বজৰংগ গাইকোৱাদে যেতিয়া শৰীৰৰ ওজন পাঁচ কিলো হেৰুৱালে, তেওঁ বুজিলে যে যথেষ্ট ক্ষতি হৈছে। “আগতে মই প্ৰতিদিনে ৬ লিটাৰ মহৰ গাখীৰ, ৫০ টা কাঠবাদাম, ১২ টা কল আৰু দুটাকৈ কণী খোৱাৰ উপৰি এদিন বাদে এদিন মাংস খাইছিলো,” তেওঁ কয়। এতিয়া ইমানখিনি তেওঁৰ ৭ দিনতো খোৱা নহয় বা কেতিয়াবা আৰু বেছি সময়ৰ ব্যৱধানত ইমানখিনি খাদ্য খোৱা হয় । তেনেকৈ তেওঁৰ ওজন ৬১ কিলোলৈ হ্ৰাস পাইছে।
কোলহাপুৰ জিলাৰ জুনেই পাৰগাওঁ গাঁৱৰ ২৫ বছৰীয়া পালোৱান বজৰংগে কয়, “মল্লযোদ্ধাৰ ওজন হ্ৰাস হোৱাটো অনুচিত, ই আপোনাক দুৰ্বল কৰিব আৰু মল্লযুঁজত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব। আমাৰ বাবে প্ৰশিক্ষণৰ সমানে খাদ্যও গুৰুত্বপূৰ্ণ। মহাৰাষ্ট্ৰৰ গ্ৰামীণ পশ্চিমাঞ্চলৰ আন বহুতো মল্লযোদ্ধাৰ দৰে বজৰংগেও মল্লযুঁজৰ প্ৰতিযোগিতাত পোৱা প্ৰাইজমানিৰ ওপৰত নিৰ্ভৰ কৰিছিল, সেই টকাৰে খোৱা খাদ্যৰে তেওঁ মুকলি আকাশৰ তলত ৰঙা বোকাত পতা প্ৰতিযোগিতাত ভাগ লৈছিল।”
কোলহাপুৰৰ দ’নলি গাঁৱত মুকলি আকাশত অনুষ্ঠিত প্ৰতিযোগিতাত শেষবাৰৰ বাবে অংশগ্ৰহণ কৰা ৫০০ দিনৰো অধিক হ’ল। “ইমান দীঘল বিৰতি মই কেতিয়াও লোৱা নাছিলো, আনকি বেয়াকৈ আঘাত পালেও ইমানদিন বহি থকা নাছিলো।”
২০২০ৰ মাৰ্চৰ পৰা মুক্ত মল্লযুঁজ ক্ষেত্ৰসমূহ নীৰৱ হৈ পৰিল। লকডাউন আৰম্ভ হোৱাৰ লগে লগে মল্লযুঁজৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা গাঁৱৰ মেলাসমূহ সমগ্ৰ মহাৰাষ্ট্ৰত নিষিদ্ধ কৰা হ’ল। এতিয়ালৈকে খোলাৰ অনুমতি প্ৰদান কৰা নাই।
ক’ভিড-১৯ মহামাৰী আৰম্ভ হোৱাৰ আগতে মল্লযুঁজৰ বতৰত পশ্চিম মহাৰাষ্ট্ৰ আৰু উত্তৰ কৰ্ণাটকৰ মুক্ত ক্ৰীড়াংগনত অনুষ্ঠিত মল্লযুঁজৰ পৰা বজৰংগে বছৰি ডেৰ লাখ পৰ্যন্ত টকা উপাৰ্জন কৰিছিল। এয়াই তেওঁৰ বছৰটোৰ মুঠ উপাৰ্জন। “মল্লযুঁজৰ বতৰত এজন ভাল মল্লযোদ্ধাই ১৫০ খন খেলত প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰে,” তেওঁ কয়। অক্টোবৰ মাহৰ শেষৰফালে মল্লযুঁজবিলাক আৰম্ভ হয় আৰু এপ্ৰিল-মে’লৈকে চলি থাকে (মৌচুমী অহাৰ আগলৈকে)। “বৃত্তিধাৰী মল্লযোদ্ধাসকলে এনে দিনবোৰত ৫০ হাজাৰ টকালৈকে উপাৰ্জন কৰিব পাৰে, জ্যেষ্ঠ মল্লযোদ্ধাসকলে মল্লযুঁজৰ বতৰত ২০ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে”, বজৰংগৰ প্ৰশিক্ষক ৫১ বছৰ বয়সীয়া মাৰুতি মানে কয়।
