“বাও চকুটোৰে মই একো নেদেখো। উজ্বল পোহৰত কষ্ট পাওঁ। বৰ কষ্ট। এইটো কাৰণতে খুব যাতনাৰ জীৱন এটা কটাই আছো,” পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ বনগাওঁ চহৰৰ গৃহিণী প্ৰমীলা নস্কৰে কয়। দুকুৰি বয়সৰ প্ৰমীলাই আমাৰ সৈতে কথা পাতিছে কলকাতাৰ ৰিজিঅ’নেল ইনষ্টিটিউট অৱ অপথেলমলজিৰ সাপ্তাহিক কৰ্ণিয়া ক্লিনিকত। তাত তেওঁ চকুৰ চিকিৎসাৰ বাবে আহিছে।

মই প্ৰমীলাৰ মনোকষ্ট বুজিব পাৰিছিলোঁ। এটা চকুৰো ক্ষতি হোৱাটো ফটোগ্ৰাফাৰ এজনৰ বাবে কিমান ভয়াৱহ হ’ব পাৰে, সেয়া খোদ ফটোগ্ৰাফাৰ এজনেহে বুজিব পাৰে। ২০০৭ত মোৰ বাওঁ চকুটোৰ কৰ্ণিয়াত আলচাৰ হৈছিল, মই অন্ধ হোৱাৰ উপক্ৰম ঘটিছিল। সেই সময়ত মই বিদেশত আছিলো আৰু চিকিৎসাৰ বাবে ভাৰতলৈ উভতিবলগীয়াত পৰিছিল। সম্পূৰ্ণ দৃষ্টিশক্তি ঘুৰাই পোৱাৰ আগেয়ে সুস্থ হৈ উঠিবলৈ ডেৰমাহ জটিল আৰু যন্ত্ৰণাপূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’বলগীয়াত পৰিছিল। তাৰে ডেৰটা দশকৰ মূৰত এতিয়াও মোৰ মনৰ ক’ৰবাত এনে এটা ভাব ৰৈ গৈছে, যেন কেতিয়াবা মই আকৌ দৃষ্টিশক্তি হেৰুৱাই পেলাম। এয়া ফটোগ্ৰাফাৰ এজনৰ বাবে ই কেনে এক দুঃস্বপ্ন, ভাবি গাৰ নোম শিয়ৰি উঠে।

বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউ.এইছ.অ’.) অনুসৰি “অতিকমেও ২০০.২ কোটি লোকৰ দূৰ নাইবা নিকট দৃষ্টিৰ বিসংগতি আছে। ইয়াৰে প্ৰায় অৰ্ধেক সংখ্যক মানে প্ৰায় ১০০ কোটি লোকৰ দৃষ্টিশক্তিৰ বাধাগ্ৰস্ততা ৰোধ কৰিব পৰা গ’লহেঁতেন, নাইবা এতিয়াও তেনে কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই…”

ছানি পৰা ৰোগৰ পিছতে দৃষ্টিহীনতাৰ দ্বিতীয় বৃহৎ কাৰণ হৈছে কৰ্ণিয়াৰ ৰোগ। কৰ্ণিয়ায়েল ব্লাইণ্ডনেছৰ ক্ষেত্রত সংক্ৰমণ সংক্ৰান্ত বিষয়টো বৰ জটিল। চকু ৰঙা পৰি ফুলি উঠা নাইবা চকুৰ ভাইৰেল সংক্ৰমণ আদি কাৰণত কৰ্ণিয়াত ঘাঁ লগাৰ ফলত শেষত গৈ সিয়ে দৃষ্টিশক্তি হেৰুওৱাৰ কাৰণ হ’ব পাৰে। দেশে দেশে কৰ্ণিয়াৰ সংক্ৰমণৰ কাৰণো ভিন্ন।

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

চকুৰ বিষৰ প্ৰাবল্য মৃদুৰ পৰা তীব্ৰ পৰ্য্যায়লৈ হ’ব পাৰে, যিটো কৰ্ণিয়াৰ অন্ধতাৰ ভালেকেইটা কাৰণৰ মাজৰ এটা। আন গতানুগতিক কাৰণ হৈছে পোহৰৰ প্ৰতি অধিক সংবেদনশীল হোৱা, ধূসৰ দৃষ্টি, চকুৰ পৰা পানী ওলাই থকা, চকু চলচলীয়া হৈ থকা আদি। এই উপসৰ্গবোৰ আন ৰোগৰো লক্ষণ হ’ব পাৰে যদিও আৰম্ভণিতে একো লক্ষণে দেখা নিদিবও পাৰে, সেয়ে ডাক্তৰৰ লগত পৰামৰ্শ কৰাটো অতিশয় জৰুৰী

