৬৫ টা বাঘৰ সৈতে মুদুমালাইৰ ঘন বনাঞ্চলত হস্তীকুলৰ বিচৰণভ ভূমিত জীয়াই থকা এম. মাধানে ৬০ ফুট উচ্ছতাৰ গছত বিপদসংকুলভাবে বাই গৈ মৌবাহৰ পৰা মৌ সংগ্ৰহ কৰিব জানে।
এইবোৰৰ বাবে তেওঁৰ ভয় নালাগে। কিমানটা বাঘ তেওঁ ওচৰৰ পৰা দেখিছিল বুলি আমি তেওঁক সোধোতে হাঁহি মাৰি ক’লে, ‘মই হিচাপ কৰা বাদ দিলো!’
কিন্তু এতিয়া তেওঁ যাৰ বাবে বিৰক্ত হৈছে, সেয়া হৈছে জোপ লৈ থকা এক ভিন্ন ধৰণৰ বিপদ। মুদুমালাই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰ অঞ্চলৰ প্ৰায় ৯০ টা পৰিয়ালে বাস কৰা সাতখন গাঁৱৰ এখন সৰু গাওঁ বেন্নেৰ মাধান আৰু আন বাসিন্দাসকলে অতি সোনকালে পুৰুষানুক্ৰমে ভোগদখল কৰি অহা ভূমি আৰু ঘৰ এৰি যাব লাগিব।
জংঘলৰ মাজত থকা তেওঁৰ ঘৰটো মাধানে আমাক দেখুৱালে। তেওঁৰ ঘৰৰ কাষতে থকা খেৰ আৰু মাটিৰে তৈয়াৰী পঁজাটো মাৰিআম্মা গোঁসানীৰ মন্দিৰ আৰু তাৰ কাষতে থুপ খুৱাই ৰোপন কৰা গছ কেইজোপাৰ সৈতে মাধানৰ কেইবা প্ৰজন্ম চিৰিনিদ্ৰিত হৈ পৰি থকা কবৰস্থান। তেওঁ এজোপা গছলৈ আঙুলিয়াই দেখুৱালে আৰু বন্যপ্ৰাণীয়ে খাব নোৱৰাকৈ কাইটীয়া বেৰ দি থোৱা পৰিয়ালৰ শাক-পাচলিৰ খেতি আমাক দেখুৱাই ক’লে, ‘এয়া মোৰ ঘৰ।’
মুদুমালাই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বসতি অঞ্চলৰ সাতখন সৰু গাঁৱৰ ভিতৰত এখন হ’ল বেন্নে (বন বিভাগৰ নথিপত্ৰৰ টোকা)। ইয়াত থকা সকলো বাসিন্দা কাট্টুনায়াকন আৰু পানিয়ান আদিবাসী সম্প্ৰদায়ৰ। ২০০৭ত জাৰি কৰা অধিসূচনা অনুসৰি তামিলনাডুৰ বনাঞ্চলৰ ৬৮৮ বৰ্গকিলোমিটাৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলক গুৰুত্বপূৰ্ণ বাঘৰ বাসস্থান বুলি কোৱা হৈছিল। ২০১৩ত যিসকলে অৰণ্য বাহিৰত পুনৰ সংস্থাপিত হ’ব বিচাৰে, তেওঁলোকৰ বাবে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীয়ে আগবঢ়োৱা ১০ লাখ টকা কামত খটুৱাবলৈ বন বিভাগ তৎপৰ হৈ পৰিল। ২০০৬ত সংশোধন কৰা ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰী (এন.টি.চি.এ.) পুনৰ সংস্থাপন কাৰ্যসূচী বাঘ সংৰক্ষণ শক্তিশালী কৰাত ব্যৱহাৰ কৰা হ’ল আৰু আৰ্থিক ক্ষতিপূৰণ আগবঢ়োৱা হ’ল।
