ৰঙালী বিহুৰ আগে আগে তাঁতশালত মহিলাৰ ব্যস্ততা বাঢ়ে। তাঁতশালত মাকোৰ খিট্ খিট্ শব্দৰে গোটেই চুবুৰিটো মুখৰিত হৈ পৰে।
ভেল্লাপাৰাৰ নিৰল-নিস্তব্ধ চুবুৰী এটাৰ বাটেৰে গ’লে আপুনি কেৱল শুনিবলৈ পাব পটনে দেউৰীয়ে তাঁতশালত কাপোৰ বৈ থকাৰ খিট্ খিট্ শব্দ। বজ্ৰাঝাৰ গাঁৱৰ নিজ ঘৰত তেওঁ এণ্ডি (এৰী) সূতাৰ গামোচা বৈ আছে। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু নতুন বছৰ উপলক্ষে তেওঁলোকে কাপোৰ বৈ উলিয়াই সাজু হ’ব লাগিব।
কিন্তু এই গামোচাবোৰ তেনেই সাধাৰণ গামোচা নহয়। গুটি গুটি চকুত লগা ফুল তুলিব পৰা ৫৮ বৰ্ষীয় পটনে এগৰাকী পাকৈত শিপিনী। “আলহীক উপহাৰ হিচাপে দিবলগীয়া ৩০ খন গামোচাৰ অৰ্ডাৰ পাইছো, বিহুৰ আগত সেয়া বৈ উলিয়াব লাগিব,” তেওঁ কয়। প্ৰায় ডেৰ মিটাৰমান দৈৰ্ঘ্যৰ গামোচাখন অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা উপাদান। উৎসৱৰ সময়ত স্থানীয় লোকৰ মাজত ভমকাফুলীয়া গামোচাৰ চাহিদা বাঢ়ে, বিশেষকৈ ৰঙা ৰঙৰ ফুল তোলা এই গামোচাই উৎসৱবোৰ ৰঙীন কৰি তোলে।
“কাপোৰত ফুল তোলাটো মোৰ চখ। যি ফুলেই নহওঁক লাগিলে, মই কাপোৰত সেই ফুল হুবহু তুলিব পাৰো। এবাৰ মাত্ৰ ফুলটো দেখা পালেই হ’ল,” সগৌৰৱে হাঁহি মাৰি দেউৰীয়ে কয়। দেউৰী সম্প্ৰদায়টো অসমত অনুসূচিত জনজাতি হিচাপে তালিকাবদ্ধ।












