাহ বলি থকা শীতৰ দিনত ব্যাঘ্ৰ প্ৰকল্পটোৰ পশ্চিমে থকা ভদ্ৰাৱতী টেহচিলৰ ওচৰৰ গাঁৱত টহল দি ফুৰা সময়ত পাৰিয়ে তেওঁক সাক্ষাৎ কৰিছিল। সেই সময়ত বেছিভাগ কৃষকে ৰবি শস্য চপাইছিল।

চাৰি-পাঁচখন গাঁও ভ্ৰমণ কৰিলেই জানিব পাৰি যে কেনেদৰে বন্য়প্ৰাণীয়ে শস্য নষ্ট কৰাৰ ফলত মাটিৰ মালিকানা আৰু জাতি-ধৰ্ম নিৰ্বিশেষে সকলো কৃষক হাৰাশাস্তিত ভুগিছে আৰু তেওঁলোক নিৰাশাগ্ৰস্ত হৈ পৰিছে।

“এয়া চাওক” সেউজীয়া বুটমাহৰ শস্যৰে ভৰা পথাৰৰ সোঁমাজত থিয় হৈ এজন কৃষকে কয়। “চপাবলৈ কি বাকী থাকিল?” শস্যখিনি আগনিশা বনৰীয়া গাহৰিয়ে খাই পেলাইছিল। হতাশ হৈ পৰা কৃষকজনে কয়, যোৱা নিশা এইখিনি খালে। আজি ৰাতি সিহঁত আকৌ আহিব, আৰু অৱশিষ্ট শস্যখিনি খাই খেতিখন তহিলং কৰিব। “মই কি কৰিম মামা?” তেওঁ চিন্তিত হৈ প্ৰশ্ন কৰে।

বদখলে খেতিপথাৰৰ লোকচানৰ হিচাপ কৰি বিস্মিত হৈ মূৰ জোকাৰি তাৰ উত্তৰ দিয়ে: “মই কেমেৰা লৈ এজন লোকক পঠাম; তেওঁক ফটো আৰু ভিডিঅ’ তুলিবলৈ দিব। তেওঁ আপোনাক এখন আবেদন পত্ৰ পূৰণ কৰি স্বাক্ষৰ কৰিবলৈ দিব। সেইখিনি আমি স্থানীয় বনাঞ্চলিক বিষয়াৰ ওচৰত ক্ষতিপূৰণৰ বাবে দাখিল কৰিব লাগিব।”

Manjula helps farmers with the paperwork necessary to file claims. Through the year, and mostly during winters, she travels on her Scooty (gearless bike) from her village Gaurala covering about 150 villages to help farmers with documentation to apply for and claim compensation.
PHOTO • Jaideep Hardikar
Vitthal Badkhal visiting a farm
PHOTO • Jaideep Hardikar

বাওঁফালে: ক্ষতিপূৰণৰ বাবে দাখিল কৰিবলগীয়া প্ৰয়োজনীয় কাগজ-পত্ৰ পূৰণত কৃষকক মঞ্জুলাই সহায় কৰে। গোটেই বছৰটোত, বিশেষকৈ শীতকালত তেওঁ নিজৰ গাঁও গৌৰালাৰ পৰা প্ৰায় ১৫০খন গাঁও সামৰি নিজৰ স্কুটিত ঘূৰি ফুৰি কৃষকসকলক ক্ষতিপূৰণৰ বাবে আবেদন কৰিবলৈ সহায় কৰে। সোঁফালে: এখন খেতিপথাৰ পৰিদৰ্শন কৰি থকা ভিত্থাল বদখল

এই ফটো তোলা আৰু নথি-পত্ৰৰ কাম কৰিবলৈ অহা ব্যক্তিজন হৈছে গৌৰালা গাঁৱৰ ৩৫ বছৰীয়া মঞ্জুলা বদখল নামৰ ভূমিহীন মহিলা। তেওঁ এটা ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগ চলায় আৰু খেতিয়কক এনেদৰে সহায় কৰি ভাল পায়।