ইণ্টাৰনেছনেল জাৰ্নেল অৱ মেডিকেল চায়েন্স এণ্ড ক্লিনিকেল ইনভেনছনত প্ৰকাশিত ২০১৮ৰ এক অধ্যয়নৰ তথ্য অনুযায়ী ভাৰতত প্ৰায় ৬৮ লাখ লোকৰ এটা নহয় এটা চকুৰ দৃষ্টিশক্তি ৬/৬০তকৈ কম, যাৰ কাৰণ কৰ্ণিয়াৰ ৰোগ। ইয়াৰে প্ৰায় ১ লাখৰ দুয়োটা চকুৰে এই ৰোগ আছে। সাধাৰণতে ৬/৬০ ভিজন মানে ব্যক্তিজনে ৬ মিটাৰ ছয় মিটাৰ দূৰৰ আখৰ পঢ়িব পাৰে, যিটো সাধাৰণ দৃষ্টিসম্পন্ন লোকে ৬০ মিটাৰ ব্যৱধানত থাকিলেও পঢ়িব পাৰে। অধ্যয়নত এইটোও কোৱা হৈছে যে এই সংখ্যা ২০২০লৈ ১ কোটি ৬ লাখ হৈ পৰিব পাৰে, কিন্তু এই লৈ বিশেষ কোনো তথ্য নাই।

ইণ্ডিয়ান জাৰ্নেল অৱ অপথেলমলজিত প্ৰকাশিত এক পৰ্য্যালোচনামূলক লেখাত কোৱা হৈছে, “কৰ্ণিয়াজনিত কাৰণত দৃষ্টিহীন হোৱা লোকৰ সংখ্যা ভাৰতত ১২ লাখ, যিটো মুঠ দৃষ্টিহীনতাৰ ০.৩৬ শতাংশ। প্ৰতিবছৰে এই সংখ্যাত যোগ হৈছে ২৫ৰ পৰা ৩০ হাজাৰ লোক।” কলকাতা চিকিৎসা মহাবিদ্যালয়ত ৰিজঅ’নেল ইনষ্টিটিউট অৱ অপথেলমলজি চমুকৈ আৰ.আই.অ’. প্ৰতিষ্ঠা কৰা হৈছিল ১৯৭৮ত। এই প্ৰতিষ্ঠানটোৱে সঞ্চালক অধ্যাপক অসীম কুমাৰ ঘোষৰ তত্ত্বাৱধানত ভালেখিনি অভিজ্ঞতা লাভ কৰিছে. আৰ.আই.অ’.ৰ কৰ্ণিয়া ক্লিনিকখন সপ্তাহত এবাৰ খোলা থাকে। এদিনতে তাত প্ৰায় ১৫০ৰো অধিক ৰোগী আহে।

এইখন ক্লিনিক ড. আশীষ মজুমদাৰ আৰু তেওঁৰ সহযোগীসকলে চলায়। সহায়ৰ অতিশয় প্ৰয়োজন থকাসকলক চিকিৎসা আগবঢ়ায়। ড. আশীষে মোক মোৰ ৰোগ সম্পৰ্কত কয়, “ফেক কণ্টেক্ট লেন্স দ্ৰৱৰ ফলত আপোনাৰ কৰ্ণিয়াৰ আলচাৰ হৈছে যদিও ‘কৰ্ণিয়েল ব্লাইণ্ডনেচ’য়ে চকুৰ বিভিন্ন অৱস্থা বুজায় যিবোৰৰ কাৰণে চকুৰ কৰ্ণিয়াৰ স্বচ্ছতা হ্ৰাস পায় আৰু পৰিণামস্বৰূপে কৰ্ণিয়াত দাগ পৰে আৰু দৃষ্টিহীনতাই দেখা দিয়ে। কৰ্ণিয়েল ব্লাইণ্ডনেচৰ প্ৰমুখ কাৰণসমূহ হৈছে বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ আৰু প্ৰট’জৱাৰ সংক্ৰমণ। এই ৰোগ প্ৰৱণতাৰ কাৰণ হৈছে আঘাত পোৱা, কণ্টেক্ট লেন্সৰ ব্যৱহাৰ বা ষ্টেৰ’ইডযুক্ত দৰৱ সেৱ আদি। আন বিভিন্ন ৰোগ হৈছে ট্ৰেক’মা (ভাইৰাছৰ ফলত চকুৰ পতাৰ তলত হোৱা এবিধ বেমাৰ) আৰু শুষ্ক চকুৰ ৰোগ।”

