“তলাবন্ধই আমাক ধ্বংস কৰিলে,” আব্দুল মাঝিদ ভাটে কয়। “মাৰ্চ মাহতে শেষবাৰৰ বাবে মোৰ দোকানলৈ পৰ্যটক আহিছিল।”
শ্ৰীনগৰৰ ডাল সৰোবৰত ভাটে চলাই থকা তিনিখন দোকানত চামৰাৰ সামগ্ৰী আৰু স্থানীয় হস্তশিল্পৰ সামগ্ৰী বিক্ৰী কৰে। কিন্তু জুনৰ পৰা তলাবন্ধ শিথিল কৰা স্বত্ত্বেও দোকানলৈ কোনো গ্ৰাহক অহা নাই। ২০১৯ৰ ৫ আগস্তত কাশ্মীৰত সংবিধানৰ অনুচ্ছেদ ৩৭০ বিলোপকৰণৰ সময়ৰে পৰা প্ৰায় এবছৰ ধৰি এতিয়ালৈকে বেপাৰ-বাণিজ্যৰ বাবে অতি বেয়া দিন চলিছে।
পৰ্যটনৰ ওপৰত দুয়োটাৰে প্ৰভাৱ পৰিছে, ভাটৰ দৰে বহুতৰে উপাৰ্জন বাট সমূলি মাৰ গৈছে।
“ছয়-সাত মাহ বন্ধ থকাৰ পিছত পৰ্যটনৰ বতৰ মাথো আৰম্ভ হ’বলৈ ধৰোতেই ক’ৰণা তলাবন্ধ আৰম্ভ হ’ল,” ডাল সৰোবৰ অঞ্চলৰ বাতাপোৰা কালানৰ বাসিন্দা তথা সন্মানীয় জ্যেষ্ঠ নাগৰিক ৬১ বছৰ বয়সীয়া ভাটে কয়। তেওঁ লেকছাইড টুৰিষ্ট ট্ৰেডাৰ্ছ এছচিয়েছনৰ সভাপতি, তেওঁৰ হিচাপ মতে সংগঠনটোৰ প্ৰায় ৭০ জন সদস্য আছে।
যিসকল শিকাৰা চালকে হালধীয়া টেক্সি নাও চলায়, ফেৰীৱালাৰ কাম কৰে আৰু দোকান চলায়। তেওঁলোক সকলো ডাল সৰোবৰৰ পৰ্যটন অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল। শ্ৰীনগৰৰ এনেধৰণৰ কাম কৰা সকলো লোকৰ কণ্ঠত ভাটৰ আক্ষেপৰ সুৰেই ফুটি উঠে। তেওঁলোকৰ বাবে যোৱা ১২ টা মাহ এনেয়ে পাৰ হৈ গ’ল - পৰ্যটন বিভাগৰ পুস্তিকাত থকা মনোমোহা ডাল সৰোবৰৰ নিষ্প্ৰাণ ছবিবোৰৰ দৰে। ( শ্ৰীনগৰৰ শিকাৰাবোৰঃ পৰ্যটকৰ অভাৱত ক্ষতিগ্ৰস্ত জীৱিকা - দ্ৰষ্টব্য)
নেহৰু উদ্যানৰ ২৭ বছৰীয়া হাফছা ভাট এইসকলৰ মাজৰে এজন। ক’ৰণা ভাইৰাছ তলাবন্ধ আৰম্ভ হোৱাৰ আগতে ঘৰৰ পৰাই তেওঁ এক ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছিল। জম্মু আৰু কাশ্মীৰৰ উদ্যোগ উন্নয়ন প্ৰতিষ্ঠানত ২৪ দিনৰ প্ৰশিক্ষণ সমাপ্ত কৰি হাফছাই প্ৰতিষ্ঠানৰ পৰা কম সুতত চাৰি লাখ টকাৰ ঋণ পাইছিল। তেওঁ শ্ৰীনগৰৰ বিদ্যালয়ত শিক্ষকতাও কৰে। “মই সাজ-পোচাক ক্ৰয় কৰি মজুত কৰিলো। জমা কৰা সামগ্ৰীৰ ১০-২০ শতাংশমান বিক্ৰী কৰিছিলোহে মাত্ৰ, হঠাৎ তলাবন্ধ ঘোষণা কৰা হ’ল। এতিয়া মই ঋণৰ কিস্তি দিয়াই টান হৈ পৰিছে,” তেওঁ কয়।
