সদায় পুৱা ১০ বজাত ৰেণুকা প্ৰধানে দক্ষিণ সুৰাটৰ মীনা নগৰ এলেকাত থকা তাইৰ এটা কোঠালীৰ ঘৰটোক কৰ্মস্থলীলৈ ৰূপান্তৰ কৰে। তাইৰ ঘৰৰ দুৱাৰমুখতে দি যোৱা এগালমান ৰঙীন শাড়ী ভাত ৰন্ধা চুকটোতে থোৱা আছে। কেইখনমান খাটখনৰ তলতো সোমাইছে। ৰেণুকাই এটা বাণ্ডিল ততাতৈয়াক খুলি গুলপীয়া-নীলা ৰঙৰ পলিষ্টাৰ শাড়ী এখন উলিয়াই কোঠাটোৰ বাহিৰৰ পানীৰ পাইপ এডালত ওলমাই লৈছে।

ওচৰৰে বেদ ৰোডৰ কাপোৰ কাৰখানাৰ পৰা শাড়ীবোৰ ইয়ালৈ লৈ অহা হয়। যন্ত্ৰচালিত এম্ব্ৰইডৰী প্ৰক্ৰিয়াত পলিষ্টাৰ কাপোৰৰ পিছফালটোত ঢিলা সূতা ৰৈ যায়। বস্ত্ৰ ইউনিটলৈ কাপোৰখিনি ইস্ত্ৰী কৰা আৰু ভাঁজ কৰা কামখিনিৰ আগেয়ে সেই মেচিনে এৰি যোৱা ঢিলা সূতাবোৰ এৰুৱাবলগা হয, তেতিয়াই এইখিনি কামৰ বাবে ৰেণুকাৰ দৰে গৃহকৰ্মীৰ প্ৰয়োজনীয়তা আহি পৰে।

তাই বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰে দিনে ৭৫ খনতকৈও বেছি শাড়ীৰ অদৰ্কাৰী সূতাবোৰ এৰুৱায়। দামী পলিষ্টাৰ শাড়ীৰ সূতা কাটিবলৈ তাই ছুৰী-কটাৰী এখন ব্যৱহাৰ কৰে। ‘প্ৰতিখন শাড়ীৰ সূতা এৰুৱাওঁতে মোৰ পাঁচৰ পৰা সাত মিনিট সময় লাগে,’ তাই কয়। ‘মই যদি সূতা টানোতে বা কাটোতে খেলি-মেলি লাগি কাপোৰখন নষ্ট হয়, তেতিয়া গোটেই শাড়ীখনৰ দাম ঠিকাদাৰজনক পৰিশোধ কৰিব লাগিব। সেয়ে মই অতিকৈ সাৱধান হ’বলগীয়া হয়।’

এখন শাড়ীত ২ টকাকৈ ৰেণুকাই দিনটোত ১৫০ টকালৈ উপাৰ্জন কৰে। ভুল কৰা মানেই তাইৰ পাঁচ দিনৰ মজুৰি ভৰিব লাগিব। ‘দিনটোৰ শেষত (আঠ ঘণ্টা) মোৰ হাতৰ আঙুলিবোৰত তত্ নাইকিয়া হয়,’ তাই কয়।

Renuka Pradhan’s one-room home in the Mina Nagar area of north Surat turns into her working space every morning. She cuts threads out of more than 75 saris every day. The constant work has led to cuts and bruises on her fingers
PHOTO • Reetika Revathy Subramanian
Men getting bundles of saris to the ladies who work on them
PHOTO • Reetika Revathy Subramanian

ৰেণুকা প্ৰধানে দিনে ৭৫ খন শাড়ীৰ সূতা কাটে। শাড়ীৰ বাণ্ডিলবোৰ (সোঁফালে) মহিলা শ্ৰমিকৰ ঘৰে ঘৰে পুৱাই বিলাই দিয়া হয়

