“এতিয়া ধুমুহা নাই যিহেতু আমাক যাবলৈ কোৱা হৈছে,” কালিদাসপুৰ গাঁৱৰ আমিনা বিবিয়ে মে’ মাহৰ শেষত লগ পাওঁতে আমাক ক’লে। “কিন্তু আমি ক’লৈ যাম?”
আমফান ঘূৰ্ণিবতাহৰ এদিনৰ আগতে পশ্চিমবংগৰ দক্ষিণ ২৪ পাৰগনাৰ আমিনাহঁতৰ গাঁৱকে ধৰি ১৫০ কিলোমিটাৰ অঞ্চল স্থানীয় কৰ্তৃপক্ষই খালী কৰাই পৰিয়ালবিলাকক বিভিন্ন গাঁৱৰ পৰা আনি সাহায্য শিবিৰত ৰাখিছিল। চলিত বৰ্ষৰ ১৯ মে’ত আমিনা আৰু তেওঁৰ পৰিয়ালে ওচৰৰ এখন গাঁৱত অস্থায়ী কোঠা এটালৈ যায়।
সুন্দৰবন অঞ্চলত অৱস্থিত গোসাবা ব্লকৰ প্ৰায় ৫৮০০ জন লোকৰ বসতিস্থলৰ গাঁওখনত থকা আমিনাহঁতৰ মাটিৰ ঘৰ ধুমুহাই ভাঙি নিশ্চিহ্ন কৰিলে। তেওঁলোকৰ ঘৰৰ যাৱতীয় বস্তুবিলাকো ঘূৰ্ণিবতাহে লৈ গ’ল। ৪৮ বছৰীয়া আমিনা, তেওঁৰ স্বামী মহম্মদ ৰমজান মোল্লা (৫৬ বছৰ), আৰু তেওঁলোকৰ ছয় সন্তানে (সিহঁতৰ বয়স ২ৰ পৰা ১৬ বছৰ) জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ’ল।
ঘূৰ্ণিবতাহে ধ্বংসলীলা চলোৱাৰ মাত্ৰ দুসপ্তাহৰ আগতে মহম্মদ মোল্লা গাঁৱলৈ উভতি আহিছিল। মহাৰাষ্ট্ৰৰ পুণেৰ এখন মলত চাফাই কৰ্মীৰূপে কাম কৰা ৫৬ বছৰীয়া মোল্লাই মাহে ১০,০০০ (দহ হাজাৰ) টকা উপাৰ্জন কৰিছিল। এইবাৰ তেওঁ ভাবিছিল যে উভতি গৈ মোল্লা খালি বজাৰত এখন চাহৰ দোকান দিব। আমিনায়ো ঘৰৰ কাম শেষ কৰি ওচৰৰ গোমোৰ নদীত কেকোঁৰা আৰু মাছ ধৰি পৰিয়ালৰ উপাৰ্জন অলপ বৃদ্ধি কৰে। নদীত ধৰা মাছ-কেকোঁৰা ওচৰৰ বজাৰত বিক্ৰী কৰে। “সেইবিলাক বিক্ৰী কৰি এদিনত ১০০ টকাও পোৱা নাযায়,” তেওঁ মোক কয়।
তেওঁলোকৰ ডাঙৰ ল’ৰা ৰকিব আলীয়ে ১৪ বছৰ বয়সত ২০১৮ত বিদ্যালয়লৈ যোৱা বন্ধ কৰিলে। “দেউতাই ঘৰলৈ পঠোৱা টকাৰে আমি চলিব নোৱাৰো, সেই কাৰণে কাম কৰিবলৈ মই স্কুল এৰিলো,” ৰকিবে কয়। কলকাতাৰ এখন দৰ্জীৰ দোকানত যোগালী হিচাপে কাম কৰি তেওঁ ৫০০০ টকা দৰমহা পায়। ক’ভিড-১৯ তলাবন্ধৰ সময়তে ঘূৰ্ণিবতাহ বতাহ অহাৰ সময়ত ৰকিব ঘৰলৈ আহে।
গোমোৰা নদীৰ পাৰত খেৰৰ মুধচৰ মাটিৰ ঘৰত পৰিয়াটো আছিল। ২০০৭ত ঘূৰ্ণিবতাহ ছিদৰ, ২০০৯ত আইলা আৰু ২০১৯ত বুলবুল ঘূৰ্ণিবতাহে প্ৰতিবাৰে অহাৰ পিছত নদীখন তেওঁলোকৰ ঘৰৰ কাষ চাপি আহিছিল আৰু ইতিমধ্যে তেওঁলোকৰ তিনি বিঘা (১ একৰ) মাটি নদীৰ বুকুত জাহ গৈছিল। সেই মাটিত তেওঁলোকে বছৰত এবাৰ ধান খেতি আৰু আন শাক-পাচলিৰ খেতি কৰিছিল। ইয়াৰ পিছতে তলাবন্ধৰ সময়ত আমফান ঘূৰ্ণিবতাহ আহিল। এতিয়া তেওঁলোকৰ এক ইঞ্চিও মাটি নাই।
