বগা ৰঙৰ দাগ থকা মুগা বৰণৰ পাখিবোৰ চুটি ঘাঁহৰ পথাৰখনত অ’ত-তত সিঁচৰতি হৈ আছে।
সুক্ষ্মদৃষ্টিৰে আবেলিৰ ক্ষীণ পোহৰত পাখিবোৰ নিৰীক্ষণ কৰি থকা ৰাধেশ্যাম বিষ্ণইয়ে ঠাইখিনিত বৃত্তাকাৰ চিন দি থ’লে। তেওঁ ভবামতে নহওঁক বুলিয়েই তেওঁ আশা কৰিছে। “এই পাখিবোৰ উভালি পেলোৱা পাখি যেন লগা নাই,” কথাখিনি কওতে উত্তেজনাত তেওঁৰ মাতটো ডাঙৰকৈ ওলাইছে। তেনে সময়তে তেওঁ ফোন লগাইছে, “আপোনালোক আহি আছেনে? মোৰ চাগে ভুল হোৱা নাই...” ফোনৰ সিটো মুৰে থকা কাৰোবাক তেওঁ কৈছে।
আমাৰ ঠিক ওপৰেৰে পাৰ হৈ যোৱা ২২০ কিলোভ’ল্ট হাই টেনশ্যন (এইচ.টি.) কেবোলবোৰে হুমহুমাই আছে, কেৰমেৰ শব্দ কৰিছে – সন্ধিয়াৰ ক্ৰমশঃ আন্ধাৰ হৈ অহা আকাশখনত সেই কেবোলবোৰ ছায়াৰেখা হৈ ধৰা দিছে।
তথ্য সংগ্ৰাহক হিচাপে নিজৰ কৰ্তব্য পালন কৰা ২৭ বছৰীয়া ডেকাল’ৰাজনে তেওঁৰ কেমেৰাটো উলিয়াই অপৰাধ সংঘটিত স্থলৰ ভালেকেইখন ক্ল’জ-আপ আৰু মিড-শ্বট লৈছে।
পিছদিনা খুব পুৱাই আমি জয়ছেলমেৰ জিলাৰ খেতোলাইৰ কাষৰ গংগা ৰাম কি ধানি ক্ষুদ্ৰ গাওঁখনৰ পৰা এক কিলোমিটাৰ দূৰৰ সেই ঠাইটুকুৰালৈ গ’লো।
এতিয়া আৰু সন্দেহৰ অৱকাশ নাই। পাখিখিনি গ্ৰেইট ইণ্ডিয়া বাষ্টাৰ্ডৰে হয়, স্থানীয় ভাষাত পখিবিধক গোদাৱন বুলি কয়।
বন্যপ্ৰাণীৰ চিকিৎসক ডা. শ্ৰাৱণ সিং ৰাথোড়ে ২০২৩ৰ ২৩ মাৰ্চৰ দিনা ঘটনাস্থলীত উপস্থিত হয়। সাক্ষ্যখিনি পৰীক্ষা কৰি তেওঁ কয়, “হাই টেনশ্যন কেবলত খুন্দা খাই মৃত্যু ঘটিছে, তাত কোনো সন্দেহ নাই। আজিৰ পৰা তিনি দিন আগতে, অৰ্থাৎ ২০ মাৰ্চৰ দিনা (২০২৩ৰ) ঘটনাটো হোৱা যেন লাগিছে।”
ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ সৈতে কাম কৰা ডা. ৰাথোড়ে ২০২০ৰ পৰা এতিয়ালৈ এনেকৈ উচ্চ বিভৱ পৰিবাহী তাঁৰত লাগি মৃত্যু ঘটা জি.আই.বি.ৰ এই চতুৰ্থটো ঘটনা দেখিছে। ভা.ব.প্ৰ.য়ে ৰাজ্যিক বন্যপ্ৰাণী বিভাগ আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন (MoEFCC) মন্ত্ৰালয়ৰ কাৰিকৰী সংস্থা হিচাপে কাম কৰে। “আটাইকেইটা শৱ উচ্চ বিভৱ পৰিবাহী তাঁৰৰ তলত পোৱা গৈছিল। এই তাঁৰ আৰু অনাকাংক্ষিত মৃত্যুৰ ঘটনাৰ মাজত যোগসূত্ৰ থকাটো স্পষ্ট,” তেওঁ লগতে কয়।