ওড়িশাৰ গঞ্জম জিলাৰ পলচাৰা খণ্ডৰ চানাবাৰাগাম গাঁৱৰ পৰা অহা ৰেণুকা (৩৫)ই যন্ত্ৰচালিত তাঁতশাল কৰ্মী গিৰিয়েক আৰু তাইৰ চাৰিটা ল’ৰা-ছোৱালীৰ সৈতে সুৰাটত যোৱা ১৭ বছৰ ধৰি বাস কৰি আহিছে। প্ৰায় ৮ লাখ ওড়িয়া প্ৰব্ৰজনকাৰী সুৰাটত আহি নিগাজী হোৱা বুলি ধৰা হৈছে (চাব পাৰেঃ সংশ্লেষিত সূতা, ফিচিকি ওলোৱা দুৰ্দশা আৰু তাঁতঘৰেই যাৰ ঘৰ )। দেশৰ বস্ত্ৰ নগৰী খ্যাত সুৰাটত তেওঁলোকৰ বহুতেই যন্ত্ৰচালিত তাঁতশাল আৰু বস্ত্ৰ উদ্যোগত কাম কৰে। ফেডেৰেছন অৱ গুজৰাট ৱিভাৰ্ছ এছ’চিয়েছন আৰু তাৰে অধীনস্থ পাণ্ডেছাৰা ৱিভাৰ্ছ এছ’চিয়েছনৰ ২০১৮ৰ জুলাইৰ প্ৰতিবেদন মতে চহৰখনৰ বাৰ্ষিক ঔদ্যোগিক লাভ ৫০,০০০ কোটি।

ৰেণুকা সেই হাজাৰ হাজাৰ অদৃশ্য গৃহকৰ্মীৰ মাজৰ এজন। তাৰে সৰহ ভাগেই ওড়িয়া যন্ত্ৰচালিত তাঁতশাল কৰ্মীৰ পত্নি। সিহঁত উত্তৰ সুৰাটৰ ঔদ্যোগিক অঞ্চলৰ আশে-পাশে থাকি কাম কৰে। সূতা কটা (অতিৰিক্ত সূতা) আৰু কাপোৰত ডাইমণ্ড (জিলিকা মণি) লগোৱা সিহঁতৰ কাম। কাম কৰাৰ বাবে তেওঁলোকক কোনো সুৰক্ষামূলক সামগ্ৰী-পাতি দিয়া নহয় আৰু কাম কৰাৰ সময়ত হোৱা কোনো শাৰীৰিক অসুবিধা যেনে চকুৰ বিষ, কটা-চিঙা আদিৰ বাবেও কোনো ক্ষতিপূৰণ নাপায়। তেওঁলোকৰ শ্ৰমিক চুক্তি কিম্বা সামাজিক সুৰক্ষা একোৱেই নাই, দৰ-দাম কৰাৰো শক্তি নাই।

‘মই ১৫ বছৰে এই কাম কৰি আহিছোঁ, কিন্তু কোম্পানীৰ কিম্বা তাৰে মালিকৰ নাম কোনোটোৱেই নাজানোঁ। বাণ্ডিলবোৰ প্ৰত্যেক দিনা পুৱা আমাক দিয়ে আৰু পোন্ধৰ দিনৰ মুৰে মুৰে নগদ মজুৰি পাওঁ,’ ৰেণুকাই কয়।

ৰেণুকাৰ ঘৰৰ পৰা কেইমিটাৰমান দূৰত থকা শান্তি চাহুৱেই একে কামেই কৰে। গঞ্জম জিলাৰ ব্ৰহ্মপুৰ সদৰ ব্লকৰ বুৰুকা গাঁৱৰ পৰা চাহুৱে সুৰাটলৈ আহিছিল। দুকুৰি বয়সৰ শান্তিয়ে পুৱা ৫ বজাতে উঠি সমনীয়াৰ সৈতে মীনা নগৰত থকা পে-এণ্ড-য়ুজ শৌচালয়লৈ যায়। তাৰ পিছৰ কেইঘণ্টামান সময় অন্তহীন ঘৰুৱা কামত যায়। পানী অনা, ৰন্ধা-বঢ়া, কাপোৰ ধোৱা নানা তৰহৰ কাম। তাতে আকৌ যন্ত্ৰচালিত তাঁতশালৰ কোম্পানীত নৈশ চিফটৰ কাম কৰি ঘৰলৈ অহা গিৰীয়েক অৰিজিত চাহুকো যা-যোগান ধৰিব লাগে।