১৮ বৰ্গকিলোমিটাৰ মাটিকালিৰ ডাল সৰোবৰৰ ভিতৰত ভালেমান দ্বীপসমূহৰ এটা - নেহৰু পাৰ্ক এলেকাত ৭০ বছৰীয়া আব্দুল ৰাজ্জাক ডৰে বাস কৰে। শ্ৰীনগৰৰ বলোভাৰ্ড ৰোডৰ এটা ঘাটৰ পৰা তেওঁ শিকাৰা চলায়। “ইমান শোচনীয় পৰিস্থিতি মই আগতে কেতিয়াও দেখা নাছিলো,” তেওঁ কয়।
“পৰ্যটন ব্যৱসায়ৰ যিখিনি বাকী আছিল, সেইখিনিও ক’ৰণা তলাবন্ধই শেষ কৰিলে,” তেওঁ কয়। “আমি বহুত পিছুৱাই গ’লো। যোৱা বছৰতকৈয়ো এইবাৰৰ অৱস্থাৰ অধিক অৱনতি ঘটিছে। মোৰ পৰিয়ালৰ সদস্য চাৰিজন, সকলো শিকাৰাৰ ওপৰত নিৰ্ভৰশীল। আমি ধ্বংসৰ গৰাহত পৰিছো। আমি যি এবাৰত খাইছিলো, এতিয়া তিনিবাৰত সিমানখিনি খাওঁঁ। শিকাৰা চালকে খাবলৈ নাপালে শিকাৰা কেনেকৈ চলাব?”
তেওঁৰ কাষত বহি থকা নেহৰু পাৰ্কৰ আবি কাৰাপোৰা মহল্লাৰ ৬০ বছৰ বয়সীয়া ৱালি মহম্মদ ভাটে কয়, “আমাৰ সকলোৰে বাবে যোৱা বছৰটো অতি বিপজ্জনক আছিল। যোৱা বছৰ ৩৭০ অনুচ্ছেদ সংবিধানৰ পৰা বিলোপ কৰিব বুলি অধিসূচনা জাৰি কৰি সিহঁতে পৰ্যটনকে ধৰি সকলো স্তব্ধ কৰি পেলালে। তাৰ পিছত আহিল ক’ৰণা ভাইৰাছ তলাবন্ধ আৰু ইয়ে আমাৰ পানীত হাঁহ নচৰা অৱস্থা কৰিলে।” ভাট সদৌ জম্মু আৰু কাশ্মীৰ টেক্সি শিকাৰা সংস্থাৰ সচিব, ডাল সৰোবৰ আৰু নিগীন সৰোবৰৰ ৩৫ খন বৃহৎ আৰু ক্ষুদ্ৰ ঘাট তেওঁৰ সংস্থাৰ অন্তৰ্ভূক্ত আৰু এই সংস্থাৰ লগত ৪০০০ খন পঞ্জীভূক্ত শিকাৰাৱালা আছে।
হিচাপ মতে, তেওঁলোকৰ লোকচান কেইবা কোটিত হ’ব, পৰ্যটনৰ ভৰপক কালচোৱাত তেওঁৰ সংস্থাৰ প্ৰতিজন সদস্যই দিনে ১৫০০-২০০০ টকা উপাৰ্জন কৰিব পাৰে বুলি ভাটে কয়। “মাত্ৰ চাৰিমাহ (এপ্ৰিল-মে’ৰ পৰা আগস্তলৈ) সময়তে শিকাৰাৱালাসকলে গোটেই বছৰৰ বাবে উপাৰ্জন কৰিব লাগে, সেই উপাৰ্জনৰ সময় ক’ৰণা ভাইৰাছে নোহোৱা কৰিলে। পৰ্যটনৰ সময়ত কৰা উপাৰ্জনৰে বিবাহ অনুষ্ঠান বা সকলো খৰছ-পাতি কৰিবলগীয়া হয়।”
উপাৰ্জনহীন মাহকেইটাৰ ক্ষতি বেলেগ ব্যৱস্থাৰে পূৰণ কৰিবলৈ কিছুমান শিকাৰাৱালা পৰিয়ালে দিন মজুৰী কৰিবলৈ ধৰিলে। আব্দুল ৰাজ্জাক ডৰৰ দুই পুত্ৰয়ো দিনহাজিৰাত ধৰিলে। দুয়োজনৰ বয়স প্ৰায় ৪০ বছৰমান। “তেওঁলোকে শিকাৰাৱালা হিচাপে শিকাৰা চলাইছিল, কিন্তু অৱস্থা দেখি মই সিহঁতক ঘাঁহ-বন নিৰোৱা প্ৰকল্পত কাম কৰিবলৈ ক’লো,” ডৰে কয়।