লকডাউনৰ আগলৈকে, ২০১৯ৰ আগষ্টত পশ্চিম মহাৰাষ্ট্ৰৰ কিছুমান অঞ্চল আৰু কংকান যেতিয়া বানাক্ৰান্ত হৈছিল, সেই সময়ত হাটকানাংলে তালুকৰ জুনে পাৰগাওঁ গাঁৱৰ বজৰংগ আৰু আন মল্লযোদ্ধাসকল হতাশ হৈ পৰিছিল। ৱাৰাণা নদীৰ উত্তৰ পাৰৰ ওচৰত থকা জুনে পাৰগাওঁ আৰু ইয়াৰ নিকটৱৰ্ত্তী পাৰগাওঁ অঞ্চল তিনিদিনৰ ধাৰাসাৰ বৰষুণত প্লাৱিত হৈছিল। দুয়োখন গাঁৱৰ মুঠ জনসংখ্যা ১৩,১৩০ জন (২০১১ৰ লোকপিয়ল)।
প্ৰশিক্ষক মাৰুতি মানৰ মতে প্ৰায় এশ বছৰ পুৰণি জুনে পাৰগাঁৱৰ জয় হনুমান তালীমখানা জলমগ্ন হৈ পৰিছিল। ২৩ বাই ২০ ফুট আখৰা প্ৰশিক্ষণ শিবিৰৰ পাঁচ ফুট দঁ মল্লযোদ্ধ ক্ষেত্ৰখন পুনৰ নিৰ্মাণ কৰিবলৈ এখন ট্ৰাকেৰে চাংলি জিলাৰ পৰা ২৭ হাজাৰ কিলোগ্ৰাম তামড়ি মাটি (ৰঙামাটি) আনিবলৈ এইখন গাঁৱৰ লগতে ওচৰৰ গাঁৱৰ ৫০ জনৰো অধিক মল্লযোদ্ধাই (সকলো পুৰুষ) বৰঙনি আগবঢ়ায়। ইয়াৰ বাবে ৫০ হাজাৰ টকা খৰছ হয়।
যিহেতু লকডাউনৰ বাবে মহাৰাষ্ট্ৰৰ সকলো তালীম বা আখৰা (মল্লযুঁজ কেন্দ্ৰ) বন্ধ হৈ পৰে, ইয়াৰ প্ৰভাৱ বজৰংগ আৰু আন মল্লযোদ্ধাসকলৰ ওপৰত পৰে। প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ মাজত ব্যৱধান বৃদ্ধিয়ে বহুতো মল্লযোদ্ধা প্ৰত্যাশীক আন কাম কৰিবলৈ বাধ্য কৰায়।
ঘৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ অটোম’বাইল যন্ত্ৰাংশ নিৰ্মাণ কৰা এটা কাৰখানাত ২০২১ৰ জুন মাহত বজৰংগই শ্ৰমিকৰ কামত সোমায়। “মই মাহে ১০ হাজাৰ টকাকৈ দৰমহা পাওঁ আৰু মোৰ আহাৰৰ বাবে দৰকাৰ হয় ৭০০০ টকা,” তেওঁ কয়। তেওঁৰ প্ৰশিক্ষক মাৰুতি মানৰ মতে জ্যেষ্ঠ মল্লযোদ্ধা প্ৰশিক্ষাৰ্থীয়ে আহাৰৰ বাবদ দিনে প্ৰায় ১০০০ টকা ব্যয় কৰিব লাগে। কিন্তু প্ৰয়োজন মতে আহাৰ যোগাৰ কৰিব নোৱাৰি ২০২০ৰ আগষ্টৰ পৰা বজৰংগই খাদ্যৰ পৰিমাণ হ্ৰাস কৰে আৰু শৰীৰৰ ওজন কমি যাবলৈ ধৰে।
‘এতিয়া কোনো মল্লযোদ্ধাই কমপক্ষেও দুমাহৰ বাবে প্ৰশিক্ষণ ল’ব নোৱাৰে,’ প্ৰশিক্ষক মানে কয়। ‘প্ৰথমতে ৰঙামাটিখিনি শুকাব লাগিব - ইয়াৰ বাবে এমাহ লাগিব’