Shanti Sahu and her daughter Asha have fixed a rope outside their one room home in Mina Nagar to begin work on the saris that have been sent for the day. Shanti’s husband, Arijit, looks on.
PHOTO • Reetika Revathy Subramanian
Shanti Sahu and her daughter Asha have fixed a rope outside their one room home in Mina Nagar to begin work on the saris that have been sent for the day. Shanti’s husband, Arijit, looks on.
PHOTO • Reetika Revathy Subramanian

শান্তি চাহু আৰু চাহুৰ জীয়ৰী আশাই বেছি দামী শাড়ীৰ কাম একেলগে কৰে। শান্তিৰ গিৰীয়েক অৰিজিতে এইমাত্ৰ নৈশ চিফটৰ কাম কৰি কোম্পানীৰ পৰা উভতিছে

তাইৰ জীয়ৰী আশাই শাড়ীৰ বাণ্ডিলবোৰ খুলিবলৈ ধৰিছে। ‘আমি দুয়ো একেলগে কাম কৰো,’ চাহুৱে তাইৰ ১৩ বছৰীয়া জীয়ৰীলৈ আঙুলিয়াই ক’লে। সুৰাট পৌৰ নিগমৰ দ্বাৰা চলোৱা ওড়িয়া মাধ্যমৰ বিদ্যালয়খনৰ পৰা অষ্টম শ্ৰেণীলৈ পঢ়ি আশাই পঢ়াশালি এৰিবলগীয়া হৈছিল। আচলতে বিদ্যালয়খনত আগলৈকে পঢ়াৰ সুবিধা নাই। ইফালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াৰ সাধ্য নাই। মাক-জীয়েকে মিলি জটিল ফুল থকা শাড়ীৰ অলাগতিয়াল সূতা এৰুওৱা কাম কৰে, তাতে ৫ৰ পৰা ১০ টকা মান পায়। ভুল হোৱাৰ সম্ভাৱনা ইয়াতে বেছি। ‘আমাৰ চিলিং খনৰ উচ্চতা তেনেই কম আৰু পোহৰ কমকৈ সোমায়, সেয়ে ঘৰৰ ভিতৰত থাকি কাম কৰাটো কঠিন হৈ পৰে। আমি বাহিৰতে শাড়ীবোৰ ওলমাই লওঁ আৰু গোটেই দিনটো প্ৰায় থিয় হৈয়ে কাম কৰোঁ। কাপোৰত দাগ লাগিলে তাৰো দাম ভৰিবলগীয়া হয়,’ চাহুৱে কয়।

বস্ত্ৰ উদ্যোগত তেওঁলোকৰ দুৰ্বল স্থিতি আৰু কোম্পানীৰ বহীত তেওঁলোকৰ কোনোধৰণৰ উল্লেখ নথকাৰ ফলত এনেদৰে কিমান মহিলাই ঘৰৰ পৰা শ্ৰম কৰি আছে তাৰ স্পষ্ট হিচাপ নাই। ‘সিহঁতৰ কোনোৱেই লিখিত চুক্তিত চহী কৰা নাই, কোনজন ঠিকাদাৰৰ কাম সম্প্ৰতি কৰি আছে সেয়াও হয়তো নাজানে,’ পশ্চিম ভাৰতৰ প্ৰব্ৰজিত শ্ৰমিকৰ হৈ কাম কৰা সুৰাট স্থিত আজীৱিকা ব্যুৰ’ নামে বেচৰকাৰী সংস্থাৰ কাৰ্যসূচী সমন্বয়ক সঞ্জয় পাটেলে কয়। ‘কামটো ঘৰৰ চৌহদতে থাকি কৰা হয় হেতুকে বহু সময়ত আনতো বাদেই, ঘৰৰ মানুহেও সেয়া দিনহাজিৰা বুলি গণ্য নকৰে। নিৰ্ধাৰিত লক্ষ্যৰ কাম হেতুকে ল’ৰা-ছোৱালীকো সেই কামত লগোৱা হয়। সেয়ে সিহঁতে তাৰে দৰ-দামো নকৰে।’