এই বছৰৰ ২০ মে’ত ঘূৰ্ণিবতাহ আমফানে পুনৰ গাওঁখন বানাক্ৰান্ত কৰাৰ সময়ত লুণীয়া পানীয়ে তেওঁলোকৰ ঘৰ আৰু পথাৰ ওপচাই পেলালে। আমিনা আৰু আন বহুতৰ পৰিয়াল বিদ্যাধাৰী আৰু গোমোৰ নদীৰ ভঙা মথাউৰিত থকা চোটা মোল্লা খালি গাঁৱত অস্থায়ীভাৱে থাকিবলৈ লয়। ঘূৰ্ণিবতাহ আক্ৰান্ত পৰিয়ালসমূহক এনজিঅ’ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৰন্ধা আহাৰ আৰু খোৱাপানীৰ পেকেট দিয়া হৈছিল। অস্থায়ী শিবিৰবোৰত হেঁচা-ঠেলা হৈছিল আৰু বিদ্যুতৰ ব্যৱস্থা নাছিল, তদুপৰি শিবিৰৰ কোঠালিবোৰ ইমান সৰু আছিল যে শাৰীৰিক দূৰত্ব ৰক্ষা কৰা সম্ভৱ নহয়, বিশেষকৈ এই ক’ভিড-১৯ মহামাৰীৰ এই সময়ত।
“তেওঁলোক কিমান দিন ইয়াত থাকিব? এমাহ, দুমাহ - তাৰ পিছত (ক’লৈ যাব তেওঁলোক)?” আশ্ৰয় শিবিৰত খাদ্য বিতৰণ কৰা স্থানীয় সংগঠন সুন্দৰবন নাগৰিক মঞ্চৰ সম্পাদক চন্দন মৈতিয়ে কয়। “সকলো মানুহে, ল’ৰা-ছোৱালীয়েও জীৱিকাৰ সন্ধানত ওলাব লাগিব। যিসকলে প্ৰব্ৰজন নকৰে, তেওঁলোকে নদী আৰু জংঘলৰ মাছ, কেঁকোৰা আৰু মৌৰ ওপৰত জীৱিকা নিৰ্ভৰ কৰিব লাগিব,” তেওঁ উল্লেখ কৰে।
যোৱা দুটা দশকত সুন্দৰবন অঞ্চলৰ মানুহে ডাঙৰ বানপানী, ঘূৰ্ণিবতাহ আৰু জোৱাৰে অনা সাগৰৰ লুণীয়া পানীৰ বাবে কৃষিভূমিত কৃষিকাৰ্য কৰিবলৈ বাদ দিছে, বিশ্ব বন্যপ্ৰাণী ন্যাসৰ ২০২০ৰ সমীক্ষাৰ এক টোকাত উল্লেখ কৰা মতে সুন্দৰবন অঞ্চলৰ ৮৫ শতাংশ মানুহে বছৰত মাত্ৰ এবাৰ ধান খেতি কৰে। কিন্তু লুণীয়া পানীয়ে মাটিৰ উৎপাদনশীলতা নষ্ট কৰিছে আৰু সতেজ পানীৰ পুখুৰীবিলাক শুকাই যাবলৈ ধৰিছে। অলুণীয়া পানীত থকা মৎস্যকুলৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। মাটিবিলাক আকৌ খেতিৰ উপযোগী হ’বলৈ কেইবাবছৰ লাগিব।
“পানীবিলাক ১০-১৫ দিনৰ বাবে পথাৰত স্থিৰ হৈ থাকে,” নামখানা ব্লকৰ মৌচুমী দ্বীপৰ বালিয়াৰা গাঁৱৰ আবু জবায়েৰ আলি শ্বাহে (৫২ বছৰ) কয়। “লৱণৰ বাবে মাটিত খেতি নহয়, সেই কাৰণে পুখুৰীত মাছো নাথাকে।” আলি শ্বাহ মিছামাছৰ ব্যৱসায়ী, তেওঁ ওচৰৰ নদীত মিছামাছ ধৰা মানুহৰ পৰা সেইবিলাক ক্ৰয় কৰে আৰু স্থানীয় মাছ বেপাৰীক বিক্ৰী কৰে।
