“মিৰ্চী, লেহচুন, অদৰক...পানীলাওৰ পাত, কৰেলা...গুড়।”

জলকীয়া, আদা-নহৰু, পানীলাও আৰু কেৰেলা - এয়া কোনো ব্যঞ্জনৰ ৰন্ধন উপকৰণ নহয়। এয়া জৈৱিক খেতিয়ক গুলাবৰাণীয়ে সাৰ আৰু কীটনাশক প্ৰস্তুতিৰ বাবে ব্যৱহাৰ কৰা পাচলি। পান্না ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ দাঁতিৰ চুংগুনা গাঁৱত গুলাবৰাণীৰ ঘৰ।

প্ৰথমে এই তালিকাখন যেতিয়া ৫৩ বৰ্ষীয় গুলাবৰাণীয়ে শুনিছিল, তেতিয়া তেওঁৰ হাঁহি উঠিছিল। “মই মনতে ভাবিলো, ক’ৰপৰা এইবোৰ বিচাৰি পাম? কিন্তু তেতিয়া হাবিত পানীলাও লাগিছিল...” তেওঁ কয়। গুড় আদি তেওঁ বজাৰৰ পৰা কিনিবলগীয়া হৈছিল।

তেওঁ কিনো ৰান্ধিছে, তাকে লৈ সন্দেহৰ চকুৰে চোৱা চুবুৰীয়াৰ পৰা সহায়ৰ হাতখন আগবাঢ়ি নাহিল। কিন্তু গুলাবৰাণীয়েও জানো কোনে কি কৈছে, ভাবিছে, সেইবোৰক গুৰুত্ব দিয়া মানুহ? সেইটো কাৰণতে পাঁচশ মানুহৰ গাওঁখনত তেঁৱেই যে এনেকৈ জৈৱিক খেতিৰ বাবে আগবাঢ়ি আহিছিল, তাত কোনো আচৰিত হ’বলগীয়া কথা নাই।

“আমি বজাৰৰ পৰা কিনা পাচলিত দৰৱ দিয়া থাকে আৰু তাত বিভিন্ন ধৰণৰ ৰাসায়নিক প্ৰয়োগ কৰা হয়, সেয়ে ভাবিলো আমিনো কিয় সেইবোৰ খাম,” চাৰিবছৰ আগতে ঘৰত হোৱা আলোচনাৰ কথা মনত পেলাই তেওঁ কয়।

“আমাৰ পৰিয়ালটোৱে ভাবিলে যে জৈৱিক খেতি এটা ভাল কাম হ’ব। জৈৱিক পদ্ধতিৰে উত্পাদিত খাদ্য খালে আমাৰ সকলোৰে স্বাস্থ্য ভালে থাকিব। জৈৱিক সাৰে কীট-পতংগৰ স্বাস্থ্য বেয়া কৰিব, আমাৰ ভাল কৰিব!” ৰগৰ কৰি তেওঁ কয়।

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে: পান্না জিলাৰ চুংগুনা গাঁৱৰ নিজ ঘৰৰ ষ্ট’ৰৰুমত গুলাবৰাণী। সোঁফালে: গিৰীয়েক উজীয়ন সিঙৰ লগত, কাষতে আছে কেৰেলাৰ পাত, গোমূত্ৰ আৰু আন কিবাকিবি মিহলাই তেওঁলোকে তৈয়াৰ কৰা প্ৰাকৃতিক সাৰ

PHOTO • Priti David
PHOTO • Priti David

‘আমাৰ পৰিয়ালটোৱে ভাবিলে যে জৈৱিক খেতি এটা ভাল কাম হ’ব। জৈৱিক পদ্ধতিৰে উৎপাদিত খাদ্য খালে আমাৰ সকলোৰে স্বাস্থ্য ভালে থাকিব,’ গুলাবৰাণীয়ে কয়