গোটেই বছৰটো, ঘাইকৈ শীতকালত তেওঁ এনেদৰে নিজৰ স্কুটি (গিয়েৰ নথকা বাইক)খন লৈ প্ৰায় ১৫০ খন গাওঁ ঘূৰি ক্ষতিপূৰণ দাবীৰ বাবে নথি-পত্ৰ দাখিলত কৃষকক সহায় কৰে।

“মই ফটো তোলো, প্ৰপত্ৰবোৰ পূৰণ কৰি দিওঁ, প্ৰয়োজন সাপেক্ষে হলফনামা (এফিডএভিট) প্ৰস্তুত কৰি দিও আৰু খেতিত ভাগ থকা পৰিয়ালৰ সদস্যৰ সন্মতি লওঁ,” মঞ্জুলাই পাৰিক কয়।

কিমানজন খেতিয়কক এনেদৰে বছৰটোত সহায় কৰিব পাৰে?

“আপুনি যদি এখন গাঁৱৰ ১০ জনো খেতিয়ক ধৰে, তেনেহ’লে প্ৰায় ১,৫০০ মান হ’ব,” তেওঁ কয়। নিজে কৰা কামটোৰ বাবদ তেওঁ প্ৰতিজন কৃষকৰ পৰা তেওঁ ৩০০ টকা মাননি লয়, তাৰে ২০০ টকা যাতায়াত, ফটোষ্টেট আৰু খুচুৰা ইটো-সিটো খৰছৰ বাবে। আন ১০০ টকা তেওঁৰ যিখিনি কষ্টৰ বাবদ আৰু খেতিয়কে হাঁহিমুখে তেওঁক সিমানখিনি মাননি দিয়ে।

The 72-year-old activist resting at Gopal Bonde’s home in Chiprala, talking to him (left) and his family about filing claims
PHOTO • Jaideep Hardikar

চিপৰালাত গোপাল বোণ্ডেৰ ঘৰত সামান্য জিৰোৱা ৭২ বৰ্ষীয় সমাজকৰ্মীগৰাকী, গোপাল (সোঁফালে)ৰ পৰিয়ালৰ সৈতে তেওঁ ক্ষতিপূৰণৰ বাবে কিদৰে প্ৰপত্ৰ পূৰণ কৰিব লাগে, সেই কথা পাতিছে

মামাই খেতিয়কলৈ পৰামৰ্শ আগবঢ়াই গৈছে। তেওঁ খেতিয়কক বিষয়া আহি খেতিয়কৰ দাবীৰ সত্যাপনৰ বাবে পঞ্চনামা (ক্ষেত্ৰ পৰিদৰ্শন) নকৰালৈকে অপেক্ষা কৰিবলৈ কৈছে। এজন তালাথি, বনৰক্ষী আৰু কৃষি সহায়কে আহি খেতি পৰিদৰ্শন কৰিবহি, তেওঁ কয়। “বনৰক্ষীগৰাকীয়ে খেতিমাটি জুখিব। কৃষি সহায়কজনে ক্ষতিগ্ৰস্ত হোৱা শস্যৰ পৰিমাণ জুখিব আৰু বনৰক্ষীজনে জানিব কি জন্তুৱে শস্য নষ্ট কৰিছে,” তেওঁ বুজাই কয়। এয়াই নিয়ম, তেওঁ কয়।

“তুমি নিজৰ প্ৰাপ্যখিনি পাবা। নাপালে আমি তাৰ হকে যুঁজিম,” বদখলে অগ্নিগৰ্ভ কণ্ঠেৰে কৃষকসকলক উদ্দেশ্যী কয়। এনেদৰে বদখল মামাই কোৱা কথাই কৃষকৰ হতাশা দুৰ কৰাই নহয়, তেওঁলোকক সান্তনা আৰু নৈতিক সমৰ্থনো যোগায়।

