আমি নিজ চকুৰে দেখিছো- কিন্তু বিশ্বাস হোৱা নাই। সেয়ে গাড়ীখন তেঁও বাঁহ বোজাই কৰা চাইকেলৰ ওচৰ চপাই লৈ গ'লো। গাড়ীৰ পৰা নামি তেঁওলৈ চালো। এয়া সঁচা। তেতিয়াও আমি বিশ্বাস কৰিব পৰা নাছিলো। ৰতন বিশ্বাসে ৪০-৪৫ ফুট দীঘল পাঁচডাল বাঁহ চাইকেলখনত বোজাই কৰি টানকৈ বান্ধি লৈছে। পাঁচডাল বাঁহ বোজাই কৰা চাইকেল ঠেলি তেঁও আগৰতলাৰ বজাৰলৈ গৈ আছে। আগৰতলা ত্ৰিপুৰাৰ ৰাজধানী, তেঁওৰ গাঁৱৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ দূৰ হয়। দীঘল বাঁহবোৰৰ মাটিত চুচৰি অহা মূৰবোৰে যদি শিলগুটি বা আন বস্তুত খুন্দা মাৰে, তেন্তে চাইকেল বাগৰি পৰিব, লগতে বাঁহ আৰু চাইকেলৰ মালিকো পৰিব। এই কাম অত্যন্ত কষ্টকৰ। দীঘল কেঁচা বাঁহবোৰ দেখিলে সিবোৰৰ ওজন অনুমান কৰিব নোৱাৰি। বাঁহ পাঁচডালৰ দুডাল এনেকৈ লগ লগাই বান্ধিছে, দেখিলে চাৰিডাল বাঁহ যেন লাগে। একেলগে বাঁহ পাঁচডালৰ ওজন ২০০ কিলোগ্ৰামৰ সমান হ'ব। চাইকেলৰ মালিক বিশ্বাসে এই কথা জানে। আমাৰ লগত কথা পাতিবলৈ পাই তেঁও ভালেই পালে আৰু তেঁওৰ বাঁহভৰ্তি চাইকেলখনৰ ফটো ল'বলৈও অনুমতি দিলে। চাইকেলখন আমাক এবাৰ ঠেলি চাবলৈ দিয়াৰ ক্ষেত্ৰত তেঁও আগ্ৰহী নহয়। ইয়াৰ পৰিণাম কি হ'ব তেঁও জানে।

মাত্ৰ পাঁচফুট দীঘল এখন চাইকেলত ইমান দীঘল আৰু ওজন থকা বাঁহবোৰ কেনেকৈ আপুনি সমানভাৱে বোজাই কৰি দিয়াৰ সমতা ৰাখে? তেঁও হাঁহিলে আৰু এচটা কাঠ আমাক দেখুৱালে আৰু বাঁহৰ মাৰিকেইডালো দেখুৱালে। চাইকেলখনৰ আগফালে উলম্বভাৱে দুটুকুৰা বাঁহ বান্ধি লয়। চাইকেলৰ ফ্ৰেমৰ তলৰ লোহাৰ লগত এই বাঁহৰ টুকুৰা দুটাৰ মূৰ দুটা টানকৈ বান্ধি লয়। চাইকেলৰ পিচফালে থকা কেৰিয়াৰখনৰ ওপৰতো এফাল বাঁহ পথালিকৈ বান্ধি লয়। প্ৰথমতে তেঁও দুডাল বাঁহ বান্ধি লয়। বাঁহৰ মূৰ আগফাল আৰু পাচফালটো পথালিয়ে বান্ধি থোৱা বাঁহকেইডালৰ ওপৰত লগ লগাই বান্ধে। এডাল বাঁহৰ এটা মূৰ চাইকেলৰ হেণ্ডেলৰ ওপৰত দি বহা ছিটৰ ওপৰেদি দীঘলকৈ বান্ধি লয়।

Ratan Biswas carries five bamboos, each 40-45 feet in length, balanced on and tied to his bicycle.
PHOTO • P. Sainath