বেন্নেৰ বাসিন্দাসকলে ভাবিলে তেওঁলোকে বন বিভাগৰ আহ্বানলৈ লক্ষ্য কৰি বনাঞ্চলতে থাকিব, তেওঁলোকৰ মন্দিৰ আৰু কবৰস্থান একো ক্ষতি নোহোৱাকৈ তেওঁলোকৰ ওচৰতে থাকিব। ২০১৬ৰ ১৭ জানুৱাৰীত বেন্নে গ্ৰামসভাৰ ৫০ জন সদস্যৰ সভাই একক সংখ্যাগৰিষ্ঠতাৰে দুটা প্ৰস্তাৱ গ্ৰহণ কৰিলে আৰু স্বাক্ষৰ কৰিলে। তামিল ভাষাত এনেদৰে লিখা হ’লঃ ‘বেন্নে আদিবাসী গাওঁ আন কোনো অঞ্চলত পুনৰ সংস্থাপন কৰা নহ’ব। আমাক আন ঠাইৰ প্ৰয়োজন নাই আৰু আমাক টকা নালাগে।’
বন অধিকাৰ আইন ২০০৬
ত উল্লেখ কৰা হৈছে যে ‘পৰম্পৰাগত বনাঞ্চল বাসিন্দাসকলৰ বনাঞ্চলত বসবাস কৰি থকাৰ বাবে ‘বনভূমি অধিকাৰ কৰা আৰু বনভূমিত থকাৰ অধিকাৰ আছে।’ বন অধিকাৰ আইনত আৰু কোৱা হৈছে যে বাসিন্দাসকলক তেওঁলোকৰ বাসস্থান বা গাঁৱৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰাৰ আগতে প্ৰস্তাৱিত পুনৰ সংস্থাপন আৰু ধনৰ বিষয়ে গ্ৰামসভাৰ মুকলি সন্মতি প্ৰদান লিখিত ৰূপত লাভ কৰা বাধ্যবাধক।
গ্ৰামসভাই প্ৰস্তাৱ গ্ৰহণ কৰাৰ এবছৰৰ ভিতৰত বেন্নেৰ আন ৪৪ টা কাট্টুনায়াকন আদিবাসী পৰিয়ালৰ সৈতে মাদানৰ পৰিয়ালে নিজৰ মনৰ সলালে আৰু পুনৰ সংস্থাপনৰ বাবে আগবঢ়োৱা ১০ লাখ টকাৰ অনুদান গ্ৰহণ কৰিলে। ‘আমাক নিজে বাচি লোৱাৰ সুযোগ দিয়া নহ’ল,’ ২০১৯ৰ অক্টোবৰত মাধানে ক’লে। ‘বন বিষয়াই আমাক বনাঞ্চলৰ পৰা ওলাই যোৱা বিচাৰিলে আৰু এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ ক’লে। তেওঁ ক’লে যদি আমি এতিয়া এই ঠাইৰ পৰা নায়াও, তেন্তে পিছত বলপূৰ্বক উচ্ছেদ কৰা হ’ব আৰু টকাও নিদিয়ে।’
২০১৮ৰ জুন মাহত পুনৰ সংস্থাপনৰ বাবে আগবঢ়োৱা ৫.৫ লাখ টকা মাধান পৰিয়ালে লাভ কৰিলে (এন.টি.চি.এ.ৰ নিৰ্দেশনা অনুসৰি ৭ লাখকৈ টকা মাটি ক্ৰয় কৰাৰ বাবে প্ৰাথমিকভাবে প্ৰতি পৰিয়ালক দিব লাগিব আৰু বাকী ৩ লাখ টকা তিনি বছৰৰ পিচত আদায় দিয়া হ’ব)। সেইদিনাই বন বিষয়া চিনাকি কৰাই দিয়া এজন ভূস্বামীক ধন হস্তান্তৰ কৰা হ’ল, যিজনে প্ৰতিটো পৰিয়ালক ৫০ চেণ্ট (আধা একৰ)কৈ মাটি দিব, এই মাটিৰ স্থান হ’ল বেন্নেৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰত। ‘ইয়াৰ প্ৰায় এবছৰ পাৰ হ’ল আৰু মাটিৰ নামজাৰি বা পট্টা আমি পোৱা নাই, সেই কাৰণে আমি স্থানান্তৰ হ’ব পৰা নাই। আমাৰ পট্টাও নাই, টকাও নাই,’ দূৰলৈ উদাসভাবে চাই তেওঁ ক’লে।
