সুখমতী দেৱীৰ আজিকালি খোজ থৰক-বৰক হয়। পাহাৰীয়া বাটত ওপৰলৈ-তললৈ অহা-যোৱা কৰোঁতে এই অৱস্থা। ৬৫ বৰ্ষীয় খেতিয়ক সুখমতীৰ গাওঁ কুটী ৩৬০০ মিটাৰ উচ্চতাত অৱস্থিত। দশকৰ পিছত দশক তালৈ ৭০ কিলোমিটাৰৰ বাট বগাই আহিছে সুখমতীয়ে। মে’ৰ পৰা নৱেম্বৰ মাহলৈ তাই কুটীত থাকে। বৰফে গাওঁখন ঢাকি পেলোৱা দিনবোৰত ৭০ কিলোমিটাৰ তলত থকা ৯০০ মিটাৰ উচ্চতাৰ ধাৰাচুলা চহৰত তাই আশ্ৰয় লয়হি।
ওখ পাহাৰত যেতিয়া আধা কিলোমিটাৰ বাট বগাবলৈ ঘণ্টাৰ পিছত ঘণ্টা কষ্ট কৰিবলগীয়া হয়, তেতিয়া তাই মাজে-সময়ে ঘোৰাৰ সহায়ো লয়। কিন্তু সেয়াও আজিকালি সহজ হৈ থকা নাই। বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা শিল-বালিয়ে ৰাস্তাৰ চিন-মোকাম নাইকিয়া কৰিছে। গাঁৱৰ মানুহে কোৱা মতে সীমান্ত পথ সংস্থা (বৰ্ডাৰ ৰোডচ্ অৰ্গেনাইজেছন)এ লিপুলেখ পাছলৈ পথ নিৰ্মাণৰ সময়ত ডাইনামাইটেৰে পাহাৰত ঘটোৱা বিস্ফোৰণৰ বাবে এনে হোৱা বুলি কয়।
সেয়ে সুখমতীৰ বছৰেকত কৰা যাত্ৰাৰ পথ শিল-বালিয়ে আগুৰি পেলোৱাৰ ফলত অধিক দুৰ্বিসহ হৈ পৰিছে। যাত্ৰাপথত কেতিয়াবা থিয় শিল বগাবলগীয়া হয়, আকৌ কেতিয়াবা কালি আৰু কুটী-য়াংগটি নৈৰ কোবাল ধাৰ পাৰ হ’বলগা হয়। ‘এদিন মই চাৰিচকীয়াত মোৰ গাঁৱলৈ যাব পাৰিম বুলি আশা কৰোঁ,’ আমি ২০১৭ত কুটীলৈকে ৭০ কিলোমিটাৰ বাট খোজকাঢ়ি যাওতে তাই কৈছিল। হিমালয়ৰ ব্যাস উপত্যকাত ৩৬৩জন মানুহ থকা তাইৰ গাওঁখনলৈ যাওতে পাঁচ দিন লাগিছিল।
সুখমতী দেৱী (বেটুপাতৰ আলোকচিত্ৰত থকা) হৈছে ভূটীয়া অনুসূচীত জনজাতিৰ লোক। ভাৰত-চীন সীমান্তত সাতখন গাঁৱত থকা ২০৫৯ গৰাকী লোকৰ বাবে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ মূল ইচ্ছ্যুটোৱে হৈছে ৰাস্তা। প্ৰতিটো নিৰ্বাচন, ৰাজ্যিক কিম্বা সাধাৰণ নিৰ্বাচনত তেওঁলোকৰ চিন্তাৰ মূল বিষয়বোৰৰ মাজৰ এটা হৈছে ৰাস্তা। ১১ এপ্ৰিলৰ দিনা এই গাওঁবোৰত ভোটদান অনুষ্ঠিত হ’ব।