“চৰকাৰী মানুহ যদি স্থান পৰিদৰ্শন কৰিবলৈ নাহে, তেতিয়া?” কৃষকে চিন্তিত হৈ প্ৰশ্ন কৰে।

বদখলে বৰ ধৈৰ্য্য সহকাৰে বুজাই কয়: ঘটনাটো ঘটাৰ ৪৮ ঘণ্টাৰ ভিতৰত আবেদন দাখিল কৰিব লাগিব, তাৰ পিছত অভিযোগ দাখিল কৰিব লাগিব, আৰু দলটোৱে সাত দিনৰ ভিতৰত আপোনাৰ খেতিপথাৰলৈ যাব লাগিব, আৰু তেওঁলোকৰ পৰিদৰ্শনৰ ১০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব। কৃষকজনে ৩০ দিনৰ ভিতৰত ক্ষতিপূৰণ লাভ কৰিব লাগিব বুলি তেওঁ কয়।

“যদি আপুনি আবেদন দাখিলৰ ৩০ দিনৰ ভিতৰত তেওঁলোক নাহে, তেন্তে আইনে কয় যে আমাৰ স্থান পৰিদৰ্শন আৰু ফটোসমূহ বিভাগে প্ৰমাণ হিচাপে গ্ৰহণ কৰিব লাগিব,” বদখলে তেওঁক বুজাই দিয়ে।

“মামা, মায়ি ভিষ্ট তুমচ্যাভৰ হ্যায় (চাওক মামা, মোৰ ভাগ্য আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিছে),” দুহাত যোৰ কৰি খেতিয়কজনে কয়। মামাই তেওঁৰ পিঠিত হাত ফুৰাই কান্ধত ধৰি আশ্বাস দিয়ে, “চিন্তা নকৰিবা।”

তেওঁৰ দলটোৱে প্ৰথমবাৰ সকলো কৰি দিব, কিন্তু দ্বিতীয়বাৰ কৃষকজনে নিজেই সকলো শিকি লৈ কৰিব লাগিব বুলিও তেওঁ কৈ দিয়ে।

Vitthal Badkhal inspecting the farm of one of his close volunteers, Gopal Bonde in Chiprala village of Bhadravati tehsil , close to the buffer area of the TATR. The farm is set for rabi or winter crop, and already wild animals have announced their arrival on his farm
PHOTO • Jaideep Hardikar

ভিত্থাল বদখলে তেওঁৰ ঘনিষ্ঠ স্বেচ্ছাসেৱক ব্যাঘ্ৰ অভয়াৰণ্যখনৰ বাফাৰ মণ্ডলৰ কাষতে থকা ভদ্ৰাৱতী টেহচিলৰ অন্তৰ্গত চিপৰালা গাঁৱৰ গোপাল বোণ্ডেৰ খেতিপথাৰ মামাই পৰিদৰ্শন কৰিছে। ৰবি শস্যৰ বাবে পথাৰখন সাজু হৈছে, কিন্তু ইতিমধ্যে তেওঁৰ খেতিপথাৰত বন্য জীৱৰ উপস্থিতি দেখা গৈছে

এই স্থান সাক্ষাতৰ উপৰিও মামাই হঠাতে অভিযানৰ মাজত কৰ্মশালাও পাতে। ক্ষতিপূৰণ দাবীৰ বাবে প্ৰপত্ৰৰ টেম্পলেটো তেওঁ গাঁৱৰ খেতিয়কৰ মাজত বিতৰণ কৰে।

“এই পুস্তিকাবোৰ ভালকৈ পঢ়িবা,” তেওঁ ২০২৩ৰ অক্টোবৰত তড়ালি গাঁৱত অভিযানৰ সময়ত গাঁৱৰ মানুহৰ মাজত পুস্তিকা বিতৰণ কৰি থকাৰ সময়ত তেওঁ কয়।