চাৰিকুৰি বছৰ বয়সৰ নিৰঞ্জন মণ্ডলে আৰ.আই.অ’.ৰ কৰ্ণিয়া ক্লিনিকৰ এচুকত নীৰৱে থিয় দি আছিল। তেওঁ ক’লা বিতচকু এযোৰ পৰিধান কৰি আছিল। “মোৰ বাওঁ চকুটোৰ কৰ্ণিয়া বেয়া হৈছিল,” তেওঁ মোক কয়। “এতিয়া বিষ নাই। কিন্তু স্পষ্টকৈ দেখা নাপাও। ডাক্তৰে কয়, সম্পূৰ্ণৰূপে নিৰাময় নহয়। মই নিৰ্মাণ ছাইটত শ্ৰমিক হিচাপে কাম কৰোঁ আৰু চকুদুটাৰে যদি দেখাত অসুবিধা থাকে, তেতিয়া সেইখন ক্ষেত্রত কাম কৰি থকাটো কঠিন হৈ পৰিব।”

নিৰঞ্জনৰ লগত কথা পাতি থাকোতে ডাক্তৰে এজন ৰোগী, ত্ৰিশ বছৰীয়া শ্বেইখন জাহাংগীৰক মৃদুকৈ গালি পাৰি থকা শুনিলো, “বেমাৰ দেখুৱাবলৈ কৈ থকা সত্ত্বেও কিয় আধাতে চিকিৎসা এৰিলা। এতিয়া দুমাহ পিছত ইয়ালৈ আহিছা। মই ক’বলৈ বেয়া পাইছো যদিও কওঁ, তুমি কেতিয়াও সোঁচকুৰ সম্পূৰ্ণ দৃষ্টিশক্তি ঘূৰাই নাপাবা।”

ড. আশীষেও একেধৰণৰে কথা কয়। তেওঁ কয়, “বহুক্ষেত্রত আমি দেখিছো যে ৰোগীজনক উচিত সময়ত আমাৰ ওচৰলৈ আনিবপৰা হ’লে ৰোগীজনৰ চকুটো বচাবপৰা গ’লহেঁতেন। ক্ষত কৰ্ণিয়াৰ পুনৰোদ্ধাৰ এক দীঘলীয়া কষ্টকৰ প্ৰচেষ্টা আৰু আধাতে চিকিৎসা এৰিলে ৰোগীজন দৃষ্টিহীন হ’ব পাৰে।”

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে: কলকাতাৰ ৰিজিঅ’নেল ইনষ্টিটিউট অৱ অপথেলমলজি চমুকৈ আৰ.আই.অ’.লৈ নিৰঞ্জন মণ্ডলে চিকিৎসাৰ বাবে আহিছে। এয়া তেওঁৰ চতুৰ্থবাৰলৈ চিকিৎসাৰ বাবে আহিছে। সোঁফালে: প্ৰতিষ্ঠানটোৰ সঞ্চালক ড. অসীম কুমাৰ ঘোষে ৰোগী এগৰাকীক তেওঁৰ কেবিনত পৰীক্ষা কৰিছে

ক্লিনিকখনলৈ ৰোগীসকলৰ সাক্ষাৎ অনিয়মীয়া হোৱাৰ কাৰণ কিছুমান নুই কৰিব নোৱাৰি। এই ধৰক পঞ্চাছ বছৰ বয়সীয়া নাৰায়ন চানয়ালে আমাক কয়, “মই হুগলি জিলাৰ বৰ দূৰণিবটীয়া ঠাইত (খানাকুল) থাকো। চেক আপ কৰাবলৈ স্থানীয় ডাক্তৰৰ ওচৰলৈ যোৱাই ভাল। জানো, তেনে ডাক্তৰক দেখুৱাই একো লাভ নাই, কিন্তু মই কৰিম কি? বিষক আওকান কৰি মই কাম কৰোঁ। ইয়ালৈ আহিবলৈ মোক ৪০০ টকা লাগে। সিমানখিনি টকা মোৰ নাই।”