এতিয়া বাঁহকেইডালে লৰচৰ কৰিব নোৱাৰে। কিন্তু ইযাৰ ফলত ৰাস্তাত গৈ থাকোতে বাঁহ কেইডাল পিচলৈ পৰি যাব নোৱাৰে। দেখাত গোটেই কামটো বৰ টান যেন নালাগে। চাৰিজনীয়া পৰিয়ালটোৰ ভৰণ-পোষণৰ বাবে দৈনিক জীৱিকা উপাৰ্জনৰ বাবে কৰি থকা বিভিন্ন কামৰ ভিতৰত ৰতন বিশ্বাসে এই কামটোও কৰে। 'ঘৰত মোৰ উপৰি মোৰ পত্নী আৰু দুটা পুত্ৰ সন্তান আছে।' তেঁও ক'লে। 'আমাৰ গাঁওখন জিৰানা উন্নয়ন খণ্ডৰ অন্তৰ্গত (জিলা পশ্চিম ত্ৰিপুৰা)' মই দিন মজুৰী কৰা মানুহ, কাম থাকিলে নিৰ্মান শ্ৰমিক হিচাপে কাম কৰো।' ইয়াৰ অন্যথা তেঁও কৃষিশ্ৰমিক বা বস্তু উঠা-নমা কৰা 'কুলি (Porter)' হিচাপে কাম কৰে।

Less than a fourth of the total length sticks out at the front of the cycle. The huge, main body protrudes from the back of the cycle. We still couldn’t figure out how and why the rear end did not touch the ground. Biswas smiled patiently at our wonder
PHOTO • P. Sainath

বাঁহবোৰৰ এক চতুৰ্থাংশ চাইকেলৰ আগফালে ওলাই থাকে। বাঁহবোৰৰ মোটা শকত গুৰিবোৰ চাইকেলৰ পিচফালে ওলাই থাকে যদিও মাটিত লাগি নাযায়। আমাৰ আশ্চৰ্যকৰ অনুভৱ দেখি তেঁও অতি সংযতভাৱে আমালৈ চাই হাঁহিলে।

'নাই, বাঁহবোৰ মই নিজে নাকাটো। সেইটো আৰু দিগদাৰি। আমাৰ গাঁৱলৈ মানুহে যেতিয়া বাঁহ লৈ আহো, মই সেই মানুহৰ পৰা ক্ৰয় কৰো।' তেঁও ক'লে। আগৰতলা বজাৰত যদি আটাইকেইডাল বাঁহ বিক্ৰী কৰিব পাৰে, তেন্তে বিশ্বাসে নগদ ২০০ টকা লাভ কৰিব পাৰিব। ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণমাধ্যম বিভাগৰ প্ৰবক্তা তথা মোৰ সহযাত্ৰী সুনীল কালায়ে মোক ক'লে যে বিশ্বাসে চমু ৰাস্তাৰে আগৰতলা বজাৰলৈ আহিব পাৰে। কিন্তু তেঁওৰ চাইকেলত বোজাই কৰা দীঘল বাঁহবোৰৰ কাৰণে সম্ভৱ তেঁও চমু ৰাস্তাৰে অহা নাই। আমি আমাৰ গাড়ীত উঠি ইয়াৰ পিচৰ জিলাখনৰ আমবাছালৈ ৰাওনা হ'লো। বিশ্বাসে আমাৰ বিৰীত দিশে চাইকেলখন ঠেলিবলৈ ধৰিলে, ৪০ ফুট দীঘৰ বাঁহৰ জোকৰণিও শব্দও আমাৰ কাণৰ পৰা মাৰ গ'ল।

Biswas pushes off in the opposite direction, his bicycle's 40-feet tail wagging gently behind him
PHOTO • P. Sainath

অনুবাদঃ পংকজ দাস

پی سائی ناتھ ’پیپلز آرکائیو آف رورل انڈیا‘ کے بانی ایڈیٹر ہیں۔ وہ کئی دہائیوں تک دیہی ہندوستان کے رپورٹر رہے اور Everybody Loves a Good Drought اور The Last Heroes: Foot Soldiers of Indian Freedom کے مصنف ہیں۔

کے ذریعہ دیگر اسٹوریز پی۔ سائی ناتھ
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das