“এতিয়াই সোধক, কিবা যদি বুজাত অসুবিধা হৈছে, মই বুজাই কম।” তেওঁ বিলোৱা পুস্তিকাবোৰ তেনেই সহজ মাৰাঠী ভাষাত লিখা আছে। ব্যক্তিগত বিৱৰণ, মাটিৰ পৰিমাণ, শস্যৰ প্ৰকাৰ আদি লিখাৰ বাবে তাত ঘাই আছে।

“এই ফৰ্মখনৰ লগতে আপুনি আপোনাৰ ৭/১২ সাত-বাৰা মাটিৰ ৰেকৰ্ড, আধাৰ কাৰ্ড, বেংকৰ বিৱৰণ আৰু বন্যপ্ৰাণীয়ে নষ্ট কৰা খেতি দৰ্শোৱা স্পষ্ট ফটো দিব লাগিব,” বদখলে কয়। “আপুনি কোনো ধৰণৰ ক্ৰুটি নথকাকৈ ফৰ্মখন পূৰণ কৰিব লাগিব আৰু লাগিলে বছৰটোত যিমানবাৰেই নালাগক কিয়, কৰিব লাগিব,” তেওঁ জোৰ দি কয়। “কষ্ট নকৰিলে ফল নাপায়,” তেওঁ কয়।

চৰকাৰে ক্ষতিপূৰণ দিবলৈ এটা বছৰ পৰ্যন্ত সময় লগাব পাৰে, যদিওবা আইনে কয় যে ক্ষতিপূৰণ ৩০ দিনৰ ভিতৰত খেতিয়কৰ খাটাত সোমাব লাগে। “আগতে বিষয়াই এই কামৰ বাবে পইচা দাবী কৰিছিল, এতিয়া আমি বেংকযোগে পোনপটীয়াকৈ ধনৰাশি স্থানান্তৰত জোৰ দিও,” তেওঁ কয়।

Badkhal at his home in Bhadravati tehsil of Chandrapur district
PHOTO • Jaideep Hardikar

চন্দ্ৰপুৰ জিলাৰ ভদ্ৰাৱতী টেহচিলৰ নিজ ঘৰত বদখল

বন্যপ্ৰাণীয়ে শস্যপথাৰ তহিলং কৰাটো প্ৰতিৰোধ কৰিবলৈ বৃহৎ কোনো সমাধান সম্ভৱ নহয়, খেতিয়কক লোকচানৰ ক্ষতিপূৰণ দিওৱাটোৱে এতিয়া উপলব্ধ ব্যৱস্থা। খেতিৰ লোকচান হিচাপ কৰাৰ পৰা আৰম্ভ কৰি প্ৰচলিত আইন অনুসাৰে ক্ষতিপূৰণ লাভৰ বাবে আবেদন দাখিলৰ দীঘলীয়া কষ্টকৰ প্ৰক্ৰিয়াৰ ফলত বহুতেই আধাতে হাৰ মানে।

কিন্তু বদখলে কয়, “কৰিব লাগে যদি কৰিবই লাগিব।” তেওঁৰ দৃঢ় বিশ্বাস যে মানুহৰ এই অজ্ঞতা দূৰ কৰি সচেতন কৰি তোলাৰ এয়াই একমাত্ৰ উপায়।

মামাৰ ফোনটো অনবৰতে বাজিয়েই থাকে। বিদৰ্ভ অঞ্চলৰ চুক-কোণৰ পৰা তেওঁলৈ ফোন আহে। কেতিয়াবা মহাৰাষ্ট্ৰৰ আন আন অংশৰ পৰাও তেওঁলৈ ফোন আহে, কেতিয়াবা আন ৰাজ্যৰ পৰাও আহে।

