পাকিস্তান সীমান্তৰ পৰা প্ৰায় চাৰি কিলোমিটাৰমান দূৰত্বত ছমছেৰ সিঙে তেওঁৰ ভায়েকৰ গেৰেজত কাম কৰিবলৈ হাতত সঁজুলি-পাতিবোৰ লৈছে। তেওঁ যোৱা তিনিবছৰ ধৰি মেকানিক হিচাপে কাম কৰি আছে, তেওঁ হাতত অৱশ্যে আন কাম নথকা নহয়।
ছমছেৰ (৩৫) ভাৰত আৰু পাকিস্তানৰ মাজত থকা আট্টাৰি-ৱাগা সীমান্তত কাম কৰা তৃতীয় প্ৰজন্মৰ কুলী। তেওঁৰ পৰিয়ালটো ৰাজ্যখনত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাবদ্ধ প্ৰজাপতি সম্প্ৰদায়ৰ।
পাকিস্তানৰ সৈতে পাঞ্জাৱৰ এই সীমান্তত শ শ ট্ৰাকেৰে চিমেণ্ট, জিপচাম আৰু শুকান ফল-মূল আদি ভাৰতলৈ আহে। একেদৰে বিলাহী, আদা-নহৰু, ছ’য়াবিনৰ সাহ আৰু কপাহী সূতাৰ লগতে আন বিভিন্ন সামগ্ৰী ভাৰতৰ পৰা সীমান্ত পাৰ হৈ পাকিস্তানলৈ যায়।
ছমছেৰকে ধৰি আন ১,৫০০ কুলীসকলৰ কাম আছিল “ট্ৰাকৰ পৰা সামগ্ৰী নমাই আন সীমান্ত পাৰ হৈ যাবলগীয়া ট্ৰাকত সেয়া বোজাই কৰা।” সেই অঞ্চলত কোনো কাৰখানা বা উদ্যোগ নাই। আট্টাৰি-ৱাগা সীমান্তৰ আশে-পাশে প্ৰায় ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভূমিহীন বাসিন্দাসকলে সীমান্তৰ এই আদান-প্ৰদানৰ ওপৰতে নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে।
২০১৯ত পুলৱামাত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ৪০ গৰাকী সেনা জোৱানৰ মৃত্যুৰ পিছত পৰিস্থিতি একেবাৰে সলনি হৈ গৈছে, এই আক্ৰমণৰ বাবে চৰকাৰে ইছলামাবাদক দোষ দিছে। ইয়াৰ পিছতে পাকিস্তানক দিয়া ম’ষ্ট ফেভাৰ্ড নেছন (এমএফএন) বাণিজ্যিকি মৰ্য্যাদা উঠাই লয় আৰু আমদানীত ২০০ শতাংশ শুল্ক লগায়। জম্মু-কাশ্মীৰত ৩৭০ অনুসূচী উঠাই লোৱাৰ পিছত পাকিস্তানেও বাণিজ্যিক বাধা-নিষেধ আৰোপ কৰিবলৈ লয়।
সীমান্তত বাস কৰা গাঁৱৰ বাসিন্দাৰ লগতে অমৃতসৰ জিলাৰ প্ৰায় ৯,০০০ পৰিয়াল ইয়াৰ দ্বাৰা বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছিল, ব্যুৰ’ অৱ ৰিচাৰ্ছ অৱ ইণ্ডাষ্ট্ৰি এণ্ড ইকনমিক ফাণ্ডামেণ্টেলচ্ (ব্ৰিফ)য়ে ২০২০ত কৰা এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে।
অমৃতসৰ চহৰত কাম বিচাৰি যাবলৈ হ’লে স্থানীয় বাছত ৩০ কিলোমিটাৰ যাত্ৰা কৰিব লাগে। এই যাতায়াতত কমেও ১০০ টকা খৰছ হয়। দিনহাজিৰা কৰিলে দিনে ৩০০ টকা মজুৰি পায়, “২০০ টকা ঘৰলৈ লৈ অহাৰ অৰ্থ কি থাকিল?”