মৃত চৰাইবিধ হৈছে সংকটজনকভাৱে বিপন্ন গ্ৰেইট ইণ্ডিয়ান বাষ্টাৰ্ড (Ardeotis nigriceps)। আৰু মাত্ৰ পাঁচ মাহৰ ভিতৰত ই দ্বিতীয়টো পক্ষী, যিটো উচ্চ বিভৱ পৰিবাহী তাঁৰৰ সৈতে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হৈ পৰি মৃত্যুমুখত পৰিছে। জয়ছালমেৰ জিলাৰ চাংক্ৰা ব্লকৰ ওচৰৰ গাঁও ধোলিয়াৰ এজন কৃষক ৰাধেশ্যামে কয়, “২০১৭ চনৰ পিছত [তেওঁ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰা বছৰৰ পৰা] এইটো নৱম মৃত্যু। এজন আগ্ৰহী প্ৰকৃতিবিদ ৰাধেশ্যামে এই বিশাল পক্ষীবিধৰ ওপৰত নজৰ ৰাখি আহিছে। তেওঁ লগতে কয়, “গোদাৱনৰ মৃত্যুৰ বেছিভাগেই হাই টেনশ্যন তাঁৰৰ তলত হৈছে।
বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ অনুসূচী-১ৰ অধীনত জিআইবি-ক তালিকাভুক্ত কৰা হৈছে। এসময়ত পাকিস্তান আৰু ভাৰতৰ তৃণভূমিত দেখিবলৈ পোৱা এই পক্ষীবিধ আজি বিশ্বৰ অৰণ্যভাগত মাত্ৰ প্ৰায় ১২০ৰ পৰা ১৫০ টা আছে, আৰু ইহঁতৰ বসতিস্থল পাঁচখন ৰাজ্যত বিভক্ত হৈ আছে। কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু তেলাংগনাৰ সংযোগস্থলত প্ৰায় ৮-১০ টা আৰু গুজৰাটত চাৰিটা মাইকী জিআইবি দেখা গৈছে।
পক্ষীবিধৰ বেছিভাগেই জয়ছালমেৰ জিলাতেই অৱস্থান। এই চৰাইবিধৰ বাসস্থান পশ্চিম ৰাজস্থানৰ তৃণভূমি অঞ্চল অনুধাৱন কৰি অহা বন্যপ্ৰাণী জীৱবিজ্ঞানী ড০ সুমিত দুকিয়াই কয়, “দুটা গোট আছে – এটা পোখৰানৰ ওচৰত আৰু আন এটা মৰুভূমি ৰাষ্ট্ৰীয় উদ্যানত – প্ৰায় ১০০ কিলোমিটাৰ ব্যৱধানত।
কথাৰ পাক নলগাই তেওঁ পোনপটীয়াকৈ কয়, “আমি প্ৰায় সকলোতে জিআইবি হেৰুৱাইছো। চৰকাৰৰ পৰা বাসস্থান পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ কোনো উল্লেখযোগ্য পদক্ষেপ লোৱা হোৱা নাই।”দুকিয়া ইকলজি, ৰুৰেল ডেভেলপমেণ্ট এণ্ড ছাষ্টেনেবিলিটি (ইআৰডিএছ) ফাউণ্ডেশ্যনৰ অবৈতনিক বৈজ্ঞানিক উপদেষ্টা। এই সংস্থাটোৱে ২০১৫ৰ পৰা জিআইবি সংৰক্ষণৰ বাবে সামূহিক অংশগ্ৰহণ বঢ়োৱাৰ বাবে এই অঞ্চলটোত কাম কৰি আহিছে।