দক্ষিণ ২৪ পৰগনা জিলাৰ পাথৰপ্ৰতীমা ব্লকৰ পুষ্পাৰাণী দেৱীৰো একেই সমস্যা। তেওঁ দুই সন্তানৰ সৈতে বস্তি অঞ্চলত থাকে আৰু যোৱা দহটা বছৰ ধৰি ঘৰুৱা সহায়ক হিচাপে কাম কৰি আহিছে। তেওঁ কয়, “মোৰ বাওঁ চকুটো ৰঙা পৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াই ভুল কৰিলোঁ। স্থানীয় ডাক্তৰ এজনক দেখুৱালো। তাৰপিছত সমস্যা গম্ভীৰ হৈ পৰিল। কাম কৰিবলৈ এৰিলো। তাৰপিছতহে ইয়ালৈ (আৰ.আই.অ’.) আহিলো। ইয়াৰে ডাক্তৰক ধন্যবাদ। নিয়মীয়াকৈ তিনিমাহ চিকিৎসা কৰোৱাৰ পিছত মই মোৰ দৃষ্টিশক্তি ঘূৰাই পালো। এতিয়া সম্পূৰ্ণ দৃষ্টিশক্তি ঘূৰাই পাবলৈ চাৰ্জাৰী কৰাব লাগিব (কৰ্ণিয়া সংৰোপন)। তাৰিখ পৰালৈ ৰৈ আছো।”

কৰ্ণিয়া সংৰোপন প্ৰক্ৰিয়াত কৰ্ণিয়াৰ ক্ষতিগ্ৰস্ত অংশ নাইবা গোটেই কৰ্ণিয়াখন স্বাস্থ্যৱান দাতাৰ কৰ্ণিয়াৰ কলাৰে সংৰোপিত কৰা হয়। এনে সংৰোপনৰ ক্ষেত্রত সততে ব্যৱহাৰ কৰা পৰিভাষাসমূহ হৈছে কেৰাট’প্লাষ্টি আৰু কৰ্ণিয়েল গ্ৰাফ্ট। গুৰুতৰ ক্ষতি বা সংক্ৰমণ নিৰাময় কৰিবলৈ, দৃষ্টিশক্তি উন্নত কৰিবলৈ আৰু চকুৰ অস্বস্তি দূৰ কৰিবলৈ এয়া কৰা হয়। ড. আশীষে মাহত ৪ৰ পৰা ১৬ টা কৰ্ণিয়েল সংৰোপনৰ অস্ত্ৰোপচাৰ কৰে। এই জটিল প্ৰক্ৰিয়াত ৪৫ৰ পৰা ৩ ঘণ্টা পৰ্য্যন্ত লাগিব পাৰে। ড. আশীষে কয়, “কৰ্ণিয়া সংৰোপনৰ ক্ষেত্রত সফলতাৰ সম্ভাৱনা অতি বেছি। ৰোগীয়ে সোনকালেই কামলৈ যাব পাৰে। সমস্যা আন এঠাইতহে। যোগান আৰু চাহিদাৰ মাজত থকা ব্যৱধান। পৰিয়ালবোৰে নিজে আগবাঢ়ি আহি নেত্ৰদান কৰিব লাগে।” পশ্চিমবংগৰ লগতে সমগ্ৰ ভাৰতত যোগান আৰু চাহিদাৰ মাজত এক বৃহৎ ব্যৱধান আছে।

আৰ.আই.অ’.ৰ সঞ্চালক ড. অসীম ঘোষে এই বাৰ্তা দিব বিচাৰে: “মন কৰিব যে প্ৰায়ভাগ লোকৰে কৰ্ণিয়াৰ সংৰোপন কৰাৰ প্ৰয়োজন নহয়। প্ৰাৰম্ভিক লক্ষণসমূহ আওকান নকৰিব। প্ৰথমে চকুৰ স্থানীয় ডাক্তৰক দেখুৱাই লওঁক। আমাৰ ওচৰলৈ এনে বহু ৰোগী আহে যিসকলৰ চকুৰ অৱস্থা একেবাৰে শেষ পৰ্য্যায়ত। তেওঁলোকে যেতিয়া চকুটো বচাই দিয়ক বুলি কয়, আমাৰ বেয়া লাগে। এজন ডাক্তৰ হিচাপে এই অভিজ্ঞতা বৰ বেদনাদায়ক।”