গুজৰাট নূন্যতম মজুৰি (এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ ২০১৯লৈ, প্ৰচলিত মুদ্ৰাস্ফীতিৰ সৈতে খাপ খোৱাকৈ প্ৰতি ছমাহৰ মুৰে মুৰে সলনি কৰা হয়)বন্দবস্ত অনুসৰি ‘ৰেডিমেড সাজ-পোচাক অথবা তাৰ আনুসাংগিক সামগ্ৰীৰ প্ৰস্তুতকৰণ আৰু চিলাইৰ কাম’ত নিয়োজিত অকৌশলী শ্ৰমিকক দিনে আঠ ঘণ্টাৰ কামৰ বাবদ ৩১৫ টকাৰ ওচৰা-উচৰি হাজিৰা দিব লাগে। কিন্তু ওড়িশাৰ ৰেণুকা, চাহু আৰু অইন মহিলাই তেনেদৰে মজুৰি নাপায়। ৰাজ্য চৰকাৰে বান্ধি দিয়া ৰাশিতকৈ ৫০ শতাংশ কমহে মজুৰি পায়। কাৰখানাত সূতা কটা একে কামকে কৰা মহিলা শ্ৰমিকে মাহে ৫ৰ পৰা ৭ হাজাৰ টকা পায় আৰু অইন সামাজিক সুৰক্ষাৰ সুবিধা যেনে অতিৰিক্ত কামৰ বাবদ মজুৰি আৰু শ্ৰমিকৰ বীমা আদি পায়। আনহাতে ঘৰত থাকি কাম কৰা সকলে মাহে ৩০০০তকৈ বেছি উপাৰ্জন কৰিব নোৱাৰে।

’১০ বছৰ আগতেও মই এখন শাড়ীত ২ টকাকৈ পাইছিলোঁ। ঠিকাদাৰৰ সৈতে এই লৈ দৰ-দাম কৰিলে এটাই কথা শুনিবলৈ পাওঁ যে মই ঘৰৰ পৰাহে কাম কৰি আছোঁ, তাতে আকৌ কামটোত কোনো দক্ষতাও নালাগে। কিন্তু বিদ্যুতৰ বিল আৰু ঘৰৰ ভাড়াৰ কথা একা?’ যন্ত্ৰচালিত তাঁতশালত কাম কৰা ৰাজেশৰ পত্নি ৩২ বৰ্ষীয় গীতা চামাল গোলিয়াই প্ৰশ্ন কৰে। মীনা নগৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত থকা বিশ্ৰাম নগৰত তাইৰ পৰিয়ালটো থাকে।

Geeta Samal Goliya, 32, a resident of Vishram Nagar, has been earning Rs 2 per saree for the past ten years. Her husband is employed in a powerloom in the neighbourhood.
PHOTO • Reetika Revathy Subramanian
Women workers receive one kilogram of sequins and fabric glue every fortnight. The dress materials reach them every morning. They end up sticking up to 2,000 sequins per day, earning an average of Rs. 200 every day (one rupee/10 sequins).
PHOTO • Reetika Revathy Subramanian

গীতা গোলিয়াই আপত্তি দৰ্শায় যে ঠিকাদাৰৰ লগতে আনে তাইৰ কাম অকৌশলী বুলি গণ্য কৰে। সোঁফালেঃ মহিলা শ্ৰমিকে প্ৰতি পষেকত এক কিলোগ্ৰামকৈ চিকুইন (জিলমিল কৰা আলংকাৰিক মুদ্ৰা সদৃশ বস্তু) আৰু কাপোৰত লগোৱা আঠা পায়

