শস্তি ভূনিয়াই যোৱা বছৰ বিদ্যালয় এৰিছিল। তাৰ পাছত তাই সুন্দৰবন অঞ্চলত অৱস্থিত তাইৰ গাঁও সীতাৰামপুৰৰ পৰা প্রায় ২,০০০ কিল’মিটাৰ দূৰৈৰ বেংগালুৰুলৈ বুলি ট্রেইনত উঠিছিল। “আমি অত্যন্ত দুখীয়া। মই বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰিবলৈ পোৱা নাছিলোঁ”, তাই কয়। শস্তি ১৬ বছৰীয়া আৰু তাই ৯ম শ্রেণীত অধ্যয়ন কৰি আছিল আৰু পশ্চিমবঙ্গকে ধৰি সমগ্র ভাৰতত চৰকাৰী বিদ্যালয় সমুহত কেৱল অষ্টম শ্রেণীলৈকেহে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছে।

এই বছৰৰ মার্চত শস্তিয়ে দক্ষিণ ২৪ পৰগনা জিলাৰ কাকদ্বীপ খণ্ডত থকা তাইৰ গাঁৱলৈ উভতি আহে। লকডাউনৰ বাবে বেংগালুৰুত তাইৰ ঘৰুৱা সহায়িকাৰ কামটো এৰি দিব লগা হয়। তাৰ লগে লগে তাইৰ ৭,০০০ টকাৰ উপার্জন- যাৰ কিছু অংশ প্রতিমাহে তাই ঘৰলৈকো পঠাইছিল, সিও বন্ধ হৈ পৰে।

গাঁওখনৰ অন্য বহুতৰ দৰে, শস্তিৰ পিতৃ ৪৪ বছৰীয়া ধনঞ্জয় ভূনিয়াইও সীতাৰাম উপকূলৰ ঠিক কাষৰ নায়াচৰ দ্বীপত এজন মাছমৰীয়া হিচাপে কাম কৰে। তেওঁ খালী হাতেৰে নাইবা কেতিয়াবা সৰু জালেৰে মাছ আৰু কেঁকোৰা ধৰে, যিবোৰ ওচৰ-পাজৰৰ বজাৰত বিক্রী কৰে। তেওঁ প্রতি ১০-১৫ দিনৰ মূৰত ঘৰলৈ আহে।

মাটি লেপা বেৰেৰে খেৰী জুপুৰীটোত ধনঞ্জয়ৰ মাতৃ মহাৰাণী, দুই জীয়াৰী ২১ বছৰীয়া জঞ্জালি তথা ১৮ বছৰীয়া শস্তি আৰু ১৪ বছৰীয়া পুত্র সুব্রত থাকে। তেওঁৰ পত্নী সুব্রত জন্ম হোৱাৰ কিছুমাহৰ পাছতে ঢুকাইছিল। “আমি দ্বীপটোত আগৰ দৰে মাছ আৰু কেঁকোৰা নোপোৱা হ’লো, (আগৰ বছৰবোৰতকৈ এতিয়া) আমাৰ উপার্জন বহুত কমি আহিল”, ধনঞ্জয়ে কয়। তেওঁৰ মাহিলী উপার্জন বর্তমান ২০০০ ৰপৰা ৩০০০ টকা। “এতিয়া আমি জীয়াই থাকিবলৈ মাছ আৰু কেঁকোৰা ধৰিব লাগে। সিহঁতক বিদ্যালয়লৈ পঠিয়াই কি পাম?”

যিদৰে শস্তিয়ে বিদ্যালয় এৰিছিল, ঠিক একেদৰে আন আন শিক্ষাৰ্থীয়েও সুন্দৰবনৰ শ্রেণীবোৰৰ পৰা খুব সোনকালে নোহোৱা হ’ব ধৰিছে। লৱণযুক্ত মাটিত খেতি কৰাটো কঠিন হৈ আহিছে, আৰু বহল হৈ অহা নদী তথা বাৰে বাৰে অহা ঘূর্ণীয়ে বদ্বীপটোত তেওঁলোকৰ ঘৰবোৰ বিধ্বস্ত কৰি যাব ধৰিছে। ফলস্বৰূপে, এই অঞ্চলটোৰ গাওঁসমূহৰ বহুজনে জীৱিকাৰ তাগিদাত প্রব্রজন কৰিছে। আনকি প্রথম প্রজন্মৰ শিকাৰু শিশুহঁতো ১৩-১৪ বছৰত কামৰ সন্ধানত প্রব্রজন কৰিবলৈ বাধ্য হৈছে। তাৰ পাছত আৰু সিহঁত শ্রেণীকোঠালৈ ঘূৰি আহিব নোৱাৰে।