‘বন বিষয়াই মাটিৰ দালাল লৈ আহিছিল আৰু আমাৰ প্ৰত্যেককে এজন এজনকৈ বুজাইছিল যে চৰকাৰৰ এই প্ৰস্তাৱ আদৰি লোৱা উচিত, আমি ভাল মাটি আৰু ঘৰ পাম,’ ৪০ বছৰীয়া জি. আপ্পুৱে ক’লে। তেওঁ বেন্নে গ্ৰামসভাৰ সভাপতি। আপ্পুৱে আন চাৰিটা পৰিয়ালৰ সৈতে ২৫ লাখ টকাত দুই একৰ ভূমি ক্ৰয় কৰিবলৈ চৰকাৰে আগবঢ়োৱা পুনৰ সংস্থাপনৰ ধন ল’ব বুলি ক’লে। ‘সিহঁতে (মাটিৰ মালিক, উকীল আৰু বন বিষয়া) আদালতৰ সন্মুখত থকা কাৰ্যালয়ত ধন হস্তান্তৰ কৰিবলৈ চালান লিখিলে,’ তেওঁ ক’লে। ‘এতিয়া সিহঁতে কৈছে পৰৱৰ্তী কিস্তিৰ পৰা সিহঁতক আৰু ৭০ হাজাৰ টকা দিব লাগিব, তেতিয়াহে আমি মাটিত নামজাৰি পাম।’
প্ৰাপ্যৰ পৰা বঞ্চিত কৰা হ’ল আৰু যিকোনো সময়ত পৰম্পৰাগত উপাৰ্জনৰ লোকচান কৰি তেওঁলোক উচ্ছেদিত হোৱাৰ আশংকাত মাধান আৰু আপ্পুৰ পৰিয়ালে দিন পাৰ কৰিছে। ‘মই ঔষধি পাত, মৌ, জেটুলিপকা, কৰ্পূৰ আৰু আন বহুতো বনজ বস্তু সংগ্ৰহ কৰিছিলো। এতিয়া মোক বাধা দিয়া হ’ল আৰু বনাঞ্চলত প্ৰৱেশৰ অনুমতি নিদিয়া হ’ল,’ আপ্পুৱে ক’লে। ‘আমি যদি বনাঞ্চলৰ ভিতৰত সোমাও, আমাক মাৰধৰ কৰে,’ মাধানে ক’লে। ‘আমি কোনো নিয়ম ভংগ কৰা নাই।’
মাধান আৰু আপ্পুৰ দৰে, ২০১৮ত তেওঁলোকৰ প্ৰতিবেশী কে. অনাথিক নতুন বেন্নে গাঁৱলৈ স্থানান্তৰ কৰা হ’ল- (সিহঁতে এইখন গাঁৱক ১ নম্বৰ বুলি উল্লেখ কৰে), তেওঁলোকৰ পুৰণি চুবুৰীৰ পৰা ইয়াৰ দূৰত্ব খুব বেছি এক কিলোমিটাৰ হ’ব।
বাঁহৰ খুটা আৰু প্লাষ্টিকৰ চালেৰে তৈয়াৰী অস্থায়ী ঘৰলৈ মই যোৱাৰ সময়ত অনাথিয়ে পৰিয়ালৰ সদস্যৰ বাবে পুৱাৰ আহাৰ তৈয়াৰ কৰি আছিল, কাষতে আছিল তেওঁলোকৰ নতুনকৈ নিৰ্মাণ কৰা দুটা কোঠাৰ চিমেণ্টেৰে বনোৱা ডাঙৰ ঘৰ, বেৰত ৰং কৰা হৈছে আৰু দুৱাৰবোৰত ফাট মেলিবলৈ ধৰিছে। ওচৰত চাহ বাগানত কাম পাবলৈ টান যদিও অনাথিয়ে মজুৰী কৰিলে দিনে প্ৰায় ১৫০ টকা উপাৰ্জন কৰিব পাৰে, নহ’লে কফি বাগান বা জালুকৰ বাগানত কাম কৰিও উপাৰ্জন কৰে। জানুৱাৰী-ফেব্ৰুৱাৰীৰ সময়ত এই কাম পোৱা যায়।
