বাৰিষাৰ দিন পাৰ হোৱাৰ পিছতে বছৰটোত ছটা মাহৰ বাবে মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়া অঞ্চলত কুঁহিয়াৰ কটা শ্ৰমিকে কামৰ সন্ধানত ঘৰ এৰে। “মোৰ দেউতাই এই কাম কৰিছিল, সেয়ে মই কৰিছো আৰু মোৰ ল’ৰাইও কৰিব,” আড়গাঁৱৰ কিন্তু সম্প্ৰতি ঔৰংগাবাদত থকা অশোক ৰাথোড়ে কয়। তেওঁ বাঞ্জাৰা সম্প্ৰদায়ৰ (ৰাজ্যখনত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত)। এই অঞ্চলৰ কুঁহিয়াৰ কটা কাম কৰা বহু শ্ৰমিক উপান্ত শ্ৰেণীৰ।
নিজ গাঁৱত কামৰ সুবিধা নথকাৰ বাবে তেওঁলোকৰ গাঁৱৰ পৰা এনেকৈ ঋতুকালীন প্ৰব্ৰজন ঘটে। গোটেই পৰিয়ালটো গুছি যায় বাবে ল’ৰা-ছোৱালীয়েও লগত যাবলৈ বাধ্য হয়, ফলত তেওঁলোকে নিজৰ শিক্ষা অব্যাহত ৰাখিব নোৱাৰে।
মহাৰাষ্ট্ৰত কুঁহিয়াৰ আৰু ৰাজনীতি দুয়োটা ওতঃপ্ৰোতঃভাবে জড়িত। কুঁহিয়াৰ কাৰখানাৰ প্ৰায় প্ৰতিজন মালিকৰেই ৰাজনীতিত পোনপটীয়াকৈ সংযোগ আছে। তেওঁলোকৰ ওপৰত জীৱিকাৰ বাবে নিৰ্ভৰ কৰা শ্ৰমিকসকলক তেওঁলোকে ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে।
“তেওঁলোকেই কাৰখানা চলায়, চৰকাৰ চলায়। সকলোখিনি তেওঁলোকৰ হাততেই থাকে,” অশোকে কয়।
কিন্তু শ্ৰমিকৰ অৱস্থা যেনে, তেনেই হৈ থাকে। “সিহঁতে এখন হস্পিতাল সাজি উলিয়াব পাৰে (…) আধাটো চিজন মানুহে বহিয়েই কটায়, তেওঁলোকৰ ৫০০ জনক কামত লগালেও হৈ যায় (…) কিন্তু নাই, তেওঁলোকে নকৰে,” অশোকে কয়।
এই তথ্যচিত্ৰখনৰ যোগেদি কুঁহিয়াৰ কটা কামৰ বাবে প্ৰব্ৰজন কৰা খেতিয়ক আৰু কৃষিশ্ৰমিকসকল আৰু তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰা হৈছে।
এই পুঁজি ইউনিভাৰ্ছিটি অৱ এডিনবাৰ্গৰ সহযোগত গ্ল’বেল চেলেঞ্জেচ ৰিচাৰ্ছ ফাণ্ডৰ পৰা পোৱা এক অনুদানৰ সহায়ত কৰা হৈছে।
অনুবাদ: পংকজ দাস