তেওঁ আৰু তেওঁৰ পৰিয়াল - ৪৫ বছৰ বয়সৰ গৃহিণী পত্নী ৰোকেয়াই সূচিকৰ্মৰ দ্বাৰা অলপ উপাৰ্জন কৰে। ঘৰত তেওঁলোকৰ দুই সন্তান - তেওঁলোকে নিজৰ ডাঙৰ ল’ৰা ২৪ বছৰীয়া ছাহেব আলি শ্বাহৰ ওপৰতো অলপ নিৰ্ভৰ কৰে। তেওঁ অলপ টকা মাজে মাজে পঠিয়ায়। ছাহেবে কেৰালাত ৰাজমিস্ত্ৰীৰ কাম কৰে। “তাত সি আন মানুহৰ অট্টালিকা নিৰ্মাণ কৰে আৰু ইয়াত নিজৰ ঘৰ উটি গ’ল,” আবু জায়েৰে কয়।
২০১৪ৰ পৰা ২০১৮ৰ ভিতৰত কৃষি যেতিয়া জীৱিকা নিৰ্বাহৰ বাবে অপৰিহাৰ্য নোহোৱা হ’ল, তেতিয়া অৰ্থনৈতিক সংকটে সুন্দৰবন অঞ্চলৰ পৰা ৬৪ শতাংশ লোকক প্ৰব্ৰজিত হ’বলৈ বাধ্য কৰালে। ‘বদ্বীপ বিপদগ্ৰস্ততা আৰু জলবায়ু পৰিৱৰ্তনঃ প্ৰব্ৰজন আৰু অভিযোজন’ শীৰ্ষক সমীক্ষাত এই কথা কোৱা হৈছে। একেদৰে অভিজিত মিস্ত্ৰী (পশ্চিমবংগৰ পুৰুলিয়া জিলাৰ নিস্তাৰিণী মহিলা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক)য়ে ২০০ টা পৰিয়ালত চলোৱা জৰীপত পোৱা হয় যে কামৰ সন্ধানত জৰীপ কৰা পৰিয়ালৰ প্ৰায় তিনি-চতুৰ্থাংশৰ কমেও এজন লোক আন জিলা বা ৰাজ্যলৈ প্ৰব্ৰজিত হৈছে।
গোসাবা ব্লকৰ কুমিৰমাৰী গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পবিত্ৰা গায়েলে কৰা পৰ্যবেক্ষণ অনুসৰি প্ৰব্ৰজনৰ কাৰণে অঞ্চলটোৰ বহুতো ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা আধাতে বাদ দিবলগীয়া হয়। “নদীয়ে যেনেকৈ আমাৰ ঘৰ-মাটি উছন কৰিছে, সেইদৰে ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাও নাইকিয়া কৰিছে,” তেওঁ কয়।
“যোৱা তিনি-চাৰি বছৰত (২০০৯ৰ বা-মাৰলী আইলাৰ ধ্বংসলীলাৰ পাছত) পৰিস্থিতি অলপ ভাল হ’বলৈ ধৰিছিল,” গোৰামাৰা পঞ্চায়ত প্ৰধান সঞ্জীৱ সাগৰে কয়। “বহুতো প্ৰব্ৰজনকাৰী ঘূৰি আহিছিল (সুন্দৰবন অঞ্চললৈ) আৰু খেতি, মৎস্যপালন বা সৰু ব্যৱসায় আৰম্ভ কৰিছিল। কিন্তু প্ৰথমতে বুলবুল বা-মাৰলী আৰু তাৰ পিছত আমফানে সকলো ধ্বংস কৰি থৈ গ’ল।” কাষতে লাগি থকা উত্তৰ ২৪ পাৰগনা জিলাৰ ৫৬ বছৰীয়া নজৰুল মোল্লা আৰু তেওঁৰ ছয়জনীয়া পৰিয়ালটো বা-মাৰলী আমফানৰ পৰা কথমপি ৰক্ষা পৰিল, কিন্তু তেওঁলোকৰ মাটি আৰু খেৰেৰে তৈয়াৰ কৰা পঁজাটো চিন-মোকাম নোহোৱা কৰি থৈ গ’ল। মোল্লায়ো কেৰালাত মিস্ত্ৰীৰ কাম কৰে, ক’ভিড-১৯ তলাবন্ধৰ বাবে আমফানৰ প্ৰায় এমাহৰ পূৰ্বে মিনাখান ব্লকৰ উচিলদাহা গাঁৱলৈ তেওঁ উভতি আহিছিল।
