মাদুৰাই জিলাৰ ৰুপান্তৰিত লোকশিল্পীসকলৰ বাবে বছৰটোৰ প্ৰথম ছটা মাহ অতি গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত গাওঁবোৰত স্থানীয় উৎসৱ আয়োজিত হোৱাৰ লগতে মন্দিৰবোৰতো সাংস্কৃতিক অনুষ্ঠানবোৰ আৰম্ভ হ’বলৈ ধৰে। কিন্তু লকডাউনৰ সময়ছোৱাত বৃহৎ ৰাজহুৱা সমাৱেশৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাই তামিলনাডুৰ প্ৰায় ৫০০ গৰাকী ৰূপান্তৰিত মহিলা শিল্পীক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে।
তেওঁলোকৰ মাজৰে এগৰাকী হৈছে মাগী। মাদুৰাই চহৰৰ পৰা ১০ কিলোমিটাৰৰো কম দূৰত্বত অৱস্থিত ভিলাংগুড়ি চহৰত থকা তেওঁৰ দুকঠলীয়া ঘৰটো হৈছে আন বহু ৰূপান্তৰিত মহিলাৰ বাবে ইজনে সিজনক লগ পোৱাৰ আৰু আশ্ৰয় লোৱাৰ স্থল। কঠীয়া সিঁচাৰ পিছত ধানৰ গজালি মেলোঁতে পৰম্পৰাগত কুম্মি পাটু গীত পৰিৱেশন কৰা জিলাখনত মুষ্টিমেয় ৰূপান্তৰিত শিল্পীৰ মাজৰ এগৰাকী হৈছে এই মাগী। তামিলনাডুত প্ৰতি বছৰে জুলাই মাহত উদযাপিত মুলাই উৎসৱৰ সময়ত বৰষুণ, মাটিৰ উৰ্বৰতা আৰু শস্য নদন-বদন হোৱাৰ বাবে গাওঁখনৰ দেৱীগণক সন্তুষ্ট কৰিবলৈ কুম্মি পাটু স্তুতিগীত গোৱা হয়।
তেওঁৰ বন্ধু-বান্ধৱ আৰু সহকৰ্মী সকলোৱে এই গীতৰ তালে তালে নাচে। বছৰ বছৰ ধৰি এই নাচেই তেওঁলোকৰ পেটৰ ভাত মোকলোৱাৰ উপায় আছিল। কিন্তু মহামাৰীজনিত লকডাউনৰ বাবে ২০২০ চনৰ জুলাই মাহত এই উৎসৱ অনুষ্ঠিত কৰিব পৰা নাছিল। এইবছৰো নোৱাৰিলে ( মাদুৰাইত ৰূপান্তৰিত লোকশিল্পীৰ দুখ-দুৰ্দশা চাব পাৰে)। আনহাতে মাদুৰাই আৰু ইয়াৰ আশে-পাশে থকা দোকানবোৰৰ পৰা পইচা সংগ্ৰহ কৰা আন এটা নিয়মীয়া উপাৰ্জনৰ বাটো বন্ধ হৈ পৰিছিল। আনকি বেংগালুৰুখনো স্তব্ধ হৈ পৰিছিল। এনেদৰে মাহে ৮,০০০ৰ পৰা ১০,০০০ টকালৈকে সাধাৰণতে হোৱা তেওঁলোকৰ উপাৰ্জন লকডাউনৰ সময়ত প্ৰায় শূন্যৰ ঘাই চুইছিল।
২৪ বছৰীয়া কে. স্বষ্টিকা (বাওঁফালে) এগৰাকী কুম্মী নৃত্যশিল্পী। এগৰাকী ৰূপান্তৰিত মহিলা হোৱাৰ বাবেই তেওঁৰ ওপৰত চলা নিৰ্য্যাতনৰ ফলত আধাতে বি.এ. ডিগ্ৰী তেওঁ এৰিবলগীয়া হৈছিল। তথাপি চাকৰি এটাৰ আশাতেই তেওঁ শিক্ষাৰ সপোন এৰি দিয়া নাই। তেওঁ দোকানবোৰৰ পৰা ধন সংগ্ৰহ কৰি পেট পোহে। কিন্তু লকডাউনে সেই কাম আৰু উপাৰ্জনৰ মূধা মাৰিলে।