বৃত্তিত কৃষিশ্ৰমিক বজৰংগৰ পিতৃ ২০১৩ চনত মৃত্যু হোৱাৰ পিছত তেওঁ বিভিন্ন কাম কৰিছিল। অলপ দিনৰ বাবে স্থানীয় দুগ্ধ সমবায় এখনত দৈনিক ডেৰশ টকা মজুৰিত গাখীৰৰ পেকেট বনোৱা কাম কৰিছিল আৰু সীমাহীন কাম কৰিবলগীয়া হৈছিল।
তেওঁৰ মাতৃ ৫০ বছৰীয়া পুষ্পাই আখৰালৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল। ১২ বছৰ বয়সতে বজৰংগই খেলত ভাগ লৈছিল। “দৈনিক ছয় ঘণ্টা কামৰ বিনিময়ত কৃষিশ্ৰমিক হিচাপে ১০০ টকাকৈ উপাৰ্জন কৰি মই তাক মল্লযোদ্ধা কৰিছিলো। কিন্তু সঘনে বানপানী আহি থকাৰ ফলত পথাৰৰ কাম নোহোৱা বাবে খুব অসুবিধা হৈছিল,” পুষ্পাই কয়।
বজৰংগে কৰিবলৈ লোৱা নতুন কামটোত হাড়ভঙা পৰিশ্ৰম কৰিব লাগে আৰু তেওঁ অনুশীলনৰ বাবে প্ৰয়োজনীয় সময় অনুসৰি খাদ্য খাব লাগে। “এনেকুৱা দিন গৈছে যে মই তালীমলৈ যোৱাৰ কথা ভাবিবপৰা নাছিলো,” তেওঁ কয়। ২০২০ৰ মাৰ্চৰ পৰা মল্লযুঁজৰ ক্ষেত্ৰসমূহ বন্ধ হৈ পৰাৰ পিছতো কিছুসংখ্যকে মাজে-সময়ে অনুশীলন কৰি আছে।
২০২১ৰ মে’ত, এবছৰৰো পিছত মল্লযুঁজৰ হলবোৰ ছেগা-চোৰোকাকৈ ব্যৱহাৰ কৰা হয়, সেয়ে মল্লযোদ্ধাসকলে আখৰাবোৰ প্ৰস্তুত কৰি তুলিবলৈ তাত মাটি লগাব লগা হৈছে। ৰঙামাটিৰ লগত ৫২০ লিটাৰ মহৰ গাখীৰ, ৩০০ কিলোগ্ৰাম হালধি গুড়ি, ১৫ কিলোগ্ৰাম গুড়ি কৰা কৰ্পূৰ, ২৫০০ টা নেমুৰ ৰস, ১৫০ কিলোগ্ৰাম নিমখ, ১৮০ লিটাৰ খোৱাতেল আৰু ৫০ লিটাৰ নিমৰ ৰস মিহলোৱা পানী মিহলাবলগা হৈছিল। বিশ্বাস কৰা হয় যে এই মিশ্ৰণে মল্লযোদ্ধাসকলক সংক্ৰমণ, কটাৰ আঘাত আৰু ডাঙৰ আঘাতৰ পৰা সুৰক্ষা দিয়ে। মল্লযোদ্ধাসকল আৰু ইয়াৰ স্থানীয় একাংশ দান-বৰঙনিৰে এই কামৰ বাবে এক লাখ টকা যোগাৰ কৰা হয়।
মাত্ৰ দুটা মাহৰ পিছত যোৱা ২৩ জুলাইত তেওঁলোকৰ গাওঁখন বৰষুণ আৰু বানপানীয়ে আকৌ প্লাৱিত কৰে। “২০১৯ চনত মল্লযুঁজ ক্ষেত্ৰৰ ভিতৰত কমেও ১০ ফুট পানী জমা হৈছিল আৰু ২০২১ত ১৪ ফুট পানী হৈছিল, আমি আকৌ বৰঙনি গোটাবলৈ সক্ষম নহয়। সেই কাৰণে মই পঞ্চায়তৰ কাষ চাপিছিলো, কিন্তু কোনো আগবাঢ়ি নাহিল,” বজৰংগে কয়।