এয়া তৃতীয়বাৰৰ বাবে তেওঁলোকে নিজৰ ২.৫ একৰ মাটিত জৈৱিক পদ্ধতিৰে খেতি কৰিছে আৰু বছৰটোত দম্পতিহালে খাৰিফ শস্য যেনে ধান, মাকৈ, ৰহৰ মাহ, তিল আৰু ৰবিশস্য যেনে গমধান, বুটমাহ, সৰিয়হ আদি খেতি কৰে। লগতে গোটেই বছৰটোত বিলাহী, বেঙেনা, জলকীয়া, গাজৰ, মূলা, বীট, ভেণ্ডি, সেউজীয়া পাতৰ পাচলি, লাও, কৰোন্দা, বীন আদি বিভিন্ন খেতি কৰে। “আমি বজাৰৰ পৰা বেছি একো কিনিবলগীয়া নহয়,” তেওঁ হাঁহিমুখে কয়।

চুংগুনা গাওঁখন মধ্যপ্ৰদেশৰ পান্না ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ দাঁতিত অৱস্থিত। তাৰে প্ৰায়ভাগ লোকেই ৰাজগোণ্ড আদিবাসী সম্প্ৰদায়ৰ আৰু তেওঁলোকে কম কম মাটিত বৰ্ষানিৰ্ভৰ আৰু কাষৰে কেনেল এটাৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰে। বহুতেই ঋতুভিত্তিক কামৰ বাবে কাষৰে চহৰ যেনে কাটনিলৈ আৰু মধ্যপ্ৰদেশৰ আন আন ঠাইলৈ শ্ৰমিক হিচাপে প্ৰব্ৰজন কৰে।

“আৰম্ভণিতে আমি দুই-এজন খেতিয়কেহে এই কাম আৰম্ভ কৰিছিলো। তাৰপিছত ৮-৯ জনে যোগ দিলে,” এতিয়া তেওঁলোকৰ সম্প্ৰদায়ৰ লোকে প্ৰায় ২০০ একৰ খেতিমাটিত জৈৱিক খেতি কৰে বুলি গুলাবৰাণীয়ে অনুমান কৰি কয়।

সমাজকৰ্মী শৰদ যাদৱে কয়, “প্ৰব্ৰজন (চুংগুনাৰ পৰা) কমিছে আৰু হাবিৰ ওপৰত নিৰ্ভৰশীলতা কেৱল খৰিতে সীমাবদ্ধ হৈছে।” শৰদ পিপলচ্ চায়েন্স ইনষ্টিটিউট (পি.এছ.আই.)ৰ এগৰাকী ক্লাষ্টাৰ কোঅৰ্ডিনেটৰ আৰু নিজে এগৰাকী খেতিয়ক।

গুলাবৰাণীৰ স্পষ্টবাদী মন আৰু প্ৰশ্ন কৰাৰ মানসিকতাই তেওঁক প্ৰভাৱশালী কৰি তুলিছে, পি.এছ.আই. কৰ্মচাৰীয়ে কয়। তেঁৱেই প্ৰথমে পি.এছ.আই.য়ে কোৱা ধৰণে মাকৈৰ খেতি কৰিছিল আৰু খেতি ভাল হৈছিল। তেওঁক সফল হোৱা দেখি আনবোৰো আগবাঢ়ি আহিছিল।

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে: জৈৱিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰি খেতি কৰা গুলাবৰাণী তেওঁলোকৰ ২.৫ একৰ খেতিমাটিত। সোঁফালে: পৰিয়ালটোৱে সেই খেতিমাটিতে ঘৰৰ প্ৰয়োজনীয় সকলো শাক-পাচলি উৎপাদন কৰে

*****

“আমি আগতে ইউৰিয়া আৰু ডিএপিৰৰ নামত মাহে ৫,০০০লৈকে খৰচ কৰিবলগীয়া হৈছিল,” উজীয়ন সিঙে কয়। তেওঁলোকৰ খেতিমাটি সম্পূৰ্ণৰূপে ৰাসায়নিকৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছিল, যাক স্থানীয় ভাষাত চিড়কা খেতি বোলে, শৰদে পাৰিক কয়।

