এক নিৰ্জন স্থান ধনুষকোড়ি হৈছে ভাৰতৰ দক্ষিণ উপকূলত, বংগোপসাগৰ আৰু তামিলনাডুৰ ভাৰত মহাসাগৰৰ সীমাত বগা বালিৰে আবৃত এক দূৰৱৰ্তী ভূমি। ১৯১৪ চনৰ আশে পাশে ব্ৰিটিছে ইয়াক এটা বন্দৰ হিচাপে বিকশিত কৰিছিল, যি পিছলৈ তীৰ্থযাত্ৰী, পৰ্যটক, মাছমৰীয়া, ব্যৱসায়ী আদিৰ সৈতে এখন ডাঙৰ চহৰলৈ পৰিণত হৈছিল।
অৰ্ধ শতিকাৰ পিছত, ১৯৬৪ চনত, ২২ ডিচেম্বৰৰ মাজনিশা আৰম্ভ হোৱা এক তীব্ৰ ঘূৰ্ণীবতাহে ২৫ ডিচেম্বৰৰ সন্ধিয়ালৈকে তাণ্ডৱ চলাইছিল আৰু ৰামনাথপুৰম জিলাৰ ৰামেশ্বৰম তালুকৰ এই বন্দৰ চহৰখন ধ্বংস কৰি পেলাইছিল। ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা উচ্চ ঢৌৱে সমগ্ৰ চহৰখন সমতল কৰি পেলাইছিল আৰু ১,৮০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল। প্ৰায় ৩০ কিলোমিটাৰ দূৰত, পাম্বানৰ পৰা ১০০ জন লোকক কঢ়িয়াই অনা ৰে’লখন সম্পূৰ্ণৰূপে পানীত ডুব গৈছিল।
ঘূৰ্ণীবতাহৰ পিছত, ঠাইখনক 'ভূতৰ চহৰ' বা 'বাস কৰাৰ বাবে অনুপযুক্ত স্থান' বুলি কোৱা হৈছিল আৰু সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছিল। অৱশ্যে, প্ৰায় ৪০০টা মাছমৰীয়াৰ পৰিয়ালে (স্থানীয় পঞ্চায়ত নেতাৰ গণনা অনুসৰি) এতিয়াও ধনুষকোড়িত বাস কৰি আছে আৰু এই পতিত ভূমিক তেওঁলোকে নিজৰ একমাত্ৰ ঘৰ বুলি বিবেচনা কৰে। যিসকল লোক ঘূৰ্ণীবতাহৰ পৰা বাচি গৈছিল তেওঁলোকে যোৱা ৫০ বছৰ ধৰি ইয়াত বিদ্যুৎ, শৌচালয় আৰু খোৱা পানী অবিহনে বাস কৰি আহিছে।
অনুবাদ: মনোৰঞ্জন মজুমদাৰ