Janjali (left) and Shasti Bhuniya. Shasti dropped out of school and went to Bengaluru for a job as a domestic worker; when she returned during the lockdown, her father got her married to Tapas Naiya (right)
PHOTO • Sovan Daniary
Janjali (left) and Shasti Bhuniya. Shasti dropped out of school and went to Bengaluru for a job as a domestic worker; when she returned during the lockdown, her father got her married to Tapas Naiya (right)
PHOTO • Sovan Daniary

জঞ্জালি (বাঁওহাতে) আৰু শস্তি ভূনিয়া শস্তিয়ে বিদ্যালয় এৰি এগৰাকী ঘৰুৱা সহায়িকা হিচাপে কাম কৰিবলৈ বেংগালুৰুলৈ যায় ; লকডাউনৰ সময়ত যেতিয়া তাই ঘূৰি আহে, তাইৰ দেউতাকে তাইক তাপস নাইয়া (সোঁহাতে)ৰ লগত বিয়া দিয়ে

দক্ষিণ ২৪ পৰগনা জিলাত ৭,৬৮,৭৫৮ গৰাকী বিদ্যার্থী ৩,৫৮৪ খন চৰকাৰী সাহায্যত চলা প্রাথমিক বিদ্যালয়ত আৰু ৪,৩২,২৬৮ গৰাকী ৮০৩ খন উচ্চ প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰে। এওঁলোকৰ বেছিভাগেই এৰি অহা বিদ্যালয়সমূহ হৈছে অতিকৈ কম কর্মচাৰীযুক্ত আৰু ভগা শ্রেণীকোঠাৰ, যিটো পৰিৱেশ সিহঁতক পুনৰ ঘূৰাই আনিবলৈকো সক্ষম নহয়।

সাগৰ খণ্ডৰ বানপানী আৰু জলমগ্নতা প্ৰৱণ ক্ষেত্ৰত বিশেষভাৱে স্পৰ্শকাতৰ ঘোৰামৰা দ্বীপৰ এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছক বেৰাই কয় যে, “২০০৯ চনৰ পৰা [সুন্দৰবন অঞ্চলত] বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ তীব্ৰভাৱে বৃদ্ধি পাইছে। তেওঁ সেই বছৰটোৰ কথা কৈছে যিটো বছৰত আইলা ঘূৰ্ণীবতাহে অঞ্চলটোত আঘাত হানিছিল, ব্যাপক ধ্বংসযজ্ঞ চলাইছিল আৰু ফলত বহুলোকে প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল। তাৰ পিছৰ পৰাই কেইবাটাও ধুমুহা আৰু ঘূৰ্ণীবতাহত মাটি আৰু পুখুৰীৰ লৱণীয়তা বৃদ্ধি হোৱাটোৱে পৰিয়ালসমূহক বিদ্যালয়লৈ যোৱা আৰু অধিক কিশোৰ-কিশোৰীক কামলৈ পঠিয়াবলৈ বাধ্য কৰাইছে।

গোসাবা খণ্ডৰ আমতলি গাঁৱৰ অমৃতা নগৰ হাইস্কুলৰ শিক্ষক অমিয় মণ্ডলে কয় যে, “ইয়াত নদীখনে আমাৰ মাটি, ঘৰ আৰু ঘৰ কাঢ়ি লৈ যায়, আৰু ধুমুহাই আমাৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ যায়, আমি [শিক্ষকসকলে] অসহায় অনুভৱ কৰোঁ।”

গোলকীয় প্ৰেক্ষাপটত নিৰ্ধাৰিত লক্ষ্য আৰু নীতিসমূহৰ বিপৰীতে এই খালী শ্ৰেণীকোঠাবোৰে অন্য এক বাস্তৱ পৰিস্থিতিৰ কথা কয়৷ ২০১৫ চনত ভাৰতে ২০৩০ চনৰ বাবে ৰাষ্ট্ৰসংঘৰ ১৭ টা বহনক্ষম উন্নয়নৰ লক্ষ্য গ্ৰহণ কৰিছিল; ইয়াৰ চতুৰ্থটো হ’ল “সকলোৰে বাবে সমগ্ৰতাপূৰ্ণ আৰু সমতাপূৰ্ণ গুণগত শিক্ষা নিশ্চিত কৰা আৰু আজীৱন শিক্ষণৰ সুযোগ প্ৰসাৰ কৰা।” দেশৰ শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ এ ৬ ৰপৰা ১৪ বছৰৰ ভিতৰৰ সকলো শিশুকে সামৰি লৈছে। ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো, ২০০৫ ত, বিশেষকৈ প্ৰান্তীয় শ্ৰেণীৰ আৰু বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে অন্তৰ্ভুক্ত শ্ৰেণীকোঠাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস কৰিবলৈ কেইবাখনো বৃত্তি আৰু সাহাৰ্যমূলক আঁচনিও আগবঢ়ায়।