ডা. ঘোষে লগতে কয়, “আপুনি সুস্থ জীৱনশৈলী এটা অনুসৰণ কৰি থকাটো নিশ্চিত কৰক। দেহত শৰ্কৰাৰ মাত্ৰাৰ ওপৰত চকু ৰাখক। কৰ্ণিয়া আৰু চকুৰ আন চিকিৎসাৰ ক্ষেত্রত মধুমেহে জটিলতাৰ সৃষ্টি কৰে।”

হস্পিতালৰ ক’ৰিডৰত মই লগ পালো ষাঠি বছৰীয়া অৱৰাণী চেটাৰ্জীক। তেওঁক আনন্দিত দেখা গৈছিল। “হেল্ল’, মই আৰু ইয়ালৈ আহিব নালাগে। ডাক্তৰে কৈছে মই এতিয়া সুস্থ। এতিয়া মই মোৰ নাতিহঁতৰ লগত সময় কটাব পাৰিম আৰু মোৰ প্ৰিয় টিভি ছিৰিয়েল চাব পাৰিম।’”

PHOTO • Ritayan Mukherjee

পশ্চিমবংগৰ চৰকাৰী ধ্বজাবাহী প্ৰকল্প স্বাস্থ্য সাথী আঁচনিৰ যোগেদি আৰ.আই.অ’.লৈ ৰোগীসকলৰ চিকিৎসা কৰা হয়। ইয়াৰ ফলত কৰ্ণিয়া আৰু চকুৰ আন নিদানশালাত চকুৰ ৰোগীৰ সংখ্যা বাঢ়িছে আৰু মানসিক তথা শাৰীৰিকভাৱে ডাক্তৰ-কৰ্মচাৰীয়ে এইক্ষেত্রত চিকিৎসা প্ৰদানত অসুবিধা ভুগিছে

PHOTO • Ritayan Mukherjee

চকুৰ ভিতৰভাগ ভালকৈ চাবলৈ ডাক্তৰে চকুৰ মণিটো পাতল কৰিবলৈ দ্ৰৱ ব্যৱহাৰ কৰে। ফিনাইলেফ্ৰিন বা ট্ৰপিকেমাইড আদি এনে দৰৱত থাকে। মণিটো পাতল কৰি ডাক্তৰে চকুৰ অক্ষিপট (ৰেটিনা), নেত্ৰস্নায়ু (অপ্টিক নাৰ্ভ) আৰু চকুটোৰ পিছফালে থকা আন কলা ভালদেৰ চাব পাৰে। এনেকৈ পেশীৰ কোষ ক্ৰমশঃ অকাৰ্য্যক্ষম হৈ পৰা, ডাইবেটিক ৰেটিন’পেথী আৰু গ্লুক’মা আদি ধৰা পেলোৱাটো সহজ হৈ পৰে

PHOTO • Ritayan Mukherjee

ড. আশীষ মজুমদাৰে বিশেষভাৱে সক্ষম মুক-বধিৰ ৰোগী এজনৰ চকুৰ পৰীক্ষা কৰিছে

PHOTO • Ritayan Mukherjee

প্ৰতিবছৰে ভাৰতত প্ৰায় ৩০ হাজাৰ লোক কৰ্ণিয়েল ব্লাইণ্ডনেচ ৰোগত ভোগে

PHOTO • Ritayan Mukherjee

এনে কোনো লক্ষণে দেখা দিলে ততালিকে চকুৰ ডাক্তৰক দেখুওৱাটো অতিকৈ জৰুৰী

PHOTO • Ritayan Mukherjee

চিকিৎসা মহাবিদ্যালয়খনৰ নেত্ৰ বেংকৰ দায়িত্বত থকা ড. ইন্দ্ৰাণী বেনাৰ্জীয়ে কৰ্ণিয়াৰ সমস্যা থকা সৰু ল’ৰা এটাৰ চকুৰ পৰীক্ষা কৰিছে

PHOTO • Ritayan Mukherjee

চকুপানীৰ পৰিমাণ জুখিবলৈ স্ক্ৰীমাৰ পৰীক্ষা এটা কৰা হয়। শুষ্ক চকু কৰ্ণিয়া সংক্ৰান্ত সমস্যাৰ অন্যতম কাৰক

PHOTO • Ritayan Mukherjee

চকুত শৌচালয় পৰিস্কাৰ কৰা দ্ৰৱ চকুত পৰাৰ ফলত কৰ্ণিয়াৰ ক্ষতি হোৱা সুবল মজুমদাৰে ডাক্তৰক দেখুৱাবলৈ আহিছে