“মই মোৰ নিজৰেই জীৱনকালত এই চৰাইবোৰে জাক পাতি আকাশত উৰা দেখিছো। এতিয়া মই এটা চৰাই কেতিয়াবা দেখো, কাচিৎহে জাকত উৰা চকুত পৰে,’’ সুমেৰ সিং ভাটিয়ে কয়। চল্লিশ বছৰীয়া সুমেৰ সিং এজন স্থানীয় পৰিৱেশবিদ আৰু জয়ছালমেৰ জিলাৰ পৱিত্ৰ বনত জিআইবি-ৰ বাসস্থল আৰু চৰাইবিধৰ সংৰক্ষণৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আহিছে।
তেওঁ চাম ব্লকৰ চানৱাতা গাঁৱত থাকে, তাৰ পৰা এঘণ্টাৰ বাট। কিন্তু গোডাৱনৰ মৃত্যুৰ বাতৰি পাই তেওঁৰ লগতে সচেতন স্থানীয় লোক আৰু বিশেষজ্ঞ লোক ঘটনাস্থলীত উপস্থিত হৈছে।
*****
ৰাছলা গাঁৱৰ ওচৰৰ ডেগ্ৰাই মাতা মন্দিৰৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত্বত প্লাষ্টাৰ অৱ পেৰিছৰ দ্বাৰা নিৰ্মিত জীৱন্ত আকাৰৰ গোদাৱানৰ মূৰ্তি। ৰছীৰে আবৃতি ঘেৰাও এটাৰ ভিতৰত থকা এখন মঞ্চত স্থাপিত এই মূৰ্তিটো ৰাজপথৰ পৰা দেখা পায়।
স্থানীয় ৰাইজে প্ৰতিবাদৰ চিন স্বৰূপে এই মূৰ্তি স্থাপন কৰিছে। “ইয়াত মৃত্যু হোৱা জিআইবিৰ প্ৰথম মৃত্যু বাৰ্ষিকীত এয়া স্থাপন কৰা হৈছিল,” তেওঁলোকে আমাক কয়। হিন্দী ভাষাত লিখা ফলকখনৰ অনুবাদ এনেধৰণৰ - ‘২০২০ৰ ১৬ ছেপ্টেম্বৰত ডেগ্ৰাই মাতা মন্দিৰৰ সমীপত হাই টেনচন তাঁৰৰ সৈতে সংঘৰ্ষত এটি মাইকী গোদাৱনৰ মৃত্যু হয়। তাৰেই স্মৃতিত এই স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছে।’
গোদাৱন এনেকৈ মৃত্যুমুখত পৰা আৰু বাসস্থান হেৰুওৱাটো সুমেৰ সিং, ৰাধেশ্যাম আৰু জয়ছালমেৰৰ অন্যান্য স্থানীয় লোকসকলৰ বাবে তেওঁলোকৰ দৰে পশুপালক সম্প্ৰদায়ে চৌপাশৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ লগতে পশুপালনৰ জীৱন আৰু জীৱিকা হেৰুওৱাৰো চিন।
“‘উন্নয়ন’ৰ নামত আমি কিয় ইমানখিনি হেৰুৱাবলগীয়া হৈছে,” সুমেৰ সিঙে প্ৰশ্ন কৰে। “আৰু এই উন্নয়ন কাৰ বাবে?” তেওঁৰ কথাত যুক্তি আছে। এশ মিটাৰ দূৰত এখন সৌৰশক্তিৰ ফাৰ্ম আছে, বৈদ্যুতিক তাঁৰবোৰ মূৰৰ ওপৰেৰে পাৰ হৈ যায় ঠিকেই, কিন্তু তেওঁৰ নিজৰ গাওঁখনৰ বিদ্যুতৰ যোগান তেনেই অনিয়মীয়া আৰু ভৰসাবিহীন।