সঠিক লোকচানৰ পৰিমাণ হিচাপ কৰাটো সমস্যা। কেতিয়াবা পৰিদৰ্শনলৈ চৰকাৰী মানুহ আহিলেও সঠিক হিচাপ নোলায়গৈ। এই ধৰক “আপুনি কি কৰিব যেতিয়া বনৰীয়া জীৱ-জন্তুই কপাহ বা ছয়াবিনবোৰ খাই পেলায়, কিন্তু গছবোৰ নাভাঙে?” বন বিভাগৰ কৰ্মীয়ে আহি দেখে যে গছবোৰ ঠিকেই আছে আৰু অফিছলৈ গৈ প্ৰতিবেদন লিখে যে একো লোকচান হোৱা নাই, য’ত নেকি খেতিয়কজনৰ ভালেখিনি লোকচান ইতিমধ্যে হৈছে।

“ক্ষতিপূৰণৰ আইনবোৰ কৃষকৰ পক্ষত সংশোধিত হ’ব লাগিব,” বদখলে দাবী জনায়।

*****

২০২২ৰ ফেব্ৰুৱাৰীৰ পৰা এইজন প্ৰতিবেদকে বদখলক ব্যাঘ্ৰ প্ৰকল্পটোৰ আশে-পাশে থকা ধূলিয়ৰী গাওঁবোৰত তেওঁৰ যাত্ৰাৰ সময়ত ভালেকেইবাৰ লগ পাইছে।

অভিযানৰ সময়ত তেওঁক সহৃদয় দাতা, শুভাকাংক্ষী, খেতিয়ক আদিয়ে সহায় আগবঢ়ায়। তেওঁৰ অভিযানবোৰ আৰম্ভ হয় পুৱা ৭ বজাত আৰু সন্ধিয়া ৭ বজাত সমাপ্ত হয়। এনেকৈ তেওঁ দিনটোত ৫ৰ পৰা ১০ খন গাওঁ সাক্ষাৎ কৰে।

Alongwith Badkhal on the campaign trail is a Mahindra vehicle in which he travels to the villages
PHOTO • Sudarshan Sakharkar

অভিযানৰ সংগী বদখলৰ মহিন্দ্ৰা বাহনখন, তেওঁ সেইখনৰে গাঁৱে গাঁৱে ভ্ৰমি ফুৰে

প্ৰতিবছৰে বদখলে শুভাকাংক্ষীৰ বৰঙনিৰে ৫,০০০ খন বিশেষ কেলেণ্ডাৰ ছপায়। কেলেণ্ডাৰখনত দিন-বাৰৰ লগতে গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনি, সিদ্ধান্ত, শস্যৰ ক্ষতিপূৰণ দাবীৰ প্ৰক্ৰিয়া আৰু যি যি খেতিয়কৰ কামত অহা প্ৰসংগত আছে, আদি ছপা কৰা থাকে। তেওঁক সংগ দি অহা কৃষি-স্বেচ্ছাসেৱকসকলে তথ্য সম্প্ৰচাৰৰ বাবে আৰু ভাৱৰ আদান-প্ৰদানৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে।

এটা দশক আগতে তেওঁ শ্বেতকাৰী সংৰক্ষণ সমিতি (কৃষকৰ সুৰক্ষাৰ সমিতি) গঠন কৰিছিল, যাতে চন্দ্ৰপুৰ জিলাৰ আশে-পাশে তেওঁ কৃষক সজাগতা আন্দোলন গঢ়ি তুলিব পাৰে। এতিয়া এই সংস্থাটোৰ প্ৰায় ১০০ জন স্বেচ্ছাসেৱক আছে, সেইসকলে তেওঁক আন্দোলন গঢ়ি তোলাত সহায় কৰি আহিছে।

আপুনি ক্ষতিপূৰণ দাবী কৰিবলৈ এক আৰ্হি প্ৰপত্ৰ দেখিব, লগতে প্ৰয়োজনীয় কেতবোৰ নথিৰ টেম্পলেটো কৃষি কেন্দ্ৰত নাইবা এগ্ৰি-ইনপুট দোকানবিলাকত দেখিব। প্ৰতিজন কৃষকেই কৃষিকেন্দ্ৰলৈ আহে আৰু কৃষি কেন্দ্ৰই তেওঁলোকক শোষণ কৰে। সেয়ে সংস্থাটোৱে কৃষকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