PHOTO • Ritayan Mukherjee

সৰু আইৰ চিকিৎসা কৰোৱা পাৰুল মণ্ডলৰ কৰ্ণিয়াৰ গুৰুতৰ সমস্যাই দেখা দিছে। তেওঁ এতিয়া পোহৰ একেবাৰে সহ্য কৰিব নোৱাৰে, অস্ত্ৰোপচাৰ কৰিলেও তেওঁৰ দৃষ্টিশক্তি ঘূৰি অহাৰ সম্ভাৱনা নাই

PHOTO • Ritayan Mukherjee

দৃশ্যগত প্ৰখৰতা ধৰা পেলাবৰ বাবে স্নেলেন চাৰ্ট ব্যৱহাৰ কৰা হয়। ওলন্দাজ (ডাচ্চ) অপথেলমলজিষ্ট হাৰ্মান স্নেলেনে ১৮৬২ত এই পদ্ধতি আৱিস্কাৰ কৰিছিল

PHOTO • Ritayan Mukherjee

ড. আশীষ মজুমদাৰে এণ্টেৰিয়’ৰ চেগমেণ্ট ফটোগ্ৰাফী কৰিছে। এই পদ্ধতিত চকুৰ অভ্যন্তৰীণ ভাগৰ পৰিৱৰ্তে বহিৰ্ভাগৰ লগতে চকুৰ পতা আৰু ফেচিয়েল ষ্ট্ৰাকছাৰ পৰীক্ষা কৰা হয়। এই পদ্ধতিৰে চকুৰ আশে-পাশে থকা সংক্ৰমণজনিত ক্ষতিচিহ্ন, ঘাৰ লগতে কলাসমূহ ঠিকে আছে নে নাই, মুখখনৰ স্নায়ুৰ বিসংগতি আছে নেকি আদি পৰীক্ষা কৰা হয়, লগতে অস্ত্ৰোপচাৰৰ আগত আৰু পাছত চকু আৰু চকুৰ পতাৰ অৱস্থা নথিবদ্ধও কৰা হয়

PHOTO • Ritayan Mukherjee

কৰ্ণিয়া সংৰোপনৰ ক্ষেত্রত ক্ষত কৰ্ণিয়া এখনৰ আংশিক বা সম্পূৰ্ণ অংশ সুস্থ দাতাৰ কৰ্ণিয়াৰ কলাৰে সংৰোপিত কৰা হয়

PHOTO • Ritayan Mukherjee

ড. পদ্মপ্ৰিয়াই কৰ্ণিয়াৰ সংৰোপন কৰোৱা ৰোগী এজনৰ চকুত সুৰক্ষামূলক লেন্স লগাইছে

PHOTO • Ritayan Mukherjee

‘এতিয়া বহুত সুস্থ অনুভৱ কৰিছো। বিতচকুৰ প্ৰয়োজন নহয়, দূৰৰ পৰা আখৰ পঢ়িব পাৰো। পোহৰ এতিয়া সহ্য কৰিবপৰা হ’লো,’ ১৪ বৰ্ষীয় পিণ্টু ৰাজ সিঙে কয়

PHOTO • Ritayan Mukherjee

হুগলিৰ বিনয় পলৰ কৰ্ণিয়াৰ চিকিৎসাৰ পিছত তেওঁ সম্পূৰ্ণৰূপে সুস্থ, তেওঁ দৃষ্টিশক্তি ঘূৰাই পাইছে

অনুবাদ: পংকজ দাস

Ritayan Mukherjee

رِتائن مکھرجی کولکاتا میں مقیم ایک فوٹوگرافر اور پاری کے سینئر فیلو ہیں۔ وہ ایک لمبے پروجیکٹ پر کام کر رہے ہیں جو ہندوستان کے گلہ بانوں اور خانہ بدوش برادریوں کی زندگی کا احاطہ کرنے پر مبنی ہے۔

کے ذریعہ دیگر اسٹوریز Ritayan Mukherjee

پی سائی ناتھ ’پیپلز آرکائیو آف رورل انڈیا‘ کے بانی ایڈیٹر ہیں۔ وہ کئی دہائیوں تک دیہی ہندوستان کے رپورٹر رہے اور Everybody Loves a Good Drought اور The Last Heroes: Foot Soldiers of Indian Freedom کے مصنف ہیں۔

کے ذریعہ دیگر اسٹوریز پی۔ سائی ناتھ
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das