কেন্দ্ৰীয় নৱ আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে ঘোষণা কৰিছে যে যোৱা ৭.৫ বছৰত ভাৰতৰ নবীকৰণযোগ্য শক্তি ক্ষমতা ২৮৬ শতাংশ বৃদ্ধি পাইছে। যোৱা দশকত, বিশেষকৈ যোৱা ৩-৪ বছৰত এইখন ৰাজ্যত হাজাৰ হাজাৰ নবীকৰণযোগ্য শক্তি উদ্যোগ – সৌৰ আৰু বায়ু উভয়বিধ স্থাপিত হৈছে। ইয়াৰ উপৰিও আদানী নবীকৰণযোগ্য শক্তি পাৰ্ক ৰাজস্থান লিমিটেডে যোধপুৰৰ ভাদলাত ৫০০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰ উদ্যান আৰু জয়ছলমেৰৰ ফাটেহগড়ত ১৫০০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰ উদ্যান গঢ়ি তুলিছে। কোম্পানীটোৰ বৈদ্যুতিক তাঁৰ মাটিৰ তলেৰে নিয়া হৈছে নেকি বুলি ৱেবছাইটযোগে কোম্পানীটোলৈ সোধা প্ৰশ্নৰ উত্তৰ এই প্ৰতিবেদন প্ৰকাশ পোৱা পৰ্য্যন্ত পোৱা হোৱা নাই।
ৰাজ্যখনৰ সৌৰ আৰু বায়ু পামৰ দ্বাৰা উৎপাদিত শক্তি বিদ্যুৎ পৰিবাহী তাঁৰৰ বিশাল নেটৱৰ্কযোগে ৰাষ্ট্ৰীয় গ্ৰিডলৈ প্ৰেৰণ কৰা হয় যিয়ে বাষ্টাৰ্ড, ঈগল, শগুণ আৰু অন্যান্য পক্ষীৰ উৰণ পথত অন্তৰায়ৰ সৃষ্টি কৰে। নবীকৰণযোগ্য প্ৰকল্পৰ ফলত পোখৰাণ আৰু ৰামগড়-জয়ছলমেৰৰ জিআইবি বাসস্থানৰ মাজেৰে পাৰ হৈ যোৱা এটা সেউজ কৰিডৰৰ সৃষ্টি হ’ব।
জয়ছালমেৰ অতিশয় গুৰুত্বপূৰ্ণ মধ্য এছিয়ান ফ্লাইৱে (CAF)ত অৱস্থিত – সুমেৰুৰ পৰা ভাৰত মহাসাগৰলৈ প্ৰব্ৰজন কৰা চৰাইবোৰে মধ্য ইউৰোপ আৰু এছিয়াৰ মাজেৰে এয়া বাৰ্ষিক ফ্লাইৱে। বন্যপ্ৰাণীৰ পৰিভ্ৰমী প্ৰজাতিৰ সংৰক্ষণ চুক্তিত কোৱা হৈছে যে এই ১৮২টা পৰিভ্ৰমী জলচৰ চৰাইৰ প্ৰজাতিৰ প্ৰায় ২৭৯টা চৰাই এই পথেৰে আহে। আন কিছুমান চৰাই হ'ল বিলুপ্তপ্ৰায় প্ৰাচ্যৰ বগা পিঠিৰ শগুণ (Gyps bengalensis), লং-বিল্ড (Gyps indicus), ষ্ট'লিচকাৰ বুছচাট (Saxicola macrorhyncha), গ্ৰীণ মুনিয়া (Amandava formosa) আৰু মেককুইন বা হাউবাৰা বাষ্টাৰ্ড (Chlamydotis maqueeni)।
ৰাধেশ্যাম এজন উৎসুক ফটোগ্ৰাফাৰো আৰু তেওঁৰ লং ফ’কাচ টেলি লেন্সে কিছুমান দুখলগা ফটো তুলিছে। “মই পেলিকানবোৰক ৰাতি সৌৰফলকৰ পথাৰত অৱতৰণ কৰা দেখিছো, সিহঁতে সেয়া হ্ৰদ বুলি ভাবে। তাৰ পিছত দুৰ্ভগীয়া চৰাইবোৰ সেই ফলকৰ ওপৰত পিচলে আৰু সিহঁতৰ কোমল ঠেংবোৰ অপ্ৰত্যাৱৰ্তনীয়ভাৱে আঘাতপ্ৰাপ্ত হয়।”
ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ ২০১৮ৰ এক অধ্যয়নত কোৱা হৈছে যে জয়ছালমেৰৰ মৰুভূমি ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ আশে-পাশে থকা ৪২০০ বৰ্গ কিলোমিটাৰ এলেকাত বছৰি বিদ্যুৎ পৰিবাহী তাঁৰত কেৱল বাষ্টাৰ্ডেই নহয়, বছৰি ৮৪ হাজাৰ চৰাইৰ মৃত্যু হৈছে। “[বাষ্টাৰ্ডৰ] ইমান উচ্চ মৃত্যুৰ হাৰ প্ৰজাতিটোৰ বাবে বহনক্ষম নহয় আৰু বিলুপ্তিৰ ই এক নিশ্চিত কাৰণ।”