অনাথিৰ দৰে কাট্টুনায়াকন আদিবাসীসকলে (নীলগিৰিত থকা ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক, অধ্যাপক চি. আৰ সত্যনাৰায়নে ক’লে, তামিলনাডুৰ এইসকল আদিবাসীৰ সংখ্যা প্ৰায় ২৫০০ জন হ’ব) সংৰক্ষিত ব্যাঘ্ৰ বনাঞ্চলৰ বসতিপ্ৰধান অঞ্চলৰ ক্ষুদ্ৰ কফি আৰু জালুকৰ বাগিচাত দিনমজদুৰ হিচাপে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। এনে বহু ক্ষুদ্ৰ বাগিচাৰ মালিকেও চৰকাৰে আগবঢ়োৱা পুনৰ সংস্থাপনৰ সুবিধা গ্ৰহণ কৰি আঁতৰি যোৱাৰ ফলত ২০১৮ৰ পৰা দিন মজুৰী কৰাৰ সুবিধাও সংকুচিত হৈ পৰে।
‘আমি অলপ টকা পাম বুলি ভাবি (১০ লাখ টকা) ইয়ালৈ স্থানান্তৰ হৈছিলো, কিন্তু প্ৰায় গোটেইখিনি ওলাই গ’ল,’ অনাথিয়ে আৰু কয়, ‘৫০ চেণ্ট মাটি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া দালাল আৰু মাটি বিক্ৰেতাই ল’লে ছয় লাখ টকা। এই ঘৰটো মাত্ৰ ৫ চেণ্ট মাটিত বনোৱা হৈছে, কিন্তু বাকী ৪৫ চেণ্ট মাটি ক’ত আছে মই নাজানো। মোৰ কোনো নথিপত্ৰ নাই,’ এজন অধিবক্তাক ৰেঞ্জাৰে (বন বিষয়াই) তেওঁৰ লগত চিনাকি কৰি দিছিল, ‘উকীলৰ মাচুলৰ বাবদ তেওঁ ৫০ হাজাৰ টকা আৰু বিদ্যুৎ সংযোগৰ বাবদ ৪০ হাজাৰ টকা দিবলৈ সিহঁতে মোক ক’লে।’
নাগামপাল্লিৰ এই ক্ষুদ্ৰ গাওঁখন- বেন্নিৰ পৰা ৩০ কিলোমিটাৰ পূৱত অৱস্থিত। সংৰক্ষিত ব্যাঘ্ৰ বনাঞ্চলৰ ৬ কিলোমিটাৰ ভিতৰত। ২০১৮ৰ ফেব্ৰুৱাৰীত ৩২ বছৰ বয়সীয়া কামালাতচি তেওঁৰ ৩৫ বছৰ বয়সীয়া দিনমজুৰী কৰা স্বামী মাধৱন, তেওঁলোকৰ সন্তান, কামালাতচিৰ পিতৃ-মাতৃ, এগৰাকী বিধবা ভনীয়েক আৰু ভনীয়েকৰ দুটা সন্তানৰ সৈতে ইয়াৰ পৰা মাচিকোলিলৈ আহিছিল।
১০ লাখ টকা পোৱাৰ প্ৰতিশ্ৰুতি আৰু তেওঁ লালন-পালন কৰা কেইটামান ছাগলীৰে সান্তনা লভি কামালাতচি স্থানান্তৰ হৈছিল। ছাগলীকেইটা লহপহকৈ ডাঙৰ হৈ আহিছে, কিন্তু পুনৰ সংস্থাপনৰ বাবে পোৱা টকা জমা হোৱাৰ পিচতে উলিয়াই আনিবলগীয়া হ’ল। ২০১৮ৰ নবেম্বৰত বেংকৰ পাছবুকত দেখা গ’ল তেওঁ ৫.৭ লাখ টকা পাইছে আৰু একেদিনাই ৪.৭৩ লাখ টকা আধা একৰ মাটিৰ দামৰ বাবে ‘ৰোছাম্মা’ৰ খাতালৈ গ’ল। অথচ এই মাটিৰ মালিকীস্বত্বৰ দাবী কৰিব পৰাকৈ কোনো পঞ্জীয়ন কৰা নথিপত্ৰ তেওঁ এতিয়ালৈকে লাভ কৰা নাই।