বদখলে গোটেই দিনটো হতাশ আৰু চিন্তাক্লিষ্ট কৃষকৰ সৈতে কথা পাতে। কেতিয়াবা কিছুমানে সহায়ৰ হাত বিচাৰে। কেতিয়াবা তৰ্কাতৰ্কিও হয়। প্ৰায়ে মানুহে ফোনত তেওঁৰ পৰা পৰামৰ্শ বিচাৰে।

“খেতিয়ক আছে। বন্যপ্ৰাণী আছে। খেতিয়কৰ নেতা আছে। বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাম কৰা মানুহ আছে। আৰু আছে বন, কৃষি, ৰাজহ আদিৰে ব্যৱস্থিত এখন চৰকাৰ। সকলোৱে এই চিৰদিনৰ বাবে সমাধান কৰাৰ বাবে তেওঁলোকে চেষ্টা কৰি আছে। কিন্তু সমাধান কাৰো হাতত নাই,” বদখলে মন্তব্য কৰে।

Pamphlets and handbills that Badkhal prints for distribution among farmers.
PHOTO • Jaideep Hardikar
He is showing calendars that he prints to raise awareness and educate farmers about the procedure to claim compensation
PHOTO • Jaideep Hardikar

বাওঁফালে: বদখলে খেতিয়কৰ মাজত বিলাবলৈ ছপোৱা পুস্তিকা আৰু হেণ্ডবিল।  ক্ষতিপূৰণ দাবীৰ যি প্ৰক্ৰিয়া, সেই সম্পৰ্কে কৃষকক সজাগ আৰু শিক্ষিত কৰিবলৈ তেওঁ এই ছপা কৰা কেলেণ্ডাৰ দেখুৱাইছে

মুঠতে ক্ষতিপূৰণৰ টকা পোৱাৰ ব্যৱস্থা কৰোৱাটোৱে কৃষকৰ বাবে তেওঁ কৰিবপৰা একমাত্ৰ সকাহৰ বাট।

সেয়ে মামাই তেওঁৰ গাড়ীখন লৈ, নাইবা বাছত উঠি, আনৰ বাইকত উঠি গাঁৱে গাঁৱে গৈ খেতিয়কক সাক্ষাৎ কৰি এই সংগ্ৰামৰ বাবে আগবাঢ়ি আহিবলৈ সাহস যোগায়।

“সম্বলৰ যোগাৰ হ’লেই মই গাওঁ ভ্ৰমণৰ বাবে অভিযান হাতত লওঁ,” তেওঁ কয়।

এই অভিযান ২০২৩ৰ জুলাইৰ পৰা অক্টোবৰলৈ চলিছিল আৰু অকল চন্দ্ৰপুৰ জিলাৰ প্ৰায় ১,০০০ গাওঁ সামৰি লৈছিল।

“যদি প্ৰতিখন গাঁৱৰ অতি কম পাঁচজনেও বন বিভাগৰ ওচৰত ক্ষতিপূৰণৰ আবেদন দাখিল কৰে, তেন্তে এই অভিযান সফল বুলি ক’ব পাৰিম,” তেওঁ কয়।

খেতিয়কৰ নিজৰ স্বাৰ্থত হ’লেও তেওঁলোকক একলগ কৰাটো বৰ টান কাম, বদখলে কয়। তেওঁলোকে দুখ কৰে ঠিকেই, কিন্তু যুঁজিবলৈ ইচ্ছা নকৰে। কন্দাটো সহজ কাম, চৰকাৰক দোষ দিয়াৰ দৰেই সহজ। কিন্তু নিজৰ অধিকাৰ, ন্যায়ৰ বাবে যুঁজাটো আৰু আমাৰ নিজৰ মাজত থকা ভেদাভেদ পাহৰি এক উদ্দেশ্যৰ বাবে একলগ হোৱাটো কঠিন কাম।