প্ৰশিক্ষক মানে কয়, “কমেও দুমাহ এতিয়া কোনেও প্ৰশিক্ষণ ল’ব নোৱাৰে, মাটি শুকাবলৈ এমাহ লাগিব, তাৰপিছত তেওঁলোকে নতুনকৈ মাটি কিনি আনি ভৰাব লাগিব।”
সময়ৰ ব্যৱধানে দেখা দিলে পোনপটীয়া ক্ষতি হয়। মৰ্যাদাসম্পন্ন কেশৰী ক্ৰীড়াক্ষেত্ৰত প্ৰতিদ্বন্দিতা কৰা ২৯ বছৰীয়া শচীন পাটিলে কয়, “তুমি যদি এদিনৰ বাবে প্ৰশিক্ষণ ল’ব নোৱাৰা, আঠদিন পিছ পৰি যাবা।” ৰাজ্যখনৰ বিভিন্ন অঞ্চলত মহাৰাষ্ট্ৰ ৰাজ্যিক মল্লযুঁজ সংস্থাই প্ৰতিযোগিতা পাতে, সাধাৰণতে নৱেম্বৰ-ডিচেম্বৰ মাহত অনুষ্ঠিত কৰা হয়। ২০২০ৰ ফেব্ৰুৱাৰীত তেওঁ আনকি হাৰিয়ানাত অনুষ্ঠিত প্ৰতিযোগিতাতো বিজয়ী হৈছে। তেওঁ কয়, “সেইবাৰ মল্লযুঁজৰ চিজন খুব ভাল আছিল। আৰু মই ২৫ হাজাৰ টকা পাইছিলো।”
শচীনে প্ৰায় ৪ বছৰ কৃষিশ্ৰমিক হিচাপে কাম কৰিছিল আৰু একে সময়তে পথাৰত ৰাসায়নিক সাৰ ছটিওৱা কাম কৰি মাহে ছহেজাৰ টকা উপাৰ্জন কৰিছিল। অলপ দিনৰ বাবে কোলহাপুৰ জিলাৰ ৱাৰানা চেনী সমবায়ৰ পৰা তেওঁ অলপ সাহায্য লাভ কৰিছিল - প্ৰতিমাহে দহ হাজাৰ টকা, প্ৰতিদিনে এক লিটাৰকৈ গাখীৰ আৰু জিৰণি লোৱাৰ বাবে এটুকুৰা ঠাই পাইছিল। (এটা সময়ত ভাল অভিলেখ সৃষ্টি কৰা উদীয়মান মল্লযোদ্ধাসকলে ৰাজ্যখনৰ চেনী আৰু দুগ্ধ সমবায় সমিতিসমূহৰ পৰা তেনে সাহায্য়ৃ্য পাই আহিছে। বজৰংগেও ২০১৪ৰ পৰা ২০১৭লৈকে পাইছিল।)
২০২০ৰ মাৰ্চৰ আগলৈকে তেওঁ পুৱা ৪.৩০ বজাৰ পৰা ৯ বজালৈ প্ৰশিক্ষণ লৈছিল আৰু পুনৰ বিয়লি ৫.৩০ বজাত প্ৰশিক্ষণ আৰম্ভ কৰিছিল। “লকডাউনত সিহঁতে প্ৰশিক্ষণ ল’ব নোৱাৰিলে, তাৰ প্ৰভাৱ এতিয়া দেখা গৈছে,” প্ৰশিক্ষক মানে কয়। তেওঁ অনুমান কৰে, প্ৰতিযোগিতাত প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ নিজক যোগ্য কৰি তুলিবলৈ মল্লযোদ্ধাসকলে কমেও চাৰিমাহ কষ্টকৰ প্ৰশিক্ষণ ল’ব লাগিব। ২০১৯ৰ মাজভাগৰ পৰা মাত্ৰ দুটা বছৰত বানপানী আৰু ক’ভিডৰ কাৰণে তেওঁৰ আচল মল্লযুঁজৰ সময় হেৰুৱালে বুলি শচীনে ভয় খাইছে।