কেলিফৰ্নিয়াস্থিত ইউনিভাৰ্চিটি অৱ বাৰ্কলে-এ ২০১৯ৰ ফেব্ৰুৱাৰীত ‘চেকা লগা পোচাকঃ গৃহভিত্তিক কাপোৰ উদ্যোগত কাম কৰা তিৰোতা আৰু ছোৱালীৰ শোষণ’ শীৰ্ষক অধ্যয়নত উল্লেখ কৰা হৈছে যে ভাৰতৰ বস্ত্ৰ উদ্যোগত ঘৰৰ পৰা কাম কৰা ৯৫.৫ শতাংশই হৈছে মহিলা। আধুনিক দাসত্বৰ গৱেষক সিদ্ধাৰ্থ কাৰাই নেতৃত্বত প্ৰস্তুত প্ৰতিবেদন মতে তেনে ধৰণৰ মহিলা শ্ৰমিকে কামৰ সময়ত আঘাতপ্ৰাপ্ত হ’লে কোনোধৰণৰ চিকিৎসা সাহায্য লাভ নকৰে। সেইসকল কোনো শ্ৰমিক সংঘৰ অন্তৰ্ভুক্ত নহয় আৰু কামৰ কোনো লিখিত চুক্তিও নাই।

ঘৰৰ পৰা কাম কৰা সুৰাটৰ বস্ত্ৰ উদ্যোগৰ মহিলাৰ কামক সংগঠিত নিয়োগৰ শাৰীত ধৰা নহয়। অৰ্থাৎ তেনে মহিলাক কোনো শ্ৰম আইন যেনে উদ্যোগ-কাৰখানাত নিয়োজিত শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত কৰা কাৰখানা আইন (১৯৪৮), আদি আইনৰ আওঁতাতো ধৰা নহয়।

ঘৰৰ পৰা কাম কৰাৰ চুক্তি এক অসামৰিক সম্পৰ্কহে (নিয়োজিত-নিয়োগকৰ্তাৰ সম্পৰ্ক নহয়)। তাতে শ্ৰম আইন প্ৰযোজ্য নহয়। ‘তদুপৰি কামবোৰ উপ-চুক্তিৰ আধাৰত হে হয়, তাতে চৰকাৰী নিয়ম মনাৰ কোনো ব্যৱস্থা নাই,’ সুৰাট অঞ্চলৰ সহকাৰী শ্ৰম আয়ুক্ত জি.এল. পেটেলে কয়।

‘পঞ্জীভূত কোম্পানীৰ চৌহদৰ ভিতৰত আঘাতপ্ৰাপ্ত হ’লেহে শ্ৰমিকে বীমা আৰু ক্ষতিপূৰণৰ সুবিধা লাভ কৰে,’ সুৰাটৰ যন্ত্ৰচালিত তাঁত সেৱা কেন্দ্ৰ (বস্ত্ৰশিল্পৰ কেন্দ্ৰীয় মন্ত্ৰালয়ে স্থাপন কৰা)ৰ সহকাৰী সঞ্চালক সিদ্ধেশ্বৰ লোম্বেয়ে কয়। ‘মহিলা শ্ৰমিকসকল উদ্যোগটোৰ অংশ বুলি সকলোৱে জানে যদিও তেওঁলোকৰ কৰ্ম ঘণ্টা, অৱ্স্থা আৰু শাৰীৰিক আঘাত আদি নথিভুক্ত কৰাটো কঠিন কাম কিয়নো তেওঁলোকে ঘৰৰ ভিতৰতে থাকি কাম কৰে আৰু কামৰ সময়ো নমনীয়।’

As the only “woman Odia agent’ in Vishram Nagar, Ranjita Pradhan sub-contracts diamond-sticking work from three garment factory owners to nearly 40 women in the neighbourhood since 2014. She delivers one kilogram of sequins, fabric glue and the dress materials to the women workers.
PHOTO • Reetika Revathy Subramanian
Women at work in a textile factory in Mina Nagar as they cut extra threads off the saris. They clock in 8 hours of work every day between 9am to 5pm, and earn an average of Rs. 5,000-7,000 per month
PHOTO • Reetika Revathy Subramanian

বাওঁফালেঃ বিশ্ৰাম নগৰৰ একমাত্ৰ ‘মহিলা ওড়িয়া এজেণ্ট’ ৰঞ্জিতা প্ৰধান। সোঁফালেঃ সুৰাটত বস্ত্ৰ উদ্যোগত কাম কৰা মহিলাই তুলনামূলকভাৱে বেছি উপাৰ্জন কৰে