'Even if five farmers in every village submit a compensation claim to the forest department, this campaign would have accomplished its objective,' he says
PHOTO • Jaideep Hardikar
'Even if five farmers in every village submit a compensation claim to the forest department, this campaign would have accomplished its objective,' he says
PHOTO • Jaideep Hardikar

‘যদি প্ৰতিখন গাঁৱৰ অতি কম পাঁচজনেও বন বিভাগৰ ওচৰত ক্ষতিপূৰণৰ আবেদন দাখিল কৰে, তেন্তে এই অভিযান সফল বুলি ক’ব পাৰিম,’ তেওঁ কয়

সংৰক্ষণবাদী, পশুপ্ৰেমী, বিশেষজ্ঞ আৰু ব্যাঘ্ৰপ্ৰেমী লোকে ব্যাঘ্ৰ প্ৰকল্পটোৰ চাৰিওফালে বন্যজীৱক উদগনি যোগাই আহিছে, কিন্তু তেওঁলোকৰ উদ্দ্যেশ্য বহুমাত্ৰিক নহয়। তেওঁলোকে মানৱ আৰু বন্যপ্ৰাণীৰ মাজত বাঢ়ি অহা সংঘাতৰ ক্ষেত্ৰত ন্যায়োচিত বিচাৰ কৰিব পৰা নাই, বদখলে দুখ কৰি কয়।

এই প্ৰচলিত সোঁতৰ বিপৰীতে তেওঁ কাম কৰি আহিছে আৰু দুটা দশকত তেওঁ কৃষকৰ কণ্ঠ সমাজত তুলি ধৰাৰ বাবে এক পৰিৱেশ তেওঁ সৃষ্টি কৰিছে।

“বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কাম কৰি অহাসকলে আমাৰ মতামত পছন্দ নকৰিব পাৰে,” বদখলে কয়, “কিন্তু স্থানীয় সম্প্ৰদায়েও যে জীৱন-মৰণৰ সমস্যাৰ সৈতে যুঁজি আছে, সেই কথাৰ প্ৰতিও নজৰ দিয়াটো জৰুৰী।”

আৰু এই জীৱন-মৰণৰ খেল প্ৰতিদিনে তেওঁলোকৰ শস্যপথাৰত চলি আহিছে।

অনুবাদ: পংকজ দাস

Jaideep Hardikar

جے دیپ ہرڈیکر ناگپور میں مقیم صحافی اور قلم کار، اور پاری کے کور ٹیم ممبر ہیں۔

کے ذریعہ دیگر اسٹوریز جے دیپ ہرڈیکر
Photographs : Sudarshan Sakharkar

سدرشن سکھرکر ناگپور میں مقیم ایک آزاد فوٹو جرنلسٹ ہیں۔

کے ذریعہ دیگر اسٹوریز Sudarshan Sakharkar
Photographs : Jaideep Hardikar

جے دیپ ہرڈیکر ناگپور میں مقیم صحافی اور قلم کار، اور پاری کے کور ٹیم ممبر ہیں۔

کے ذریعہ دیگر اسٹوریز جے دیپ ہرڈیکر
Editor : Priti David

پریتی ڈیوڈ، پاری کی ایگزیکٹو ایڈیٹر ہیں۔ وہ جنگلات، آدیواسیوں اور معاش جیسے موضوعات پر لکھتی ہیں۔ پریتی، پاری کے ’ایجوکیشن‘ والے حصہ کی سربراہ بھی ہیں اور دیہی علاقوں کے مسائل کو کلاس روم اور نصاب تک پہنچانے کے لیے اسکولوں اور کالجوں کے ساتھ مل کر کام کرتی ہیں۔

کے ذریعہ دیگر اسٹوریز Priti David
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das