“এতিয়া আমি আমাৰ মতকা খাদ (মাটি কলহৰ সাৰ) প্ৰস্তুত কৰোঁ,” ঘৰৰ পিছফালে থকা মাটিৰ ডাঙৰ কলহ এটালৈ আঙুলিয়াই দি কয়। “মই ঘৰুৱা কাম-বনৰ মাজতে আজৰি সময় উলিয়াব লাগে,” তেওঁ কয়। তাৰোপৰি তেওঁলোকৰ দহটা গৰু-ম’হ আছে। উত্পাদিত গাখীৰখিনি তেওঁলোকে বিক্ৰী নকৰি তেওঁলোকৰ দুজনী ছোৱালী আৰু বিয়া পতা ল’ৰাটোৰ পৰিয়ালৰ বাবে ৰাখে।

কেৰেলা, পানীলাও আৰু নিমপাতৰ লগতে জলকীয়া, নহৰু আৰু গৰুৰ মূত লাগে। “সেয়া এঘণ্টা উতলাব লাগে। তাৰপিছত সেয়া ব্যৱহাৰৰ আগেয়ে আঢ়ৈৰ পৰা তিনিদিন থৈ দিব লাগে। কিন্তু সেয়া যেতিয়ালৈ প্ৰয়োজন হয়, তেতিয়ালৈ কলহতে ৰাখিব পাৰি। কিছুমানে ১৫ দিনলৈকে ৰাখে যাতে সেয়া ভালদৰে কিন্বন হয়,” জৈৱিক খেতিয়কজনে কয়।

তেওঁ এবাৰত পাঁচৰ পৰা দহ লিটাৰ প্ৰস্তুত কৰে। “এক একৰ মাটিত এক লিটাৰ যথেষ্ট। সেয়া দহ লিটাৰ পানীত মিহলাই ছটিয়াব লাগে। বেছি ছটিয়ালে সি ফুল আৰু শস্য নষ্ট কৰি পেলাব পাৰে,” তেওঁ কয়। আৰম্ভণিতে চুবুৰীয়াই পৰীক্ষা কৰি চাবলৈ এবটল বিচাৰিছিল।

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে: নাতিনী অনামিকাৰ সৈতে পাকঘৰত গুলাবৰাণী। সোঁফালে: উজীয়ন সিং আৰু খেতিপথাৰত জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰা সৌৰ ফলক

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে: ৰাজীন্দৰ সিঙে খেতিয়কক খেতিৰ সা-সৰঞ্জাম যোগান ধৰা প্ৰযুক্তি সমল কেন্দ্ৰ (টিআৰচি) পৰিচালনা কৰে। সোঁফালে: সিহাৱন গাঁৱৰ এখন পথাৰ য’ত চাৰিটা ভিন্ন প্ৰজাতিৰ পৰম্পৰাগত ধানৰ খেতি কৰা হৈছে

“বছৰটো চলি যাব পৰাকৈ আমাৰ খেতি পৰ্য্যাপ্ত। আমি বছৰি প্ৰায় ১৫ হাজাৰ টকাৰ কৃষিজাত সামগ্ৰী বিক্ৰী কৰো,” উজীয়ন সিঙে কয়। মধ্য ভাৰতৰ আন অংশৰ দৰে এই খেতিয়কসকলো বন্য জীৱ-জন্তুৰ উপদ্ৰৱৰ সন্মুখীন হয়। “চৰকাৰে নতুন আইন কৰি দিয়াৰ পিছৰেপৰা আমি বন্য জীৱ-জন্তু মাৰিবও নোৱাৰা হ’লো। নীলগাইয়ে গমধান আৰু মাকৈ খায়, গোটেই খেতি নষ্ট কৰি পেলায়,” তেওঁ পাৰিক কয়। বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২য়ে বনগাহৰি মৰাটো নিষেধ কৰিছে।

কাষৰে নিজৰাৰ পৰা সৌৰচালিত জলসিঞ্চনৰ যোগেদি পানী অনা হয়। “বহু খেতিয়কে বছৰত তিনিবিধ খেতি কৰিব পাৰিছে,” পথাৰখনৰ শেষৰফালে থকা সৌৰফলকলৈ আঙুলিয়াই দি তেওঁ কয়।