কিন্তু সুন্দৰবন বদ্বীপৰ বিদ্যালয়সমূহে এতিয়াও ক্ৰমে ধীৰে ধীৰে ছাত্ৰ-ছাত্ৰী হেৰুৱাই আছে। ইয়াত এজন শিক্ষক হিচাপে শ্ৰেণীকোঠাত হেৰাই যোৱা মুখবোৰ বিচাৰি ফুৰা কথাটো মোৰ ঠিক ডুবিব ধৰা মাটিৰ সোঁমাজত থিয় হৈ থকাৰ দৰে যেন অনুভৱ হয়।

PHOTO • Sovan Daniary

বিদ্যালয় এৰি যোৱাসকলৰ ভিতৰৰ এজন মোস্তাকিন জামাদাৰ ‘উপাৰ্জন কৰিবলৈ আৰু আমাৰ পৰিয়ালটোক সহায় কৰিবলৈ মই মোৰ ল’ৰাটোক মীনপাম এটাত পূৰ্ণকালীন কাম এটাত সুমুৱাই দিছো, তেওঁৰ দেউতাকে কয়

“পঢ়া-শুনা কৰি কি হ’ব? ঠিক দেউতাৰ দৰে মইও গৈ নদীত মাছ-কেঁকোৰাই ধৰিব লাগিব“, এই বছৰৰ ২০ মে’ত পাথৰপ্ৰতিমা খণ্ডত থকা তেওঁৰ গাঁও বুৰাবুৰীৰ টাতক আমফান ঘূৰ্ণীবতাহে আঘাত কৰাৰ কিছু সময়ৰ পিছতে মোৰ ছাত্ৰ ৰবীন ভুনিয়াই মোক কৈছিল। ১৭ বছৰীয়া ৰবীনে দুবছৰ পূৰ্বে দেউতাকক মাছ ধৰাত সহায় কৰিবলৈ বাদ দিছিল। আমফানে নিজৰ ঘৰখন ভাঙি পেলালে আৰু নিজৰ গাঁওখন লুণীয়া পানীয়ে বুৰাই পেলালে। সপ্তমুখীৰ পানীৰ ফালে আঙুলিয়াই তেওঁ কৈছিল: “এই নদীয়ে আমাৰ সকলোকে অঘৰী কৰি পেলাব।”

শিক্ষা এৰি যোৱাসকলৰ ভিতৰত শস্তিৰ একেখন গাঁৱৰ ১৭ বছৰীয়া মোস্তাকিন জামাদাৰো আছে। দুবছৰ আগতে নৱম শ্ৰেণীত পঢ়ি থাকোঁতে বিদ্যালয় কিয় বাদ দিছিল, সেই বিষয়ে তেওঁ কয়, “পঢ়া-শুনাৰ পৰা মই কোনো আনন্দ নাপাওঁ।” তেওঁৰ পিতৃ ইলিয়াছ জামাদাৰে লগতে কয়, “উপাৰ্জন কৰিবলৈ আৰু পৰিয়ালটোক ভৰণ-পোষণ দিবলৈ মই মোৰ ল’ৰাটোক মীনপাম এটাত পূৰ্ণকালীন চাকৰিত ৰাখিছোঁ। শিক্ষাই একো ফল নিদিয়ে। ই মোকো সহায় কৰা নাছিল।” ৪৯ বছৰীয়া ইলিয়াছে ৬ষ্ঠ শ্ৰেণীৰ পিছত জীৱিকাৰ বাবে বিদ্যালয় বাদ দিছিল আৰু পিছলৈ কেৰালালৈ প্ৰব্ৰজন কৰি ৰাজমিস্ত্ৰীৰ কাম কৰিছিল।