কামালাতচি তেওঁৰ সম্প্ৰদায়ৰ ভিতৰত শিক্ষিত- কাট্টুনায়াকন আদিবাসীৰ সাক্ষৰতাৰ হাৰ ৪৮ শতাংশ। তেওঁৰ দ্বাদশ শ্ৰেণীলৈ পঢ়াৰ প্ৰমাণপত্ৰ আছে আৰু শিক্ষকতাৰ বাবে প্ৰশিক্ষিত (তথাপি, তেওঁ এগৰাকী দিনমজুৰী কৰা মহিলা)। এই পৰ্যন্ত তেওঁ পোৱা হাৰাশাস্তিৰ বিৰুদ্ধে মুৰ দাঙি উঠিব পৰা নাই। ‘তেওঁ (ৰেঞ্জাৰ) প্ৰত্যেকৰ ওচৰলৈ আহি ক’বলৈ ধৰিলে, তোমালোকে যদি স্থানান্তৰ হোৱা আৰু এতিয়াই আঁতৰি যোৱা, তেন্তে ক্ষতিপূৰণ পাবা, পিচত নাপাবা। আমি নাগামপাল্লিত পাঁচ প্ৰজন্ম ধৰি বসবাস কৰি আহিছো। আমি যেতিয়া পুৰুষানুক্ৰমে বসবাস কৰা ঘৰ এৰি আহিলো, এনেকুৱা লাগিছে যেন এক ডাঙৰ বিপৰ্যয় হৈছে, কিয়নো আমি সকলো হেৰুৱালো।’
একো দলিল-চুক্তিপত্ৰ অবিহনে আন দুটা কাট্টুনায়াকন আদিবাসী পৰিয়াল আৰু ১৫ টা পানিয়ান আদিবাসী পৰিয়ালে নাগাপাল্লিৰ পৰা ঘৰ স্থানান্তৰ কৰিলে, আৰু যিটো ঘৰলৈ আহিল সেইটো ঘৰত কোনোধৰণৰ সা-সুবিধা নাই। সেয়ে ২০১৮ৰ ২ অক্টোবৰত নাগামপাল্লি গ্ৰামসভাই এক প্ৰস্তাৱ গৃহীত কৰিলে- প্ৰস্তাৱত উল্লেখ কৰা হ’ল যে তেওঁলোকৰ কিছুমানে মাটিৰ পট্টা বা কাগজ-পত্ৰ নোহোৱাকৈ মাটি ক্ৰয় কৰিবলগা হৈছে আৰু অতি উচ্চ দামত ক্ৰয় কৰিছে, সেয়ে তেওঁলোকে নীলগিৰিৰ জিলা দণ্ডাধীশৰ হস্তক্ষেপ বিচাৰিছে যাতে তেওঁলোকক পানী, বিজুলী যোগান, বাট-পথ আৰু কবৰস্থানৰ সুবিধা থকা ঘৰ দিয়ে।
কেইমাহমানৰ পিচত ২০১৯ৰ জানুৱাৰীত মাধৱন, অনাথি আৰু কামালাতচিয়ে তুলি ধৰা সমস্যাৰ বিষয়ে আদিবাসী মুনেট্ৰা সংগম (এ.এম.এছ.)ৰ শ্ৰীমাদুৰাই কাৰ্যালয়ত আলোচনা কৰা হ’ল। মাটি আৰু মাটিৰ ওপৰত থকা অধিকাৰৰ লগত সম্পৰ্ক থকা ইছ্যুবোৰ শক্তিশালী কৰিবলৈ আৰু তুলি ধৰিবলৈ ১৯৮৬ত আদিবাসীসকলৰ গুডালুৰত মূল কাৰ্যালয় থকা সংগঠনটো গঠন কৰা হৈছিল। গুডালুৰ আৰু পাণ্ডালুৰ তালুকত এই সংগঠনৰ ২০,০০০ ৰো অধিক সদস্য আছে। ২০১৯ৰ ২৬ জানুৱাৰীত তেওঁলোকে জাতি আৰু অনুসূচীত জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগ, দিল্লীৰ অধ্যক্ষলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল।