“২৫ৰ পৰা ৩০ বছৰ বয়সৰ সময়খিনি উত্তম সময়, ইয়াৰ পিছত মল্লযুঁজ চলাই যোৱা অসুবিধা হয়,” মানে কয়। তেওঁ নিজেও কমেও ২০ বছৰ মল্লযুঁজ যুঁজিছিল আৰু যোৱা দুটা দশক তেওঁ এখন ব্যক্তিগত চিকিসালয়ৰ নিৰাপত্তাৰক্ষীৰূপে কাম কৰিছিল। “গাঁৱৰ মল্লযোদ্ধাসকলৰ জীৱন সংগ্ৰাম আৰু দুখেৰে ভৰা। আনকি বহুতো ভাল মল্লযোদ্ধাই শ্ৰমিকৰূপে কাম কৰে,” তেওঁ কয়।
ধাৰাবাহিক ক্ষতিৰ পিছত এসময়ৰ জনপ্ৰিয় ক্ৰীড়া মল্লযুঁজ এতিয়া নিম্নগামী হৈছে আৰু পাহৰণিৰ দিশত গতি কৰিছে। মহাৰাষ্ট্ৰত মুক্তাংগনৰ মল্লযুঁজক এসময়ৰ শাসক আৰু সমাজ সংস্কাৰক চাহু মহাৰাজে (বিগত ১৮৯০ চনৰ পৰা) জনপ্ৰিয় কৰি তুলিছিল। আফগানিস্তান, ইৰাণ, পাকিস্তান, তুৰস্ক আৰু কেইখনমান আফ্ৰিকান ৰাষ্ট্ৰৰ গ্ৰামাঞ্চলত এই ক্ৰীড়াৰ ভীষণ চাহিদা আছিল। (পঢ়ি চাব পাৰে- মল্লযুঁজঃ ধৰ্মনিৰপেক্ষতা আৰু সমন্বয়ৰ আখৰাথলী )
“এটা দশকৰ আগতে জুনে পাৰগাঁৱত ১০০ মল্লযোদ্ধা আছিল। এতিয়া ৫৫ জন বৰ্তি আছে। প্ৰশিক্ষণ ল’বলৈ মানুহৰ পইচা নাই,” মাৰুতি মানে কয়। তেওঁ ধনগাৰ সম্প্ৰদায়ৰ আৰু মানে পৰিয়ালৰ দ্বিতীয় প্ৰজন্মৰ মল্লযোদ্ধা। তেওঁ ঘুনাকী, কিনি, নীলেৱাড়ি আৰু পাৰগাওঁ তথা জুনে পাৰগাঁৱৰ ছাত্ৰসকলক বিনামাচুলে নোলোৱাকৈ প্ৰশিক্ষণ দিয়ে।
তালীমৰ ভিতৰত থকা কাঠৰ ওখ চেলফত তেওঁৰ মল্লযুঁজৰ ট্ৰফীবিলাক সজাই থোৱা আছিল, ইয়াত অন্ততঃ বানপানীয়ে নষ্ট কৰিব নোৱাৰে। প্ৰৱল বৃষ্টিপাতৰ প্ৰসংগত তেওঁ কয়, “২০২১ৰ ২৩ জুলাইত নিশা প্ৰায় দুই বজাত আমি ঘৰৰ পৰা ওলাই আহিলো আৰু ওচৰতে থকা এখন পথাৰলৈ গ’লো। অতি খৰকৈ পানী বাঢ়িবলৈ ধৰিলে আৰু এদিনতে গোটেই গাওঁখন পানীত বুৰ গ’ল।” মানে পৰিয়ালে তেওঁলোকৰ ছটা পোহনীয় ছাগলী, এজনী ম’হ নিৰাপদে উলিয়াই আনিলে যদিও ২৫ জনী কুকুৰা চৰাইক ৰক্ষা কৰিব নোৱাৰিলে। ২৮ জুলাইৰ পৰা বানপানী কমিবলৈ আৰম্ভ কৰাৰ পিছত পানীয়ে কিমান ধ্বংস কৰিলে চাবলৈ আন বিশজন মল্লযোদ্ধাৰ সৈতে মাৰুতি প্ৰথমতে তালীমলৈ গ’ল।
নতুন প্ৰজন্মৰ মল্লযোদ্ধাসকলৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰা আশংকাত তেওঁ উদ্বিগ্ন হৈ পৰিছে। চাংলি জিলাৰ স্নাতক শ্ৰেণীৰ ছাত্ৰ ২০ বছৰীয়া ময়ুৰ বাগাড়িয়ে দুটা বছৰত (২০১৮-১৯) প্ৰতিযোগিতা কৰি কমেও ২০ খন খেলত বিজয়ী হৈছিল। তেওঁ কয়, “মই অধিক জনাৰ আগতে বা বেলেগ বেলেগ ঠাইলৈ যোৱাৰ আগতে লকডাউনে সকলো শেষ কৰিলে।” তেতিয়াৰে পৰা তেওঁ ঘৰৰ পোহনীয়া ম’হ দুজনীৰ গাখীৰ খীৰোৱাত আৰু নিজৰ খেতিপথাৰত কাম কৰাত পৰিয়ালক সহায় কৰি আহিছে।