বিদ্যালয় এৰাটোৱে বিশেষকৈ ছোৱালীবোৰৰ ওপৰত প্ৰভাৱ পেলায় – তেওঁলোকৰ অধিক সংখ্যক হয় ঘৰতে থাকে নাইবা বিয়া হৈ যায়। কাকদ্বীপ খণ্ডৰ শিৱকালিনগৰ গাঁৱৰ আই.এম. হাইস্কুলৰ প্ৰধান শিক্ষক দিলীপ বৈৰাগীয়ে ২০১৯ চনত কৈছিল, “যেতিয়া মই ৰাখী হাজৰা [সপ্তম শ্ৰেণীৰ ছাত্ৰী]ক যোৱা ১৬ দিন ধৰি কিয় অনুপস্থিত আছিল বুলি সুধিছিলো, তাই কান্দিবলৈ ধৰিছিল।” “তাই কৈছিল যে হুগলী নদীত তাইৰ মাক-দেউতাক দুয়োজনে কেঁকোৰা ধৰিবলৈ যোৱাৰ সময়ত তাই তাইৰ তিনিবছৰীয়া ভায়েকটোক (৩য় শ্ৰেণীত পঢ়ি থকা) চাব লাগে।”

লকডাউনৰ ফলত শিক্ষা পৰিহাৰ কৰা বিদ্যাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে। আৰ্থিক অনাটন লাঘৱ কৰিবলৈ যেতিয়া পৰিয়ালটোৱে জীয়েকৰ বিয়াৰ ব্যৱস্থা কৰে, তেতিয়া বুৰাবুৰীৰ টাট গাঁৱৰ মাছমৰীয়া অমল শ্বীটে নৱম শ্ৰেণীত পঢ়ি থকা ১৬ বছৰীয়া কন্যা কুমকুমক বিদ্যালয় এৰিবলৈ কয়। ছজনীয়া পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী অমলে কয়, “নদীখনে আগৰ দৰে মাছৰ যোগান নধৰে। সেইবাবেই, পঢ়া-শুনা কৰি থকা স্বত্বেও মই তাইক লকডাউনৰ সময়ত বিয়া পাতি দিলোঁ।”

২০১৯ চনৰ ইউনিচেফৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতৰ ২২.৩ কোটি নাবালিকা কইনাৰ (১৮ বছৰৰ আগতে বিয়া হোৱা) ভিতৰত ২২ নিযুত গৰাকী পশ্চিম বংগৰ।

PHOTO • Sovan Daniary

কুমকুম (বাওঁফালে) নৱম শ্ৰেণীত পঢ়ে, আনহাতে সুজন শীত বুৰাবুৰীৰ টাট গাঁৱত ষষ্ঠ শ্ৰেণীত পঢ়ে ‘নদীখনত আগৰ দৰে মাছ নাই’, সিহঁতৰ দেউতাকে কয় ‘সেইবাবেই মই তাইক [কুমকুম]ক লকডাউনৰ সময়ত বিয়া দি দিলো

“বংগ চৰকাৰৰ পৰা সাহায্য পোৱাৰ পিছতো [শিক্ষা অব্যাহত ৰাখিবলৈ] ইয়াত [সুন্দৰবন অঞ্চলত] বৃহৎ সংখ্যক বাল্যবিবাহ হয়। বেছিভাগ পিতৃ-মাতৃ আৰু অভিভাৱকে ভাবে যে কন্যা সন্তানক পঢ়ালে ঘৰখনৰ কোনো লাভ নহয়, আৰু তাৰোপৰি এজন খাওঁতা কমিলে কিছু টকাও ৰাহি হ’ব”-  পাথৰপ্ৰতিমা খণ্ডৰ শিৱনগৰ মোক্ষদা সুন্দৰী বিদ্যামন্দিৰৰ প্ৰধান শিক্ষক বিমান মাইটিয়ে কয়।

“ক’ভিড-১৯ লকডাউনৰ বাবে বিদ্যালয়সমূহ দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে আৰু কোনো ধৰণৰ অধ্যয়ন চলি থকা নাই,” মাইটিয়ে আৰু কয়। “শিক্ষা ক্ষেত্ৰখনৰ পৰা ছাত্ৰ-ছাত্ৰী হেৰাই গৈছে। এই ক্ষতিৰ পিছত তেওঁলোক ঘূৰি নাহে। তেওঁলোক নোহোৱা হৈ যায়, আৰু কেতিয়াও বিচাৰি পোৱা নাযায়।”