২০১৯ৰ ৬ মাৰ্চত উধাগামণ্ডলম (উটি)ৰ কালেক্টৰলৈ দুই পৃষ্ঠাৰ এখন আবেদন প্ৰেৰণ কৰা বুলি মুল্লুকুৰুম্বা আদিবাসী সম্প্ৰদায়ৰ এ.এম.এছ. সম্পাদক কে.টি. সুব্ৰমণিয়ে ক’লে। আবেদনত প্ৰৱঞ্চনাৰ সকলো বিৱৰণ বিতংভাবে প্ৰকাশ কৰাৰ লগতে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। নাগামপাল্লি গ্ৰাম সভাৰ আনুষ্ঠানিক কাগজত এই আবেদন লিখা হৈছিল আৰু কমেও ২০ জন সদস্যই স্বাক্ষৰ কৰিছিল।
২০১১ৰ ৩ ছেপ্তেম্বৰত অৱশেষত গুডালুৰ আৰক্ষী থানাত (নাগামপাল্লি গাঁৱৰ পৰা গুডালুৰ নগৰৰ দূৰত্ব প্ৰায় ২০ কিলোমিটাৰ) নজন মানুহৰ নামত এজাহাৰ দাখিল কৰা হ’ল। এজাহাৰত নাম থকা ৯ জন হ’ল- সুৰেশ কুমাৰ (ফৰেষ্ট ৰেঞ্জাৰ-বন বিষয়া) আৰু সুগুমাৰান (অধিবক্তা), মাটি বিক্ৰেতা, মাটিৰ মালিক আৰু দালাল। ‘অপৰাধমূলক ষড়যন্ত্ৰ’ আৰু ‘জালিয়াতিৰ বাবে শাস্তি’কে ধৰি ভাৰতীয় দণ্ডাবিধিৰ কেইবাটাও ধাৰা এজাহাৰত উল্লেখ কৰা হ’ল। অনুসূচীৰ জাতি আৰু অনুসূচীত জনজাতি (আতিশায্য প্ৰতিৰোধ) আইন, ১৯৮৯ৰ অধীনত এই ৯ জনক অভিযুক্ত কৰা হ’ল।
কাৰণ কিছুমান মানুহে পঢ়িব নোৱাৰে, তেওঁলোকক বেংকৰ চালানত চহী কৰোৱা হৈছে আৰু একাউণ্টৰ পৰা টকা লৈ যোৱা হৈছে। আমি সেই মানুহবিলাকৰ নাম এজাহাৰত উল্লেখ কৰিছো। এ.এম.এছ.ৰ অধিবক্তা জি. মাল্লাইচামীয়ে কয়।
২০১৯ৰ অক্টোবৰত এজাহাৰত নাম থকা বন বিষয়া (ফৰেষ্ট ৰেঞ্জাৰ) সুৰেশ কুমাৰে টেলিফোনত মোৰ লগত কথা পাতিলে আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰিলে। ‘মই কাকো বাধ্য কৰোৱা নাই, সিহঁতে নিজে ইয়াৰ পৰা যাব বিচাৰিছিল। মই এন.টি.চি.এ.-ৰ নিৰ্দেশনা অনুসৰণ কৰিছিলো। তদন্ত চলি আছে। মই ভূল কৰা নাই। মই চৰকাৰী বিষয়া।’
এজাহাৰত নাম থকা অধিবক্তা কে. সুকুমাৰনেও তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ অৰ্থহীন বুলি ক’লেঃ মিছা তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া ই এখন মিছা এজাহাৰ আৰু মই আগতীয়া জামিন (নৱেম্বৰত) লৈছো, কিয়নো সমাজবিৰোধীহঁতে মোক লক্ষ্য কৰি লৈছে।
ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ে ইছ্যু কৰা নথিপত্ৰত উল্লেখ কৰা হ’ল যে ৭০১ টা পৰিয়াল পুনৰ সংস্থাপনৰ ক্ষতিপূৰণ লাভ কৰাৰ বাবে অৰ্হতাসম্পন্ন। দুটা পৰ্যায়ত, ১ম আৰু ২য়, সাতখন গাঁৱৰ ৪৯০ টা পৰিয়ালক স্থানান্তৰ কৰা হৈছে। আন ২১১ টা পৰিয়ালক বৰ্তমান চলাই থকা ৩য় পৰ্যায়ত স্থানান্তৰ কৰা হ’ব। সংৰক্ষিত বনাঞ্চলৰ বাহিৰত থকা আৰু বসবাস কৰা মাটিৰ জমাবন্দী আৰু পট্টা নথকা ২৬৩ টা পৰিয়ালক পুনৰ সংস্থাপনৰ অৰ্হতাসম্পন্ন নহয় বুলি চিনাক্ত কৰা হৈছে।
‘এন.টি.চি.এ.-ৰ নীতি-নিৰ্দেশনা অনুসৰি এই স্থানান্তৰ স্বেচ্ছামূলক।’ ২০১৯ৰ মাৰ্চত এম.টি.আৰ. ক্ষেত্ৰ সঞ্চালকৰ দায়িত্ব লোৱা কে. কে. কৌশলে ক’লে। ‘আমাৰ হাতত থকা নথিপত্ৰ মতে, মুঠ ৪৮ কোটি টকা বণ্টন কৰা হৈছে আৰু ২০ কোটি টকা ৩য় পৰ্যায়ৰ স্থানান্তৰ আৰু পুনৰ সংস্থাপনত ব্যৱহাৰ কৰা হ’ব।’
ইতিমধ্যে ২০১৮ৰ ডিচেম্বৰত গুডালুৰ ৰাজহ সংমণ্ডল বিষয়াৰ দায়িত্ব গ্ৰহণ কৰা (এয়া তেওঁৰ প্ৰথম নিযুক্তি) কে. ভি. ৰাজকুমাৰে পুনৰ সংস্থাপনৰ ইছ্যুটোত গুৰুত্ব দিলে। তেওঁ ক’লে যে তেওঁ এই গোচৰটোৰ সকলো দিশ তেওঁ কেইবামাহ ধৰি অধ্যয়ন কৰিছে। ‘২০১৯ৰ ডিচেম্বৰত মই এম.টি.আৰ.-ৰ উপায়ুক্তলৈ লিখিছিলো। কেৱল ১০ লাখ টকা হস্তান্তৰ কৰা নহয়, এন.টি.চি.এ.-ৰ নীতি-নিৰ্দেশনাৰ আধাৰত সম্পদ গঢ়ি তোলা নিশ্চিত কৰাৰ কথা মই কৈছিলো। কেৱল পুনৰ সংস্থাপন নহয়, পুনৰ্বাসন আৰু জীৱন-জীৱিকাৰ পুনৰ্গঠনৰ প্ৰতিও আমি চাব লাগিব।’
আকৌ বেন্নেলৈ ঘূৰি যাও। এসময়ৰ দুঢ়চেতা আৰু আত্মবিশ্বাসী গ্ৰামসভাৰ সদস্য আপ্পু আৰু মাধানে এতিয়া উদ্বেগৰ মাজেৰে সময় পাৰ কৰিছে। ‘আমি বাঘ আৰু হাতীলৈ ভয় নকৰো। আমি কিছুমান মানুহক ভয় কৰো,’ আপ্পুৱে ক’লে। মন্দিৰ আৰু কবৰস্থান এৰি থৈ যাবলগীয়া হোৱাৰ বাবে মাধানে প্ৰৱল অসস্তুষ্টি প্ৰকাশ কৰিলে। ‘ইয়াৰ পৰাই আমি সদায় সুৰক্ষিত হৈ আছিলো। মই ভৱিষ্যতক লৈ শংকিত।’
সকলো বিষয়বস্তু যুগুতাই এই লেখা সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অকুণ্ঠ সহায় আগবঢ়োৱা গুডালুৰৰ এ.এম. কৰুণাকৰণক এই প্ৰতিবেদকে ধন্যবাদ জ্ঞাপন কৰিছে।
অনুবাদঃ পংকজ দাস