জম্মু আৰু কাশ্মীৰ জলাশয় আৰু জলপথ উন্নয়ন প্ৰাধিকৰণে চলোৱা কাম সম্পৰ্কে তেওঁ কয় যে ঘাঁহ নিৰোৱা কাম সকলো সময়তে নহয়, শিকাৰা নচলাৰ বাবে চাৰিওফালে ব্যাপক হাৰত ঘাঁহ গজিবলৈ ধৰিলে। ঘাঁহ কাটিবলৈ মেচিন ব্যৱহাৰ কৰিবলগীয়া হয়, আগতে স্থানীয় ঠিকাদাৰে শ্ৰমিক নিয়োগ কৰিছিল।
জুলাইৰ মাজভাগৰ পৰা নেহৰু পাৰ্কৰ ৩২ বছৰীয়া শ্ৰমিক আহমদ ভাটে সেই কামকে কৰিবলৈ ধৰিলে। গ্ৰীষ্ম কালৰ চাৰি মাহতে নিকটৱৰ্তী লাডাখত আলোৱান আৰু কাশ্মিৰী হস্তশিল্প সামগ্ৰী বিক্ৰী কৰি তেওঁ মাহে ৩০,০০০ টকা পৰ্যন্ত উপাৰ্জন কৰিছিল। সেইবিলাক সামগ্ৰীকে বিক্ৰী কৰিবলৈ শীতকালত তেওঁ গোৱা বা কেৰালালৈ যায়। ২২ মাৰ্চত যেতিয়া তলাবন্ধ ঘোষণা কৰা হয়, তেওঁ ঘৰলৈ উভতি আহিবলগীয়া হ’ল। এইকেইটা মাহত কোনো কাম কৰিবলৈ নাছিল, সেই কাৰণে ২৮ বছৰীয়া সৰু ভায়েক ছৌকাত আহমদৰ লগত ঘাঁহ কটা কাম কৰিবলৈ ধৰিলে।
“ডাল সৰোবৰৰ চৰ চিনাৰিৰ ওচৰলৈ আমি ঘাঁহবিলাক লৈ আহো আৰু তাৰ পিছত সেইবিলাক মূল পথলৈ কঢ়িয়াই নিও। তাত ট্ৰাকত বোজাই কৰি আন ঠাইলৈ লৈ যোৱা হয়,” শ্বাবিৰে কয়। “এক ট্ৰাক ঘাঁহৰ বাবে এবাৰত দুজন মানুহক ৬০০ টকা দিয়ে, ইয়াৰে ২০০ টকা ঘাঁহ কঢ়িওৱা নাৱৰ ভাড়া দিব লাগে, যিখনত উঠাই আমি ঘাঁহবোৰ আনো। আমি কিমানবাৰ ঘাঁহ আনিব পাৰো তাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু খুব চেষ্টা কৰিলেও দুবাৰ নাৱেৰে ঘাঁহ কঢ়িয়াই ট্ৰাকৰ ওচৰলৈ আনিব পাৰো। পানীৰ পৰা ঘাঁহবিলাক উভালি অনা যথেষ্ট টান কাম। আমি পুৱা ৬ মান বজাত ঘৰৰ পৰা ওলাও, আবেলি প্ৰায় ১ বজাত ঘৰলৈ উভতি আহো। আমি দৈনিক দুই নাও ঘাঁহ উঠাবলৈ চেষ্টা কৰো।”
শ্বাবিৰে ক’লে যে ইয়াৰ আগতে তেওঁ কেতিয়াও ইমান কঠিন শাৰীৰিক পৰিশ্ৰম কৰা নাছিল। সৰোবৰটোৰ দ্বীপবোৰত সিঁচৰিত হৈ থকা তেওঁলোকৰ পৰিয়ালৰ অলপ খেতিৰ মাটি আছে। কিন্তু এইখিনি মাটি তেওঁৰ দেউতা, মা আৰু এঝন ভায়েকে মিলি খেতি কৰে।