২১ মে’ত বা-মাৰলী আৰম্ভ হোৱাৰ পিছদিনা স্থানীয় কৰ্তৃপক্ষই বিতৰণ কৰা প্লাষ্টিক সংগ্ৰহ কৰিবলৈ নজৰুল গৈছিল - সেই প্লাষ্টিকেৰে অস্থায়ী আশ্ৰয়গৃহ তৈয়াৰ কৰিব। নজৰুলে ল’বৰ সময়ত প্লাষ্টিক শেষ হৈ গ’ল। “এতিয়া আমাৰ অৱস্থা ভিক্ষাৰীতকৈয়ো বেয়া,” তেওঁ মোক ক’লে। “এইবাৰৰ ঈদ (২৪ মে’ত) মুকলি আকাশৰ তলত পাৰ কৰিব লাগিব।”
পাথৰ প্ৰতিমা ব্লকৰ গোপালপুৰ উত্তৰ গাঁৱৰ ৪৬ বছৰীয়া চাবি ভূনিয়াই বা-মাৰলী আইলাৰ সময়ত, ২০০৯ত যেতিয়া তেওঁলোকৰ ঘৰটো ভাঙি পৰিছিল, তেতিয়া মৃত্যু হোৱা পিতৃ শংকৰ চৰ্দাৰৰ ভাঙি যোৱা ফটোৰ ফ্ৰেমটো খামুচি ধৰিছিল। “এই বিধ্বংসী ধুমুহা (আমফান)য়ে কেৱল আমাৰ ঘৰটোকে লৈ যোৱা নাই, আনকি মোক মোৰ স্বামীৰ পৰাও বিচ্ছিন্ন কৰিছিল (ম’বাইল ফোনৰ যোগাযোগ নোহোৱা হোৱাৰ কাৰণে),” তেওঁ কয়।
বা-মাৰলী আইলাৰ পিছত চাবিৰ স্বামী শ্ৰীদাস ভুনিয়াই তামিলনাডুলৈ প্ৰব্ৰজন কৰিছিল। তেওঁ তাত এখন ৰেষ্টোঁৰাত পৰিচাৰকৰ কাম কৰিছিল আৰু লকডাউনৰ বাবে ঘৰলৈ উভতি আহিব নোৱাৰিলে। “দুদিনৰ আগতে শেষবাৰৰ বাবে কথা পাতিছিলো,” মে’ মাহত তেওঁৰ সৈতে কথা পাতোতে তেওঁ কৈছিল। “তেওঁ মোক কৈছিল যে তেওঁ খুব বিপদত পৰিছে… তেওঁৰ খাবলৈও নাই, টকাও শেষ হ’ল,” মৃদংগভাংগা (স্থানীয় লোকে গোবোৰিয়া বুলি কয়) নদীৰ মথাউৰিত থিয় হৈ গোপালপুৰ উত্তৰ গাঁৱৰ জ্যেষ্ঠ নাগৰিক ৮৮ বছৰীয়া সনাতন সৰ্দাৰে কয়। “কেইবছৰমান আগতে জাকে জাকে পৰিভ্ৰমী চৰাই ইয়ালৈ (সুন্দৰবন) আহিছিল, এতিয়া সিহঁত নাহে। এতিয়া আমি নিজেই পৰিভ্ৰমী হৈ পৰিছো।”
পুনশ্চঃ ২৩ জুলাইত এই সাংবাদিকে যেতিয়া আমিনা বিবি আৰু তেওঁৰ পৰিয়ালক পুনৰ লগ পাইছিল, তেতিয়া তেওঁলোক নিজৰ গাঁৱলৈ উভতি আহিছিল। পানী কমিছিল আৰু বাঁহ-প্লাষ্টিকেৰে তেওঁলোকে এটা জুপুৰি ঘৰ তৈয়াৰ কৰিছিল। ৰমজান তেতিয়াও ঘৰত আছিল আৰু লকডাউনৰ বাধা-নিষেধৰ কাৰণে কাম কৰিবলৈ ওলাই যাব পৰা নাছিল। নিজৰ চাহ দোকানখন পুনৰ খুলিবলৈ তেওঁৰ হাতত টকা নাই।
আনৰ দৰে নজৰুল মোল্লা আৰু তেওঁৰ পৰিয়ালে ভগা ঘৰটো মেৰামতি কৰিবলৈ চেষ্টা কৰিছিল আৰু পাৰ্যমানে জীয়াই থকাৰ চেষ্টা কৰিছিল।
অনুবাদ - পংকজ দাস