বিপদ কেৱল আকাশতে নহয়, মাটিতো আছে। ইয়াত উল্লেখ কৰা তৃণভূমি অঞ্চল, যাক তেওঁলোকে পবিত্ৰ বন বুলি বিবেচনা কৰি আহিছে, তাতো ৫০০ মিটাৰৰ ব্যৱধানত ২০০ মিটাৰ ওখ বায়ুকল বহুওৱা হৈছে। তাৰোপৰি সৌৰপামৰ বাবে হেক্টৰৰ পিছত হেক্টৰ মাটি ওখ দেৱালেৰে ঘেৰি পেলোৱা হৈছে। স্থানীয় সম্প্ৰদায়ৰ লোকে ডাল এটাও কাটিব নাপায় বুলি বিবেচনা কৰি অহা এই পৱিত্ৰ বনখন এতিয়া নবীকৰণযোগ্য শক্তিৰ অনুপ্ৰৱেশে সাপ আৰু জখলাৰ খেললৈ ৰূপান্তৰিত কৰিছে – পশুপালকে এতিয়া পোনাই বাট এটা বুলিব নোৱাৰে, দেৱাল আৰু ফেঞ্চিঙৰ কাষে কাষে বাট উলিয়াব লাগে, বায়ুকল আৰু তাৰ লগে লগে থকা মাইক্ৰ’গ্ৰিডৰ তলে তলে যাব লাগে।
ধানীয়ে (কেৱল এই নামটো ব্যৱহাৰ কৰে) কয়, “মই ৰাতিপুৱা ওলাই গ’লে সন্ধিয়ালৈকেহে ঘৰ পাওঁ।’’ ২৫ বছৰীয়া যুৱতীগৰাকীয়ে নিজৰ চাৰিটা গৰু আৰু পাঁচটা ছাগলীৰ বাবে ঘাঁহ আনিবলৈ হাবিলৈ যাব লাগে। “মোৰ গৰু-ছাগলীকেইটা হাবিলৈ লৈ গ’লে কেতিয়াবা তাঁৰৰ পৰা শ্বক লাগে।’’ ধানীৰ স্বামীয়ে বাৰ্মেৰ চহৰত পঢ়ি আছে, আৰু তেওঁলোকৰ ছয় বিঘা (প্ৰায় ১ একৰ) মাটি আৰু ৮, ৫ আৰু ৪ বছৰীয়া তিনিটা ল’ৰাক ধানীয়ে চোৱাচিতা কৰে।
‘‘স্থানীয় বিধায়ক আৰু জিলা উপায়ুক্তক ওচৰত এই লৈ প্ৰশ্ন উত্থাপন কৰিছো যদিও একো ফল পোৱা নাই,’’ জয়ছেলমেৰৰ চেম ব্লকৰ ৰাছলা গাঁৱৰ ডিগ্ৰাইৰ গাওঁপ্ৰধান মুৰিদ খানে কয়।
“আমাৰ পঞ্চায়তত ছয়ৰ পৰা সাত শাৰী হাই টেনচন কেবল স্থাপন কৰা হৈছে,” তেওঁ আঙুলিয়াই দিয়ে। “এয়া আমাৰ অৰান [পবিত্ৰ বন]ৰ মাজেৰে গৈছে। আমি তেওঁলোকক ‘ভাই, কোনে তোমালোকক অনুমতি দিছে’বুলি সুধিলে ‘আপোনাৰ অনুমতিৰ আমাক প্ৰয়োজন নাই’ বুলি তেওঁলোকে কয়।’’
এই ঘটনাৰ কিছুদিন পিছত, ২০২৩ৰ ২৭ মাৰ্চত লোকসভাত সোধা এটা প্ৰশ্নৰ উত্তৰত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে কয় যে জিআইবিৰ গুৰুত্বপূৰ্ণ বাসস্থানসমূহ ৰাষ্ট্ৰীয় উদ্যান (এনপি) হিচাপে নিৰ্ধাৰণ কৰা হ’ব। .