২৫ বছৰীয়া বাব্যশ্ৰীৰ (সোঁফালে) বি.কম. ডিগ্ৰী থকা স্বত্বেও চাকৰি বিচাৰি পোৱা নাই। তেঁৱো এগৰাকী কুম্মী নৃত্যশিল্পী। তেওঁ কয় যে আন আন ৰূপান্তৰিত মহিলাসকলৰ লগত থাকি তেওঁ ভাল পায়। বাব্যশ্ৰীয়ে মাদুৰাইত থকা তেওঁৰ পৰিয়ালৰ ওচৰলৈ যাবলৈ মন কৰিলেও পৰাপক্ষত নোযোৱাকৈয়ে থাকে। কাৰণ, তেওঁ কয় "মই ঘৰলৈ গ’লে তেওঁলোকে মোক ঘৰৰ ভিতৰতে থাকিবলৈ কয়। মোক ঘৰৰ বাহিৰৰ কোনো মানুহৰ লগতে কথা পাতিবলৈ নিদিয়ে।"
আৰ. ছিফানা (বাওঁফালে) এগৰাকী ২৩ বছৰীয়া কুম্মী নৃত্যশিল্পী। তেওঁ এগৰাকী ৰূপান্তৰিত মহিলা হোৱাৰ কাৰণে প্ৰতিদিনে উৎপীড়নৰ সন্মুখীন হৈছিল। তেনেকৈয়ে তেওঁ দ্বিতীয় বৰ্ষৰ পৰা কলেজলৈ যোৱা বন্ধ কৰিছিল। পিছলৈ কেৱল মাকৰ কথা মানিয়ে তেওঁ পুনৰ পঢ়া-শুনা আৰম্ভ কৰে আৰু বি.কম ডিগ্ৰী লাভ কৰে। ২০২০ চনৰ মাৰ্চ মাহত লকডাউন আৰম্ভ নোহোৱালৈকে তেওঁ মাদুৰাইৰ দোকানৰ পৰা ধন সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰি আছিল।
৩৪ বছৰীয়া ভি. আৰাচি (সোঁমাজত) এগৰাকী কুম্মী নৃত্যশিল্পী। তেওঁ তামিল সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে এম.ফিল. আৰু বি.এড. ডিগ্ৰীও লাভ কৰিছে। তেওঁ স্কুলৰ সহপাঠীৰ দ্বাৰা উৎপীড়নৰ সন্মুখীন হৈছিল যদিও পঢ়া-শুনা এৰা নাছিল। তাৰ পিছত তেওঁ চাকৰিৰ বাবে কেইবাঠাইতো আবেদন কৰে যদিও এতিয়াও নিবনুৱা হৈয়ে আছে। লকডাউনৰ আগতে তেওঁ নিজৰ খৰচ উলিয়াবলৈ দোকানবোৰৰ পৰা টকা সংগ্ৰহ কৰিব লগা হৈছিল।
আই. শ্বালিনী (সোঁফালে) এগৰাকী ৩০ বছৰীয়া কুম্মী নৃত্যশিল্পী। তেওঁ একাদশ শ্ৰেণীতে পঢ়া এৰে। শ্বালিনীয়ে কোনোপধ্যেই তেওঁ সন্মুখীন হোৱা নিৰ্যাতন সহ্য কৰিব পৰা নাছিল। তেওঁ দোকানবোৰৰ পৰা ধন সংগ্ৰহ কৰিয়ে চলি আহিছে। এই কাম প্ৰায় ১৫ বছৰ ধৰি শ্বালিনীয়ে কৰি আহিছে। কিন্তু লকডাউন আৰম্ভ হোৱাৰ পৰা উপাৰ্জনৰ বাট নাইকিয়া হ’ল। শ্বালিনীয়ে কয় যে তেওঁৰ মাকলৈ বহুত মনত পৰে আৰু মাকৰ সৈতে থকাৰ ইচ্ছাৰ কথাও প্ৰকাশ কৰে। লগতে কয়, "মই মৰাৰ আগতে আশা কৰোঁ মোৰ দেউতাই মোৰ সৈতে এবাৰ হ’লেও কথা পাতিব।"
অনুবাদ: ৰিমঝিম বৰঠাকুৰ