২০২০ৰ ফেব্ৰুৱাৰীত ঘুনাকী গাঁৱত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ ২০০০ টকা পাইছিল। শচীন পাটিলে কয়, “মুঠ প্ৰাইজমানিৰ ৮০ শতাংশ বিজয়ীজনে পায়, আৰু ৰানাৰ্ছ আপজনে ২০ শতাংশ পায়।’’ এইদৰে প্ৰতিখন খেলৰ পৰা অলপ উপাৰ্জন হয়।
অলপতে হৈ যোৱা বানপানীৰ আগতে ময়ুৰ আৰু তেওঁলোকৰ ওচৰৰ নীলেৱাড়িৰ আন তিনিজন মল্লযোদ্ধাই প্ৰায়ে চাৰি কিলোমিটাৰ দূৰৰ জুনে পাৰগাঁৱলৈ গৈছিল। তেওঁ কয়, “আমাৰ গাঁৱত তালীম নাই।”
যোৱামাহৰ বানপানীৰ সময়ত তেওঁ কয়, “আমি এটা দিন তিনিফুট দ পানীত কটাইছিলো। আমাক উদ্ধাৰ কৰাৰ পিছত মোৰ জ্বৰ উঠিছিল।” পাৰগাঁৱৰ এখন বিদ্যালয়ত ৱাগাড়িহঁত এসপ্তাহ থাকিবলগীয়া হৈছিল। ময়ুৰে কয়, “আমাৰ গোটেই ঘৰটো পানীত বুৰ গৈছিল, দহ গুন্থা (০.২৫ একৰ) খেতিৰ মাটি জলমগ্ন হৈছিল।” পৰিয়ালটোৱে এই খেতিৰ মাটিৰ ২০ টন কুঁহিয়াৰৰ পৰা ৬০ হাজাৰ টকা পালেহেঁতেন। আনকি ঘৰত থকা ঘেঁহু, আটা আৰু ধান মিলাই প্ৰায় ৭০ কিলোগ্ৰাম হেৰুৱাবলগা হয়। ময়ুৰে কয়, “সকলো শেষ্।”
বানপানীৰ পিছত খেতিয়ক তথা কৃষিশ্ৰমিক পিতৃ-মাতৃক ঘৰখন পুনৰাই থান-থিত লগোৱাত ময়ুৰে সহায় কৰিলে। তেওঁ কয়, “সকলো স্বাভাৱিক অৱস্থালৈ অহা নাই যদিও এইটো ঘৰতে আমি শুব আৰু খাব লাগিব।”
দিনক দিনে বানপানীয়ে নিষ্ঠুৰ ৰূপ লৈছে বুলি বজৰংগে কয়। “২০০৫ৰ তুলনাত ২০১৯ৰ বানপানী বেছি বিধ্বংসী আছিল। ২০১৯ত ক্ষতিপূৰণ হিচাপে আমি এটকাও নাপালো। এইবছৰ (২০২১) হোৱা বানপানী ২০১৯তকৈ বেছি ভয়ংকৰ আছিল।” তেওঁ কয়, “চৰকাৰে যদি আইপিএল (ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ)ক সমৰ্থন কৰিব পাৰে আৰু আন দেশলৈ স্থানান্তৰিত কৰাৰ কথা ভাবিব পাৰে, তেন্তে মল্লযুঁজৰ বাবে কিয় অলপ ভাবিব নোৱাৰে?”
“পৰিস্থিতি যিয়েই নহওঁক, মই যিকোনো মল্লযোদ্ধাৰ লগত খেলিব পাৰো। কিন্ত মই ক’ভিড আৰু দুটাকৈ বানপানীৰ লগত মল্লযুঁজত নামিব নোৱাৰো,” শচীনে কয়।
অনুবাদ: পংকজ দাস