জুন মাহৰ মাজভাগত শস্তি ভূনিয়া যেতিয়া বেংগালুৰুৰ পৰা উভতি আহিছিল, তেতিয়া তাইকো বিয়াৰ বাবে হেঁচা দিয়া হৈছিল। ২১ বছৰীয়া তাপস নাইয়া তাইৰ সৈতে একেখন বিদ্যালয়তে পঢ়িছিল আৰু ১৭ বছৰ বয়সত অষ্টম শ্ৰেণীত শিক্ষা এৰিছিল। তেওঁৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ নাছিল আৰু পৰিয়ালটোক ভৰণ-পোষণ দিব বিচাৰিছিল, সেয়েহে তেওঁ কেৰেলাত ৰাজমিস্ত্ৰীৰ কাম বিচাৰি লৈছিল। লকডাউনৰ বাবে মে’ মাহত তেওঁ গাঁৱলৈ উভতি আহিছিল। শস্তিয়ে জনায়, “তেওঁ এতিয়া শিবকালিনগৰৰ এখন হাঁহ-কুকুৰাৰ দোকানত কাম কৰি আছে”।

তাইৰ বায়েক ২১ বছৰীয়া জঞ্জালি ভূনিয়া, যি কাণেৰে নুশুনে আৰু চকুৰেও নেদেখে, তাইয়ো অষ্টম শ্ৰেণীলৈকে পঢ়ি বিদ্যালয় শিক্ষা এৰিছিল, যেতিয়া তাইৰ বয়স ১৮ বছৰ আছিল। এবছৰৰ পিছত তাইৰ বিয়া হৈছিল এতিয়া ২৭ বছৰীয়া উৎপল মণ্ডলৰ সৈতে যি অষ্টম শ্ৰেণীত থকা অৱস্থাত কুলপি খণ্ডৰ তেওঁৰ গাঁও নুতন ত্যংগ্ৰাচাৰৰ বিদ্যালয় এৰিছিল। মণ্ডল সৰুতে পলিঅ’মাইলাইটিছত আক্ৰান্ত হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁৰ খোজ কাঢ়িবলৈ অসুবিধা হৈছিল। তেওঁ কয়, “মই নিজৰ হাত-ভৰিত ভৰ দি বিদ্যালয়লৈ যাব পৰা নাছিলো, আৰু আমাৰ হাতত হুইল চেয়াৰৰ বাবে টকাও নাছিল। মই ইচ্ছা থকাৰ পাছতো পঢ়িব পৰা নাছিলো।”

শস্তি আৰু জঞ্জালিক ডাঙৰ কৰা, তেওঁলোকৰ ৮৮ বছৰীয়া আইতাক মহাৰাণীয়ে কয় যে, “মোৰ নাতিনী দুজনীয়ে পঢ়িব পৰা নাছিল”। এতিয়া ক’ভিড-১৯ লকডাউনৰ বাবে বিদ্যালয় বন্ধ হৈ থকাৰ সময়ত তেওঁ কয়, “মোৰ নাতিটোৱে [সুব্ৰত] পঢ়িব পাৰিব নে নাই নাজানো।”

PHOTO • Sovan Daniary

১৪ বছৰীয়া সান্তনা পাহাৰ , কাকদ্বীপ খণ্ডৰ সীতাৰমপুৰ গাঁৱৰ বজাৰবেৰীয়া ঠাকুৰচাক শিক্ষা সদন হাইস্কুলত অষ্টম শ্ৰেণীত পঢ়ি আছে ২০১৯ চনৰ ইউনিচেফৰ এক প্ৰতিবেদনত উল্লেখ কৰা মতে ভাৰতৰ ২২৩ নিযুত নাবালিকা কইনাৰ (১৮ বছৰৰ আগতে বিয়া হোৱা) ভিতৰত ২২ নিযুত পশ্চিমবংগৰ

PHOTO • Sovan Daniary

বাপি মণ্ডল (১১), নামখানা খণ্ডৰ বলিয়াৰা কিশোৰ হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ২০ মে ’ত আমফান ঘূৰ্ণীবতাহৰ আঘাতৰ পিছত তেওঁ আৰু তেওঁৰ পৰিয়ালটোৱে এমাহৰো অধিক সময় এটা সাহায্য কেন্দ্ৰত থাকি তাৰ পিছত মাটি, বাঁহৰ খুঁটা আৰু টাৰ্প’লিন ব্যৱহাৰ কৰি নিজৰ ঘৰটো পুনৰ নিৰ্মাণ কৰে ধুমুহা আৰু ঘূৰ্ণীবতাহ অধিক ঘটনাৰ ফলত মাটি আৰু পুখুৰীৰ লুণীয়া গুণ পাইছে , যাৰ বাবে পৰিয়ালসমূহে বিদ্যালয়লৈ যোৱা কিশোৰ-কিশোৰীৰ অধিক সংখ্যকক কামলৈ পঠিয়াবলৈ বাধ্য হৈছে

