নেৰানেপেৰাকৈ ফোনকল আহি থকাৰ পিছত প্ৰমোদ কুমাৰে অৱশেষত হাৰ মানিলে। কল কৰোঁতাজনৰ এটাই কথা, ‘আপোনাৰ আধাৰৰ সবিশেষ দিয়ক নহ’লে আপোনাৰ নম্বৰটো নাথাকিব।’
২০১৮ৰ প্ৰথমাৰ্ধৰ পৰাকুমাৰৰ গাঁও দাদেৱৰাৰ মানুহবোৰলৈ এনে অসংখ্য কল আহিবলৈ ধৰে।কোনো চিনাক্তকৰণ নোহোৱাকৈ যদিওবা তেওঁ ম’বাইল নম্বৰটো তিনি বছৰ ধৰি ব্যৱহাৰ কৰি আহিছিল, তথাপি তেওঁ ২০১৮ৰ মাজভাগত এদিনাখন পুৱাপাৰ্ছদা বজাৰৰ চিমকাৰ্ডৰ দোকানীৰ তালৈ চাৰি কিলোমিটাৰ বাট চাইকেল মাৰি গৈহাজিৰ হ’বলগীয়া হয়। তাতে ‘কোনো প্ৰশ্নই সোধা তেওঁক সোধা হোৱা নাছিল। দোকানীজনে মোৰ আধাৰখন ল’লে আৰু এটা সৰু ক’লা মেচিনত মোৰ আঙুলিৰে দুবাৰ টিপিব ক’লে। কম্পিউটাৰ স্ক্ৰীণত মোৰ ফটোখন দেখিছিলোঁ। তাৰপিছততেওঁ ক’লে যে মোৰ চিমখন আগৰদৰেই চলি থাকিব,’ কুমাৰে মনত থকাখিনি ক’লে।
সেই কামটোত কষ্ট নাছিল, কিন্তু কষ্ট আৰম্ভ হ’ল যেতিয়া কুমাৰৰ মজৰুী হৰলুকি হ’ল।
দুৰসংযোগ বিভাগে ২০০৫ত চিম কাৰ্ডৰ গৰাকীৰ পৰিচয় সত্যাপন কৰাৰ বিষয়টো সুৰক্ষাৰ দিশৰ পৰা চিন্তাৰ বিষয় বুলি কৈছিল।কিন্তু ২০১৪তদুৰসংযোগ বিভাগে ওলোটা খৰ মাৰে- এতিয়া গ্ৰাহকে চিম কাৰ্ডৰ সত্যাপনৰ কাৰণে আধাৰ নম্বৰ দিব লাগিব।
২০১৭ৰ জানুৱাৰীত এয়াৰটেলে প্ৰথমবাৰৰ বাবে ভাৰতত পেমেণ্ট বেংকৰ সেৱা আৰম্ভ কৰে। তদনুৰূপ ‘প্ৰতিজন ভাৰতীয়ৰ বাবে সম, কাৰ্যকৰ আৰু বিশ্বাসযোগ্য বেংকিং অভিজ্ঞতা’ৰ প্ৰতিশ্ৰুতি এয়াৰটেলৰ ৱেবচাইটত দেখা গ’ল।
সীতাপুৰ জিলাৰ গাওঁবোৰত এই উন্নয়নে ক্ষুদ্ৰ খেতিয়ক আৰু শ্ৰমিক হিচাপে কাম কৰি পেট পোহা ৩৩ বৰ্ষীয় কুমাৰৰ জীৱন ওলট-পালট কৰি দিলে। তেওঁৰ লগতে তেওঁৰ পৰিয়াল আৰু গাঁৱৰ বহুতেই এয়াৰটেল চিমকাৰ্ড ব্যৱহাৰ কৰিছিল।





