‘মই শুনিছো যে বহুতেই চৰকাৰী যোজনাৰ জৰিয়তে ভাল চাকৰি পাইছে আৰু তেঁওলোকে নিজ জীৱনত ভাল কাম কৰিছে,’ গৌৰীয়ে কয়। ‘মই এয়া দুৰদৰ্শনৰ বিজ্ঞাপনত দেখিছো।’
কিন্তু গৌৰী বাঘেলাই বাস্তৱ জীৱনত এনে কোনো ব্যক্তিকে লগ পোৱা নাই যিয়ে ৰাজ্য চৰকাৰৰ যোজনাৰ বলত চাকৰি পাইছে বা ভাল কিবা এটা কৰিব পাৰিছে, যিদৰে বিজ্ঞাপনবোৰত দাবী কৰা হয়। তায়ো তেনেদৰে কাম পোৱা নাই। ‘মই চৰকাৰৰ দ্বাৰা পৰিচালিত কৌশল বিকাশৰ পাঠ্যক্ৰম কৰিছো আৰু চিলাই মেচিন চলাব পাৰো,’ ১৯ বৰ্ষীয় গৌৰীয়ে কয়। ‘মই (কাপোৰৰ কাৰখানা এটাত) কামো পাইছিলো। কিন্তু তাতে দিনে ৮ ঘণ্টাকৈ কাম কৰাৰ পিছত মাহে মাত্ৰ ৪০০০ টকাহে পায়, তাতে আকৌ সেই ঠাইখন আমাৰ পৰা ছয় কিলোমিটাৰ দুৰত পৰে। গোটেইখিনি টকা খোৱা আৰু অহা-যোৱাৰ নামতে খৰছ হৈ যায়। সেয়ে মই দুমাহ কৰি কাম এৰি দিলো। এতিয়া (তাই হাঁহি হাঁহি ক’লে) মই ঘৰতে থাকো আৰু চুবুৰীতে প্ৰতিজোৰ কাপোৰত ১০০ টকাকৈ লৈ কাপোৰ চিলাও। কিন্তু ইয়াৰে মানুহে বছৰত মাত্ৰ দুজোৰ কাপোৰ চিলায়, সেয়ে বেছি উপাৰ্জন নহয়।’
আমি গুজৰাটৰ কচ্ছ জিলাৰ ভূজ চহৰৰ ৰামনগৰী এলেকাৰ বস্তি এটাৰ যুৱ মহিলাসকলৰ সৈতে কথা পাতি আছো। এই আলোচনা লোকসভা নিৰ্বাচনক লৈ চলিছে, ইয়াতে ভোটদান আজি ২৩ এপ্ৰিলৰ দিনা আছে।
২০১৪ৰ নিৰ্বাচনত কচ্ছৰ পঞ্জীকৃত প্ৰায় ১৫.৩৪ লাখ ভোটদাতাৰ মাজৰ ৯.৪৭ লাখ ভোটাৰে ভোট দিছিল। ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যৰ গোটেইকেইটা লোকসভা সমষ্টিৰ আসন দখল কৰিবলৈ সক্ষম হৈছিল। কচ্ছৰ সাংসদ বিনোদ ছাৱড়াই প্ৰতিদ্বন্দী কংগ্ৰেছ দলৰ ডা. দীনেশ পৰমাৰক ২.৫ লাখ ভোটৰো অধিক ব্যৱধানত হৰুৱাইছিল। ইয়াৰ উপৰি ২০১৭ত গুজৰাটৰ ১৮২ খন আসনৰ বিধানসভাৰ নিৰ্বাচনতো বিজেপিয়ে যি ৯৯টা সমষ্টিত জয়ী হৈছিল তাৰে এটা সমষ্টি আছিল ভূজ। কংগ্ৰেছে সেই নিৰ্বাচনত ৭৭ খন আসন লাভ কৰিছিল।