Sujata Jana, 9, is a Class 3 student (left) and Raju Maity, 8, is in Class 2 (right); both live in Buraburir Tat village, Patharpratima block. Their fathers are fishermen, but the catch is depleting over the years and education is taking a hit as older children drop out of school to seek work
PHOTO • Sovan Daniary
Sujata Jana, 9, is a Class 3 student (left) and Raju Maity, 8, is in Class 2 (right); both live in Buraburir Tat village, Patharpratima block. Their fathers are fishermen, but the catch is depleting over the years and education is taking a hit as older children drop out of school to seek work
PHOTO • Sovan Daniary

বছৰীয়া সুজাতা জানা তৃতীয় শ্ৰেণীৰ ছাত্ৰী (বাওঁফালে) আৰু ৰাজু মাইটি (৮) দ্বিতীয় শ্ৰেণীত পঢ়ি আছে (সোঁফালে); দুয়োজনেই পাথৰপ্ৰতিমা খণ্ডৰ বুৰাবুৰীৰ টাট গাঁৱত থাকে তেওঁলোকৰ পিতৃ মাছমৰীয়া যদিও বছৰবোৰত ক্ৰমান্বয়ে মাছৰ পৰিমাণ কমি আহিছে আৰু তুলনামূলকভাৱে ডাঙৰ ল ’ৰা-ছোৱালীবোৰে কাম বিচাৰি বিদ্যালয় এৰি দিয়াৰ লগে লগে শিক্ষাব্যৱস্থা যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে

Sujata Jana, 9, is a Class 3 student (left) and Raju Maity, 8, is in Class 2 (right); both live in Buraburir Tat village, Patharpratima block. Their fathers are fishermen, but the catch is depleting over the years and education is taking a hit as older children drop out of school to seek work
PHOTO • Sovan Daniary
Sujata Jana, 9, is a Class 3 student (left) and Raju Maity, 8, is in Class 2 (right); both live in Buraburir Tat village, Patharpratima block. Their fathers are fishermen, but the catch is depleting over the years and education is taking a hit as older children drop out of school to seek work
PHOTO • Sovan Daniary

বাওঁফালে : পাথৰপ্ৰতিমা খণ্ডৰ শিৱনগৰ মোক্ষদা সুন্দৰী বিদ্যামন্দিৰত মধ্যাহ্ন ভোজনৰ সৈতে ছাত্ৰ-ছাত্ৰী সোঁফালে : ঘোৰামৰা মিলন বিদ্যাপীঠ হাইস্কুল, ঘোৰামৰা দ্বীপ পশ্চিমবংগত আৰু সমগ্ৰ ভাৰতবৰ্ষত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীক অষ্টম শ্ৰেণীলৈকেহে মধ্যাহ্ন ভোজন দিয়া হয়; বহুতে তাৰ পিছতে বিদ্যালয় এৰে

Left: Debika Bera, a Class 7 schoolgirl, in what remains of her house in Patharpratima block’s Chhoto Banashyam Nagar village, which Cyclone Amphan swept away. The wrecked television set was her family’s only electronic device; she and her five-year-old sister Purobi have no means of 'e-learning' during the lockdown. Right: Suparna Hazra, 14, a Class 8 student in Amrita Nagar High School in Amtali village, Gosaba block and her brother Raju, a Class 3 student
PHOTO • Sovan Daniary
Left: Debika Bera, a Class 7 schoolgirl, in what remains of her house in Patharpratima block’s Chhoto Banashyam Nagar village, which Cyclone Amphan swept away. The wrecked television set was her family’s only electronic device; she and her five-year-old sister Purobi have no means of 'e-learning' during the lockdown. Right: Suparna Hazra, 14, a Class 8 student in Amrita Nagar High School in Amtali village, Gosaba block and her brother Raju, a Class 3 student
PHOTO • Sovan Daniary

বাওঁফালে : আমফান ঘূৰ্ণীবতাহে উটুৱাই নিয়া পাথৰপ্ৰতিমা খণ্ডৰ ছ’ট’ বানাশ্যাম নগৰ গাঁৱত নিজৰ ঘৰৰ অৱশিষ্টখিনিৰ সৈতে ৭ম শ্ৰেণীৰ স্কুলীয়া ছাত্ৰী দেৱিকা বেৰা ধ্বংসপ্ৰাপ্ত টেলিভিছন চেটটো আছিল তাইৰ পৰিয়ালৰ একমাত্ৰ ইলেক্ট্ৰনিক যন্ত্ৰ ; লকডাউনৰ সময়ছোৱাত তেওঁ আৰু পাঁচ বছৰীয়া ভনীয়েক পূৰৱীৰ হাতত ‘ই-লাৰ্নিং’ৰ বাবে কোনো সাধন নাই সোঁফালে : গোসাবা খণ্ডৰ আমতালি গাঁৱৰ অমৃতা নগৰ হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী সুপৰ্ণা হাজৰা (১৪) আৰু তেওঁৰ ভাতৃ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ৰাজু