আনুষ্ঠানিক ৰক্ষাকৱচ আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থা নথকা সময়ত গঞ্জমৰ বুগুৰা খণ্ডৰ অন্তৰ্গত ভগোড়া গাঁৱৰ প্ৰব্ৰজিত ৩০ বৰ্ষীয় শ্ৰমিক ৰঞ্জিতা প্ৰধানে বিশ্ৰাম নগৰৰ একমাত্ৰ ‘মহিলা উড়িয়া এজেণ্ট’ৰ নাম পাইছে। ‘পুৰুষ ঠিকাদাৰৰ সৈতে কাম কৰাটো বৰ কঠিন কাম, সিহঁতে সময়ত পাবলগীয়া খিনি আদায়ো নিদিয়ে,’ ১৩ বছৰ আগতে সেই কামত ধৰা ৰঞ্জিতাই কয়।

ৰঞ্জিতাই ২০১৪ত পোচাকৰ কাৰখানা এটাৰ মালিকক নিজে দেখা কৰি ভাল কাম আদায় দিয়াৰ প্ৰস্তাৱ দিছিল যদিহে মালিকে কামটো পোনপটীয়াকৈ তাইক দিয়ে। তেতিয়াৰে পৰা তাই তিনিটা কাৰখানাৰ পৰা পোনপটীয়াকৈ কাপোৰ ঠিকাত লৈ সেই কাম ৪০ গৰাকী মান মহিলাক বিলাই দিয়ে। কামৰ অলিখিত চুক্তি অনুসৰি ৰঞ্জিতাই মহিলা শ্ৰমিকসকলক পষেকত এবাৰকৈ এক কিলোগ্ৰামকৈ চিকুইন (sequin) আৰু কাপোৰৰ আঠা দিয়ে। কাপোৰবোৰ পুৱা সিহঁতে পায়। প্ৰত্যেকজন গৃহ কৰ্মীয়ে প্ৰতিদিনে ২০০০ চিকুইন লগায় আৰু দিনে গঢ় হিচাপত ২০০ টকা মান উপাৰ্জন কৰে (প্ৰতি দহটা চিকুইনৰ বাবদ এটকাকৈ)।

‘মই সিহঁতৰ মাজৰে এজন, সেয়ে সিহঁতে মোক বিশ্বাস কৰে,’ ৰঞ্জিতাই কয়। ‘কামটোত মহিলাই হাউলি বহি ঘণ্টাৰ পিছত ঘণ্টা ধৰি সেই কাম নিয়াৰিকৈ মনযোগ দি কৰিবলগীয়া হয়। কামৰ শেষত কঁকালৰ বিষ উঠে আৰু চকু পোৰে। তথাপি আমি অভিযোগ দিলে আন বাদেই, আমাৰ গিৰিহঁতেই কয় যে এয়া ‘সময় কটোৱা’ কামহে, আচল কাম নহয়।’

এতিয়া ৭ বাজিছে আৰু ৰঞ্জিতাই তাইৰ গিৰিয়েক ভগৱান কামৰ পৰা ঘূৰি অহালৈ বাট চাইছে। দিনটোৰ কাম শেষ হোৱাৰ পিছত বাণ্ডিলবোৰ তাই বান্ধি লৈছে। যোৱা ১৩ বছৰত তাইৰ দিনবোৰ একেই আছে। ‘সুৰাটলৈ আহোঁতে ভাবি আহিছিলোঁ যে এদিন গঞ্জমলৈ উভতিম আৰু তাতে আমাৰ পৰিয়ালৰ কাৰণে এটা ঘৰ সাজিম,’ তাই কয়। ‘কিন্তু টকা সাঁচিবই পৰা নাই আৰু দৈনন্দিন জীৱনটো চলোৱাটোৱে কঠিন হৈ পৰিছে।’

অনুবাদঃ পংকজ দাস

Reetika Revathy Subramanian

ریتکا ریوتی سبرامنیم، ممبئی کی ایک صحافی اور محقق ہیں۔ وہ مغربی ہندوستان میں غیر روایتی شعبہ میں مزدوروں کی مہاجرت پر کام کررہے این جی او، آجیوکا بیورو کے ساتھ ایک سینئر صلاح کار کے طور پر کام کرتی ہیں۔

کے ذریعہ دیگر اسٹوریز Reetika Revathy Subramanian
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das