এই দুই বাসস্থানৰ এটাক ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিৱৰ্তন কৰা হৈছে আৰু আনখন সুৰক্ষিত স্থান হিচাপে চিনাক্ত কৰা হৈছে, কিন্তু বাষ্টাৰ্ডৰ জীৱন ইয়াত নিৰাপদ নহয়।
*****
২০২১ৰ ১৯ এপ্ৰিলত লেখ আবেদনৰ উত্তৰত উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে, “বাষ্টাৰ্ডৰ বাবে অগ্ৰাধিকাৰযুক্ত আৰু সম্ভাৱ্য এলেকা, য’ত আকাশ মাৰ্গেৰে যোৱা কেবলবোৰ মাটিৰ তলেৰে নিব পৰা সম্ভৱ, সেইখিনি এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব আৰু সেয়া সম্পূৰ্ণ নোহোৱালৈকে বৰ্তমানৰ বিদ্যুৎ পৰিবাহী তাঁৰত ডাইভাৰ্টাৰ [পোহৰ প্ৰতিফলিত কৰা আৰু চৰাইক সতৰ্ক কৰা প্লাষ্টিকৰ ডিস্ক] লগাই ৰাখিব লাগিব।”
সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানত ৰাজস্থানত ১০৪ কিলোমিটাৰ তাঁৰ মাটিৰ তলেৰে যাব লাগে বুলি নিৰ্ধাৰণ কৰি দিছে আৰু ১,২৩৮ কিলোমিটাৰ তাঁৰত ডাইভাৰ্টাৰ থাকিব লাগে বুলি নিৰ্দেশ দিছে।
২০২৩ৰ এপ্ৰিলত সেই ৰায়দানৰ দুবছৰ পাৰ হ’ল, মাটিৰ তলেৰে বিদ্যুৎ পৰিবাহী তাঁৰ নিয়াৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছে আৰু মাত্ৰ কেইকিলোমিটাৰ মানতহে প্লাষ্টিকৰ ডাইভাৰ্টাৰ লগোৱা হৈছে – যিবোৰ অঞ্চলত ই ঘাইপথৰ ওচৰত জনসাধাৰণ আৰু সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে। “উপলব্ধ গৱেষণাৰ তথ্য অনুসৰি চৰাইৰ ডাইভাৰ্টাৰে সংঘৰ্ষ বহু পৰিমাণে হ্ৰাস কৰে। গতিকে তাত্ত্বিকভাৱে এই দুৰ্ঘটনাবোৰ ৰোধ কৰিব পৰা গ’লহেঁতেন,’ বন্যপ্ৰাণী জীৱবিজ্ঞানী দুকিয়াই কয়।
এই গ্ৰহত একমাত্ৰ আশ্ৰয়স্থল থলুৱা বাষ্টাৰ্ডবোৰ সংকটাপন্ন হৈ পৰিছে। এহাতে আমি এটা বিদেশী প্ৰজাতিৰ বাবে ঘৰ সাজিবলৈ লৰালৰি কৰিছো – ২২৪ কোটি টকা খৰছ কৰি আফ্ৰিকান চিতাক ভাৰতলৈ অনাৰ বাবে পাঁচ বছৰীয়া এক বৃহৎ পৰিকল্পনা কৰিছো। এই ব্যয়ৰ ভিতৰত বিশেষ বিমানত লৈ অনা, নিৰাপদ ঘেৰাও নিৰ্মাণ, উচ্চমানৰ কেমেৰা, আৰু পৰ্যবেক্ষণ টাৱাৰ নিৰ্মাণ কৰা আদি অন্তৰ্ভুক্ত। তাৰ পিছত আহে বাঘৰ কথা, যাৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰ বাজেট আবণ্টন খুবেই ভাল, ২০২২ত ৩০০ কোটি টকা আবণ্টন কৰা হৈছে।
*****
পক্ষী প্ৰজাতিৰ এক গুৰুত্বপূৰ্ণ সদস্য গ্ৰেইট ইণ্ডিয়ান বাষ্টাৰ্ড এক মিটাৰ ওখ আৰু ওজন প্ৰায় ৫ৰ পৰা ১০ কিলোগ্ৰাম। বছৰি মাত্ৰ এটা কণী পাৰে, আৰু মুকলি ঠাইত। অঞ্চলটোত বনৰীয়া কুকুৰৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে বাষ্টাৰ্ডৰ কণী নিৰাপদ হৈ থকা নাই। “পৰিস্থিতি ভয়াৱহ। আমি বাষ্টাৰ্ডৰ এই সংখ্যা বাহাল ৰখাৰ উপায় বিচাৰি উলিয়াব লাগিব আৰু এই প্ৰজাতিটোৰ বাবে কিছু [অলংঘিত] অঞ্চল এৰি দিব লাগিব,” এই অঞ্চলত এটা প্ৰকল্প চলাই থকা বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ (বিএনএইচএছ) কাৰ্য্যসূচী বিষয়া নীলকান্ত বোধাই কয়।