“তলাবন্ধ আৰম্ভ হোৱাৰ পিছত বহুদিন আমি একো কাম কৰা নাছিলো,” শ্বাবিৰে কয়। “জীৱিকা উপাৰ্জনৰ যেতিয়া কোনো উপায় নোহোৱা হ’ল, মই তেতিয়া ডাল সৰোবৰৰ ঘাঁহ কটা কামত যোগ দিলো। এনেকুৱা শাৰীৰিক পৰিশ্ৰমতকৈ মই পৰ্যটন ব্যৱসায় কৰিবলৈ ভাল পাওঁ, কাৰণ গোটেই জীৱন তেনেকুৱা ব্যৱসায় কৰি আহিছো। কিন্তু পৰ্যটক যেতিয়া নোহোৱা হ’ল, তেতিয়া জীয়াই থাকিবলৈ আমি এই কাম কৰিবলগীয়া হ’ল। এতিয়া আমাৰ পৰিয়াল যেনেতেনে চলাব পৰাটোৱেই আমাৰ বাবে ডাঙৰ কথা হৈ পৰিছে।”
শ্বাবিৰে কয় যে তেওঁৰ পাৰিবাৰিক ব্যয় অৰ্দ্ধাংশ কৰ্তন কৰা হৈছে। “জমা বস্তুখিনি ব্যৱহাৰ কৰিব নোৱাৰো (আলোৱান, চামৰাৰ সামগ্ৰী আৰু জেকেট তথা অলংকাৰ আৰু আন প্ৰসাধন সামগ্ৰী)”- এতিয়া আমাৰ পৰা কোনেও ক্ৰয় নকৰে আৰু এই সময়ত সেইবিলাকৰ কোনো কাম নাই। ইয়াৰ উপৰি আমাৰ বহুত ঋণ আছে (বিক্ৰীৰ বাবে ৰখা সামগ্ৰীবিলাক ঋণ লৈ অনা হৈছিল)।”
ডাল সৰোবৰৰ দ্বীপত বাস কৰা মানুহৰ জীৱন সংগ্ৰামৰ বিষয়ে চৰকাৰে বুজিব লাগে বুলি শ্বাবিৰে কয়। “চৰকাৰী মানুহ যদি আহে আৰু সমীক্ষা চলায়, তেন্তে আমাৰ অসুবিধাবিলাক তেওঁলোকে দেখিব। বহুত পৰিয়াল কৰ্মহীন হৈ পৰিছে। কোনোবা পৰিয়ালৰ লোক ৰুগীয়া বা উপাৰ্জন কৰিব পৰা কোনো নাই। চৰকাৰৰ মানুহ যদি আহিলহেঁতেন আৰু নিজ চকুৰে দেখি পৰিয়ালবোৰক অলপ ধন দিয়াহেঁতেন বহুত সকাহ পোৱা গ’লহেঁতেন।”
শ্ৰীনগৰ চহৰত পৰিয়ালৰ সদস্য থকা যিসকল ডাল সৰোবৰত থাকে, তেওঁলোকৰ পৰিস্থিতি ইমান বেয়া নহয়, কিয়নো চহৰত কিবা নহয় কিবা সুযোগ পোৱা যায়। “ডাল সৰোবৰত পৰ্যটনৰ বাহিৰে আমি একো কৰিব নোৱাৰো। খুব বেছি আমি শাক-পাচলি বিক্ৰী কৰিব পাৰো (নাৱত উঠাই এঠা চুবুৰীৰ পৰা আন এটা চুবুৰীলৈ লৈ যাব লাগিব)। চহৰত থকা মানুহে কৰা কাম আমি কৰিব নোৱাৰো বা বিক্ৰী কৰিবলৈ তেনেকুৱা ঠেলাগাড়ী এখন বনাব নোৱাৰো। পৰ্যটন যদি আকৌ আৰম্ভ হয়, আমি কাম কৰিম, এতিয়া আমি জীয়াই থকাৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছে।”
নাৱত শাক-পাচলি লৈ বিক্ৰী কৰা কাম ইমান সহজ নহয়, বাতাপোৰা কালানৰ স্নাতক কলা পাঠ্যক্ৰমৰ ২১ বছৰীয়া ছাত্ৰী আন্দলীব ফায়াজ বাবাই কয়। “মোৰ দেউতা এজন খেতিয়ক। ঘৰৰ পৰা ওলাব নোৱাৰাৰ কাৰণে তেওঁ কেইবামাহো উপাৰ্জন কৰিব পৰা নাই। খেতিৰ সকলো শাক-পাচলি নষ্ট হ’ল, তেওঁ গ্ৰাহকক অলপমান বিক্ৰী কৰিব পাৰিছে। ইয়াৰ ফলত আমাৰ পৰিয়ালৰ বহুত অসুবিধা হৈছে। দেউতা আমাৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী।” আন্দলীবৰ সৰু ভাই আৰু দুজনী ভনীয়ে পঢ়ি আছে, তেওঁ মাতৃ এগৰাকী গৃহিণী। আমি বিদ্যালয়ৰ সম্পূৰ্ণ মাচুল আদায় দিব লগা আছিল আৰু মোৰ কলেজৰ মাচুলো দিবলগীয়া আছিল। আৰু যদি জৰুৰী কিবা প্ৰয়োজন হয়, আমি সৰোবৰ পাৰ হৈ শ্ৰীনগৰলৈ যাব লাগিব।