পিপলচ্ চায়েন্স ইনষ্টিটিউট (পিএছআই)য়ে বিলপুৰ পঞ্চায়তৰ অন্তৰ্গত ৪০ খন গাঁৱত সেৱা আগবঢ়াবলৈ টেকনলজি সেৱা কেন্দ্ৰ চমুকৈ টিআৰচি গঠন কৰিছে। “টিআৰচিত তেওঁলোকে ধানৰ ১৫ বিধ প্ৰজাতি আৰু ঘেঁহুৰ ১১ বিধ প্ৰজাতি মজুত ৰাখে। ইয়াৰে প্ৰায়ভাগেই পৰম্পৰাগত বীজ যিয়ে কম বৰষুণ, অতিপাত শীততো বাচি থাকিব পাৰে আৰু পোক-পতংগৰো আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে”, টিআৰচি পৰিচালনা কৰা ৰাজীন্দৰ সিঙে কয়।

PHOTO • Priti David
PHOTO • Priti David

পৰম্পৰাগত ধান (বাওঁফালে) আৰু মাহৰ (সোঁফালে) প্ৰজাতি মজুত কৰি ৰখা টেকনলজি সেৱা কেন্দ্ৰ যিটোৱে বিলপুৰ পঞ্চায়তকে ধৰি ৪০ খন গাঁৱত সেৱা আগবঢ়ায়

PHOTO • Priti David
PHOTO • Priti David

আবেলি অনুষ্ঠিত হ’বলগীয়া হলচত পুজাৰ বাবে সাজু হ’বলৈ চুংগুনা গাঁৱৰ মহিলাসকলে নদীত গা ধুবলৈ গৈছে

“আমি আমাৰ খেতিয়কসকলক দুই কেজিকৈ বীজ দিও আৰু তেওঁলোকে আমাক উৎপাদিত ফচলৰ পৰা দুগুণ পৰিমাণত ঘুৰাই দিব লাগে,” তেওঁ কয়। তেওঁ আমাক কাষৰে পথাৰ এখনত কৰা চাৰিবিধ ভিন্ন প্ৰজাতিৰ ধানখেতি দেখুৱাইছে আৰু কেতিয়া সেয়া চপাবৰ হ’ব সেয়াও কৈছে।

অঞ্চলটোৰ খেতিয়কসকলে পাচলিৰ বিপণনৰ বাবে এটা সমবায় আৰম্ভ কৰাৰ কথা চিন্তা কৰি আছে। জৈৱিক পদ্ধতিৰে উৎপাদিত পাচলিৰ ভাল দাম পাব বুলি তেওঁলোকে আশা কৰিছে।

আমি বিদায় লও মানে গুলাবৰাণীয়ে হলচত পুজাৰ বাবে সাজু হ’বলৈ কেনেলত গা ধুবলৈ যোৱা মহিলাসকলৰ লগ লাগিল। এই পুজা হিন্দু কেলেণ্ডাৰ অনুসৰি পঞ্চমটো মাহ ভাদত তেওঁলোকৰ শিশুহঁতৰ বাবে পাতে। “আমি মহুৱা ৰান্ধিম - তাক মাখন তোলা গাখীৰত দি আমাৰ উপবাস ভাঙিম,” গুলাবৰাণীয়ে কয়। তেওঁলোকে ঘৰতে  উৎপাদিত মাহ ভাজিব আৰু খাব।

অনুবাদ: পংকজ দাস

Priti David

پریتی ڈیوڈ، پاری کی ایگزیکٹو ایڈیٹر ہیں۔ وہ جنگلات، آدیواسیوں اور معاش جیسے موضوعات پر لکھتی ہیں۔ پریتی، پاری کے ’ایجوکیشن‘ والے حصہ کی سربراہ بھی ہیں اور دیہی علاقوں کے مسائل کو کلاس روم اور نصاب تک پہنچانے کے لیے اسکولوں اور کالجوں کے ساتھ مل کر کام کرتی ہیں۔

کے ذریعہ دیگر اسٹوریز Priti David
Editor : Sarbajaya Bhattacharya

سربجیہ بھٹاچاریہ، پاری کی سینئر اسسٹنٹ ایڈیٹر ہیں۔ وہ ایک تجربہ کار بنگالی مترجم ہیں۔ وہ کولکاتا میں رہتی ہیں اور شہر کی تاریخ اور سیاحتی ادب میں دلچسپی رکھتی ہیں۔

کے ذریعہ دیگر اسٹوریز Sarbajaya Bhattacharya
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das