স্থলজ প্ৰজাতি বাষ্টাৰ্ডে মাটিত ভ্ৰমি ফুৰিবলৈ ভাল পায়। চৰাইবিধ উৰি যোৱাটো এক সুন্দৰ দৃশ্য – তাৰ গধুৰ দেহটোৰে প্ৰায় ৪.৫ ফুট দৈৰ্ঘ্যৰ ডেউকাই মৰুভূমিৰ আকাশত ঢপঢপাই উৰি যোৱাৰ দৃশ্য চাবলগীয়া।
শক্তিশালী বাষ্টাৰ্ডৰ মূৰৰ দুয়োকাষে চকু থাকে, সেয়ে ই সন্মুখৰফালে বাট বন্ধ থাকিলেও দেখা নাপায়। ফলত, হয় ই হাই-টেনশ্যন তাঁৰত মুখামুখিকৈ খুন্দা মাৰে, নাইবা শেষ মুহূৰ্তত আঁতৰি যোৱাৰ বৃথা চেষ্টা চলায়। কিন্তু পটকৈ টাৰ্ন ল’ব নোৱাৰা ট্ৰেইলাৰ ট্ৰাকৰ দৰেই জিআইবিয়ে হঠাতে দিশ সলনি কৰোতে প্ৰায়ে বহু পলম হৈ যায়, আৰু ইয়াৰ ডেউকা বা মূৰৰ কিছু অংশ ৩০ মিটাৰ আৰু ততোধিক উচ্চতাত থকা তাঁৰবোৰত খুন্দা লাগে। ৰাধেশ্যামে কয়, “তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হ’লেও কেনেবাকৈ সি বাচি গ’লেও ইমান উচ্চতাৰ পৰা পৰাৰ ফলতে সাধাৰণতে চৰাইবিধৰ মৃত্যু হয়।”
২০২২ত যেতিয়া ৰাজস্থানৰ মাজেৰে ফৰিং ভাৰতত প্ৰৱেশ কৰিছিল, তেতিয়া “গোদাৱানৰ উপস্থিতিয়েই কিছুমান পথাৰ ৰক্ষা কৰিছিল, সিহঁতে হাজাৰ হাজাৰ ফৰিং খাইছিল,” ৰাধেশ্যামে মনত পেলায়। “গোদাৱানে কাৰো ক্ষতি নকৰে। আচলতে ই সৰু সাপ, বৃশ্চিক, সৰু জেঠী আদি খায় আৰু কৃষকৰ বাবে উপকাৰী,’তেওঁ লগতে কয়।
তেওঁ আৰু তেওঁৰ পৰিয়ালৰ ৮০ বিঘা (প্ৰায় ৮ একৰ) মাটি আছে। তাত তেওঁলোকে গুৱাৰ আৰু বজৰা খেতি কৰে, আৰু কেতিয়াবা শীতকালীন বৰষুণ হ'লে তৃতীয়বিধ শস্যৰ খেতি কৰে। তেওঁ লগতে কয়, “কল্পনা কৰকচোন যদি ১৫০ টা জিআইবি নাথাকি হাজাৰ হাজাৰ থাকিলহেঁতেন, তেতিয়া ফৰিঙৰ আক্ৰমণৰ দৰে ইমান গুৰুতৰ দুৰ্যোগ কমিলহেঁতেন।”
জিআইবিক সংৰক্ষিত কৰিবলৈ আৰু ইয়াৰ বসতিস্থল অবিক্ষিপ্ত হোৱাটো নিশ্চিত কৰিবলৈ আপেক্ষিকভাবে সৰু অঞ্চল এটাৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন। “সেই প্ৰচেষ্টা আমি চলাব পাৰো। ইমান ডাঙৰ কথা নহয়৷ আৰু মাটিৰ তলেৰে তাঁৰবোৰ নিবলৈ আধালতৰ নিৰ্দেশ দিয়াই আছে,’’ ৰাথোড়ে কয়। “সকলো শেষ হৈ যোৱাৰ আগতেই চৰকাৰে চিন্তা কৰাটো উচিত।”
এই প্ৰতিবেদন প্ৰস্তুতিত সহায় আগবঢ়োৱা বায়’ডাইভাৰ্ছিটি কলেব’ৰেটিভৰ সদস্য ডা. ৰবি চেল্লামক প্ৰতিবেদকে কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছে।
অনুবাদ: পংকজ দাস