আনকি যিসকলে শ্ৰীনগৰ চহৰত থাকে আৰু ডাল সৰোবৰৰ পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকেও এই কেইমাহত ভয়ানক সমস্যাত পৰিছে। শ্ৰীনগৰ শালিমাৰ এলেকাৰ মহম্মদ শ্বাফি শ্বাহ এনে লোকসকলৰ মাজৰ এজন। পৰ্যটনৰ বতৰত প্ৰায় ১৬ বছৰ ধৰি ঘাটৰ পৰা ১০ কিলোমিটাৰ দূৰত তেওঁ শিকাৰা চলাই আহিছে। ভাল দিন পৰিলে তেওঁ দিনে ১০০০-১৫০০ টকা উপাৰ্জন কৰিব পাৰিছিল। যোৱা বছৰৰ পৰা শিকাৰাত উঠাবলৈ পৰ্যটক নোহোৱা হ’ল। “চৰকাৰে সংবিধানৰ অনুচ্ছেদ ৩৭০ বিলোপ কৰাৰ পৰা আমাৰ কাম নোহোৱা হ’ল, ক’ৰণা ভাইৰাছ তলাবন্ধ ঘোষণাৰ পিছত পৰিস্থিতিৰ অধিক অৱনতি ঘটিল,” তেওঁ কয়।
“মই ডাল সৰোবৰত থাকিবলৈ লৈছিলো, কিন্তু চৰকাৰে আমাক উলিয়াই দিলে,” চৰকাৰৰ পুনৰ্সংস্থাপন অভিযান প্ৰসংগত তেওঁ কয়। “মই শালিমাৰৰ পৰা দৈনিক ইয়ালৈ আহো (মই কোনোবা এজনৰ লগত উঠি)। শীতকালত মই মই কাম কৰিবলৈ আন ঠাইলৈ যাওঁ (গোৱাৰ উপকূলত হস্তশিল্পৰ সামগ্ৰী বিক্ৰী কৰো) কিন্তু তলাবন্ধৰ পিছত ৫০ দিন বন্ধ হৈ থাকিলো আৰু ব্যৱসায় একেবাৰে নোহোৱা হ’ল। মে’ মাহৰ শেষৰ ফালে উভতি আহিলো আৰু এসপ্তাহ কোৱাৰেইণ্টাইনত থাকিলো।”
ডাল সৰোবৰত প্ৰতিটো ঘাটত থকা শিকাৰা চালকসকল এটা সংস্থাৰ - এই সকলো সদৌ জম্মু আৰু কাশ্মীৰ টেক্সি শিকাৰা মালিক সংস্থাৰ - প্ৰতিজন শিকাৰাৱালাই ইউনিয়নত পইছা জমা দিব লাগে। ইউনিয়নে সকলো সদস্যৰ মাজত দিনটোৰ উপাৰ্জনখিনি সমানে ভাগ কৰি দিয়ে। যিটো ঘাটত ছাফিয়ে কাম কৰে (শিকাৰা চলায়), তাত ১৫ খন শিকাৰা আছে।
“যদি স্থানীয় মানুহ আহে, অৱশ্যে কেতিয়াবা তেনে হয়, আমি তেওঁলোকক শিকাৰাত উঠাই ৪০০-৫০০ টকা উপাৰ্জন কৰো। সেই টকা ১০-১৫ জনৰ মাজত ভাগ হয় আৰু প্ৰতিজনে ৫০ টকা মানকৈ পাম। সেই টকাৰে মই কি পাম? শিকাৰা বাদ দি আমাৰ বেলেগ উপাৰ্জনৰ উৎস নাই। মোৰ ঘৰ কেনেকৈ চলিব? আমাৰ জীৱন ধ্বংস নহ’ব নে?”
