‘আগতীয়াকৈ তুষাৰপাত সম্পৰ্কে যদি আমি জানিলোহেঁতেন, তেন্তে ক্ষীপ্ৰতাৰে খেতি চপালোহেঁতেন,’ মোস্তাক আহমদে আক্ষেপ প্ৰকাশ কৰে।
দক্ষিণ কাশ্মীৰ পাম্পৰে খণ্ডৰ নাম্বল বাল গাঁৱত আহমেদ থাকে। ইয়াতে প্ৰতিবছৰে মে মাহৰ মাজভাগত তেওঁ আৰু আন খেতিয়ককে কুংকুম খেতি আৰম্ভ কৰে। অক্টোবৰৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগত তেওঁলোকে কুংকুমৰ ফুলবোৰ চিঙি আনে। ফুলৰ ৰক্তাভ অংশ (ফুলৰ গৰ্ভমুণ্ড তথা গৰ্ভাশয়ৰ ক্ষীণ অগ্ৰাংশ)ৰ চাহিদা খুব বেছি আৰু ইয়াৰ পৰা অতি দামী কেশৰ প্ৰস্তুত কৰা হয়।
কুংকুমৰ খেতি কৰা কাশ্মীৰ দেশৰ একমাত্ৰ ৰাজ্য (এতিয়া কেন্দ্ৰীয় শাসিত অঞ্চল)। কিছুমানে ইয়াক স্থানীয় কাহুৱা চাহত মিহলি কৰে, অধিকাংশ দেশৰ আন ৰাজ্যলৈ পঠিওৱা হয়। মুলতঃ খাদ্যপ্ৰস্তুতি, আয়ুৰ্বেদিক ঔষধ আৰু মন্দিৰৰ পূজা-পাৰ্ৱণত ইয়াক ব্যৱহাৰ কৰা হয়।
কুংকুমৰ খেতি কৰা কাশ্মীৰ দেশৰ একমাত্ৰ ৰাজ্য (এতিয়া কেন্দ্ৰীয় শাসিত অঞ্চল)। কিছুমানে ইয়াক স্থানীয় কাহুৱা চাহত মিহলি কৰে, অধিকাংশ দেশৰ আন ৰাজ্যলৈ পঠিওৱা হয়। মুলতঃ খাদ্যপ্ৰস্তুতি, আয়ুৰ্বেদিক ঔষধ আৰু মন্দিৰৰ পূজা-পাৰ্ৱণত ইয়াক ব্যৱহাৰ কৰা হয়।
‘খেতিৰ পৰা এইবাৰ বেছি আশা কৰিছিলোঁ, কিন্তু অসময়ত বৰফ পৰাৰ বাবে আমাৰ কুংকুমৰ খেতি নষ্ট হয়।’ প্ৰায় ২০০০ সদস্য থকা জম্মু আৰু কাশ্মীৰ কুংকুম খেতিয়ক সন্থাৰ সভাপতি আব্দুল মজিদ ৱানিয়ে কয়। কাশ্মীৰৰ কুংকুম খেতিয়কে এইবাৰ কমেও ২০ কোটি টকাৰ লোকচান ভৰিব বুলি ৱানিয়ে কয়। শেহতীয়া এক সংবাদমেলত কাশ্মীৰ চেম্বাৰ অৱ ফুড প্ৰচেচিং ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ ড. জইনুল আবিদিনে কয় যে বছৰি প্ৰায় ২০০ কোটি টকাৰ কুংকুমৰ ব্যৱসায় চলে।
কাশ্মীৰৰ মাণ্ডলিক আয়ুক্তই প্ৰস্তুত কৰা প্ৰতিবেদনৰ টোকা অনুসৰি জম্মু আৰু কাশ্মীৰৰ কুংকুম খেতি কৰা ২২৬ খন গাঁৱৰ ৩২ হাজাৰ পৰিয়ালৰ ভিতৰত আহমেদ আৰু খাণ্ডাই হঁতৰ গাওঁকেইখনো পৰে। এই গাওঁবোৰৰ অধিকাংশ পুলৱামা জিলাৰ পাম্পৰে অঞ্চলৰ অন্তৰ্ভুক্ত। সমগ্ৰ কাশ্মীৰে বছৰি ১৭ টন কুংকুম উৎপাদন কৰে বুলি কৃষি সঞ্চালক ছৈয়দ আলতাফ আইজাজে কয়।