PHOTO • Sovan Daniary

বুৰাবুৰীৰ টাট জুনিয়ৰ হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ কৃষ্ণেন্দু বেৰা আমফান ঘূৰ্ণীবতাহৰ পিছত ধ্বংসপ্ৰাপ্ত তেওঁলোকৰ ঘৰৰ সন্মুখত তেওঁৰ সকলো কিতাপ , ষ্টেচনাৰী আৰু আন আন বস্তু হেৰায় এই আলোকচিত্ৰখন তোলাৰ সময়ত তেওঁ পিতৃ স্বপন বেৰাক মাটিলেপা বেৰ -খেৰৰ চালিৰে মাটিৰ ঘৰ এটা নিৰ্মাণ কৰাত সহায় কৰি আছিল স্কুলীয়া শিক্ষাই গৌণ স্থান ল ’লেগৈ

PHOTO • Sovan Daniary

১১ বছৰীয়া ৰুমী মণ্ডল গোসাবা খণ্ডৰ অমৃতা নগৰ হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী এই আলোকচিত্ৰখন আমফানৰ কিছু সময়ৰ পিছতে তেওঁ মাকক বেচৰকাৰী সংগঠন আৰু অন্যান্য সংস্থাৰ পৰা সাহায্য় লাভ কৰাত সহায় কৰি থকাৰ সময়ত তোলা হৈছিল এগৰাকী শিক্ষকে কয় , 'ইয়াত নদীখনে আমাৰ মাটি, ঘৰ আৰু পৰিয়াল কাঢ়ি লৈ যায় আৰু ধুমুহাই [লৈ যায়] আমাৰ ছাত্ৰ-ছাত্ৰীসকলক'

PHOTO • Sovan Daniary

আমফান ঘূৰ্ণীবতাহৰ পিছত গোসাবা খণ্ডৰ পুইঞ্জলি গাঁৱৰ নিজৰ ঘৰৰ সন্মুখত ৰেৱতী মণ্ডল ঘৰ আৰু অন্যান্য সম্পদসমূহ হেৰুৱাই তাইৰ সন্তান – প্ৰণয় মণ্ডল (১৬, দশম শ্ৰেণী) আৰু পূজা মণ্ডলে (১১, ষষ্ঠ শ্ৰেণী) পুনৰ শিক্ষা আৰম্ভ কৰাত অসুবিধা পাব

Left: Anjuman Bibi of Ghoramara island cradles her nine-month-old son Aynur Molla. Her elder son Mofizur Rahman dropped out of school in Class 8 to support the family. Right: Asmina Khatun, 18, has made it to Class 12 in Baliara village in Mousuni Island, Namkhana block. Her brother, 20-year-old Yesmin Shah, dropped out of school in Class 9 and migrated to Kerala to work as a mason
PHOTO • Sovan Daniary
Left: Anjuman Bibi of Ghoramara island cradles her nine-month-old son Aynur Molla. Her elder son Mofizur Rahman dropped out of school in Class 8 to support the family. Right: Asmina Khatun, 18, has made it to Class 12 in Baliara village in Mousuni Island, Namkhana block. Her brother, 20-year-old Yesmin Shah, dropped out of school in Class 9 and migrated to Kerala to work as a mason
PHOTO • Sovan Daniary

বাওঁফালে : নিজৰ ন মহীয়া পুত্ৰ আয়নুৰ মোল্লাক ওমলাই থকা অৱস্থাত ঘোৰামৰা দ্বীপৰ অঞ্জুমন বিবি তেওঁৰ জ্যেষ্ঠ পুত্ৰ মফিজুৰ ৰহমানে পৰিয়ালক সহায় কৰিবলৈ অষ্টম শ্ৰেণীত বিদ্যালয় এৰে সোঁফালে : নামখানা খণ্ডৰ মৌচুনি দ্বীপৰ বালিয়াৰা গাঁৱৰ ১৮ বছৰীয়া আছমিনা খাতুন দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ হৈছে তেওঁৰ ভাতৃ ২০ বছৰীয়া য়েছমিন শ্বাহে নৱম শ্ৰেণীত বিদ্যালয় এৰি এজন ৰাজমিস্ত্ৰী হিচাপে কাম কৰিবলৈ কেৰালালৈ প্ৰব্ৰজন কৰে