চৰকাৰে প্ৰতিজন শিকাৰাৱালাক তিনি মাহৰ বাবে মাহে ১০০০ টকাকৈ দিব বুলি জানিব পাৰি শ্বাফিয়ে তেওঁৰ শিকাৰাৰ অনুজ্ঞাপত্ৰ পৰ্যটন বিভাগত দাখিল কৰিছিল। কিন্তু তেওঁ একো নাপালে।
ডাল সৰোবৰৰ ভিতৰৰ বলোভাৰ্ড ৰোডত ৫০ বছৰীয়া আব্দুল ৰছিদ বাদিয়াৰীয়ে তেওঁৰ হাউছবোট এক্ৰ’পলিচৰ বাটচ’ৰাটোতে আউজি ৰৈছে। হাউছবোটখনত হস্তশিল্পৰ কাৰুকাৰ্যৰে খচিত কাঠৰ বেৰা, আৰামী চোফা আৰু পৰম্পৰাগত খাটামবান্দ আৰ্হিৰ আলংকৰিক মুধচ আছে। প্ৰায় এবছৰে এই হাউছবোটে এজনো পৰ্যটক যাত্ৰী দেখা নাই।
“মই ডাঙৰ হোৱাৰে পৰা হাউছবোট চলাই আহিছো। মোৰ আগতে মোৰ দেউতা আৰু ককাই এই কামেই কৰিছিল আৰু তেওঁলোকৰ পৰাই পৈতৃক সূত্ৰে মই এইখন পাইছো,” বাদিয়াৰীয়ে কয়। “কিন্তু আমাৰ বাবে সকলো বন্ধ, দুটাকৈ তলাবন্ধ হোৱাৰ পিছৰ পৰা এজনো গ্ৰাহক নাই। ৩৭০ অনুচ্ছেদ বিলোপ কৰাৰ আগতে মোৰ শেষজন গ্ৰাহক আহিছিল। পৰ্যটক যিহেতু নাই, গতিকে ক’ৰণা ভাইৰাছ তলাবন্ধই মোৰ বেছি ক্ষতি কৰা নাই। সকলো লোকচানত ডুবিছে।”
হাউছবোটত থকা গ্ৰাহকৰ ওপৰত বাদিয়াৰীৰ পাঁচজনীয়া পৰিয়ালটো নিৰ্ভৰশীল। “প্ৰতি নিশা ৩০০০ টকা লওঁ। পৰ্যটক অহা দিনত মোৰ হাউছবোট ভৰ্তি হৈ থাকে। মোৰ হাউছবোটত থকা গ্ৰাহকৰ পৰা ফেৰীৱালা আৰু আন ব্যৱসায়ীয়েও উপাৰ্জন কৰে। মোৰ গ্ৰাহকসকলক উঠাই শিকাৰাৱালাসকলেও উপাৰ্জন কৰে। এতিয়া কোনো এজনৰো কাম নাই। মই এতিয়া জমাধনৰ পৰা খাই আছো আৰু ঋণ ল’বলগাও হৈছে।” হাউছবোট চোৱাচিতাৰ বাবে বাদিয়াৰীৰ এজন কৰ্মচাৰী আছে, কিন্তু তেওঁ দৰমহা দিব পৰা নাই, তেওঁ এতিয়া কৰ্মচাৰীজনক কাম এৰি যাবলৈ ক’লে। “ভাল ভৱিষ্যতৰ আশা নাই,, মই মোৰ ল’ৰাই এই কাম কৰাটো নিবিচাৰো,” তেওঁ কয়।
এই কেইমাহত কিছুমানে শিকাৰাৱালা আৰু ব্যৱসায়ীসকলক সহায় কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ ভিতৰত এজন হ’ল আব্দুল মাঝিদ ভাট (লেকছাইড টুৰিষ্ট ট্ৰেডাৰ্ছ এছ’চিয়েছনৰ সভাপতি)। “আমাৰ সন্থাৰ সদস্যসকলৰ জৰুৰী সমস্যাৰ কাৰণে ৬ লাখ টকাৰ এক ন্যাস আছিল,” তেওঁ কয়। “আমি যিসকল ঘৰ চলোৱাৰ ক্ষেত্ৰত একেবাৰে জুৰুলা হৈ পৰিছে, তেনে লোকলৈ এই ন্যাসৰ পৰা ধন আগবঢ়াইছো।”
