তাঁতশালৰ ছন্দোময় খট্ খট্ শব্দৰ মাজতে আলাগিৰি চামিয়ে কথাবোৰ ক’বলৈ ধৰিলে, বাৰ্ধক্যৰ চাপ পৰা তেওঁৰ মুখখনত খোলা হাঁহি। ‘সিহঁতে কোৱা মতে আমি পাঁচশ বছৰ আগতে ইয়ালৈ আহি আমাৰ শিল্প প্ৰতিষ্ঠাৰ বাবে নৈৰ পাৰত থিতাপি লৈছিলোঁ,’ তেওঁ কয়। ‘বোধহয় আমি ইয়ালৈ মাছৰ সন্ধানত আহিছিলোঁ।’
কুথামপুল্লী গাঁৱৰ তাঁতশালৰ সেই ঘৰটোত ১২ খন তাঁতশাল এটা শাৰীত লগোৱা আছিল। ৮৫ বৰ্ষীয় চামিয়ে তাতেই কাম কৰে। ঘৰটোৰ কাষে কাষে মালাপ্পুৰম আৰু কুইম্ব’টৰৰ পৰা অনা কপাহী সূতাৰ এসোপামান বাণ্ডিল ওলমাই থোৱা আছে। দীঘে দীঘে সূতাবোৰ শুকাবলৈ মেলি দিয়া আছে, মীনাৰ সূতাবোৰ ঠৰঙা কৰি ৰাখিবলৈ সেয়া মাৰত ডুবাই থোৱা আছে। সোণালী পটি দিয়া বগা ধুতি আৰু হাতী, ময়ুৰ আদি বিভিন্ন আকৃতিৰ ফুল তোলা শাৰীবোৰ গ্ৰাহকলৈ বুলি চকুত পৰাকৈ সজাই থোৱা আছে।
সেই তাঁতশালৰ ঘৰটো চামিৰ পৰিয়ালৰ। তাৰে গাতে লাগি এখন হস্ততাঁত শিল্পৰ দোকানো আছে। তেওঁলোক দৈবাংগ চেত্তিয়াৰ জাতিৰ লোক(অনান্য পিছপৰা শ্ৰেণীত ধৰা দৈবাংগ ব্ৰাহ্মণ জাতি বুলি তালিকাভূক্ত)। তেওঁ ভাগীৰথী আম্মাক বিয়া পতাৰ পিছত ১৯৬২ত তামিলনাডুৰ পৰা কুথামপুল্লীলৈ আহিছিল। জনশ্ৰুতি মতে দৈবাংগ জাতিটো কৰ্ণাটকৰ পৰা কেৰেলালৈ ৫০০ বছৰ আগতে আহিছিল। কোচিৰ ৰজাৰ অনুৰোধত ৰাজ পৰিয়ালৰ বাবে পোচাক বোৱাৰ বাবে তেওঁলোক আহিছিল। উত্তৰে ভাৰাথাপুঝা নদীৰ পাৰত আৰু পশ্চিমে গায়াথ্ৰিপুঝা নদীৰ (পুণ্ণামী বুলিও জনা যায়) পাৰত থিতাপি লয়।