PHOTO • Sovan Daniary

শস্তি আৰু জঞ্জালিৰ ৮৮ বছৰীয়া আইতাক মহাৰাণীয়ে কয় যে - ‘মোৰ নাতিনী দুজনীয়ে পঢ়িব নোৱাৰিলে’ এতিয়া কভিড -19 লকডাউনৰ বাবে বিদ্যালয় বন্ধ হৈ থকা বাবে তেওঁৰ আশংকা, ‘মোৰ নাতিটোৱে [সুব্ৰত] পঢ়া-শুনা কৰিব পাৰিব নে নাই নাজানো’

PHOTO • Sovan Daniary

দক্ষিণ ২৪ পৰগনা খণ্ডৰ পাথৰপ্ৰতিমাৰ শিৱনগৰ গাঁৱৰ মহিলাসকলৰ অধিকাংশই স্বামীৰ সৈতে মাছ আৰু কেঁকোৰা ধৰাৰ দৰে ঘৰুৱা কামত নিয়োজিত বহু পৰিয়ালত অধিকাংশ পুত্ৰসন্তান কেৰালা আৰু তামিলনাডুলৈ ৰাজমিস্ত্ৰী বা শ্ৰমিকৰ কাম কৰিবলৈ প্ৰব্ৰজন কৰিছে

PHOTO • Sovan Daniary

নায়াচাৰ দ্বীপৰ নিজৰ অস্থায়ী জুপুৰিলৈ উভতি অহা অৱস্থাত ছাত্ৰ -ছাত্ৰী, য’ত তেওঁলোকৰ পিতৃ-মাতৃয়ে জীৱিকাৰ বাবে মাছ আৰু কেঁকোৰা ধৰে

Left: Trying to make a living by catching fish in Bidya river in Amtali village. Right: Dhananjoy Bhuniya returning home to Sitarampur from Nayachar island
PHOTO • Sovan Daniary
Left: Trying to make a living by catching fish in Bidya river in Amtali village. Right: Dhananjoy Bhuniya returning home to Sitarampur from Nayachar island
PHOTO • Sovan Daniary

বাওঁফালে : আমতালি গাঁৱৰ বিদ্যা নদীত মাছ ধৰি জীৱিকা নিৰ্বাহৰ চেষ্টা সোঁফালে : নায়াচাৰ দ্বীপৰ পৰা সীতাৰামপুৰলৈ ঘৰলৈ উভতি অহা ধনঞ্জয় ভুনিয়া

PHOTO • Sovan Daniary

লকডাউন আৰম্ভ হোৱাৰ আৰু ইতিমধ্যেই শিক্ষাৰ অনিশ্চয়তাপূৰ্ণ সম্ভাৱনাক আৰু অধিক আঘাত হনাৰ পূৰ্বে সীতাৰামপুৰ হাইস্কুলৰ পৰা ঘৰলৈ উভতি অহা অৱস্থাত ছাত্ৰ -ছাত্ৰী


শীৰ্ষ ফটো : ২০১৮ চনত বিদ্যালয় এৰা ১৪ বছৰীয়া ৰবীন ৰয়ে কলকাতাৰ এখন ৰেষ্টুৰাঁত ৱেইটাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে তেওঁ লকডাউনৰ বাবে নুতন ত্যংগ্ৰাচাৰ গাঁৱৰ ঘৰলৈ উভতি আহে তেওঁৰ ভগ্নী ১২ বছৰীয়া প্ৰিয়া কুলপি খণ্ডৰ হৰিণখোলা ধ্ৰুব আদিশ্বৰ হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী

অনুবাদ: সৃষ্টি শ্ৰেয়ম

Sovan Daniary

سووَن دنیاری سندربن میں تعلیم کے شعبہ میں کام کرتے ہیں۔ وہ ایک فوٹوگرافر ہیں اور اس علاقہ میں تعلیم، موسمیاتی تبدیلی، اور دونوں کے درمیان تعلق کا احاطہ کرنے میں دلچسپی رکھتے ہیں۔

کے ذریعہ دیگر اسٹوریز Sovan Daniary
Translator : Srishti Shreyam

Srishti Shreyam is an interdisciplinary artist based out of Mumbai. An erstwhile media person associated with various Assamese news channels, Srishti currently works as a freelance voice over artist and an Assamese language expert. She has published two collections of short stories in Assamese. Srishti is also a filmmaker. She has written and directed a short film.

کے ذریعہ دیگر اسٹوریز Srishti Shreyam