পৰ্যটনৰ দিনত ভাটে ১০ জন কৰ্মচাৰী নিয়োগ কৰে বুলি তেওঁ কয়। প্ৰত্যেককে ১০,০০০ টকাৰ দৰমহা দিয়ে। “মই সিহঁতৰ বেছিভাগকে যাবলৈ দিলো। কাৰণ মই সিহঁতক চলাবলৈ অপাৰগ হৈ পৰিছো,” তেওঁ কয়। মই পৰিয়ালৰ লগত কথা পাতি একেবাৰে দুখীয়া কেইজনমানক কামত ৰাখিলো। আমি যি খাওঁ, সিহঁতকো তাকে খাবলৈ দিও। নহ’লে মই কৰ্মচাৰী চলাব নোৱাৰো। যোৱা মাহত মই স্থানীয় গ্ৰাহকৰ পৰা ৪,০০০ টকাৰো কম উপাৰ্জন কৰিছো।
পৰিয়াল চলাবলৈ তেওঁ বেংকৰ ঋণ লৈছে আৰু পৰিশোধ কৰি আছে। ”তাৰবাবে মই সুত ভৰিব লাগিব। মোৰ দুটা ল’ৰা আৰু তিনিটা ভাগিনীয়ে মোৰ লগত কাম কৰে (তেওঁৰ দুগৰাকী কন্যা আছে, এগৰাকীয়ে ঘৰুৱা কাম কৰে, আন গৰাকীয়ে আন কাম কৰে)। মোৰ ল’ৰা বাণিজ্য বিভাগৰ স্নাতক, তাক শাৰিৰীক পৰিশ্ৰম কৰিবলৈ পঠাবলৈ মোৰ বিবেকে নকয়। কিন্তু এতিয়া পৰিস্থিতি এনেকুৱা হৈছে যে সিও কাম কৰিবলৈ যাবলগীয়া হ’ব।”
ডাল সৰোবৰৰ শিকাৰাৱালা আৰু ব্যৱসায়ীৰ প্ৰতি চৰকাৰৰ কোনেও গুৰুত্ব দিয়া নাই। “আমাৰ লোকচানৰ হিচাপ ল’বলৈ কোনো অহা নাই,” তেওঁ কয়। স্থানীয় লোকসকলে সাধাৰণতে চহৰৰ দোকানলৈ যায়, এতিয়া তলাবন্ধ নোহোৱা হৈছে। “কিন্তু ডাল সৰোবৰৰ কাশ্মিৰী শিল্পকলাৰ দোকানলৈ কোনো অহা নাই। ডাল সৰোবৰৰ দোকানীৰ ১০০ শতাংশ লোকচান হৈছে।”
ভাটে কয়, জুলাই মাহত হস্তশিল্প সঞ্চালকালয়ৰ এজন বিষয়াই কৈছিল যে অলপ বিত্তীয় সাহায্য পোৱাৰ কাৰণে তেওঁলোকে অনলাইন পঞ্জীয়ন কৰিব লাগিব। কিন্তু একো নকৰিলে। “তেতিয়াৰে পৰা আমি একেবাৰে আশা এৰিলো। ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ- কাৰো পৰা আশা কৰিব নোৱাৰি।” হৰতাল আৰু সান্ধ্য আইনৰ আৱৰ্তত অনিশ্চয়তা বৃদ্ধি পাইছে। ভাটে কয়, “ডাল সৰোবৰ আৰু আমাৰ ভৱিষ্যত ক্ৰমাৎ অন্ধকাৰ হৈ পৰিছে বুলি আমাৰ সন্তানহঁতক কৈছো...”
অনুবাদ - পংকজ দাস