শ শ কিলোমিটাৰ দূৰত, দিল্লীত কূটনীতিবিদসকলে সিদ্ধান্ত লৈ আছে, কিন্তু কুলীসকলে ভাবে যে তেওঁলোকৰ কথা চৰকাৰে শুনা নাই। কিন্তু সংসদত এজন সদস্য থাকিলে তেওঁলোকৰ কথা দাঙি ধৰিব পাৰিব। তাৰোপৰি সংসদত তেওঁলোকৰ সাংসদ থাকিলে সীমান্ত পুনৰ খোলাৰ কাৰণে হেঁচা দিব পাৰিব, তেতিয়া তেওঁলোকৰ কামবোৰ পুনৰ আৰম্ভ হ’ব।
এতিয়া সীমান্তত কাম কেতিয়াবাহে
থাকে। যেতিয়া আফগানিস্থানৰ পৰা শস্যৰ ট্ৰাক আহে। কুলীসকলে বয়সস্থ কুলীসকলক সেই কাম
কৰিবলৈ দিয়ে, কিয়নো তেওঁলোকৰ বাবে কাম বিচৰা আৰু অধিক কঠিন হৈ পৰে।
কুলীসকলে বুজি পায় যে পোতক তুলিবলৈ সীমান্ত বন্ধ কৰি দিয়া হৈছিল। “পৰ জেদা ইথে বন্দেউনা দা দে চুলে থাণ্ডে কাৰেন লাগে শৌ বাৰি সৌছনা চাহি দা (কিন্তু কিমান মানুহৰ ঘৰৰ চৌকা নজ্বলা হ’ল, সেই কথা তেওঁলোকে চিন্তা কৰি চাব লাগিছিল,” ছমছেৰে কয়।
পাঁচবছৰ ধৰি কুলীসকলে কৰ্তৃপক্ষক
অনুৰোধ জনাই আহিছে, কিন্তু কোনো ফল ধৰা নাই। “ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ এনে এটা
দপ্তৰ নাই, য’ত আমি যোৱা পাঁচ বছৰত সীমান্ত খুলি দিবলৈ মাংগ পত্ৰ (স্মাৰক পত্ৰ) লৈ যোৱা
নাই,” তেওঁ কয়।
কংকে গাঁৱৰ এজন দলিত কুলী সুছা সিঙে কয়, “কংগ্ৰেছ দলৰ অমৃতসৰৰ সাংসদ গুৰজীত সিং ঔজলাই আমাৰ লোকসকলৰ জীৱিকাৰ প্ৰসংগত সীমান্ত খুলি দিয়াৰ বাবে মোদী চৰকাৰক প্ৰায়ে অনুৰোধ জনাইছে। কিন্তু কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ নথকাৰ বাবে চৰকাৰে একো এটা কৰা নাই।”
কুলী হিচাপে কাম হেৰুওৱাৰ পিছত ৫৫ বৰ্ষীয় দলিত মজহবি শিখ লোকজনে ৰাজমিস্ত্ৰী হিচাপে কাম কৰি দিনে প্ৰায় ৩০০ টকা উপাৰ্জন কৰে।
২০২৪ৰ লোকসভা নিৰ্বাচনত তেওঁলোকৰ মাজত সৃষ্টি হোৱা মত মন কৰিবলগীয়া। ছমছেৰে বুজাই কয়, “এইবাৰ নিৰ্বাচনত আমি নোটাত ভোট দিব খুজিছিলো, কিন্তু কেন্দ্ৰ চৰকাৰৰ ওপৰতে আমাৰ জীৱিকা (কুলী হিচাপে) নিৰ্ভৰ কৰে। বিজেপি (ভাৰতীয় জনতা দল)ক ভোট দিয়াৰ আমাৰ অলপো ইচ্ছা নাই। কিন্তু উপায়ো নাই।”
নিৰ্বাচনৰ ফলাফল ২০২৪ৰ ৪ জুনত ঘোষণা কৰা হয় আৰু কংগ্ৰেছ প্ৰাৰ্থী গুৰজীত সিং ঔজলাই পুনৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। সীমান্তৰ ৰাজনীতিত তেওঁৰ ভূমিকা কেনে হ’ব সেয়া লক্ষণীয় হ’ব।
অনুবাদ: পংকজ দাস